< 2 Corinthians 13 >
1 Lo this is the thirde time that I come vnto you. In the mouth of two or three witnesses shall euery worde stand
১তৃতীয় বাৰ ধৰি মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। দুই বা তিনি জন সাক্ষীৰ মুখেৰে সকলো কথা নিশ্চয় কৰা হ’ব।
2 I tolde you before, and tell you before: as though I had bene present the seconde time, so write I nowe being absent to them which heretofore haue sinned and to all others, that if I come againe, I will not spare,
২আগেয়ে পাপ কৰা সকলক আৰু আন সকলোকে মই দ্বিতীয় বাৰ উপস্থিত হৈ কোৱাৰ দৰে, সেই বিষয়ে আকৌ কৈছোঁ: “যদি আকৌ আহো মই তেখেত সকলক ক্ষমা নকৰিম৷”
3 Seeing that ye seeke experience of Christ, that speaketh in mee, which towarde you is not weake, but is mightie in you.
৩মই আপোনালোকক এই কথা কৈছোঁ, কিয়নো খ্ৰীষ্টে যে মোৰ দ্বাৰাই কথা কয় তাৰে প্ৰমাণ আপোনালোকে বিচাৰি আছে; তেওঁ আপোনালোকলৈ দূৰ্বল নহয় কিন্তু আপোনালোকৰ মাজত বলৱান।
4 For though hee was crucified concerning his infirmitie, yet liueth hee through the power of God. And wee no doubt are weake in him, but we shall liue with him, through the power of God towarde you.
৪কিয়নো দূৰ্বলতাৰ দ্বাৰাই তেওঁক ক্রুচত দিয়া হৈছিল কিন্তু ঈশ্বৰৰ শক্তিৰ দ্বাৰাই তেওঁ জীয়াই আছে। আমিও তেওঁত দুর্বল আছোঁ কিন্তু ঈশ্বৰৰ শক্তিৰ কাৰণে, আমি তেওঁৰে সৈতে আপোনালোকৰ লগত জীৱন-যাপন কৰিম।
5 Proue your selues whether ye are in the faith: examine your selues: knowe yee not your owne selues, howe that Iesus Christ is in you, except ye be reprobates?
৫আপোনালোক বিশ্বাসত আছে নে নাই, সেই বিষয়ে জানিবলৈ নিজক পৰীক্ষা কৰি তাৰ প্ৰমাণ চাওক। যীচু খ্ৰীষ্ট যে আপোনালোকৰ অন্তৰত বাস কৰি থাকে সেই বিষয়ে আপোনালোকে অনুভৱ নকৰে নে? যদি নকৰে তেনেহলে আপোনালোক অপ্ৰমাণিক লোক।
6 But I trust that ye shall knowe that wee are not reprobates.
৬আৰু মই সুনিশ্চিত যে, আপোনালোকে আমাক অপ্ৰমাণিক লোক বুলি গণিত নকৰিব৷
7 Nowe I pray vnto God that yee doe none euill, not that we should seeme approued, but that ye should doe that which is honest: though we be as reprobates.
৭এতিয়া আমি ঈশ্বৰৰ আগত এই প্ৰাৰ্থনা কৰোঁ, আপোনালোকে যাতে কোনো ধৰণৰ কুকৰ্ম নকৰে৷ আমি পৰীক্ষাসিদ্ধ বুলি প্ৰকাশিত হ’বলৈ নহয়, কিন্তু আমি অপ্ৰমাণিকৰ নিচিনা হ’লেও, আপোনালোকে যেন উচিত কৰ্ম কৰে।
8 For wee can not doe any thing against the trueth, but for the trueth.
৮কিয়নো সত্যৰ বিপক্ষে আমাৰ একো শক্তি নাই কিন্তু সত্যৰ পক্ষে আছে।
9 For we are glad when wee are weake, and that ye are strong: this also we wish for, euen your perfection.
৯কাৰণ যেতিয়া আমি দূৰ্বল কিন্তু আপোনালোক বলৱন্ত, তেতিয়া আমি আনন্দ কৰোঁ; আৰু আপোনালোকৰ সম্পূৰ্ণতাৰ কাৰণে প্ৰাৰ্থনাও কৰোঁ।
10 Therefore write I these thinges being absent, least when I am present, I should vse sharpenesse, according to the power which the Lord hath giuen mee, to edification, and not to destruction.
১০এই কাৰণে, বিনষ্ট কৰিবলৈ নহয় কিন্তু ধৰ্মত বৃদ্ধি কৰিবলৈ প্ৰভুৱে মোক যি ক্ষমতা দিলে, সেই ক্ষমতাৰ দৰে, মই উপস্থিত কালত যেন কঠিন ব্যৱহাৰ কৰিব নালাগিব, এই অভিপ্ৰায়েৰে অনুপস্থিত থাকোঁতে, এইবোৰ কথা লিখিছোঁ।
11 Finally brethren, fare ye well: be perfect: be of good comfort: be of one minde: liue in peace, and the God of loue and peace shalbe with you.
১১শেষতে, হে ভাই সকল, আপোনালোকে আনন্দ কৰক! সিদ্ধ হোৱা কর্ম কৰক, শান্ত্বনাযুক্ত হওক, একে মনৰ লোক হওক, মিলেৰে শান্তিত থাকক; তাতে প্ৰেম আৰু শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।
12 Greete one another with an holy kisse.
১২পবিত্ৰ চুমাৰে পৰস্পৰে মঙ্গলবাদ কৰক।
13 All the Saintes salute you.
১৩সকলো পবিত্ৰ লোকে আপোনালোকক মঙ্গলবাদ কৰিছে।
14 The grace of our Lord Iesus Christ, and the loue of God, and the communion of the holy Ghost be with you all, Amen. ‘The seconde Epistle to the Corinthians, written from Philippi, a citie in Macedonia, and sent by Titus and Lucas.’
১৪প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ, ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আপোনালোকৰ লগত থাকক।