< Judges 6 >
1 The Israelites did what was evil in the Lord's sight. So the Lord handed them over to the Midianites for seven years.
১পাছত ইস্ৰায়েলৰ সন্তান সকলে পুনৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিবলৈ ধৰিলে। তাতে যিহোৱাই তেওঁলোকক মিদিয়নীয়াসকলৰ হাতত শোধাই দিলে আৰু তেওঁলোক সাত বছৰ ধৰি তেওঁলোকৰ অধীন হৈ থাকিল।
2 The Midianite oppression was so great that because of them the Israelites made themselves hiding places in mountains, caves, and fortifications.
২মিদিয়নীয়াসকল শক্তিশালী হোৱাত ইস্ৰায়েলবাসীক তেওঁলোকে অত্যাচাৰ কৰিবলৈ ধৰিলে; মিদিয়নৰ ভয়তে ইস্ৰায়েলৰ সন্তান সকলে পাহাৰৰ মাজৰ ফাঁক, গুহা আৰু দুর্গবোৰ আশ্রয়ৰ ঠাই কৰি ল’লে।
3 Whenever the Israelites planted their crops, the Midianites, Amalekites, and other peoples from the east would come and attack them.
৩ইস্ৰায়েলীয়াসকলে যেতিয়া নিজৰ কঠীয়া সিচেঁ, সেই সময়ত মিদিয়নীয়া, অমালেকীয়া, আৰু পূব দেশৰ লোকসকলে আহি তেওঁলোকক আক্রমণ কৰে।
4 They would set up their camps and destroy the country's crops as far away as Gaza. They didn't leave anything to eat in the whole of Israel, and they took for themselves all the sheep, cattle, and donkeys.
৪তেওঁলোকে ছাউনি পাতি গাজালৈকে গোটেই ভূমিৰ শস্য নষ্ট কৰি দিয়ে; তেওঁলোকে ইস্ৰায়েলীসকলে খাবৰ বাবে খোৱা-বস্তুৰ একো অৱশিষ্ট নাৰাখে; তেওঁলোকে মেৰ-ছাগ, পশুধন বা গাধ এইবোৰো লৈ যায়।
5 They arrived in huge numbers with their livestock and tents like swarms of locusts, with so many camels they couldn't be counted. They invaded the land to completely devastate it.
৫তেওঁলোকে নিজৰ পশুধন আৰু তম্বু লগত লৈ ফৰিঙৰ জাকৰ দৰে আহে; তেওঁলোকৰ লোক আৰু উট গণিব নোৱাৰাকৈ অসংখ্য আছিল; তেওঁলোকে দেশখন উচ্ছন্ন কৰিবলৈকে সোমায়।
6 The Israelites were made desperately poor by the Midianites and they called out to the Lord for help.
৬মিদিয়নীয়াই ইস্ৰায়েলীয়াসকলৰ অৱস্থা অতিশয় শক্তিহীন কৰি তুলিলে; তেওঁলোকে যিহোৱাৰ ওচৰত বৰকৈ কান্দিবলৈ ধৰিলে।
7 When the Israelites cried out to the Lord for help because of the Midianites,
৭ইস্ৰায়েলৰ সন্তান সকলে মিদিয়নৰ কাৰণে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে।
8 the Lord sent the Israelites a prophet. He told them, “This is what the Lord, the God of Israel, says: ‘I brought you out of Egypt; I led you out from the place where you were slaves.
৮তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ ওচৰলৈ এজন ভাববাদী পঠালে; তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ক্রীতদাসৰ গৃহ মিচৰ দেশৰ পৰা মইয়ে তোমালোকক উলিয়াই আনিলো।
9 I saved you from the power of the Egyptians and from everyone who oppressed you. I expelled them before you and gave their land to you.
৯মিচৰীয়াসকলৰ ক্ষমতা আৰু তোমালোকক উপদ্ৰৱ কৰাসকলৰ হাতৰ পৰা মইয়ে তোমালোকক উদ্ধাৰ কৰিলোঁ। মই তেওঁলোকক তোমালোকৰ সন্মুখৰ পৰা খেদাই তেওঁলোকৰ ভূমি তোমালোকক দিলোঁ।
10 I warned you: I am the Lord your God. You must not worship the gods of the Amorites, in whose land you're now living.’ But you didn't listen to me.”
১০মই তোমালোকক কৈছিলোঁ, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা; মই তোমালোকক আজ্ঞা দিছিলোঁ যে যিসকলৰ ভূমিত তোমালোকে বাস কৰিছা সেই ইমোৰীয়াসকলৰ দেৱ-দেৱীৰ পূজা তোমালোকে নকৰিবা’। কিন্তু তোমালোকে মোৰ কথা নুশুনিলা।”
11 The angel of the Lord came and sat under the oak tree in Ophrah that belonged to Joash the Abiezrite. His son Gideon was threshing wheat in a winepress there to hide it from the Midianites.
১১সেই সময়ত যিহোৱাৰ দূতে আহি অফ্রাত থকা ওক গছৰ তলত বহিল। এই ঠাই অবীয়েজ্ৰীয়া বংশৰ যোৱাচৰ অধীনত আছিল। তাত যোৱাচৰ পুত্ৰ গিদিয়োনে মিদিয়নীয়াসকলৰ পৰা শস্য লুকুৱাই ৰাখিবৰ বাবে দ্ৰাক্ষাগুটি মৰা ঠাইত ঘেঁহুধান মাৰি আছিল।
12 The angel of the Lord appeared to him and said, “The Lord is with you, great man of courage!”
১২এনে সময়তে যিহোৱাৰ দূতে গিদিয়োনক দৰ্শন দি ক’লে, “হে শক্তিশালী যোদ্ধা, যিহোৱা তোমাৰ লগত আছে!”
13 “Excuse me, my lord, but if the Lord is with us, why has all this happened to us?” Gideon replied. “Where are all his wonderful miracles that our forefathers reminded us about when they said, ‘Wasn't it the Lord who led us out of Egypt?’ But now the Lord has given up on us and has handed us over to the Midianites.”
১৩গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, যিহোৱা যদি আমাৰ লগত আছে, তেনেহ’লে কিয় আমালৈ এইবোৰ ঘটিল? ‘যিহোৱায়ে জানো আমাক মিচৰৰ পৰা অনা নাছিল?’ এই কথা আমাৰ ওপৰ-পিতৃসকলে কৈছিল। তেওঁ কৰা যিবোৰ আচৰিত কার্যৰ বিষয়ে আমাক কৈছিল, সেইবোৰ এতিয়া ক’ত? কিন্তু এতিয়া তেওঁ আমাক ত্যাগ কৰিলে আৰু মিদিয়নীয়াসকলৰ হাতত সমৰ্পণ কৰিলে।”
14 The Lord turned to him and said, “Go in the strength that you have and save Israel from the Midianites. Aren't I the one sending you?”
১৪যিহোৱাই তেওঁৰ ফালে চাই ক’লে, “তোমাৰ নিজৰ এই শক্তিতেই তুমি যোৱা আৰু মিদিয়নীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰা। মই তোমাক জানো পঠোৱা নাই?”
15 “Excuse me, my lord, but how can I save Israel?” Gideon replied. “My family is the least important of the tribe of Manasseh, and I am the least important person of that family!”
১৫গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, মই কেনেকৈ ইস্ৰায়েলক উদ্ধাৰ কৰিম? চাওক, মনচি ফৈদৰ মাজত মোৰ পৰিয়ালেই হৈছে সকলোতকৈ দুৰ্ব্বল। ইয়াৰ উপৰি মোৰ পিতৃ বংশত মইয়ে সবাতোকৈ গুৰুত্বহীন ব্যক্তি।”
16 “I will be with you,” the Lord told him. “You will defeat the Midianites as if they were just one man.”
১৬যিহোৱাই তেওঁক ক’লে, “মই তোমাৰ সঙ্গত থাকিম, তাতে তুমি সকলো মিদিয়নীয়া সৈন্যক পৰাজিত কৰিবা।”
17 “Please, Lord, if you think well of me, give me a sign that it's really you telling me this,” Gideon asked.
১৭গিদিয়োনে তেওঁক ক’লে, “মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেনেহ’লে আপুনি যে মোৰে সৈতে কথা পাতিছে, ইয়াৰ এটা চিন মোক দিয়ক।
18 “Don't leave until I come back and present my offering to you.” “I will remain here until you return,” he replied.
১৮দয়া কৰি মই ঘূৰি আহি আপোনাৰ আগত মোৰ উপহাৰ উৎসর্গ নকৰা পর্যন্ত আপুনি ইয়াৰ পৰা নাযাব।” যিহোৱাই ক’লে, “তুমি উলটি নহা পর্যন্ত মই অপেক্ষা কৰিম।”
19 Gideon went and cooked a young goat, and baked some unleavened bread from an ephah of flour. He put the meat in a basket and the broth in a pot. He carried them out and presented them to the angel under the oak tree.
১৯তেতিয়া গিদিয়োনে গৈ এটা ছাগলী পোৱালি ৰান্ধিলে আৰু এক ঐফা আটাগুৰি লৈ খমিৰ নিদিয়াকৈ কেইটামান পিঠা বনালে; তাৰ পাছত মাংসখিনি এটা খৰাহিত ভৰাই জোলখিনি পাত্ৰত লৈ ওক গছজোপাৰ তলত তেওঁক আনি দিলে।
20 The angel of God told him, “Place the meat and the unleavened bread on this rock and pour the broth over them.” So Gideon did.
২০তাতে ঈশ্বৰৰ দূতে তেওঁক ক’লে, “মাংস আৰু খমিৰ নোহাৱা পিঠা কেইটা লৈ এই শিলটোৰ ওপৰত থোৱা, আৰু জোলখিনি তাৰ ওপৰত ঢালি দিয়া।” গিদিয়োনে সেইদৰেই কৰিলে।
21 The angel of the Lord held out the staff he was holding and touched the meat and unleavened bread with the tip. Fire flamed from the rock and burned up the meat and unleavened bread. Then the angel vanished.
২১তেতিয়া যিহোৱাৰ দূতজনৰ হাতত যি লাঠি আছিল, সেই লাঠিডালৰ আগটোৰে তেওঁ সেই মাংস আৰু খমীৰ নোহাৱা পিঠাখিনি স্পৰ্শ কৰিলে; তাতে সেই শিলৰ পৰা অগ্নি ওলাই মাংস আৰু পিঠাখিনি পুৰি পেলালে। পাছত যিহোৱাৰ দূত অদৃশ্য হৈ গ’ল; গিদিয়োনে তেওঁক পুনৰ দেখা নাপালে।
22 When Gideon realized that it was the angel of the Lord, he cried out, “Oh no, Lord God! I've seen the angel of the Lord face to face!”
২২গিদিয়োনে তেতিয়া তেওঁ যে যিহোৱাৰ দূত আছিল সেই বিষয়ে বুজি পাই ক’লে, “অহ, প্ৰভু যিহোৱা, মই যিহোৱাৰ দূতক সন্মুখা-সন্মুখিকৈ দেখা পালোঁ!”
23 But the Lord told him, “Peace! Don't worry, you're not going to die.”
২৩তেতিয়া যিহোৱাই তেওঁক ক’লে, “তোমাৰ শান্তি হওক! ভয় নকৰিবা, তুমি নমৰিবা।”
24 So Gideon built an altar to the Lord there and called it “The Lord is Peace.” It's still there today, in Ophrah of the Abiezrites.
২৪তাৰ পাছত গিদিয়োনে সেই ঠাইতে যিহোৱাৰ অৰ্থে এটা বেদী নিৰ্ম্মাণ কৰি তাৰ নাম দিলে ‘যিহোৱা চালোম’; অবীয়েজ্ৰীয়া বংশৰ অফ্রা চহৰত সেই বেদী আজিও আছে।
25 That night the Lord told Gideon, “Take your father's bull and a second bull seven years old, and tear down your father's altar of Baal, and cut down the Asherah pole beside it.
২৫সেইদিনা ৰাতি যিহোৱাই গিদিয়োনক ক’লে, “তোমাৰ পিতৃৰ ভতৰাবোৰৰ পৰা দ্বিতীয় ষাঁড়টো লোৱা, যিটোৰ বয়স সাত বছৰ হৈছে। তাৰ পাছত বাল দেৱতাৰ উদ্দেশ্যে যি বেদী তোমাৰ পিতৃৰ আছে, সেই বেদী তুমি ভাঙি পেলোৱা আৰু তাৰ ওচৰতে থকা আচেৰা দেৱীৰ পূজা কৰা খুঁটি কাটি পেলোৱা।
26 Then build an altar to the Lord your God in the proper way on hilltop. Using the wood of the Asherah pole you cut down as firewood, take the second bull and present it as a burnt offering.”
২৬তাৰ পাছত এই পাহাৰৰ ওপৰত তোমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ভালদৰে এটা বেদী নিৰ্ম্মাণ কৰা। পাছত দ্বিতীয় ভতৰাটো লৈ সেই আচেৰা মূর্ত্তিৰ খুটিৰ যি কাঠ তুমি কাটিবা তাক জ্বলাই হোম-বলি উৎসৰ্গ কৰা।
27 Gideon accompanied by ten of his servants did what the Lord had told him. However, because he was afraid of his family and the people of the town, he did it during the night rather than in the day.
২৭তেতিয়া গিদিয়োনে নিজৰ দাসবোৰৰ মাজৰ দহ জনক লগত ল’লে আৰু যিহোৱাৰ কথা অনুসাৰে কাৰ্য কৰিলে; কিন্তু নিজৰ পৰিয়াল আৰু নগৰৰ লোকসকলৰ ভয়ত তেওঁ সেই কাম দিনৰ ভাগত নকৰি ৰাতি কৰিলে।”
28 Early in the morning when the people of the town got up, they saw that the altar of Baal had been torn down and the Asherah pole beside it had been cut down, with the second bull sacrificed on the altar that had just been built.
২৮ৰাতিপুৱা যেতিয়া নগৰৰ লোকসকলে উঠি দেখিলে যে, বাল দেৱতাৰ বেদী ভাঙি পেলোৱা হৈছে আৰু তাৰ ওচৰত থকা আচেৰা দেৱীৰ খুটিও কাটি পেলোৱা হৈছে; আৰু এটা নতুনকৈ সজা বেদীৰ ওপৰত দ্বিতীয় ভতৰাটোৰ বলি উৎসর্গ কৰা হৈছে।
29 They asked one another, “Who did this?” They made inquiries and they were told, “Gideon, son of Joash, did it.”
২৯তেতিয়া তেওঁলোকে এজনে আন জনক সুধিলে, “এই কাম কোনে কৰিলে?” এইদৰে পাছত তেওঁলোকে ভালদৰে সোধ-পোছ কৰি বিচাৰ কৰাত জানিব পাৰিলে যে, যোৱাচৰ পুত্ৰ গিদিয়োনে এই কাম কৰিলে।
30 “Hand over your son,” the people of the town ordered Joash. “He must die, because he has torn down the altar of Baal and cut down the Asherah pole beside it.”
৩০তাৰ পাছত নগৰৰ মানুহবোৰে যোৱাচক ক’লে, “তোমাৰ পুত্ৰক বাহিৰলৈ উলিয়াই আনা, সি মৰিব লাগে; কিয়নো সি বাল-দেৱতাৰ বেদী ভাঙিলে আৰু তাৰ ওচৰত থকা আচেৰাৰ খুঁটি কাটি পেলাইছে।”
31 Joash replied to all those confronting him, “Are you arguing on Baal's behalf? Do you have to save him? Anyone who argues for him will be put to death by morning! If he is a god let him fight for himself against those who tore down his altar.”
৩১তেতিয়া যোৱাচে তেওঁৰ বিৰুদ্ধে থিয় হৈ থকা লোকসকলক ক’লে, “আপোনালোকেই বাল-দেৱতাৰ হৈ ওকালতি কৰিব নেকি? আপোনালোকেই তেওঁক ৰক্ষা কৰিব নেকি? যদি কোনোৱে তেওঁৰ হৈ বিবাদ কৰে, তেওঁক কালি ৰাতিপুৱা হোৱাৰ আগেয়ে প্ৰাণ দণ্ড দিয়া হওঁক; বাল যদি সঁচাই দেৱতা হয়, তেন্তে কোনোবাই যদি তেওঁৰ বেদী ভাঙিছে, তেওঁ নিজেই নিজৰ পক্ষে ওকালতি কৰক।”
32 That day Gideon was called Jerub-baal, which means “Let Baal fight with him,” because he had torn down his altar.
৩২এই হেতুকে, সেইদিনা গিদিয়োনৰ নাম দিয়া হ’ল “যিৰুব্বাল”; গিদিয়োনে বালৰ বেদী ভঙাৰ কাৰণে যোৱাচে ক’লে, “গিদিয়োনৰ বিপক্ষে বাল দেৱতাই নিজৰ পক্ষে বিবাদ কৰক।”
33 All the Midianites, Amalekites, and other peoples of the East gathered together and crossed over the Jordan. They camped in the Valley of Jezreel.
৩৩পাছত সকলো মিদিয়োনীয়া, অমালেকীয়া, আৰু পুব দেশৰ লোকসকল একগোট হ’ল আৰু যর্দ্দন নদী পাৰ হৈ যিজ্ৰিয়েল উপত্যকাত ছাউনি পাতিলে।
34 The Spirit of the Lord came on Gideon, and he blew the trumpet, calling Abiezrites to join him.
৩৪তেতিয়া গিদিয়োনক সহায় কৰিবলৈ যিহোৱাৰ আত্মাই তেওঁত স্থিতি ল’লে; গিদিয়োনে শিঙা বজাই অবীয়েজ্ৰীয়া ফৈদৰ লোকসকলক তেওঁৰ পাছত আহিবৰ কাৰণে বাহিৰলৈ মাতিলে।
35 He sent messengers through the whole territory of Manasseh, calling them to join him, and also to Asher, Zebulun and Naphtali, so they also came and joined the others.
৩৫তেওঁ মনচিৰ সকলো ফাললৈ বার্তাবাহক পঠালে আৰু তেওঁলোককো তেওঁৰ পাছত আহিবলৈ মাতিলে। তেওঁ আচেৰ, জবূলূন, আৰু নপ্তালী ফৈদৰ লোকসকলোলৈও বার্তাবাহক পঠালে। তাতে তেওঁলোকে তেওঁলোকৰ সঙ্গী হ’বলৈ উঠি আহিল।
36 Gideon said to God, “If you will save Israel through me as you promised,
৩৬তাৰ পাছত গিদিয়োনে ঈশ্বৰক ক’লে, “আপুনি কোৱাৰ দৰে যদি আপুনি মোৰ হাতেৰে ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ ইচ্ছা কৰিছে,
37 then look—I will put a fleece of wool on the threshing floor. If the fleece is wet with dew but the ground is dry, then I will know that you are going to save Israel through me as you promised.”
৩৭তেন্তে চাওঁক, মই মৰণা মৰা খলাত মেৰ-ছাগৰ পৰা কটা নোমখিনি থ’ম; যদি অকল সেই নোমৰ ওপৰতে নিয়ৰ পৰে আৰু বাকী সকলো মাটি শুকানে থাকে, তেন্তে মই বুজিম যে আপুনি যিদৰে কৈছে, সেইদৰে আপুনি মোৰ হাতেৰে ইস্ৰায়েলক উদ্ধাৰ কৰিব।”
38 That's what happened. When Gideon got up early the next morning, he pressed on the fleece and squeezed out the dew, enough water to fill a bowl.
৩৮পাছত সেইদৰেই ঘটিল; পিছদিনা পুৱাই উঠি গিদিয়োনে সেই নোম চেপিলে আৰু নোমৰ নিয়ৰৰ পৰা এবাতি পানী উলিয়ালে।
39 Then Gideon said to God, “Please don't get cross with me. Just let me make one more request. Let me do one more test with the fleece. This time let the fleece be dry and the whole ground covered with dew.”
৩৯তেতিয়া গিদিয়োনে ঈশ্বৰক ক’লে, “মোৰ ওপৰত আপুনি ক্ৰোধ নকৰিব। মোক আকৌ এবাৰ কথা ক’বলৈ দিয়ক। মই বিনয় কৰোঁ, এই নোমৰ সৈতে পুনৰ এবাৰ পৰীক্ষা কৰিবলৈ দিয়ক; এতিয়া অকল নোম শুকানে থাকক আৰু সকলো মাটিৰ ওপৰত নিয়ৰ পৰক”।
40 That night God did exactly that. The fleece alone was dry and the whole ground was covered with dew.
৪০পাছত ঈশ্বৰে সেই ৰাতিও তেনেদৰেই কৰিলে; কেৱল নোম শুকানে থাকিল, আৰু বাকী সকলো ঠাইতে নিয়ৰ পৰিল।