< Psalms 107 >
1 Thank the Lord, for he is good! His trustworthy love continues forever!
১যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে!
2 Let those the Lord has saved say that they are saved; those he has rescued from the power of the enemy.
২যিহোৱাৰ মুক্ত লোকসকলে এই কথা কওঁক, যি সকলক তেওঁ শত্রুৰ হাতৰ পৰা মুক্ত কৰিলে,
3 He has gathered them together from distant lands, from the east and the west, the north and the south.
৩যি সকলক তেওঁ নানা দেশৰ পৰা গোট খোৱালে, পূৱ-পশ্চিম আৰু উত্তৰ-দক্ষিণৰ পৰা গোটালে।
4 They wandered in the desert wilderness, unable to find a way to a city where they could live.
৪তেওঁলোকে মৰুভূমিৰ নিৰ্জন পথত ভ্ৰমি ফুৰিছিল, তেওঁলোকে কোনো বসতিৰ নগৰ বিচাৰি নাপালে।
5 Hungry and thirsty, they became very discouraged.
৫তেওঁলোক ক্ষুধিত আৰু তৃষ্ণার্ত হ’ল; তেওঁলোকৰ প্ৰাণ শ্রান্ত হৈ মূর্ছিত হ’ল।
6 Then they cried out to the Lord to help them in their troubles, and he saved them from their suffering.
৬তেতিয়া তেওঁলোকে সঙ্কটত পৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে; তাতে ক্লেশৰ পৰা তেওঁ তেওঁলোকক উদ্ধাৰ কৰিলে।
7 He led them along a straight way to a city where they could live.
৭তেওঁ পোন বাটেদি তেওঁলোকক গমন কৰালে; যাতে তেওঁলোকে গৈ কোনো বসতি নগৰ পাব পাৰে।
8 Let them praise the Lord for his trustworthy love, and for all the wonderful things he does for people.
৮মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
9 For he gives drink to those who are thirsty, and food to those who are hungry.
৯কিয়নো তেওঁ পিপাসিত প্ৰাণক তৃপ্ত কৰে; আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যেৰে পূৰ কৰে।
10 Some sat in complete darkness, prisoners of misery and bound with iron chains,
১০কোনো লোক অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ মাজত বহিছিল; সেই বন্দীসকলে দুখত আৰু লোহাৰ শিকলিৰ বন্ধনত কষ্ট পাইছিল।
11 for they had rebelled against what God had said; they had rejected the guidance of the Most High.
১১কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল; সৰ্ব্বোপৰি জনাৰ পৰামৰ্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে।
12 So he humbled their pride with the troubles of life; they tripped over and no one was there to stop them falling.
১২সেই বাবেই তেওঁ কঠোৰ পৰিশ্ৰম দি তেওঁলোকৰ হৃদয়ক অৱনত কৰিলে; তেওঁলোক পতিত হ’ল আৰু সহায় কৰিবলৈ কোনো নাছিল।
13 Then they called out to the Lord for help in their troubles, and he saved them from their suffering.
১৩তেতিয়া সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক কষ্টৰ পৰা ৰক্ষা কৰিলে।
14 He brought them out of complete darkness, he broke their chains to pieces.
১৪তেওঁ তেওঁলোকক আন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ পৰা বাহিৰ কৰি আনিলে; তেওঁলোকৰ শিকলিৰ বন্ধন চিঙি পেলালে।
15 Let them praise the Lord for his trustworthy love, and for all the wonderful things he does for people.
১৫মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে লোকসকলে তেওঁৰ প্ৰশংসা কৰক।
16 For he breaks down the bronze doors, and cuts through the iron bars.
১৬তেওঁ পিতলৰ দুৱাৰবোৰ ভাঙি পেলালে; আৰু লোহাৰ ডাংবোৰ কাটি পেলালে।
17 They were stupid because they rebelled; they suffered for their sins.
১৭যি সকল নিৰ্ব্বোধ, তেওঁলোকে নিজৰ বিদ্রোহৰ কাৰণে আৰু অপৰাধৰ কাৰণে যাতনা ভোগিলে।
18 They didn't want to eat; they were at death's door.
১৮তেওঁলোকে সকলো খোৱা বস্তুকে ঘিণ কৰিলে; তেওঁলোক মৃত্যুদ্বাৰৰ ওচৰলৈ চাপি গ’ল।
19 Then they called out to the Lord for help in their troubles, and he saved them from their suffering.
১৯সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে।
20 He gave the command and he healed them; he saved them from the grave.
২০তেওঁ নিজ বাক্য পঠাই তেওঁলোকক সুস্থ কৰিলে; তেওঁ বিনাশৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে।
21 Let them praise the Lord for his trustworthy love, and for all the wonderful things he does for people.
২১মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
22 Let them present thank offerings and sing with joy about what he has done.
২২তেওঁলোকে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰক; আনন্দ গীতেৰে তেওঁৰ কৰ্মৰাজিৰ বৰ্ণনা কৰক।
23 Those who set sail in ships, crossing the seas to earn their living,
২৩যিসকলে জাহাজত উঠি সাগৰত অহা-যোৱা কৰে, আৰু মহা জল সমূহৰ ওপৰেদি ব্যৱসায় কৰে,
24 they have seen the Lord's incredible power at work—the wonderful things he did in the deepest oceans.
২৪তেওঁলোকে যিহোৱাৰ কাৰ্যবোৰ দেখে, গভীৰ জলত তেওঁৰ আচৰিত কার্যবোৰ দেখে।
25 He only had to speak to cause a stormy wind that stirred up towering waves,
২৫তেওঁৰ আজ্ঞাৰ দ্বাৰাই প্ৰচণ্ড ধুমুহা হ’ল; তাতে সাগৰৰ ঢৌবোৰ ওফন্দি উঠে;
26 lifting the ships high in the air and then plunging them down. The sailors were so terrified that their courage melted away.
২৬ঢৌবোৰ বহু ওপৰলৈ উঠে, পুনৰ বহু গভীৰলৈ নামি আহে; বিপদৰ কালত তেওঁলোকৰ প্ৰাণ ভয়তে দ্ৰৱ হৈ যায়।
27 They staggered around, falling from side to side like drunks—all their seamanship skills were useless.
২৭মতলীয়া মানুহৰ দৰে তেওঁলোকে ঢলংপলং কৰে; তেওঁলোকৰ সকলো বুদ্ধি নাইকিয়া হয়।
28 Then they cried out to the Lord to help them in their troubles, and he saved them from their suffering.
২৮সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ ওচৰত ক্রন্দন কৰে, তাতে তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে।
29 He calmed the storm, the waves were quiet.
২৯তেওঁ ধুমুহাক প্রশমিত কৰে, তাৰ ঢৌবোৰক শান্ত কৰে।
30 The sailors were so happy when it all calmed down, and he brought them to the harbor they wanted.
৩০সাগৰ শান্ত হোৱাৰ কাৰণে তেওঁলোকে আনন্দ কৰে; তেওঁ তেওঁলোকক লক্ষ্যৰ বন্দৰলৈ লৈ যায়।
31 Let them praise the Lord for his trustworthy love, and for all the wonderful things he does for people.
৩১মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
32 Let them say how wonderful he is in front of the whole congregation and the elders.
৩২সমাজৰ মাজত তেওঁলোকে তেওঁৰ গৌৰৱ-কীৰ্ত্তন কৰক, বৃদ্ধসকলৰ সভাত তেওঁৰ প্ৰশংসা কৰক।
33 He dries up rivers and turns the land into a desert; the water springs stop flowing and the earth turns dry and dusty.
৩৩নদীবোৰক তেওঁ মৰুভূমিলৈ, জলৰ ভুমুকবোৰক তেওঁ শুকান ভূমিলৈ পৰিণত কৰে;
34 Fruitful ground becomes a salty wasteland because of the wickedness of those living there.
৩৪তেওঁ ফলৱান দেশক লোণাময় অনুর্বৰ ভূমি কৰে, সেই ঠাইৰ নিবাসীসকলৰ দুষ্টতাৰ কাৰণে তেওঁ এই সকলো কৰে।
35 But he also turns around and makes pools of water in the desert, and makes water springs flow in a dry and dusty land.
৩৫তেওঁ মৰুভূমিক জলাশয়লৈ, শুকান ঠাইবোৰক জলৰ ভুমুকলৈ পৰিণত কৰে।
36 He brings hungry people to live there—a place they can build their cities.
৩৬ক্ষুধাতুৰ লোকসকলক তেওঁ তাত বসতি কৰায়; তেওঁলোকে তাত নগৰ স্থাপন কৰে।
37 They sow their fields and plant their vineyards, producing a good harvest.
৩৭তেওঁলোকে পথাৰত বীজ সিঁচে, দ্ৰাক্ষালতা ৰোৱে, আৰু প্রচুৰ ফল চপায়।
38 He takes care of them, and their numbers increase dramatically—their cattle too!
৩৮তেওঁ তেওঁলোকক আশীৰ্ব্বাদ কৰে আৰু তেওঁলোক সংখ্যাত অতিশয় বৃদ্ধি পায়; তেওঁ তেওঁলোকৰ পশুধনবোৰক হ্রাস হবলৈ নিদিয়ে।
39 When they become few, brought low by oppression, misery, and sorrow,
৩৯উপদ্ৰৱ, বিপদ আৰু শোকত পুনৰ তেওঁলোক সংখ্যাত হ্রাস পায়, তেওঁলোকৰ নীহ অৱস্থা হ’য়।
40 He pours out his contempt on their leaders, making them wander, lost in the wilderness.
৪০তেওঁ উচ্চপদৰ লোকসকলৰ ওপৰত অপমান বৰষায়, পথহীন মৰুভূমিৰ মাজত তেওঁলোকক ভ্ৰমণ কৰায়;
41 But he lifts the poor out of their troubles, and makes their families as big as flocks.
৪১কিন্তু তেওঁ দৰিদ্ৰক দুখৰ পৰা তুলি আনি উচ্চ পদত স্থাপন কৰে, আৰু মেৰ-ছাগৰ জাকৰ নিচিনাকৈ তেওঁৰ পৰিয়ালৰ যত্ন লয়।
42 Those who live right will observe what is happening and be glad, but the wicked will be silenced.
৪২তাকে দেখি ধাৰ্মিক লোকে আনন্দ কৰে, কিন্তু সকলো অধৰ্মকাৰীয়ে নিজৰ মুখ বন্ধ কৰে।
43 Those who are wise will pay attention to all this, and thoughtfully reflect on the Lord's trustworthy love.
৪৩যি জন জ্ঞানী, তেওঁ এই সকলো কথালৈ মনোযোগ দিয়ক, যিহোৱাৰ বিশ্বস্ত প্রেমৰ বিষয়ে ধ্যান কৰক।