< Isaiah 63 >
1 Who is this coming from Edom, from the town of Bozrah with clothes stained crimson? Who is this wearing robes of splendor, leaning forward in his great strength as he marches? It is me, the one who always speaks goodness and truth, the one who has the power to save.
১ইদোমৰ পৰা, বস্ৰাৰ ৰঙা বস্ত্রেৰে সৌজন কোন আহিছে? ৰাজকীয় বস্ত্রেৰে, নিজৰ শক্তিৰ বাহুল্যত দৃঢ়তাৰে খোজ কাঢ়ি অহা জন কোন? “ধাৰ্মিকতাৰে কথা কোৱা জন, আৰু পৰাক্রমেৰে পৰিত্ৰাণ কৰিবলৈ সমৰ্থ থকা জন মই।”
2 Why are your clothes red, like you've been treading grapes in a winepress?
২তোমাৰ সাজ ৰঙা কিয়, আৰু কিয় তোমাৰ বস্ত্ৰ দ্রাক্ষাকুণ্ডত দ্ৰাক্ষাগুটি গচকা লোকৰ দৰে?
3 I've been treading the winepress by myself; from the nations around no one came to help me. So in my anger I trod them down as if they were grapes, in my fury I trampled them. It's their blood that has stained my clothes.
৩মই অকলেই দ্রাক্ষাকুণ্ডত দ্ৰাক্ষাগুটি গচকিলোঁ, আৰু দেশৰ কোনো এজনো মোক সহযোগ নকৰিলে; মই মোৰ ক্ৰোধত সেইবোৰ গচকিলোঁ, আৰু খঙত সেইবোৰ গচকিলোঁ, মোৰ বস্ত্ৰত সেইবোৰৰ তেজৰ ছিটা লাগিল, আৰু মোৰ গোটেই সাজত দাগ লগালে।
4 For I decided this was the day of my vengeance; the year of my redemption has come.
৪কাৰণ প্ৰতিকাৰ সাধিবৰ দিনলৈ মই চালোঁ, আৰু মোৰ মুক্ত কৰিব লগা বছৰ উপস্থিত হৈছিল।
5 I looked around, but no one came to help; I was shocked that there was no one to assist me. So I saved them through my own strength alone, and my own anger kept me going.
৫মই দেখিলোঁ যে, সহায় কৰা কোনো এজন নাছিল, মই আচৰিত হৈছিলোঁ যে সহায় কৰা কোনো নাছিল; কিন্তু মোৰ নিজৰ বাহুৱে মোৰ বাবে পৰিত্ৰাণ সিদ্ধ কৰিলে, আৰু মোৰ অতি ক্ৰোধেই মোক উপকাৰ কৰিলে।
6 I trampled down the nations in my anger; in my fury I made them drunk, and spilled their blood upon the ground.
৬মই মোৰ ক্ৰোধত লোকসকলক গচকিলোঁ, আৰু মোৰ খঙত তেওঁলোকক মাতাল কৰিলোঁ, আৰু মই তেওঁলোকৰ তেজ মাটিত ছটিয়াই দিলোঁ।
7 I want to tell everyone about the Lord's trustworthy love. I will praise the Lord for everything he's done for us—all the good things he has done for the descendants of Israel because of his kindness and his infinite trustworthy love.
৭মই যিহোৱাৰ বিশ্বাসযোগ্য নিয়মৰ কাৰ্যবোৰ, আৰু প্রশংসনীয় কাৰ্যবোৰৰ বিষয়ে ক’ম; আৰু যিহোৱাই আমাৰ বাবে কৰা সকলো কাৰ্যৰ বিষয়ে ক’ম, আৰু ইস্রায়েলৰ বংশলৈ কৰা উপকাৰৰ বিষয়ে ক’ম। তেওঁৰ অনুগ্রহৰ কাৰণে এই সকলো দয়া আমাক দেখালে, আৰু বিশ্বসযোগ্য নিয়মেৰে বহু কাৰ্য কৰিলে।
8 He said, “Aren't they my people, children who wouldn't lie to me?” So he became their Savior.
৮কাৰণ তেওঁ কৈছিল, “অৱশ্যে তেওঁলোক মোৰ লোক, এওঁলোক বিশ্বাসঘাত নকৰা সন্তান।” তেওঁ তেওঁলোকৰ ত্ৰাণকৰ্ত্তা হৈছিল।
9 He suffered with them in all their suffering, and the angel of his presence saved them. In his love and kindness he redeemed them. He picked them up and carried them all throughout those years long ago.
৯তেওঁলোকৰ সমস্ত দুখত তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল। তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল, আৰু তেওঁ পূৰ্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।
10 But they rebelled against him, and caused his Holy Spirit grief, so to them he became like an enemy and he fought against them.
১০কিন্তু তেওঁলোকে বিদ্ৰোহ কৰি তেওঁৰ পবিত্ৰ আত্মাক দুখ দিছিল; সেয়ে তেওঁ তেওঁলোকৰ শত্রু হৈছিল, আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।
11 Then they thought back to the days of old when Moses led his people out of Egypt. They shouted out, “Where is the one who took Israel through the sea, along with the shepherds of his flock? Where is the one who placed his Holy Spirit among his people?
১১তেওঁৰ লোকসকলে পূৰ্বকালৰ মোচিৰ বিষয়ে শিকিছিল। তেওঁলোকে কৈছিল যে, “যি জনাই নিজৰ মেৰ-ছাগ ৰখীয়াবোৰৰ সৈতে তেওঁলোকক সমুদ্ৰৰ পৰা উলিয়াই আনিছিল, সেই ঈশ্বৰ ক’ত? তেওঁলোকৰ মাজত পবিত্ৰ আত্মা স্থাপন কৰা ঈশ্বৰ ক’ত?
12 Where is the one who lifted Moses' right hand, and who used his amazing power to divided the sea in front of them, giving him such a wonderful, enduring reputation?
১২মোচিৰ সোঁহাতত নিজৰ প্ৰৰাক্রমী শক্তি দিয়া ঈশ্বৰ ক’ত? নিজৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে তেওঁলোকৰ আগত জল সমূহ দুভাগ কৰা ঈশ্বৰ ক’ত?
13 Where is the one who led them through the depths of the sea?” They were like a horse running through the desert, they didn't stumble.
১৩তেওঁলোকে উজুটি নোখোৱাকৈ, অৰণ্যত দৌৰা ঘোঁৰাৰ দৰে অগাধ জলৰ মাজেদি তেওঁলোকক লৈ অহা ঈশ্বৰ ক’ত?
14 Like cattle descending into a valley, the Lord's Spirit gave them rest. This is how you led your people, earning a glorious reputation for yourself.
১৪উপত্যকালৈ নামি যোৱা পশুৰ জাকৰ দৰে যিহোৱাৰ আত্মাই তেওঁলোকক জিৰণি দিছিল; নিজৰ নামৰ প্রশংসা কৰিবলৈ তুমি তোমাৰ লোকসকলক লৈ আহিছিলা।
15 Lord, look down on us from heaven! Watch from your high home, in your holiness and glory! Where is your enthusiasm and power? You're not showing me your feelings of sympathy and kindness!
১৫স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰা, আৰু তোমাৰ পবিত্ৰতাৰ আৰু গৌৰৱৰ নিবাসৰ পৰা মনযোগ দিয়া; তোমাৰ আগ্রহ আৰু মহৎ কাৰ্যবোৰ ক’ত?
16 But you are still our Father, even though Abraham wouldn't know us and Israel wouldn't acknowledge us. You, Lord, are our Father; you have always been called our Redeemer from long ago.
১৬কাৰণ তুমি আমাৰ পিতৃ; কাৰণ অব্ৰাহামে আমাক নাজানে, আৰু ইস্ৰায়েলে আমাক স্বীকাৰ নকৰে; হে যিহোৱা, তুমিয়েই আমাৰ পিতৃ; আৰু পূৰ্বকালৰে পৰা তুমি আমাৰ মুক্তিদাতা, এয়ে তোমাৰ নাম।
17 Lord, why do you make us wander from your ways, and make us stubborn so we don't respect you? Come back to us for the sake of your servants, the tribes that belong to you.
১৭হে যিহোৱা, তুমি তোমাৰ পথৰ পৰা আমাক কিয় অপথে লৈ গৈছা? আৰু তোমাৰ অবাধ্য হবলৈ আমাৰ মন কিয় কঠিন কৰিছা? তোমাৰ দাসবোৰৰ, তোমাৰ আধিপত্যৰ জাতিবিলাকৰ কাৰণে উভটি আহাঁ।
18 Your Temple belonged to us for a little while, but then our enemies invaded and destroyed it.
১৮তোমাৰ লোকসকল অলপ সময়হে তোমাৰ পবিত্রস্থানৰ আধিপত্য ভোগ কৰিলে; কিন্তু এতিয়া আমাৰ শত্রুবোৰে এইসকলো ভৰিৰে গচকিলে।
19 We were yours from ancient times, but we've ended up like people you've never ruled, never identified as yours.
১৯যিসকলৰ ওপৰত তুমি কেতিয়াও ৰাজত্ব কৰা নাই, আৰু যিসকল তোমাৰ নামেৰে প্ৰখ্যাত হোৱা নাই, আমি এনে লোকসকলৰ দৰে হলোঁ।