< Joshua 15 >
1 This was the land allotted to the tribe of Judah, by families: it stretched south to the border of Edom, to the wilderness of Zin in the far south.
১দক্ষিণ কনানৰ অন্তভাগত ইদোমৰ সীমালৈকে দক্ষিণফালে ছিন মৰুপ্ৰান্তলৈ নিজ নিজ বংশ অনুসাৰে যিহূদাৰ সন্তান সকলৰ ফৈদৰ সীমা নিৰূপণ কৰা হ’ল।
2 Their boundary began at the end of the Salt Sea—the bay that faces south—
২তেওঁলোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰৰ শেষ অংশৰ পৰা অৰ্থাৎ দক্ষিণ ফাললৈ বাঢ়ি যোৱা উপসাগৰৰ পৰা আৰম্ভ হ’ল।
3 and then went south of Scorpion Pass through the wilderness of Zin, then heading south from Kadesh-barnea to Hezron. From there it went up to Addar and then turned towards Karka,
৩অক্ৰব্বীম নামৰ পৰ্ব্বতৰ দক্ষিণফালে উঠি হিষ্ৰোণেদি গৈ, অদ্দৰলৈ উঠি কৰ্কালৈকে ঘূৰি গ’ল৷
4 passing through Azmon and out to the Wadi of Egypt, ending at the sea. This was their southern border.
৪পাছত অচমোনলৈ গৈ, মিচৰ দেশৰ জুৰিয়েদি সাগৰত ইয়াৰ সীমা শেষ হ’ল। এয়ে তেওঁলোকৰ দক্ষিণ সীমা আছিল৷
5 The eastern border of Judah was the Salt Sea, up to where the Jordan River ends. The northern boundary ran from the northern bay of the sea where the Jordan ends
৫যৰ্দ্দনৰ মুখত থকা লবণ সমুদ্ৰটো পূব সীমা আছিল৷ উত্তৰ ফালৰ সীমা সমুদ্ৰৰ উপসাগৰৰ ভাগৰ পৰা যর্দ্দনৰ মুখলৈ আছিল৷
6 up to the border of Beth-hoglath, and then north of Beth-arabah to the Stone of Bohan (Reuben's son).
৬এই সীমা বৈৎ-হগ্লালৈ উঠি গৈ বৈৎ-অৰাবাৰ উত্তৰ ফালে গ’ল৷ পাছত সেই সীমা ৰূবেণৰ সন্তান বোহনৰ শিলটোলৈকে উঠি গ’ল৷
7 From there it went to the border of Debir through the valley of Achor, and turned north towards Gilgal, opposite the heights of Adummim to the south of the valley. Then the boundary continued to the waters of En-shemesh and out to En-rogel.
৭পাছত সেই সীমা আখোৰ উপত্যকাৰ পৰা দবীৰলৈ উঠি গৈ উত্তৰ ফালে ঘূৰি গিলগলৰ দিশে; ইয়াৰ অৱস্থিতি নদীৰ দক্ষিণ পাৰত থকা অদুম্মীম পর্বতৰ বিপৰীতে আছিল৷ পাছত সেই সীমা অয়িন-চেমচৰ জুৰিৰ কাষে কাষে অয়িন-ৰোগেলত গ’ল।
8 The boundary then went through the valley of Ben-hinnom, along the southern slopes of the Jebusites, (that is Jerusalem), then on up to the top of the mountain overlooking the valley of Hinnom right up to the northern end of the valley of Rephaim.
৮তাৰ পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাইদি উঠি যিবুচী নগৰৰ দক্ষিণ কাষলৈ অৰ্থাৎ যিৰূচালেমলৈ গ’ল৷ পাছত সেই সীমা পশ্চিম দিশৰ বিন-হিন্নোমৰ উপত্যকাৰ সন্মুখত থকা আৰু উত্তৰ ফালে ৰফায়ীম উপত্যকাৰ অন্তভাগত থকা পৰ্ব্বতৰ টিঙলৈকে গ’ল৷
9 From there the boundary ran from the top of the mountain to the water spring at Nephtoah and on to the towns on Mount Ephron. Then it bent towards Ballah (Kiriath-jearim).
৯পাছত এই সীমা সেই পৰ্ব্বতৰ ওপৰৰ পৰা নেপ্তোহ জলৰ ভুমুকলৈকে বাঢ়ি গৈ ইফ্ৰোণ পৰ্ব্বতৰ নগৰবোৰত ওলাল৷ পাছত সেই সীমা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমলৈকে ঘূৰি তাতে থিৰ হ’ল৷
10 Then the boundary moved around to the west of Baalah to Mount Seir and passed along the northern slope of Mount Jearim to the town of Kesalon, down to Beth Shemesh and on to Timnah.
১০পাছত সেই সীমা বালাৰ পৰা চেয়ীৰ পৰ্ব্বতলৈকে ঘূৰি, যিয়াৰীম পৰ্ব্বতৰ উত্তৰ ফালে অৰ্থাৎ কচালোনলৈকে গ’ল আৰু তললৈ নামি আহি বৈৎচেমচ হৈ তিম্নাৰ কাষেৰে গ’ল৷
11 The boundary then ran to the north slope of Ekron, and bent towards Shikkeron, passing Mount Baalah, out to Jabneel, and ending at the sea.
১১আৰু সেই সীমা ইক্ৰোণৰ উত্তৰ কাষত ওলাল, পাছত চিক্কৰোণলৈকে থিৰ হৈ বালা পৰ্ব্বতলৈ গৈ যচনিয়েলত ওলাল৷ সেই সীমাৰ অন্ত সমুদ্ৰত আছিল।
12 The western boundary was the coastline of the Great Sea. These were the boundaries around the tribe of Judah, by families.
১২পশ্চিম সীমাটো মহাসাগৰ আৰু ইয়াৰ অঞ্চল আছিল। এয়ে যিহূদা ফৈদৰ সন্তান সকলৰ বংশানুক্ৰমে থকা চাৰিও ফালৰ সীমা।
13 The Lord had instructed Joshua to allocate some land in Judah's territory to Caleb, son of Jephunneh, and so he was given the town of Kiriath-arba, or Hebron. (Arba was the father of Anak.)
১৩পাছত যিহোচূৱালৈ কৰা যিহোৱাৰ আজ্ঞা অনুসাৰে, তেওঁ যিহূদাৰ সন্তান সকলৰ মাজত যিফুন্নিৰ পুত্ৰ কালেবক, নিজ অংশৰ অৰ্থে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে৷ সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল৷
14 Caleb drove out three family groups—Sheshai, Ahiman, and Talmai, descendants of Anak.
১৪কালেবে তাৰ পৰা অনাকৰ বংশৰ চেচয়, অহিমন আৰু তল্ময় নামেৰে অনাকৰ এই তিনিটা বংশধৰ দূৰ কৰিলে।
15 From there he went to attack the inhabitants of Debir (previously known as Kiriath-sepher).
১৫পাছত তাৰ পৰা তেওঁ দবীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠিল পূৰ্বতে দবীৰৰ নাম কিৰিয়ৎ-চেফৰ আছিল৷
16 Caleb announced, “Whoever attacks Kiriath-sepher and captures it, I will give him my daughter Acsah to marry.”
১৬সেই সময়ত কালেবে ক’লে, “যি জনে কিৰিয়ৎ-চেফৰ আক্ৰমণ কৰি বন্দী কৰি ল’ব, তেওঁক মই মোৰ জী অকচাক কন্যা হিচাপে দান কৰিম৷”
17 Othniel, son of Kenaz, brother of Caleb, captured the town so Caleb gave him his daughter Acsah to marry.
১৭তাতে কালেবৰ ভায়েক, কনজৰ সন্তান অৎনীয়েলে কিৰিয়ৎ-চেফৰক বন্দী কৰে৷ তেতিয়া কালেবে নিজৰ জীয়েক অকচাক পত্নী হ’বলৈ তেওঁৰে সৈতে বিয়া দিলে।
18 When she came to him, she encouraged him to ask her father for a field. When she got off her donkey, Caleb asked her, “What do you want?”
১৮সেই সময়ত এনে ঘটিল যে, অকচাই তাইৰ পিতৃৰ ওচৰলৈ আহি এখন পথাৰ দিবলৈ তেওঁক অনুৰোধ কৰিলে, আৰু তাই যেতিয়া গাধৰ পৰা নামি আহিল, তেতিয়া কালেবে তাইক ক’লে, “তোমাক কি লাগে?”
19 She replied, “Please give me a blessing. Since you have already given me land that's like the desert, please give me springs of water as well.” So he gave her both the upper and the lower springs.
১৯তাই উত্তৰ দিলে, “আপুনি মোক এক বিশেষ দয়া কৰক৷ যিহেতু আপুনি মোক দক্ষিণ অঞ্চলৰ ভূমি দিলে সেইবাবে জলৰ কিছু ভূমুকো মোক দিয়ক।” তেতিয়া কালেবে ওপৰ অংশত থকা আৰু নিম্ন অংশত থকা জলৰ ভূমুকসমূহ তাইক দিলে।
20 This was the land allotted to the tribe of Judah, by families.
২০এয়ে যিহূদা সন্তান সকলৰ নিজ নিজ ফৈদ অনুসাৰে তেওঁলোকৰ সন্তান সকলৰ বংশক উত্তৰাধিকাৰ হিচাপে দিয়া হ’ল।
21 The towns for the tribe of Judah in the far south on the border with Edom: Kabzeel, Eder, Jagur,
২১ইদোমৰ সীমাৰ দক্ষিণ অঞ্চলৰ শেষ সীমাত থকা যিহূদা ফৈদৰ নগৰসমূহ কবচেল, এদৰ, যাগূৰ,
22 Kinah, Dimonah, Adadah,
২২কীনা, দীমোনা, অদাদা,
23 Kedesh, Hazor, Ithnan,
২৩কেদচ, হাচোৰ, যিৎনন,
25 Hazor-hadattah, Kerioth-hezron (or Hazor),
২৫হাচোৰ-হদত্তা, কৰিয়োৎ হিষ্ৰোণ অৰ্থাৎ হাচোৰ,
27 Hazar-gaddah, Heshmon, Beth-pelet,
২৭হচৰ-গদ্দা, হিচ্মোন বৈৎ-পেলট,
28 Hazar-shual, Beersheba, Biziothiah,
২৮হচৰ-চূৱাল, বেৰ-চেবা, বিজিয়োথিয়া৷
30 Eltolad, Kesil, Hormah,
৩০ইল্টুলদ, কচীল, হৰ্মা,
31 Ziklag, Madmannah, Sansannah,
৩১চিক্লগ, মদ্মন্না, চন্চন্না,
32 Lebaoth, Shilhim, Ain, and Rimmon—twenty-nine towns with their associated villages.
৩২লবায়োৎ, চিল্হীম, ঐন আৰু ৰিম্মোন৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি, এইবোৰ সৰ্ব্বমুঠ উনত্ৰিশখন নগৰ৷
33 The towns in the western foothills: Eshtaol, Zorah, Ashnah,
৩৩পশ্চিম ফালৰ নিম্ন ভুমিত থকা নগৰ বোৰ আছিল ইষ্টায়োল, চৰা, অচ্না,
34 Zanoah, En-gannim, Tappuah, Enam,
৩৪জানোহ, অয়িন-গন্নীম, তপ্পুহ, ঐনম,
35 Jarmuth, Adullam, Socoh, Azekah,
৩৫যৰ্মূত, অদুল্লম, চোকো, অজেকা,
36 Shaaraim, Adithaim, Gederah, and Gederothaim—fourteen towns with their associated villages.
৩৬চাৰয়িম, অদীথয়িম আৰু গদেৰা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌধ্যখন৷
37 Also: Zenan, Hadashah, Migdal-gad,
৩৭চনান, হদাচা, মিগ্দল-গাদ,
38 Dilean, Mizpeh, Joktheel,
৩৮দিলিয়ন, মিস্পি, যক্তেল,
39 Lachish, Bozkath, Eglon,
৩৯লাখীচ, বস্কৎ, ইগ্লোন৷
40 Cabbon, Lahmam, Kitlish,
৪০কব্বোন, লহমম, কিৎলীচ,
41 Gederoth, Beth-dagon, Naamah, and Makkedah—sixteen towns with their associated villages.
৪১গদেৰোৎ, বৈৎ-দাগোন, নয়মা আৰু মক্কেদা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ষোল্লখন৷
42 In addition: Libnah, Ether, Ashan,
৪২লিব্না, এথৰ, আচন,
43 Iphtah, Ashnah, Nezib,
৪৩যিপ্তহ, অস্না, নচীব,
44 Keilah, Aczib, and Mareshah—nine towns with their associated villages.
৪৪কয়ীলা, অকজীব আৰু মাৰেচা৷ গাওঁবোৰ গণনা নকৰি মুঠে ন খন নগৰ আছিল।
45 Ekron and its towns and villages,
৪৫ইক্ৰোণ, তাৰ উপনগৰ আৰু গাওঁ;
46 from Ekron to the sea those towns near Ashdod and their associated villages,
৪৬ইক্ৰোণৰ পৰা সমুদ্ৰলৈকে অচ্দোদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাওঁ।
47 Ashdod and its towns with its associated villages, and Gaza with its towns and associated villages, as far as the Wadi of Egypt, and along the coastline of the sea.
৪৭অচ্দোদ, তাৰ উপনগৰ আৰু গাওঁ; গাজা, তাৰ উপনগৰ আৰু গাওঁ। মিচৰ জুৰি আৰু মহা-সমুদ্ৰ আৰু তাৰ সীমালৈকে৷
48 In the hill country: Shamir, Jattir, Socoh,
৪৮পৰ্ব্বতীয়া অঞ্চলৰ নগৰ চামীৰ, যত্তীৰ, চোকো,
49 Dannah, Kiriath-sannah (or Debir),
৪৯দন্না, কিৰিয়ৎ-চন্না,
51 Goshen, Holon, and Giloh—eleven towns with their associated villages.
৫১গোচন, হোলোন আৰু গিলো৷ গাওঁবোৰ গণনা নকৰি এই বোৰ সকলো মুঠে এঘাৰ খন নগৰ৷
52 Also: Arab, Dumah, Eshan,
৫২অৰাব, দুমা, ইচিয়ন,
53 Janim, Beth-tappuah, Aphekah,
৫৩যানীম, বৈৎ-তপ্পূহ, অফেকা,
54 Humtah, Kiriath-arba (or Hebron), and Zior—nine towns with their associated villages.
৫৪হুম্টা, কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন খন৷
55 In addition: Maon, Carmel, Ziph, Juttah,
৫৫মায়োন, কৰ্মিল, জীফ, যুত্তা,
56 Jezreel, Jokdeam, Zanoah,
৫৬যিজ্ৰিয়েল, যক্দিয়াম, জানোহ,
57 Kain, Gibeah, and Timnah—ten towns with their ssociated villages.
৫৭কয়িন, গিবিয়া আৰু তিম্না৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা হৈছে দহখন৷
58 Also: Halhul, Beth-zur, Gedor,
৫৮হল্হূল, বৈৎ-চুৰ, গদোৰ,
59 Maarath, Beth-anoth, and Eltekon—six towns with their associated villages.
৫৯মাৰৎ, বৈৎ-অনোৎ আৰু ইল্টকোন৷ গাওঁবোৰৰ গণনা নকৰি ইয়াৰ মুঠে ছখন নগৰ৷
60 In addition: Kiriath-baal (or Kiriath-jearim) and Rabbah—two towns with their associated villages.
৬০কিৰিয়ৎ-বাল অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীম আৰু ৰব্বা৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ মুঠ দুখন নগৰ৷
61 In the wilderness: Beth-arabah, Middin, Secacah,
৬১মৰুপ্ৰান্তত বৈৎ-অৰাবা, মিদ্দিন, চকাকা,
62 Nibshan, the City of Salt, and En-gedi—six towns with their associated villages.
৬২নিব্চন, লবণ নগৰ আৰু অয়িন-গদী৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ নগৰৰ মুঠ সংখ্যা হ’ল ছখন৷
63 However, the tribe of Judah could not drive out the Jebusites, the inhabitants of Jerusalem, so the Jebusites live among the tribe of Judah in Jerusalem to this very day.
৬৩কিন্তু যিবুচীয়াসকল যিৰূচালেমৰ নিবাসী আছিল; এওঁলোকক যিহূদা ফৈদে দূৰলৈ আতৰ কৰি খেদি দিব নোৱাৰিলে। এই যিবুচীয়াসকলে আজিলৈকে যিহূদা ফৈদৰ সৈতে যিৰূচালেমত বাস কৰি আছে।