< 1 Corinthians 16 >
1 Concerning the gathering for the Saintes, as I haue ordeined in the Churches of Galatia, so doe ye also.
১পবিত্ৰ লোক সকলৰ কাৰণে দান তোলাৰ বিষয়ে হ’লে, মই গালাতীয়াৰ মণ্ডলী সমূহক যেনেকৈ আদেশ দিলোঁ, তেনেকৈ আপোনালোকেও কৰিব।
2 Euery first day of the weeke, let euery one of you put aside by himselfe, and lay vp as God hath prospered him, that then there be no gatherings when I come.
২সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে নিজৰ ঘৰৰ কোনোবা বিশেষ স্থানত সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হ’ম, তেতিয়া যেন দান তোলা নহয়৷
3 And when I am come, whomsoeuer ye shall alowe by letters, them will I send to bring your liberalitie vnto Hierusalem.
৩এই কাৰণে মই যেতিয়া উপস্থিত হ’ম, তেতিয়া আপোনালোকে যি সকলক যোগ্য বুলি বিবেচনা কৰে তেওঁলোকৰ হাতত সেই দান যিৰূচালেমলৈ দি পঠাব৷ আমি লিখি দিয়া এখন পত্ৰ তেওঁলোকে প্ৰমাণ স্বৰূপে লৈ যাব৷
4 And if it be meete that I goe also, they shall goe with me.
৪যদি আমি যোৱাতো উচিত হয়, তেনেহলে তেওঁলোক অামাৰ লগতে যাব।
5 Nowe I will come vnto you, after I haue gone through Macedonia (for I will passe through Macedonia.)
৫কিন্তু যেতিয়া আমি মাকিদনিয়া হৈ - যাত্ৰা কৰিম, তেতিয়া মই আপোনালোকৰ ওচৰলৈ আহিম।
6 And it may be that I will abide, yea, or winter with you, that ye may bring me on my way, whither soeuer I goe.
৬আপোনালোকৰ লগত কিজানি কিছুদিন থাকিম, হয়তো জাৰ-কালো আপোনালোকৰ লগত কটাম; পাছত মই যাবলগীয়া ঠাইলৈ যাবৰ বাবে আপোনালোকেই মোক যোৱাৰ ব্যবস্থা কৰি দিব পাৰিব৷
7 For I will not see you nowe in my passage, but I trust to abide a while with you, if the Lord permit.
৭এতিয়া মই যাত্ৰা পথত আপোনালোকৰ সৈতে সাক্ষাৎ কৰিবলৈ বিচৰা নাই; কাৰণ প্ৰভুৰ ইচ্ছা হ’লে, আপোনালোকৰ লগত কিছুদিন থাকিবলৈ মই আশা কৰি আছোঁ।
8 And I wil tary at Ephesus vntill Pentecost.
৮তথাপি পঞ্চাশ-দিনীয়া পৰ্বলৈকে মই ইফিচত থাকিম;
9 For a great doore and effectuall is opened vnto me: and there are many aduersaries.
৯কিয়নো কাৰ্যসাধক এখন বহল দুৱাৰ মোৰ বাবে মুকলি হৈছে; আৰু তাত বিৰোধী বহুত আছে।
10 Nowe if Timotheus come, see that he be without feare with you: for he worketh the worke of the Lord, euen as I doe.
১০এতিয়া যদি আপোনালোকৰ ওচৰত তীমথিয় উপস্থিত হয়, তেনেহলে তেওঁ যাতে আপোনালোকৰ তাত নিৰ্ভয়ে থাকে, কিয়নো তেওঁ মোৰ দৰেই প্ৰভুৰ কাৰ্য কৰে, কোনেও যেন তেওঁক হেয়ঞ্জান নকৰে৷
11 Let no man therefore despise him: but conuey him foorth in peace, that he may come vnto me: for I looke for him with the brethren.
১১কিন্তু তেওঁ যেন মোৰ ওচৰলৈ আহে, এই কাৰণে আপোনালোকে তেওঁক কুশলে আগবঢ়ায় থ’ব; কিয়নো তেওঁ ভাই সকলৰ সৈতে অহালৈ, মই বাট চাই আছোঁ।
12 As touching our brother Apollos, I greatly desired him, to come vnto you with the brethren: but his mind was not at all to come at this time: howbeit he will come when he shall haue conuenient time.
১২এতিয়া আপল্লো ভাইৰ প্ৰসংগত কওঁ, আমি তেওঁক দৃঢ়তাৰে সকলো প্ৰকাৰৰে ভাই সকলৰ সৈতে আপোনালোকৰ ওচৰলৈ যাবৰ বাবে, মই তেওঁক বহুত মিনতি কৰিলোঁ; কিন্তু এতিয়া যাবলৈ তেওঁ ঠিৰাং কৰা নাই; তথাপি যেতিয়া সুযোগ পাব, তেতিয়া তেওঁ আপোনালোকৰ ওচৰলৈ যাব।
13 Watch ye: stand fast in the faith: quite you like men, and be strong.
১৩আপোনালোক সজাগ হৈ থাকক; বিশ্বাসত সুস্থিৰ হোৱা, ডেকা সকলৰ দৰে শক্তিমন্ত হওক।
14 Let all your things be done in loue.
১৪আপোনালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক।
15 Nowe brethren, I beseeche you (ye knowe the house of Stephanas, that it is the first fruites of Achaia, and that they haue giuen themselues to minister vnto the Saintes)
১৫হে ভাই সকল মই আপোনালোকক এই মিনতি কৰিছোঁ, স্তিফানাৰ পৰিয়াল, যি আখায়া দেশৰ প্ৰথম ফলস্বৰূপ আৰু তেওঁলোকে যে পবিত্ৰ লোকৰ পৰিচৰ্যা কৰিবলৈ স্ব-ইচ্ছাৰে ভাৰ ল’লে, সেই বিষয়ে আপোনালোকে জানে;
16 That ye be obedient euen vnto such, and to all that helpe with vs and labour.
১৬আপোনালোকে এনেকুৱা লোকৰ কাৰ্যত, সাহায্য আৰু পৰিশ্ৰম কৰা সকলৰ বশীভূত হওক।
17 I am glad of the comming of Stephanas, and Fortunatus, and Achaicus: for they haue supplied the want of you.
১৭আমি সকলো আনন্দিত হৈছোঁ, কাৰণ স্তিফান, ফৰ্ত্তূনাত আৰু আখায়িক ইয়ালৈ অহাত আপোনালোক নথকাত মোৰ যি অভাৱ আছিল, সেই অভাৱ তেওঁলোকে সম্পূৰ্ণ কৰিলে।
18 For they haue comforted my spirite and yours: acknowledge therefore such men.
১৮কাৰণ তেওঁলোকে আপোনালোকৰ নিচিনাকৈ মোৰ আত্মা জুৰালে; এতেকে আপোনালোকে এনে লোকক চিনি পাবলৈ ভুল নকৰিব।
19 The Churches of Asia salute you: Aquila and Priscilla with ye Church that is in their house, salute you greatly in the Lord.
১৯এচিয়া দেশৰ মণ্ডলী সমূহে আপোনালোকক শুভেচ্ছা জনাইছে৷ আক্কিলা, প্ৰিষ্কা আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীয়ে আপোনালোকক প্ৰভুত শুভেচ্ছা জনাইছে৷
20 All the brethren greete you. Greete ye one another, with an holy kisse.
২০সকলো ভাই, ভনী সকলে আপোনালোকক শুভেচ্ছা জনাইছে৷ আপোনালোকেও পৰস্পৰে ইজনে সিজনক পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব৷
21 The salutation of me Paul with mine owne hand.
২১মই, পৌলে, নিজ হাতেৰে এই শুভেচ্ছা বাণী লিখি পঠালোঁ৷
22 If any man loue not the Lord Iesus Christ, let him be had in execration maran-atha.
২২কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে, তেওঁ শাপগ্ৰস্ত হওক। আমাৰ প্ৰভু আহক৷
23 The grace of our Lord Iesus Christ be with you.
২৩প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।
24 My loue be with you all in Christ Iesus, Amen. ‘The first Epistle to the Corinthians, written from Philippi, and sent by Stephanas, and Fortunatus, and Achaicus, and Timotheus.’
২৪খ্ৰীষ্ট যীচুত মোৰ প্ৰেম আপোনালোক সকলোৰে লগত থাকক। আমেন।