< Daniel 2 >
1 In the second year of Nebuchadnezzar's reign the king had dreams that upset him so much that he found it difficult to sleep.
১ৰজা নবূখদনেচৰে তেওঁৰ ৰাজত্বৰ দ্বিতীয় বছৰত এটা সপোন দেখিলে; সেয়ে তেওঁ চিন্তিত হ’ল, আৰু তেওঁ টোপনি যাব নোৱাৰিলে।
2 So the king summoned the magicians, enchanters, sorcerers, and astrologers to tell him what he had dreamed. They came in and stood before him.
২তাৰ পাছত ৰজাই মায়াবী আৰু যিসকলে মৃতলোকৰ সৈতে কথা পতাৰ দাবি কৰে, তেনে লোক, যাদুকৰ, আৰু জ্ঞানী লোকসকলক মাতিলে; আৰু তেওঁ দেখা সপোনৰ বিষয়ে তেওঁলোকক ক’বলৈ ইচ্ছা কৰিলে। পাছত তেওঁলোক আহিল, আৰু ৰজাৰ আগত উপস্থিত হ’ল।
3 “I've had a dream that has really upset me,” he told them. “I need to know what it means.”
৩তেতিয়া ৰজাই তেওঁলোকক ক’লে, “মই এটা সপোন দেখিলোঁ, সেই সপোনৰ ফলিতা জানিবলৈ মোৰ মন উৎকণ্ঠিত হৈছে।”
4 The astrologers answered the king in Aramaic, “May Your Majesty the king live forever! Tell us your dream and we your servants will interpret it for you.”
৪তেতিয়া জ্ঞানী লোকসকলে অৰামীয়া ভাষাৰে ৰজাক ক’লে, “মহাৰাজ চিৰজীৱি হওক! আপোনাৰ দাস যি আমি, আমাক আপোনাৰ সপোনটো কওক, আৰু আমি তাৰ ফলিতা প্রকাশ কৰিম।”
5 “I can't recall it,” the king told the astrologers. “If you can't reveal the dream to me, and its meaning, you will be cut into pieces and your houses will be totally destroyed!
৫ৰজাই জ্ঞানী লোকসকলক উত্তৰ দিলে, “এই বিষয়ে স্থিৰ কৰা হৈছে যে, আপোনালোকে যদি সপোন আৰু তাৰ ফলিতা মোক ক’ব নোৱাৰে, তেনেহ’লে আপোনালোকৰ শৰীৰ ডোখৰ ডোখৰ কৈ কটা যাব, আৰু আপোনালোকৰ ঘৰবোৰ গোবৰৰ দ’ম যেন কৰা হ’ব।
6 But if you can tell me the dream and its meaning you will receive from me gifts, rewards, and great honor. So tell me the dream and what it means!”
৬কিন্তু যদি সেই সপোন আৰু তাৰ ফলিতা আপোনালোকে মোক ক’ব পাৰে, তেনেহ’লে মোৰ পৰা উপহাৰ, পুৰস্কাৰ, আৰু অধিক সন্মান পাব; সেয়ে সেই সপোন আৰু তাৰ ফলিতা মোক কওক।”
7 Again they said the same thing: “If Your Majesty the king would tell us his servants the dream, we will explain what it means.”
৭তেওঁলোকে পুনৰ উত্তৰ দি ক’লে, “মহাৰাজ আপোনাৰ দাসক সপোনটো কওঁক; আৰু আমি তাৰ ফলিতা আপোনাক ক’ম।”
8 “It's obvious to me that you're just trying to buy time!” said the king. “You can see that I can't remember the dream.
৮ৰজাই উত্তৰ দিলে, “মই নিশ্চয়কৈ জানিছোঁ, এই বিষয়ত মোৰ সিদ্ধান্ত দৃঢ় হোৱা দেখি আপোনালোকে অধিক সময় বিচাৰিছে।
9 If you can't reveal the dream to me, you will all receive the same punishment! You have conspired against me, telling me lies, hoping things will change. So tell me what my dream was and then I'll know that you can explain what it means.”
৯কিন্তু যদি আপোনালোকে সেই সপোন মোক নকয়, তেনেহ’লে আপোনালোকৰ বাবে কেৱল এটাই শাস্তি আছে। যেতিয়ালৈকে মোৰ মন সলনি নহয়, তেতিয়ালৈকে আপোনালোকে মোক মিছা আৰু বিভ্রান্তিকৰ কথা ক’বলৈ একেলগে সন্মত হৈছে, সেয়ে এতিয়া আপোনালোকেই মোৰ আগত সপোনটোও কওক; আৰু তেতিয়া মই জানিম যে, আপোলোকে তাৰ ফলিতাও মোৰ আগত ক’ব পাৰিব।”
10 The astrologers answered the king, “No one on earth could tell the king what he dreamed! Never before has a king, however great and powerful, demanded this of any magician, enchanter, or astrologer!
১০জ্ঞানী লোকসকলে ৰজাক উত্তৰ দি ক’লে, “মহাৰাজৰ দাবী পূৰণ কৰিব পৰা এনে কোনো মানুহ পৃথিবীত নাই। মহান আৰু পৰাক্ৰমী কোনো ৰজাই মায়াবী, বা মৃতলোকৰ লগত কথা পতাৰ দাবী কৰা জনক, বা জ্ঞানী লোকৰ পৰা কেতিয়াও এনে বিষয়ত দাবী কৰা নাই।
11 What Your Majesty is asking is impossible! No one can tell Your Majesty what you dreamed, except the gods, and they do not live among us mortals.”
১১মহাৰাজে যি দাবী কৰিছে, সেয়া কঠিন; আৰু মনুষ্যৰ লগত বাস নকৰা দেৱতাবোৰৰ বাহিৰে, আন কোনেও মহাৰাজৰ আগত এই বিষয়ে ক’ব নোৱাৰে।”
12 This made the king extremely angry, and he ordered all the wise men of Babylon executed.
১২এই কথা শুনাৰ পাছত ৰজা খঙাল আৰু অতিশয় ক্রোদ্ধাম্বিত হৈ বাবিলৰ যি সকল লোক নিজৰ জ্ঞানসম্পন্নতাৰ দ্বাৰা পৰিচিত, তেওঁলোকক ধ্বংস কৰিবলৈ আজ্ঞা দিলে।
13 The decree was issued. The wise men were about to be executed, and the king's men went looking for Daniel and his friends.
১৩সেয়ে এই আজ্ঞা প্ৰচাৰিত হ’ল। জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোকসকলক বধ কৰিবলৈ ধৰিলে; তেওঁলোকে দানিয়েল আৰু তেওঁৰ বন্ধুসকলকো বধ কৰিবলৈ বিচাৰি ফুৰিলে।
14 Daniel approached Arioch, the commander of the imperial guard, whom the king had put in charge of the order to execute all the wise men of Babylon. Wisely and tactfully
১৪তাৰ পাছত বাবিলৰ জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোকসকলক বধ কৰিবলৈ ওলাই অহা ৰজাৰ দেহৰক্ষক সেনাপতি অৰিয়োকক দানিয়েলে সুবুদ্ধি আৰু বিবেচনাৰে উত্তৰ দিলে।
15 Daniel asked him, “Why would the king issue such a harsh decree?” So Arioch explained to Daniel what had happened.
১৫দানিয়েলে ৰজাৰ সেনাপতিক সুধিলে, “ৰজাৰ এই আজ্ঞা কিয় ইমান জৰুৰী?” সেয়ে কি ঘটিছিল, সেই বিষয়ে অৰিয়োকে দানিয়েলক ক’লে।
16 Daniel immediately went to see the king and asked for more time to explain the dream and its meaning to him.
১৬তেতিয়া দানিয়েল ভিতৰলৈ গ’ল, আৰু ৰজাৰ আগত যাতে সপোন ব্যাখ্যা কৰিব পাৰে; সেই বাবে ৰজাৰ সৈতে সাক্ষাৎ কৰিবলৈ তেওঁ অনুৰোধ কৰিলে।
17 Then Daniel went home and shared with Hananiah, Mishael, and Azariah what was going on.
১৭তাৰ পাছত দানিয়েল তেওঁৰ ঘৰলৈ গ’ল, আৰু হননীয়া, মীচায়েল, আৰু অজৰিয়াক যি ঘটিছিল সেই সকলো ব্যাখ্যা কৰিলে।
18 He told them to pray to the God of heaven, asking for help regarding this mystery, so that he and his friends would not be killed along with the rest of the wise men of Babylon.
১৮বেবিলনৰ অৱশিষ্ট জ্ঞানসম্পন্ন লোকসকলৰ সৈতে, তেওঁ আৰু তেওঁৰ বন্ধুসকলক যাতে বধ কৰা নহয়; সেই বাবে তেওঁ স্বৰ্গৰ ঈশ্বৰৰ পৰা সেই নিগূঢ় বিষয়ত অনুগ্রহ বিচাৰি প্রাৰ্থনা কৰিবলৈ তেওঁলোকক মাতিলে।
19 That night the mystery was revealed to Daniel in a vision. Then Daniel praised the God of heaven:
১৯সেই ৰাতি দানিয়েলৰ দৰ্শনত সেই নিগূঢ় বিষয় প্ৰকাশিত হ’ল, তেতিয়া দানিয়েলে স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ প্রশংসা কৰিলে, আৰু ক’লে,
20 “Praise the wonderful nature of God forever and ever, for he is wise and powerful.
২০ঈশ্বৰৰ নাম যুগে যুগে চিৰকাললৈকে ধন্য হওক; কিয়নো জ্ঞান আৰু পৰাক্ৰম তেওঁৰেই।
21 He is in charge of time and history. He removes kings, and he sets kings in place. He gives wisdom to make people wise; he gives knowledge to people so they can understand.
২১তেওঁ সময়, আৰু কাল পৰিবৰ্তন কৰে; তেওঁ ৰজাক তেওঁৰ সিংহাসনৰ পৰা আঁতৰাই, আৰু সিংহাসনত ৰজাক বহুৱাই; তেওঁ জ্ঞানীলোকক প্রজ্ঞা দিয়ে, আৰু বিবেচকসকলক জ্ঞান দিয়ে।
22 He reveals deep, mysterious things. He knows what lies in darkness, and light lives in his presence.
২২তেওঁ গভীৰ আৰু গোপন বিষয় প্ৰকাশ কৰে, কাৰণ তেওঁ আন্ধকাৰত কি আছে তাক জানে, আৰু তেওঁৰ লগত পোহৰ থাকে।
23 I give thanks and praise to you, God of my fathers, for you have given me wisdom and power. Now you have revealed to me what we asked you; you have revealed to us the king's dream.”
২৩হে মোৰ পূৰ্বপুৰুষ পিতৃসকলৰ ঈশ্বৰ, মই আপোনাৰ ধন্যবাদ আৰু প্ৰশংসা কৰিছোঁ; কাৰণ আপুনি মোক প্রজ্ঞা আৰু শক্তি দিলে। আমি প্রাৰ্থনাত আপোনাৰ পৰা যি বিচাৰিছিলোঁ; এতিয়া আপুনি মোক জনালে; ৰজাৰ চিন্তনীয় বিষয় আপুনি আমাক জনালে।”
24 So Daniel went to Arioch whom the king had ordered to execute the wise men of Babylon and told him, “Don't execute the wise men of Babylon! Take me to see the king and I will explain to him his dream.”
২৪এই সকলোৰে সৈতে ৰজাই বাবিলৰ জ্ঞানীলোক সকলক বধ কৰিবলৈ নিযুক্ত কৰা অৰিয়োকক দানিয়েলে চাবলৈ গ’ল। তেওঁ গৈ, তেওঁক ক’লে, “বাবিলৰ জ্ঞানীলোক সকলক বধ নকৰিব। ৰজাৰ আগলৈ মোক নিৰাপত্তা দি লৈ যাওক, আৰু মই ৰজাক সপোনৰ ফলিতা ক’ম।”
25 Arioch immediately took Daniel to the king and told him, “I've found one of the captives from Judah who can tell Your Majesty what your dream means.”
২৫তেতিয়া অৰিয়োকে বেগাই দানিয়েলক ৰজাৰ ওচৰলৈ লৈ গ’ল আৰু ৰজাক ক’লে, “দেশান্তৰিত যিহূদীসকলৰ মাজত মই এইজন মানুহ পালোঁ, যি জনে ৰজাৰ সপোনৰ ফলিতা ক’ব।”
26 The king asked Daniel (also called Belteshazzar), “Are you really able to tell me what my dream was, and what it means?”
২৬তেতিয়া ৰজাই দানিয়েলক (যাক বেলটচচৰ মতা হৈছিল) ক’লে, “মই দেখা সপোন আৰু তাৰ ফলিতা তুমি মোক ক’ব পাৰিবা নে?”
27 “No wise men or enchanters or magicians or diviners can explain the mystery Your Majesty wants to know,” Daniel replied.
২৭তেতিয়া দানিয়েলে ৰজাৰ আগত উত্তৰ দি ক’লে, “মহাৰাজে দাবী কৰা নিগূঢ় বিষয়, জ্ঞানসম্পন্ন লোক, বা মৃতলোকৰ সৈতে কথা পতাৰ দাবী কৰাজন, বা মায়াবী, বা জ্যোতিষীৰ দ্বাৰাই প্রকাশিত হোৱা সম্ভৱ নহয়।
28 “But there is a God in heaven who reveals mysteries, and he has revealed to King Nebuchadnezzar what will happen in the last days. Your dream and the visions that came to your mind as you were lying in bed were these.
২৮কিন্তু মহাৰাজ, স্বৰ্গত থকা এজন ঈশ্বৰ আছে; যিজনে গোপন কথা প্ৰকাশ কৰে, আৰু আহিব লগা দিনবোৰত কি ঘটিব, সেই সকলোকে তেওঁ আপোনাক জানিব দিব; আপুনি শয্যাত শুই থকা সময়ত দেখা সপোন আৰু দৰ্শন এইবোৰ:
29 As Your Majesty lay there, your thoughts turned to the future, and the revealer of mysteries showed you what would take place.
২৯হে মহাৰাজ, আপুনি শয্যাত ভবিষ্যতৰ বিষয়ে নানা কথা চিন্তা কৰিছিল; আৰু নিগূঢ় বিষয় প্ৰকাশ কৰা জনে, আগলৈ কি ঘটিব, সেই বিষয়ে আপোনাক জানিবলৈ দিলে।
30 It's not because I have any more wisdom than anyone else that this mystery has been revealed to me, but to explain to Your Majesty what you were thinking about so you could understand.
৩০আন জীৱিত লোকতকৈ মোৰ অধিক জ্ঞান আছে বুলি যে মোৰ আগত এই বিষয় প্ৰকাশিত হ’ল, এনে নহয়, কিন্তু মহাৰাজে যাতে সপোনৰ ফলিতা, আৰু আপোনাৰ মনৰ গভীৰ চিন্তা আপুনি জানিব পাৰে, সেই বাবে মোলৈ সেই নিগূঢ় বিষয় প্রকাশিত হ’ল।
31 Your Majesty, as you looked, there before you stood a great statue. The statue standing in front of you was huge, and blazingly bright. It looked terrifying!
৩১হে মহাৰাজ আপুনি ওপৰলৈ চাই, এটা বৃহৎ মূৰ্তি দেখিছিল। আপোনাৰ আগত থিয় হোৱা সেই মূৰ্তি অতিশয় ডাঙৰ আৰু উজ্জ্বল আছিল; আৰু তাৰ উজ্জলতা ভয়ানক আছিল।
32 The head of the statue was gold, the chest and arms were silver, its middle and thighs were bronze,
৩২সেই মূৰ্তিটোৰ মুৰ শুদ্ধ সোণৰ, বুকু আৰু বাহু ৰূপৰ, মাজভাগ আৰু কৰঙন পিতলৰ,
33 its legs were iron, and its feet were iron and baked clay.
৩৩আৰু তাৰ ভৰিবোৰ লোহাৰ, আৰু ভৰিৰ পতা কিছু পৰিমাণে লোহা আৰু কিছু পৰিমাণে মাটিৰে তৈয়াৰী আছিল।
34 While you were watching, a stone was quarried, but not by human hands. It struck the iron and clay feet of the statue and smashed them to pieces.
৩৪আপুনি চাই থাকোঁতেই এটা শিল কাটি উলিওৱা হ’ল, কিন্তু মনুষ্যৰ হাতৰ দ্বাৰাই কটা নহয়, আৰু সেই শিলে মূৰ্তিটোৰ ভৰিৰ লোহা আৰু মাটিৰ পতা দুখনত খুন্দা মাৰি গুড়ি কৰিলে।
35 Then the rest of the statue—the bronze, the silver, and the gold—broke into pieces like the iron and clay. The wind blew them all away like chaff from the summer threshing floor, so that no trace of them could be found. But the stone that struck the statue became a great mountain and filled the whole earth.
৩৫তেতিয়া সেই লোহা, মাটি, পিতল, ৰূপ আৰু সোণ একেসময়তে ডোখৰ ডোখৰ হৈ ভাঙিলে, আৰু গ্রীষ্ম কালৰ মৰণা মৰা ঠাইৰ ধূলিৰ দৰে হ’ল। বতাহে সেইবোৰ উড়ুৱাই লৈ গ’ল, আৰু তাৰ কোনো চিন পোৱা নগল; কিন্তু যি শিলটোৱে মূৰ্তিটোক খুন্দা মাৰিছিল, সেয়ে বৃহৎ পৰ্ব্বত হ’ল, আৰু গোটেই পৃথিৱী ভৰি পৰিল।
36 This was the dream, and now we will explain what it means to the king.
৩৬এয়ে আপোনাৰ সপোন আছিল। এতিয়া আমি মহাৰাজৰ আগত ফলিতা কওঁ।
37 Your Majesty, you are the king of kings to whom the God of heaven has given the kingdom, and power, strength, and glory.
৩৭হে মহাৰাজ, আপুনি ৰাজাধিৰাজ; স্বৰ্গৰ ঈশ্বৰে আপোনাক ৰাজ্য, ঐশ্বৰ্য্য, পৰাক্ৰম, আৰু সন্মান দিছে।
38 He gave you control over all peoples, as well as the wild animals and birds. He made you ruler of all of them. You are the head of gold.
৩৮মানুহ বাস কৰা ঠাই, হাবিত থকা জন্তু, আৰু আকাশৰ চৰাইবোৰক, তেওঁ আপোনাৰ হাতত দিলে, আৰু সেই সকলোৰে ওপৰত আপোনাক শাসনকৰ্ত্তা পাতিলে; সেই মূৰ্তিটোৰ সোণৰ মুৰ আপুনিয়েই।
39 But after you another kingdom will rise that is inferior to your kingdom and will replace yours. After that a third kingdom that is bronze will rise and rule over the whole world.
৩৯আপোনাৰ পাছত, আন এটা ৰাজ্য আহিব, যি আপোনাতকৈ নিকৃষ্ট হ’ব; আৰু তাৰ পাছত পিতলৰ দৰে আন এক তৃতীয় ৰাজ্য আহিব, সেয়ে গোটেই পৃথিৱীত শাসন কৰিব।
40 The fourth kingdom will be strong as iron and in the same way that iron crushes and smashes everything; it will crush and smash all others.
৪০আৰু চতুৰ্থ ৰাজ্য লোহাৰ দৰে দৃঢ় হ’ব; কাৰণ লোহাই আন বস্তু ডোখৰ ডোখৰ কৰি ভাঙে, আৰু সকলো বস্তু গুড়ি কৰে, সেয়ে সকলো বস্তু ভাঙিব, আৰু সেইবোৰ গুড়ি হ’ব।
41 You saw the feet and toes made from iron and baked clay, and this indicates it will be a divided kingdom. It will have some of the strength of iron but mixed with clay.
৪১আপুনি দেখাৰ দৰে, ভৰিৰ পতা আৰু ভৰিৰ আঙুলিবোৰ কিছু পৰিমাণে শেকা মাটিৰ আৰু কিছু পৰিমাণে লোহাৰে তৈয়াৰী আছিল; সেয়ে এয়া বিভক্ত ৰাজ্য হ’ব; এই ৰাজ্যত কিছু লোহাৰ শক্তি থাকিব, আৰু আপুনি দেখাৰ দৰে লোহাৰ সৈতে কোমল মাটি মিহলি হৈ থাকিব।
42 As the toes were partly iron and partly clay, the kingdom will be partly strong and partly brittle.
৪২ভৰিৰ আঙুলিবোৰ কিছু লোহাৰ আৰু কিছু মাটিৰ দ্বাৰাই তৈয়াৰী আছিল, সেই দৰে ৰাজ্যও এভাগ দৃঢ়, আৰু এভাগ সহজে ভাঙিব পৰা হ’ব।
43 In the same way that you saw the iron mixed with ordinary clay, so the people will mix but they will not stick together just as iron and clay do not mix.
৪৩আপুনি কোমল মাটিৰ সৈতে মিহলোৱা লোহা দেখাৰ দৰে সেই ৰাজ্যৰ লোকসকল সংমিশ্রণ হৈ থাকিব; কিন্তু যেনেকৈ লোহা মাটিত লাগি নাথাকে, তেনেকৈ তেওঁলোক একেলগে বাস নকৰিব।
44 During the time of these kings the God of heaven will set up an eternal kingdom that will never be destroyed or taken over by others. It will crush all these kingdoms, bringing them to an end, and it will last forever,
৪৪আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব।
45 in the same way that you saw the stone quarried from the mountain, but not by human hands, crush the iron, bronze, clay, silver, and gold. The great God has revealed to Your Majesty what is to come. The dream is true, and the explanation is trustworthy.”
৪৫আপুনি দেখাৰ দৰে পৰ্বতৰ পৰা এটা শিল কাটি উলিওৱা হৈছিল; কিন্তু মনুষ্যৰ হাতৰ দ্বাৰাই কটা নহয়। সেই শিল লোহা, পিতল, মাটি, ৰূপ আৰু সোণ সকলোকে ডোখৰ ডোখৰকৈ ভাঙিছিল। মহান ঈশ্বৰে ইয়াৰ দ্বাৰাই মহাৰাজক ইয়াৰ পাছত কি ঘটিব সেই বিষয়ে জনালে; সপোনটো সঁচা আৰু তাৰ ফলিতাও বিশ্বাসযোগ্য।”
46 Then King Nebuchadnezzar fell down before Daniel and worshiped him, and ordered offerings of grain and incense to be made to him.
৪৬তেতিয়া ৰজা নবূখদনেচৰে দানিয়েলৰ আগত উবুৰি হৈ পৰিল, আৰু সন্মান জনালে; আৰু তেওঁৰ উদ্দেশ্যে নৈবেদ্য যুগুত কৰি ধূপ উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে।
47 The king said to Daniel, “Truly, your God is the God of gods, the Lord of kings, the revealer of mysteries, for you have been able to reveal this mystery.”
৪৭ৰজাই দানিয়েলক ক’লে, “তোমাৰ ঈশ্বৰ সঁচা, ঈশ্বৰৰো ঈশ্বৰ, ৰজাৰো ৰজা, আৰু নিগূঢ় বিষয় প্রকাশ কৰিব পৰা এজনা, সেয়ে তুমি এই নিগূঢ় কথা বুজিব পাৰিছা।”
48 Then the king promoted Daniel to a high position and gave him many expensive gifts, making him governor over the whole province of Babylon and head of all the wise men of Babylon.
৪৮তেতিয়া ৰজাই দানিয়েলক অধিক সন্মান কৰিলে, আৰু অনেক আচৰিতজনক উপহাৰবোৰ দিলে। তেওঁ গোটেই বাবিল দেশৰ ওপৰত দানিয়েলক শাসনকৰ্ত্তা নিযুক্ত কৰিলে। দানিয়েল বাবিলত থকা সকলো জ্ঞানী লোকৰ ওপৰত প্ৰধান অধ্যক্ষ হ’ল।
49 At Daniel's request, the king placed Shadrach, Meshach, and Abednego in charge of the province of Babylon, and Daniel remained at the king's court.
৪৯দানিয়েলে ৰজাৰ আগত নিবেদন কৰিলে, আৰু ৰজাই চদ্ৰক, মৈচক, আৰু অবেদ-নেগোকো বাবিল প্ৰদেশৰ ওপৰত ৰাজকার্যত নিযুক্ত কৰিলে; কিন্তু দানিয়েল ৰাজ প্রাসাদত থাকিল।