< Proverbs 18 >
1 Selfish people only please themselves, they attack anything that makes good sense.
১যি জনে নিজকে পৃথকে ৰাখে, তেওঁ কেৱল নিজৰ আকাংক্ষা সিদ্ধিৰ চেষ্টা কৰে, আৰু সকলো সুপৰামৰ্শৰ বিৰুদ্ধে যুঁজ কৰে।
2 Stupid people have no interest in trying to understand, they only want to express their opinions.
২অজ্ঞানী লোকে বিবেচনাত সন্তোষ নাপায়, কিন্তু কেৱল নিজৰ হৃদয়ত থকা কথা প্ৰকাশ কৰে।
3 With wickedness comes contempt; with dishonor comes disgrace.
৩যেতিয়া দুষ্ট লোক আহে, তেওঁৰ লগত অপমানো আহে; আৰু অপমানৰ লগত নিন্দাও আহে।
4 People's words can be profound like deep waters, a gushing stream that is the source of wisdom.
৪মানুহৰ মুখৰ কথা গভীৰ জলৰ দৰে; প্রজ্ঞাৰ ভুমুক বৈ থকা জুৰিৰ নিচিনা।
5 It's not right to show favoritism to the guilty and rob the innocent of justice.
৫দুষ্ট লোকলৈ পক্ষপাত হোৱা ভাল নহয়, আৰু ন্যায় কৰা সকলৰ বিচাৰ অগ্রাহ্য কৰা ভাল নহয়।
6 What stupid people say gets them into fights, as if they're asking for a beating.
৬অজ্ঞানী লোকৰ ওঁঠে তেওঁৰ লগত বিবাদ আনে, আৰু তেওঁৰ মুখৰ কথাই তেওঁক মাৰ খোৱাই।
7 Stupid people are caught out by what they say; their own words trap them.
৭অজ্ঞানী লোকৰ মুখে তেওঁৰ ধ্বংস আনে, আৰু তেওঁৰ ওঁঠে তেওঁক ফান্দত পেলাই।
8 Listening to gossip is like gulping down bites of your favorite food—they go deep down inside you.
৮পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে; সেয়ে শৰীৰৰ ভিতৰৰ অংশলৈকে সোমায় যায়।
9 Laziness and destruction are brothers.
৯আৰু যি জনে নিজৰ কাৰ্যত অৱহেলা কৰে, তেওঁ ধ্বংসকাৰীৰ ভায়েকৰ দৰে।
10 The Lord is a protective tower that good people can run to and be safe.
১০যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
11 Rich people see their wealth as a fortified town—it's like a high wall in their imagination.
১১ধনৱানৰ ধন-সম্পত্তিয়েই তেওঁৰ দৃঢ় নগৰ; আৰু তেওঁৰ কল্পনাত সেইবোৰ ওখ দেৱালৰ দৰে।
12 Pride leads to destruction; humility goes before honor.
১২পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়, কিন্তু নম্ৰতা সন্মানৰ আগে আহে।
13 Replying before hearing is stupidity and shame.
১৩যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে, সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান।
14 With a brave spirit you can put up with sickness, but if it's crushed, you can't bear it.
১৪মানুহৰ আত্মাই অসুস্থতাতো জীয়াই ৰাখিব; কিন্তু ভগ্ন আত্মাক কোনে সহিব পাৰে?
15 An intelligent mind acquires knowledge; the wise are ready to hear knowledge.
১৫বুধিয়কৰ হৃদয়ে জ্ঞান অৰ্জন কৰে, আৰু জ্ঞানী লোকে শুনাৰ দ্বাৰাই জ্ঞান বিচাৰি পায়।
16 A gift opens doors for you, and gets you into the presence of important people.
১৬মানুহৰ উপহাৰে হয়তো পথ মুকলি কৰিব পাৰে, আৰু গণ্যমান্য লোকৰ আগলৈ তেওঁক লৈ যায়।
17 The first person to plead a case sounds right until someone comes to cross-examine them.
১৭যেতিয়ালৈকে বিপক্ষ জন আহি তেওঁক প্রশ্ন নকৰে; তেতিয়ালৈকে গোচৰত প্ৰথমে উপস্থিত হোৱা জন নিৰ্দোষী যেন বোধ হয়;
18 Casting lots can end disputes and decide between powerful people.
১৮চিঠি-খেলে বিবাদ সমাপ্ত কৰে, আৰু পৰাক্রমী বিপক্ষ সকলক পৃথকে ৰাখে।
19 A brother you've offended is harder to win back than a fortified town. Arguments keep people apart like bars on the doors of a fortress.
১৯দৃঢ় নগৰ জয় কৰাতকৈ ক্ষুদ্ধ ভায়েকক জয় কৰা টান; আৰু বিবাদ দূৰ্গত লগোৱা মাৰিৰ দৰে।
20 Make sure you're satisfied with what you say—you have to live with your words.
২০নিজৰ মুখৰ ফলেৰে পেট পৰিপূৰ্ণ হয়; আৰু তেওঁৰ ওঁঠৰ শস্যৰে তেওঁ সন্তুষ্ট হয়।
21 What you say has the power to bring life or to kill; those who love talking will have to deal with the consequences.
২১জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে; আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব।
22 If you find a wife, that's great, and you'll be blessed by the Lord.
২২যি জনে ভাৰ্যা পায়, তেওঁ পৰম বস্তু পায়, আৰু যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।
23 The poor beg for mercy, but the rich reply harshly.
২৩দৰিদ্ৰ লোকে কৃপাৰ বাবে বিনয় কৰে; কিন্তু ধনৱান লোকে কঠুৱা উত্তৰ দিয়ে।
24 Some friends give up on you, but there's a friend who stays closer to you than a brother.
২৪যি জনে অনেক লোকৰ সৈতে বন্ধুত্ব কৰে, তেওঁ নিজৰ সৰ্ব্বনাশলৈহে তাকে কৰে; কিন্তু এনে বন্ধু থাকে যি ভায়েকতকৈ আপোন হয়।