< Revelation 5 >
1 I saw the one sitting on the throne holding a scroll in his right hand. The scroll was written on both sides and was sealed with seven seals.
১তেতিয়া মই দেখিলোঁ, সেই জনৰ সোঁ হাতে সিংহাসনত এজন বহি আছে, এটা পুথিৰ নুৰা আগফালে আৰু পাছফালে লিখা আৰু সাতোটা ছাবেৰে ছাব মৰা আছিল৷
2 I saw a powerful angel shouting in a loud voice, “Who is worthy to open the scroll and break its seals?”
২মই এজন প্ৰভাৱশালী দূত দেখিলোঁ; তেওঁ বৰ মাতেৰে এই কথা ঘোষণা কৰিলে, “এনে কোন ব্যক্তি আছে যি জনে এই নুৰাটো খুলিব আৰু তাৰ ছাববোৰ মেলিবৰ বাবে উপযুক্ত”?
3 Nobody in heaven, or on earth, or under the earth was able to open the scroll and read it.
৩স্বৰ্গত বা পৃথিৱীত বা পৃথিৱীৰ তলত থকা কোনেও সেই নুৰা মেলিব বা সেই পুথি খন পঢ়িব নোৱাৰিলে।
4 I cried many tears because nobody could be found who was worthy to open the book and read it.
৪তেতিয়া মই অনেক ক্ৰন্দন কৰিলোঁ, কাৰণ সেই নুৰাটো মেলি পঢ়িবলৈ কোনো এজন যোগ্য ব্যক্তি পোৱা নগ’ল।
5 One of the elders spoke to me and said, “Don't cry. Look, the Lion of the tribe of Judah, the descendant of David, has won the battle and can open the scroll and its seven seals.”
৫কিন্তু সেই পৰিচাৰক সকলৰ এজনে মোক ক’লে, “তুমি ক্ৰন্দন নকৰিবা; চোৱা! যি জন যিহূদা ফৈদৰ সিংহ আৰু দায়ুদৰ মূলস্বৰূপ, তেওঁ জয়যুক্ত হৈ সেই নুৰা আৰু তাৰ সাতোটা ছাব মেলিবলৈ সমৰ্থ হ’ল”।
6 I saw a Lamb that looked as if it had been killed standing in the center by the throne and the four living creatures, among the elders. He had seven horns and seven eyes that are the seven Spirits of God that are sent out to all the earth.
৬তেতিয়া মই সেই সিংহাসনৰ আৰু চাৰি জীৱিত প্ৰাণীৰ মাজত আৰু সেই পৰিচাৰক সকলৰ মাজত, হত হোৱাৰ নিচিনা মেৰ-পোৱালি এটা থিয় হৈ থকা দেখিলোঁ; তেওঁৰ সাতোটা শিং আৰু সাতোটা চকু আছিল - এইবোৰ পৃথিৱীৰ সকলো ঠাইতে পঠোৱা সাতোটা ঈশ্বৰৰ আত্মা।
7 He went and took the scroll from the right hand of the one that sat on the throne.
৭তেওঁ আহি সিংহাসনত বহি থকা জনৰ সোঁ হাতৰ পৰা সেই নুৰাটো ল’লে৷
8 When he had taken the scroll, the four living creatures and the twenty-four elders fell down before the Lamb. Each of them had a harp and golden bowls full of incense, which are the prayers of the believers.
৮যেতিয়া তেওঁ সেই নুৰাটো ল’লে তেতিয়া জীৱিত প্ৰাণী চাৰিটা আৰু সেই চৌবিশ জন পৰিচাৰকে নিজে মেৰ-পোৱালি জনৰ সন্মুখলৈ আহি উবুৰি হৈ পৰিল৷ তেখেত সকলৰ হাতত গাইপতি বীণা আৰু পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনা স্বৰূপ সুগন্ধি ধূপেৰে পৰিপূৰ্ণ সোণৰ বাটি আছিল।
9 They sang a new song, “You are worthy to take the scroll and open its seals, for you were slain and with your blood you redeemed for God people from every tribe, language, people, and nation.
৯আৰু তেখেত সকলে এটি নতুন গীত গালে: “নুৰাটো ল’বলৈ আৰু তাৰ ছাব মেলিবলৈ আপুনি যোগ্য৷ কিয়নো আপুনি হত হ’ল আৰু আপোনাৰ তেজৰ সৈতে আপুনি ঈশ্বৰৰ কাৰণে সেই সকলো জাতিবোৰৰ মাজৰ পৰা প্ৰতিটো ফৈদ, ভাষা, মানুহ আৰু জাতিক কিনিলে ৷
10 You made them into a kingdom and priests for our God, and they will reign on the earth.”
১০আৰু আমাৰ ঈশ্বৰৰ সেৱাৰ উদ্দেশ্যে তেওঁলোকক ৰাজ্য স্বৰূপ আৰু পুৰোহিত পাতিলে, তাতে তেওঁলোকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব”।
11 As I looked I heard the voices of millions of angels around the throne, together with the living creatures and the elders,
১১তেতিয়া মই চাওতে সেই সিংহাসনৰ চাৰিওফালে অনেক স্বৰ্গৰ দূতৰ মাত শুনিলোঁ; তেওঁলোকৰ সংখ্যা 20,00,00,000 আছিল; তেওঁলোকৰ সৈতে সেই জীৱিত প্ৰাণী চাৰিটা আৰু পৰিচাৰক সকলো আছিল৷
12 shouting loudly together: “The Lamb that was slain is worthy to receive authority, wealth, wisdom, strength, honor, glory, and blessing.”
১২তেওঁলোক সকলোৱে বৰ মাতেৰে ক’লে, “হত হোৱা যি মেৰ-পোৱালি, তেৱেঁই পৰাক্ৰমী, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু প্ৰশংসা পোৱাৰ যোগ্য”।
13 Then I heard every creature in heaven, on earth, and under the earth, in the sea—every creature everywhere—replying: “To the one who sits on the throne, and to the Lamb be blessing, honor, glory, and authority, for ever and ever.” (aiōn )
১৩আৰু স্বৰ্গত, পৃথিৱীত, পৃথিৱীৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু আছে সেই সকলোৱে কোৱা শুনিলোঁ, “সিংহাসনত বহি থকা জন আৰু মেৰ-পোৱালি জনৰ প্ৰশংসা, মৰ্যদা, মহিমা আৰু পৰাক্ৰম চিৰকাল হওক”। (aiōn )
14 The four living creatures said, “Amen!” and the elders fell down and worshiped.
১৪আৰু সেই জীৱিত প্ৰাণী চাৰিটাই ক’লে, “আমেন”! আৰু সেই পৰিচাৰক সকলে সমৰ্পিত হৈ মাটিত পৰি আৰাধনা কৰিলে’।