< Acts 5 >
1 Now a man called Ananias, with his wife Sapphira, sold some property.
১তেতিয়া অননিয় নামেৰে এজন লোক আৰু তেওঁৰ ভাৰ্যা চফীৰাই এডোখৰ মাটি বিক্রী কৰিলে৷
2 He kept back some of the money he received for himself, and brought the rest to present to the apostles. His wife knew what he was doing.
২অননিয়ই তেওঁৰ ভার্যাৰ জ্ঞাতসাৰেই সেই ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখি, এক অংশ আনি পাঁচনি সকলৰ চৰণত থলে।
3 Then Peter asked him, “Ananias, why did you let Satan convince you to lie to the Holy Spirit and keep back some of the money from the land you sold?
৩তেতিয়া পিতৰে তেওঁক কলে- “হে অননিয়, পবিত্ৰ আত্মাৰ ওচৰত মিছা মাতিবলৈ চয়তানক তুমি কিয় তোমাৰ হৃদয়ত কার্য কৰিবলৈ দিলা? কিয় তুমি মাটি বেছা ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখিলা?
4 While you had the land, didn't it belong to you? And after you sold it, didn't you still have control over what you did with the money? Why did you decide to do this? You haven't lied to human beings, but to God!”
৪সেই মাটি যেতিয়া বিক্রী হোৱা নাছিল, তেতিয়া সেই মাটি জানো তোমাৰেই ক্ষমতাৰ অধীনত নাছিল? এতিয়া বেচাৰ পাছতো তুমিয়েই সেই ধনৰ গৰাকী নাছিলানে? তেনেহলে এনে কাম কৰিবলৈ তুমি তোমাৰ মনত কেনেকৈ ঠিৰাং কৰিলা? তুমি মানুহৰ আগত নহয়, ঈশ্বৰৰ আগতহে মিছা কথা ক’লা”।
5 Hearing these words, Ananias fell down and died. Everyone who heard what happened was terrified.
৫এই কথা শুনাৰ লগে লগে অননিয়ই মাটিত পৰি প্ৰাণ ত্যাগ কৰিলে। যিবোৰ মানুহে এই কথা শুনিলে, তেওঁলোকে বৰ ভয় খালে।।
6 Some of the young men got up and wrapped him in a shroud. Then they carried him out and buried him.
৬পাছত যুৱক সকল আগবাঢ়ি আহি তেওঁক কাপোৰেৰে মেৰিয়াই বাহিৰলৈ নি মৈদাম দিলে।
7 About three hours later his wife arrived, not knowing what had happened.
৭প্রায় তিনি ঘন্টা মানৰ পাছত, অননিয়ৰ স্ত্রী চাফীৰা সেই ঠাইলৈ আহিল৷ কিন্তু কি ঘটিল, সেই বিষয়ে তেওঁ নাজানিলে।
8 Peter asked her, “Tell me, did you sell the land for this price?” “Yes, that was the price,” she replied.
৮পিতৰে তেওঁক সুধিলে- “কোৱাছোন, তোমালোকে বাৰু এই মাটি ইমান টকাতে বেচিলা নে?” তেতিয়া তেওঁ কলে, “হয় ইমানতে বেচা হল।”
9 Then Peter told her, “How could you agree together to swindle the Spirit of the Lord? Look, those who buried your husband are just returning, and they'll carry you out too!”
৯তেতিয়া পিতৰে চাফীৰাক কলে, “প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ তোমালোকে কেনেকৈ একমত হলা? চোৱা, যি সকলে তোমাৰ স্বামীক মৈদাম দিব গৈছিল; তেওঁলোক আহি দুৱাৰৰ ওচৰ পাইছেহি, তেওঁলোকে তোমাকো বাহিৰলৈ লৈ যাব।”
10 Immediately she fell down dead at his feet. The young men came back in and found her dead, so they carried her out and buried her beside her husband.
১০তেতিয়াই পিতৰৰ চৰণত পৰি চফীৰাই প্ৰাণ ত্যাগ কৰিলে। যুৱক সকলে ভিতৰলৈ আহি, চাফীৰাকো মৃত দেখিলে৷ তেতিয়া তেওঁকো বাহিৰলৈ নি তেওঁৰ স্বামীৰ কাষতে মৈদাম দিলে।
11 Great fear spread through the whole church, as well as among everyone who heard what had happened.
১১মণ্ডলীৰ সকলো লোকে যেতিয়া এই কথা শুনিলে, তেওঁলোকে অতিশয় ভয় খালে।
12 Many miraculous signs were performed among the people by the apostles. All the believers used to meet together in Solomon's porch.
১২পাছত পাঁচনি সকলৰ দ্বাৰাই মানু্হৰ মাজত অনেক চিন আৰু আচৰিত কার্য হবলৈ ধৰিলে। তেওঁলোক সকলোৱে চলোমনৰ বাৰাণ্ডাত গোট খাইছিল। তেওঁলোকৰ উদ্দেশ্যও একে আছিল।
13 Nobody else dared to join them even though they were greatly respected.
১৩যদিও সকলোৱে তেওঁলোকক সমাদৰ কৰিলে, তথাপি আন লোক সকলে তেওঁলোকৰ মাজত সোমাবলৈ সাহস নকৰিলে।
14 However, many men and women came to believe in the Lord.
১৪কিন্তু ইয়াৰ মাজৰে অনেক পুৰুষ আৰু মহিলাই বিশ্বাস কৰি প্রভুৰ বিশ্বাসত যোগ দিলে।
15 As a result, people brought those who were sick into the streets and laid them on beds and mats so that as Peter passed by his shadow might fall on them.
১৫ইয়াৰ উপৰি লোক সকলে পিতৰ অহা-যোৱা কৰোঁতে তেওঁৰ ছাঁ যেন ৰোগী সকলৰ গাত পৰে, এই আশাৰে ৰোগী সকলক বিচনা আৰু খাটত তুলি বাটৰ কাষত থলেহি।
16 Crowds from the towns around Jerusalem brought their sick and those afflicted by evil spirits. They were all healed.
১৬যিৰূচালেমৰ ওচৰ-পাজৰৰ নগৰৰ পৰা বহু মানুহে ৰুগীয়া আৰু অশুচি আত্মাই ধৰা লোক সকলক লৈ আহিল আৰু তেওঁলোকক সুস্থ কৰা হ’ল।
17 However, the high priest and those with him (who were Sadducees) became very jealous and decided to intervene.
১৭কিন্তু মহা-পুৰোহিত আৰু তেওঁৰ লগৰ অর্থাৎ চদ্দূকী দলৰ লোক সকল ঈর্ষাত জ্বলি উঠিল
18 They arrested the apostles and threw them in the public jail.
১৮তেওঁলোকে পাঁচনি সকলক ধৰি আনি ৰাইজৰ কাৰাগাৰত বন্দী কৰি থলে।
19 But during the night an angel of the Lord opened the prison doors and led them out.
১৯কিন্তু ৰাতি হলত প্ৰভুৰ এজন দূত আহি বন্দীশালৰ দুৱাৰ খুলি তেওঁলোকক বাহিৰলৈ যাব দি কলে,
20 “Go to the Temple and tell the people everything about this new way of life!” he told them.
২০“যোৱা, তোমালোকে গৈ মন্দিৰত থিয় হৈ, অনন্ত জীৱনৰ সকলো কথা লোক সকলৰ আগত কোৱাগৈ”।
21 They did as they were told and went into the Temple at around dawn and began teaching. Then the high priest and his followers called a council meeting with all the leaders of Israel. He sent for the apostles to be brought from prison.
২১আজ্ঞা অনুসাৰে তেওঁলোকে ৰাতিপুৱাতে মন্দিৰত সোমাই উপদেশ দিলে। আনফালে মহা-পুৰোহিত আৰু তেওঁৰ সংগী সকলে আহি ইস্ৰায়েলী সকলৰ জেষ্ঠ লোকৰ এক মহাসভা মাতিলে আৰু পাঁচনি সকলক বন্দীশালৰ পৰা আনিবলৈ মানুহ পঠালে।
22 But when the officials went to the prison they couldn't find the apostles so they went back and told the council,
২২কিন্তু সেই বিষয়া সকলে বন্দীশাললৈ গৈ তেওঁলোকক দেখা নাপালে আৰু উভতি আহি ক’লে,
23 “We found the prison all locked up, with guards at the doors. But when we had them open up, we couldn't find anyone inside.”
২৩“আমি বন্দীশালৰ দু্ৱাৰ টানকৈ বান্ধি থোৱা দেখিলোঁ আৰু ৰখীয়াবোৰেও দুৱাৰত থিয় হৈ আছে; কিন্তু দুৱাৰ খুলি ভিতৰত তেওঁলোকক দেখা নাপালোঁ।”
24 Now when the captain of the Temple guards and the chief priests heard this they were totally baffled, and wondered what was going on.
২৪এই কথা শুনি মন্দিৰৰ সেনাধিপতি আৰু প্ৰধান পুৰোহিত সকলে ইয়াৰ পৰিণতি কি হব বুলি ভাবি হতবুদ্ধি হ’ল।
25 Then someone came in and said, “Look, the men you put in prison are right there in the Temple teaching people!”
২৫তেনেতে কোনোবা এজনে আহি জনালে যে, “আপোনালোকে যি সকল মানু্হক বন্দীশালত থৈছিল, সেই মানুহবোৰে মন্দিৰত থিয় হৈ লোক সকলক উপদেশ দি আছে।”
26 So the captain went with his guards and brought them in, but did not use force because they were afraid that the people would stone them.
২৬তেতিয়া সেনাপতি জনে তেওঁৰ লোক সকলৰ সৈতে সেই ঠাইলৈ গৈ পাঁচনি সকলক লৈ আহে। তাতে মানুহবোৰে পাথৰ মাৰিব পাৰে বুলি ভয় খাই তেওঁলোকে পাঁচনি সকলক কোনো বেয়া ব্যৱহাৰ নকৰিলে।
27 The apostles were brought in and made to stand in front of the council.
২৭পাছত তেওঁলোকক আনি সভাত উপস্থিত কৰোঁতে, মহা-পুৰোহিতে তেওঁলোকক প্রশ্ন কৰিলে,
28 “Didn't we order you not to teach in this name?” the high priest demanded to know. “Now look—you've filled the whole of Jerusalem with your teaching, and you're trying to blame us for his death!”
২৮“এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ; তথাপি তোমালোকে নিজৰ শিক্ষাৰে যিৰূচালেম পূর্ণ কৰিছা আৰু সেই মানুহৰ ৰক্তপাতৰ বাবে আমাক দোষী কৰিব বিচাৰিছা।”
29 But Peter and the apostles answered, “We have to obey God rather than men.
২৯তেতিয়া পিতৰ আৰু আন পাঁচনি সকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত।
30 The God of our forefathers raised Jesus from the dead—the one you killed by hanging him on a cross.
৩০যি জনক আপোনালোকে কাঠত ওলোমাই হত্যা কৰিলে, আমাৰ পূৰ্ব-পুৰুষ সকলৰ ঈশ্বৰে সেই জন যীচুক মৃত্যুৰ পৰা জীয়ালে।
31 God exalted him to a position of honor at his right hand as Prince and Savior, as a way to bring repentance to Israel, and for the forgiveness of sins.
৩১সেই যীচুক ঈশ্বৰে ৰজা আৰু ত্ৰাণকর্তা হিচাপে নিজৰ সোঁ হাতে বহুৱাই উন্নত কৰিলে, যাতে ইস্ৰায়েলী সকলে মন-পালটন কৰে আৰু যীচুৱে যেন তেওঁলোকৰ পাপ ক্ষমা কৰিব পাৰে।
32 We are witnesses of what happened, and so is the Holy Spirit, whom God has given to those who obey him.”
৩২এই কথাৰ আমি সাক্ষী আছোঁ আৰু যি সকল ঈশ্বৰৰ বাধ্য হয়, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ আত্মা দিছে, সেই পবিত্র আত্মাও ইয়াৰ সাক্ষী।”
33 When the council heard this they were furious and wanted to kill them.
৩৩এই কথা শুনি মহাসভাৰ সভ্যসকল খঙত জ্বলি উঠিল আৰু পাঁচনি সকলক বধ কৰিবলৈ বিচাৰিলে।
34 But then one of the council members stood up to speak. He was Gamaliel, a Pharisee and a doctor of law who was respected by everyone. He ordered the apostles sent out for a short while.
৩৪কিন্তু তেতিয়া গমলীয়েল নামৰ এজন ফৰীচী, যি জন সকলো মানুহৰে সন্মানিত বিধানৰ এজন অধ্যাপক, তেওঁ থিয় হ’ল আৰু পাঁচনি সকলক অলপ সময়ৰ কাৰণে বাহিৰলৈ নিবৰ বাবে নির্দেশ দিলে।
35 Gamaliel addressed the council: “Leaders of Israel, be careful what you plan to do to these men.
৩৫তাৰ পাছত তেওঁ ক’লে, “হে ইস্ৰায়েলী সকল, এই লোক সকলক লৈ আপোনালোকে যি কৰিবলৈ গৈছে, সেই বিষয়ে সাৱধান হওক।
36 Some time ago Theudas tried to make a name for himself, and about four hundred men joined him. He was killed and all who followed him were scattered and it came to nothing.
৩৬কিয়নো কিছুদিনৰ আগেয়ে থুদা নামৰ এজনে আহি, নিজকে বৰ এজন বুলি দাবী কৰিছিল আৰু কম-বেচি পৰিমাণে প্রায় চাৰি শ মানুহে থুদাৰ লগ হৈছিল। তেওঁক বধ কৰা হ’ল আৰু তেওঁৰ অনুগামীবোৰও সিচঁৰিত হৈ কোনো চিন-চাব নোহোৱা হ’ল।
37 Then after him Judas of Galilee came along at the time of the census, and he attracted some followers. He also died, and those who listened to him were dispersed.
৩৭এই মানুহ জনৰ পাছত, লোক পিয়লৰ সময়ত যিহূদা নামৰ গালীলীয়া এজন ওলাল আৰু তেওঁ ভালেমান মানুহক নিজৰ ফাললৈ আনিলে; তেৱোঁ নিহত হোৱাত তেওঁৰ অনুগামী সকলো ছিন্ন-ভিন্ন হৈ গ’ল।
38 So in the current case I recommend that you leave these men alone, and just let them go. If what they are planning or what they are doing comes from their own human thinking, then it will be defeated.
৩৮এতিয়া মই আপোনালোকক কওঁ, এই লোক সকলৰ পৰা দূৰৈত থাকক আৰু তেওঁলোকক এৰি দিয়ক; কিয়নো এই পৰিকল্পনা বা কৰ্ম যদি মানুহৰ পৰা হয়, তেনেহলে ই ব্যর্থ হব৷
39 But if it comes from God, you won't be able to defeat them. You could even find yourselves fighting against God!”
৩৯কিন্তু যদিহে ঈশ্বৰৰ পৰা হয়, তেনেহলে আপোনালোকে তেওঁলোকক বন্ধ কৰিব নোৱাৰিব। হয়তো দেখিব যে, আপোনালোকে ঈশ্বৰৰ বিৰুদ্ধেই যুদ্ধ কৰিছে।” তেতিয়া, তেওঁলোকে এই পৰামর্শ গ্ৰহন কৰিলে।
40 They were convinced by what he said. So they called the apostles back in, had them whipped, and ordered them not to say anything in the name of Jesus. Then they let them go.
৪০তাৰ পাছত তেওঁলোকে পাঁচনি সকলক ভিতৰলৈ মাতি আনি কোবাই, যীচুৰ নামেৰে কোনো কথা নকবলৈ আদেশ দি যাবলৈ দিলে।
41 The apostles left the council, happy to be considered worthy to suffer shame for the name of Jesus.
৪১পাঁচনি সকলে যীচুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুছি গল।
42 Every day they continued to teach and proclaim Jesus as the Messiah, in the Temple and from house to house.
৪২ইয়াৰ পাছত তেওঁলোকে প্ৰতিদিনে মন্দিৰত আৰু সকলো ঘৰতে গৈ শিক্ষা দিবলৈ ধৰিলে আৰু যীচুৱেই যে খ্ৰীষ্ট এই কথা প্ৰচাৰ কৰি থাকিল।