< Acts 23 >
1 And Paul behelde earnestly the Councill, and sayde, Men and brethren, I haue in all good conscience serued God vntill this day.
১পৌলে মহাসভালৈ পোনপটীয়াকৈ চাই ক’লে, “হে ভাইসকল, মই সকলো বিষয়তে উত্তম বিবেকেৰে ঈশ্বৰৰ প্ৰজাৰ দৰে আজিলৈকে আচৰণ কৰি আছোঁ৷”
2 Then the hie Priest Ananias commanded them that stood by, to smite him on the mouth.
২এনেতে অননিয় নামেৰে মহা-পুৰোহিতে, ওচৰত থিয় হৈ থকা সকলক তেওঁৰ মুখত মাৰিবলৈ আজ্ঞা দিলে৷
3 Then sayd Paul to him, God will smite thee, thou whited wall: for thou sittest to iudge me according to the Lawe, and transgressing the Lawe, commaundest thou me to be smitten?
৩তেতিয়া পৌলে তেওঁক ক’লে, “হে বগাকৈ লিপা গড়, ঈশ্বৰে আপোনাকহে অাঘাত কৰিবলৈ উদ্যত হৈ আছে৷ আপুনি বিধানৰ মতে মোৰ সোধ-বিচাৰ কৰিবলৈ বহি আছে, নে সেই বিধান উলঙ্ঘন কৰি মোক মাৰিবলৈ আজ্ঞা দিছে?”
4 And they that stood by, sayd, Reuilest thou Gods hie Priest?
৪তাতে ওচৰত থিয় হৈ থকা সকলে ক’লে, “তই ঈশ্বৰৰ মহা-পুৰোহিতক অপমান কৰ নে?”
5 Then sayd Paul, I knewe not, brethren, that he was the hie Priest: for it is written, Thou shalt not speake euill of the ruler of thy people.
৫পৌলে ক’লে, “হে ভাইসকল, এওঁ যে মহা-পুৰোহিত, সেই বিষয়ে মই জনা নাছিলো৷ কিয়নো লিখা আছে, ‘তুমি স্বজাতীয় লোকৰ শাসনকৰ্তাক কু-বাক্য নুবুলিবা৷’”
6 But when Paul perceiued that the one part were of the Sadduces, and the other of the Pharises, hee cried in the Council, Men and brethren, I am a Pharise, the sonne of a Pharise: I am accused of the hope and resurrection of the dead.
৬পাছত পৌলে তেওঁলোকৰ এভাগ ফৰীচী, এভাগ চদ্দূকী বুলি জানি, মহাসভাত ৰিঙিয়াই ক’লে, “হে ভাইসকল, মই ফৰীচী, আৰু এজন ফৰীচীৰ পুতেক৷ কাৰণ মৃতসকলৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সোধ-বিচাৰ হৈছে৷”
7 And when hee had saide this, there was a dissension betweene the Pharises and the Sadduces, so that the multitude was deuided.
৭তেওঁ এই কথা কওঁতে, ফৰীচী আৰু চদ্দূকী সকলৰ মাজত বিবাদ হ’ল, আৰু লোকসকল দুভাগত ভাগ হ’ল৷
8 For the Sadduces say that there is no resurrection, neither Angel, nor spirit: but the Pharises confesse both.
৮কিয়নো চদ্দূকীসকলে পুনৰুত্থান, স্বৰ্গৰ দূত আৰু আত্মা, এইবোৰ নাই বুলি কয়, কিন্তু ফৰীচী সকলে সেইবোৰ স্বীকাৰ কৰে৷
9 Then there was a great crye: and the Scribes of the Pharises part rose vp, and stroue, saying, Wee finde none euill in this man: but if a spirit or an Angel hath spoken to him, let vs not fight against God.
৯তাতে বৰকৈ হুলস্থুল হ’ল আৰু ফৰীচীসকলৰ ফলীয়া বিধানৰ অধ্যাপক সকলৰ কেইজনমানে উঠি বাগ্যুদ্ধ কৰি ক’লে, “আমি এই মানুহ জনৰ ওচৰত একো দোষ নাপাও৷ যদি কোনো আত্মা নাইবা দূতে দম্মেচকৰ পথত সঁচাকৈ তেওঁৰ সৈতে কথা ক’লে;”
10 And when there was a great dissension, the chiefe captaine, fearing lest Paul should haue bene pulled in pieces of them, commanded the souldiers to go downe, and take him from among them, and to bring him into the castel.
১০তেতিয়া অতিশয় বিবাদ হ’ল, তেওঁলোকে পৌলক ডোখৰ ডোখৰ কৰিব বুলি হাজাৰৰ সেনাপতিয়ে ভয় কৰি, সেনাবোৰক নামি গৈ তেওঁলোকৰ মাজৰ পৰা তেওঁক বলেৰে কাঢ়ি দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে৷
11 Nowe the night folowing, the Lord stoode by him, and saide, Be of good courage, Paul: for as thou hast testified of mee in Hierusalem, so must thou beare witnesse also at Rome.
১১তাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ ক’লে, “নিৰ্ভয় হোৱা, কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব৷”
12 And when the day was come, certaine of the Iewes made an assemblie, and bounde themselues with a curse, saying, that they woulde neither eate nor drinke, till they had killed Paul.
১২পাছ দিন ৰাতিপুৱা হোৱাত ইহুদী সকলে এক পৰামৰ্শ হৈ, পৌলক বধ নকৰালৈকে আমি ভোজন-পান নকৰোঁ বুলি, শপতেৰে নিজকে বান্ধিলে৷
13 And they were more then fourtie, which had made this conspiracie.
১৩সেই চক্ৰান্ত কৰা লোক চল্লিশ জনতকৈ অধিক আছিল৷
14 And they came to the chiefe Priestes and Elders, and said, We haue bound our selues with a solemne curse, that wee will eate nothing, vntill we haue slaine Paul.
১৪তেওঁলোকে প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলৰ ওচৰলৈ গৈ ক’লে, “পৌলক বধ নকৰালৈকে আমি একো নাখাওঁ, এই শপত খাই নিজকে বান্ধিলোঁ৷
15 Nowe therefore, ye and the Council signifie to the chiefe captaine, that hee bring him foorth vnto you to morow: as though you would know some thing more perfectly of him, and we, or euer he come neere, will be readie to kill him.
১৫এই কাৰণে আপোনালোকৰ মহাসভাৰ সৈতে এই বিষয়ে অধিক নিশ্চিত ভাবে জানিবৰ ছলেৰে, আপোনালোকৰ ওচৰলৈ তেওঁক আনিবৰ বাবে হাজাৰৰ সেনাপতিৰ আগত আবেদন কৰিব, তেতিয়া সি আপোনালোকৰ ওচৰ আহি নাপাওঁতেই আমি তাক বধ কৰিবলৈ সাজু হৈ থাকিম৷”
16 But when Pauls sisters sonne heard of their laying awaite, he went, and entred into the castel, and tolde Paul.
১৬কিন্তু পৌলৰ ভাগিনিয়েকে তেওঁলোকৰ এই খাপ দিয়া কথা শুনি, দুর্গত সোমাই গৈ পৌলক ক’লে৷
17 And Paul called one of the Centurions vnto him, and said, Take this yong man hence vnto the chiefe captaine: for he hath a certaine thing to shewe him.
১৭তেতিয়া পৌলে এজন এশৰ সেনাপতিক মাতি ক’লে, “এই ডেকাক হাজাৰৰ সেনাপতিৰ ওচৰলৈ লৈ যোৱা, কিয়নো তেওঁৰ আগত এই বিষয়ে কোনো সম্বাদ জনাবলৈ আছে৷”
18 So hee tooke him, and brought him to the chiefe captaine, and saide, Paul the prisoner called mee vnto him, and prayed mee to bring this yong man vnto thee, which hath some thing to say vnto thee.
১৮তেতিয়া তেওঁ তাক লগত লৈ হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ ক’লে, “আপোনাৰ আগত এই ডেকাৰ কিবা কথা কবলৈ আছে বুলি বন্দীয়াৰ পৌলে মোক মাতি আপোনাৰ ওচৰলৈ ইয়াক আনিবলৈ মিনতি কৰিলে৷”
19 Then the chiefe captaine tooke him by the hande, and went apart with him alone, and asked him, What hast thou to shewe me?
১৯হাজাৰৰ সেনাপতিয়ে তাক হাতত ধৰি লৈ, এফলীয়া হৈ গুপুতে সুধিলে, “মোক ক’বলৈ তোমাৰ কি কথা আছে?”
20 And he saide, The Iewes haue conspired to desire thee, that thou wouldest bring foorth Paul to morow into the Council, as though they would inquire somewhat of him more perfectly:
২০ডেকাজনে ক’লে, “আপুনি পৌলৰ বিষয়ে সুধি জানিব খোজাৰ নিচিনাকৈ, তেওঁক কালিলৈ মহাসভালৈ যেন লৈ যাব, আপোনাৰ আগত এনে নিবেদন কৰিবলৈ ইহুদী সকলে সিদ্ধান্ত কৰিছে৷
21 But let them not perswade thee: for there lie in waite for him of them, more then fourtie men, which haue bound themselues with a curse, that they will neither eate nor drinke, till they haue killed him: and nowe are they readie, and waite for thy promise.
২১এতেকে আপুনি তেওঁলোকৰ কথা নুশুনিব, কাৰণ তেওঁলোক চল্লিশ জনতকৈ অধিক মানুহে পৌলক বধ নকৰালৈকে ভোজন-পান নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিছে আৰু এই প্ৰতিজ্ঞাৰে নিজকে বান্ধি খাপ দি আছে৷ আনকি তেওঁলোক সাঁজু হৈ আপোনাৰ অনুমতিলৈ বাট চাই আছে৷”
22 The chiefe captaine then let the yong man depart, after hee had charged him to vtter it to no man, that he had shewed him these things.
২২তেতিয়া হাজাৰৰ সেনাপতিয়ে সেই ডেকাক বিদায় দিয়াৰ পূর্বে এই আদেশ দিলে, “তুমি যে এইবোৰ কথা মোৰ আগত প্ৰকাশ কৰিলা, পুনৰ কাকো নকবা৷”
23 And he called vnto him two certaine Centurions, saying, Make readie two hundred souldiers, that they may go to Cæsarea, and horsemen three score and ten, and two hundred with dartes, at the thirde houre of the night.
২৩তেতিয়া তেওঁ এশৰ সেনাপতি সকলৰ দুজনক ওচৰলৈ মাতি আনি আজ্ঞা দিলে, “ৰাতি ন বজাত চীজাৰিয়া যাবলৈ দুশ জন সৈন্য, সত্তৰ জন অশ্বাৰোহী আৰু দুশ বৰছা-ধাৰী সৈন্য যুগুত কৰা৷”
24 And let them make readie an horse, that Paul being set on, may be brought safe vnto Felix the Gouernour.
২৪আৰু পৌলক নিৰাপদে ফীলিক্স দেশাধিপতিৰ ওচৰলৈ বহুৱাই লৈ যোৱা বাহনো যুগুত কৰিবলৈ তেওঁলোকক আজ্ঞা দিলে।
25 And he wrote an epistle in this maner:
২৫পাছত তেওঁ এইদৰে পত্ৰ লিখি দিলে,
26 Claudius Lysias vnto the most noble Gouernour Felix sendeth greeting.
২৬“মহামহিম শ্ৰীযুক্ত ফীলিক্স দেশাধিপতিলৈ ক্লৌদিয় লুচিয়ৰ নমস্কাৰ৷
27 As this man was taken of the Iewes, and shoulde haue bene killed of them, I came vpon them with the garison, and rescued him, perceiuing that he was a Romane.
২৭এই মানুহ জনক ইহুদী লোকে ধৰি বধ কৰিবলৈ উদ্যত হৈছে, সেনাবোৰে সৈতে গৈ, এওঁ এজন ৰোমীয়া মানুহ বুলি জানি, মই এওঁক উদ্ধাৰ কৰিলোঁ৷
28 And when I would haue knowen the cause, wherefore they accused him, I brought him forth into their Council.
২৮পাছত কি কাৰণে তেওঁলোকে এওঁক অপবাদ দিছে, তাক জানিবৰ মনেৰে তেওঁলোকৰ মহাসভালৈ এওঁক নিয়াও হৈছিল৷
29 There I perceiued that hee was accused of questions of their Lawe, but had no crime worthy of death, or of bondes.
২৯তাতে প্ৰাণদণ্ড বা কাৰাদণ্ডৰ বন্ধন পোৱাৰ যোগ্য এনে কোনো অপবাদ দিয়া হোৱা নাই, কিন্তু তেওঁলোকৰ বিধানৰ ওপৰত বাদ-বিচাৰ কৰি কোনো দোষ ধৰা যেনহে পালোঁ৷
30 And when it was shewed me, how that the Iewes layd waite for the man, I sent him straightway to thee, and commanded his accusers to speake before thee the thinges that they had against him. Farewell.
৩০পাছত এওঁৰ বিৰুদ্ধে কৰা চক্ৰান্তৰ কথা মোক জনোৱা হ’ল আৰু সেয়ে সিদ্ধ হোৱাৰ আগন্তুক দেখি, মই তৎক্ষণাৎ এওঁক আপোনাৰ ওচৰলৈ পঠাই দিলোঁ আৰু এওঁৰ গুচৰীয়া সকলকো আপোনাৰ আগত এওঁৰ বিৰুদ্ধে গোচৰ কৰিবলৈ আজ্ঞা দিলোঁ৷ ইতি।”
31 Then the souldiers as it was commanded them, tooke Paul, and brought him by night to Antipatris.
৩১পাছত সেনা সকলে আজ্ঞা অনুসাৰে ৰাতিতে পৌলক তুলি, আন্তপাত্ৰি নগৰলৈ নিলে৷
32 And the next day, they left the horsemen to goe with him, and returned vnto the Castel.
৩২কিন্তু পাছদিনা অশ্বাৰোহী সকলক তেওঁৰ লগত যাবলৈ দি দুর্গলৈ উলটি আহিল৷
33 Now when they came to Cæsarea, they deliuered the epistle to the Gouernour, and presented Paul also vnto him.
৩৩পাছত তেওঁলোকে চীজাৰিয়া পাই, দেশাধিপতিক পত্ৰ খন দি, তেওঁৰ আগত পৌলকো হাজিৰ কৰালে৷
34 So when the Gouernour had read it, hee asked of what prouince he was: and when he vnderstoode that he was of Cilicia,
৩৪তেতিয়া তেওঁ সেই পত্ৰ পঢ়ি পৌল কোন প্ৰদেশৰ বুলি সুধিলে; পাছে কিলিকিয়াৰ বুলি জানি,
35 I will heare thee, said he, when thine accusers also are come, and commanded him to bee kept in Herods iudgement hall.
৩৫তেওঁ ক’লে, “তোমাৰ গুচৰীয়াবোৰ আহিলেহে মই তোমাৰ কথা শুনিম৷” তেতিয়া তেওঁ হেৰোদৰ প্ৰিটৰিয়মত ৰাখিবলৈ তেওঁক আজ্ঞা দিলে৷