< 1 Peter 3 >
1 Likewise let the wiues bee subiect to their husbands, that euen they which obey not the worde, may without the worde be wonne by the conuersation of the wiues,
১সেইদৰে হে ভাৰ্যা সকল, আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক; গতিকে, তেখেত সকলৰ কোনো কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্য্যাৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰাই,
2 While they beholde your pure conuersation, which is with feare.
২আপোনালোকৰ ভয়যুক্ত নিৰ্মল আচাৰ-ব্যৱহাৰ দেখি, তাৰ দ্বাৰাই বিনাবাক্যেৰে যেন তেওঁলোকক পোৱা যায়, সেই বাবে বশীভূত হওক।
3 Whose apparelling, let it not be that outwarde, with broyded heare, and golde put about, or in putting on of apparell:
৩কেশ-বেশ আৰু সোণৰ অলঙ্কাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ আপোনালোকৰ নহওক।
4 But let it bee the hidde man of the heart, which consisteth in the incorruption of a meeke and quiet spirite, which is before God a thing much set by.
৪কিন্তু আপোনালোকৰ হৃদয়ত নিৰ্দোষীৰূপে চিৰস্থায়ী হৈ থকা শান্ত আৰু নম্ৰ আত্মা আপোনালোকৰ ভূষণ হোৱা উচিত, এয়াই ঈশ্বৰৰ দৃষ্টিত মহা মূল্যৱান৷
5 For euen after this maner in time past did the holy women, which trusted in God, tire them selues, and were subiect to their husbands.
৫কিয়নো আগৰ কালত যি পবিত্ৰ তিৰোতা সকলে ঈশ্বৰত ভাৰসা ৰাখিছিল, তেখেত সকলেও নিজ নিজ স্বামীৰ বশীভূত হৈ, সেইদৰে নিজক বিভূষিত কৰিলে;
6 As Sara obeyed Abraham, and called him Sir: whose daughters ye are, whiles yee doe well, not being afraide of any terrour.
৬সেইদৰে চাৰাই অব্ৰাহামৰ আজ্ঞা মানিলে। এতিয়া আপোনালোকেও যদি উচিত কৰ্ম কৰে আৰু আপোনালোকৰ কোনো সমস্যাৰ বাবে যদি ভয় নাথাকে, তেনেহলে আপোনালোক তেওঁৰ জীয়ৰী৷
7 Likewise ye husbands, dwel with them as men of knowledge, giuing honour vnto the woman, as vnto the weaker vessell, euen as they which are heires together of the grace of life, that your prayers be not interrupted.
৭সেইদৰে হে স্বামী সকল, আপোনালোকতকৈ স্ত্ৰী সকল মাটিৰ পাত্ৰৰদৰে কোমল, জীৱনৰূপ অনুগ্ৰহৰ সহকাৰিণী বুলি জানি, আপোনালোকৰ প্ৰাৰ্থনাত যেন বাধা নজন্মে, এই কাৰণে তেখেত সকলৰ সৈতে জ্ঞানমতে সহবাস কৰি তেখেত সকলক সমাদৰ কৰক।
8 Finally, be ye all of one minde: one suffer with another: loue as brethren: bee pitifull: bee courteous,
৮অৱশেষত কওঁ, আপোনালোক সকলোৱে একে মনৰ, আনৰ দুখত দূঃখী, স্নেহশীল, প্ৰেম কৰোঁতা আৰু নম্ৰ হওক৷
9 Not rendring euil for euill, neither rebuke for rebuke: but contrarywise blesse, knowing that ye are thereunto called, that ye should be heires of blessing.
৯অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰক, বিৰোধিতাত পুনৰায় আশীৰ্বাদ কৰক, কিয়নো ইয়াৰ বাবে আপোনালোক আমন্ত্ৰিত, আপোনালোক ক্ষমতাপূৰ্ণ আশীৰ্বাদৰ উত্তৰাধিকাৰ পোৱা লোক৷ কিয়নো আশীৰ্বাদৰ অধিকাৰী হ’বৰ কাৰণে আপোনালোক আমন্ত্ৰিত হ’ল।
10 For if any man long after life, and to see good dayes, let him refraine his tongue from euill, and his lippes that they speake no guile.
১০“কাৰণ, যি জনে জীৱনক প্ৰেম কৰিবলৈ, আৰু মঙ্গলৰ দিন চাবলৈ ইচ্ছা কৰে, তেখেতে কু-কথাৰ পৰা নিজৰ জিভা, আৰু ছলনা-বাক্যৰ পৰা নিজৰ ওঁঠ ৰাখক;
11 Let him eschew euil, and do good: let him seeke peace, and follow after it.
১১কু-পথৰ পৰা ঘূৰক আৰু ভাল কৰ্ম কৰক৷ শান্তি বিচাৰক আৰু তাতে লাগি থাকক৷
12 For the eyes of the Lord are ouer the righteous, and his eares are open vnto their prayers: and the face of the Lord is against them that do euil.
১২প্ৰভুৰ চকুৱে ধাৰ্মিক সকলক দৃষ্টি কৰে, আৰু তেওঁৰ কাণে তেখেত সকলৰ প্ৰাৰ্থনা শুনে৷ কিন্তু যি সকল কু-কৰ্মী, তেখেত সকললৈ প্ৰভুৰ মুখ বিৰোধী৷”
13 And who is it that will harme you, if ye follow that which is good?
১৩যি ভাল, তালৈ যদি আপোনালোকে ইচ্ছা কৰে, তেনেহলে আপোনালোকক কোনে ক্ষতি কৰিব?
14 Notwithstanding blessed are ye, if ye suffer for righteousnes sake. Yea, feare not their feare, neither be troubled.
১৪কিন্তু ধাৰ্মিকতাৰ কাৰণে যদিও দুখভোগ কৰিব লগা হয়, তথাপি আপোনালোক ধন্য; কিন্তু তেওঁলোকৰ ভয়ত ভয়াতুৰ নহ’ব আৰু ব্যাকুল নহ’ব৷
15 But sanctifie the Lord God in your hearts: and be ready alwayes to giue an answere to euery man that asketh you a reason of the hope that is in you, with meekenesse and reuerence,
১৫ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত পবিত্ৰ ৰূপে মানিব; যি কোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিব৷
16 Hauing a good coscience, that whe they speake euill of you as of euill doers, they may be ashamed, which slander your good conuersation in Christ.
১৬যি সকলে খ্ৰীষ্টত থাকি কৰা আপোনালোকৰ সদাচৰণৰ নিন্দা কৰে, আপোনালোক যি বিষয়ত নিন্দিত হয়, সেই বিষয়ত তেওঁলোক যেন লাজত পৰিব, এই কাৰণে আপোনালোকে উত্তম বিবেক ৰাখিব।
17 For it is better (if the will of God be so) that ye suffer for well doing, then for euil doing.
১৭কিয়নো কুকৰ্ম কৰি দুখভোগ কৰাতকৈ, ঈশ্বৰৰ যদি এনে ইচ্ছা হয়, তেনেহলে সৎ কৰ্ম কৰি দুখভোগ কৰা বেছি ভাল৷
18 For Christ also hath once suffered for sinnes, the iust for the vniust, that he might bring vs to God, and was put to death concerning the flesh, but was quickened by the spirit.
১৮খ্ৰীষ্টয়ো সেই পাপৰ সম্বন্ধে এবাৰ দূখ-ভোগ কৰিলে৷ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিক সকলৰ কাৰণে ধাৰ্মিক জনে, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত হ’লে পুনৰ্জীৱিত হ’ল;
19 By the which hee also went, and preached vnto the spirits that are in prison.
১৯সেই আত্মাৰে তেওঁ গ’ল আৰু এতিয়া কাৰাগাৰত থকা আত্মাবোৰৰ ওচৰত গৈ প্রচাৰ কৰিলে৷
20 Which were in time passed disobedient, when once the long suffering of God abode in the dayes of Noe, while the Arke was preparing, wherein fewe, that is, eight soules were saued in the water.
২০সেইবোৰ নোহৰ সময়ত ঈশ্বৰৰ আবাধ্য আছিল৷ নোহৰ জাহাজ তৈয়াৰ কৰাৰ সময়ত ঈশ্বৰ সহিষ্ণু হৈ তেওঁলোকৰ বাবে অপেক্ষা কৰিছিল৷ ঈশ্বৰে অলপ মানুহক ৰক্ষা কৰিলে, আঠ টা আত্মা সেই জলৰ পৰা ৰক্ষা পালে৷
21 Whereof the baptisme that nowe is, answering that figure, (which is not a putting away of the filth of the flesh, but a confident demaunding which a good conscience maketh to God) saueth vs also by the resurrection of Iesus Christ,
২১সেই জল বাপ্তিস্মৰ প্ৰতীক, যাৰ যোগে আপোনালোকে ৰক্ষা পালে৷ সেই বাপ্তিস্মৰ যোগেদি শৰীৰৰ ময়লা আতৰোৱা নহয়, কিন্তু ঈশ্বৰৰ ওচৰত সৎ বিবেক বজায় ৰখাৰ কাৰণে এক আবেদন৷ যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ যোগেদিহে আপোনালোকে ৰক্ষা পালে৷
22 Which is at the right hand of God, gone into heauen, to whom the Angels, and Powers, and might are subiect.
২২তেওঁ স্বৰ্গলৈ গ’ল৷ স্বৰ্গৰ দূত সকল, বিধিসংগত শাসন, আৰু পৰাক্ৰম, অৱশ্যে তেওঁলৈ সমৰ্পন কৰক৷