< 2 Chronicles 9 >
1 The queen of Sheba heard how famous Solomon was, so she came to Jerusalem to test him with tough questions. She brought with her a very large entourage, with camels loaded with spices, large amounts of gold, and precious gemstones. She came to Solomon and asked him about everything she had on her mind.
১পাছত যেতিয়া চিবা দেশৰ ৰাণীয়ে চলোমনৰ যশস্যাৰ কথা শুনিলে, তেতিয়া তেখেতে নিগূঢ় বাক্যৰ দ্বাৰাই তেওঁক পৰীক্ষা কৰিবলৈ যিৰূচালেমলৈ আহিল৷ সুগন্ধি দ্ৰব্য, অধিক সোণ আৰু বহুমূল্য বাখৰ বোজাই দিয়া অনেক উট আৰু অতিশয় অধিক লোকে সৈতে আহিল৷ যেতিয়া তেখেতে চলোমনৰ ওচৰলৈ আহিল, তেখেতৰ মনত যি যি আছিল, সকলোকে তেওঁক ক’লে।
2 Solomon answered all her questions. There was nothing he couldn't explain to her.
২তাতে চলোমনে তেখেতৰ সকলো প্ৰশ্নৰ উত্তৰ দিলে; চলোমনে বুজিব নোৱাৰা একোৱেই নাছিল; তেওঁ উত্তৰ দিব নোৱাৰা কোনো এটা প্ৰশ্ন নাছিল৷
3 When the queen of Sheba saw Solomon's wisdom, and the palace he had built,
৩এইদৰে চিবাৰ ৰাণীয়ে চলোমনৰ জ্ঞান আৰু তেওঁ নিৰ্ম্মাণ কৰা গৃহ দেখিলে,
4 the food on the table, how his officials lived, how his servants operated and how they were dressed, the clothes of the waiters, and the burnt offerings he presented at the Lord's Temple, she was so astonished she could hardly breathe.
৪আৰু তেওঁৰ মেজৰ আহাৰ, মন্ত্ৰীসকলৰ বহা আসন, পৰিচাৰকসকলৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁলোকৰ সাজ-পোচাক, তেওঁৰ পান-পাত্ৰ ধৰা লোকসকল আৰু তেওঁলোকৰ সাজ-পোচাক আৰু যিহোৱাৰ গৃহলৈ তেওঁ উঠা খটখটী, এই সকলোকে দেখি, তেখেত বিচূৰ্ত্তি হ’ল।
5 She told the king, “It's true what I heard in my own country about your proverbs and your wisdom!
৫তেখেতে ৰজাক ক’লে, “মই নিজ দেশত আপোনাৰ বাক্য আৰু জ্ঞানৰ বিষয়ে যি কথা শুনিছিলোঁ, সেয়ে সঁচা আছিল।
6 But I didn't believe what they told me until I came and saw with my own eyes. In fact, I wasn't told the half of it—the extent of your wisdom far exceeds what I heard!
৬কিন্তু মই আহি যেতিয়ালৈকে নিজ চকুৰে নেদেখিলোঁ, তেতিয়ালৈকে মই সেই কথাত বিশ্বাস কৰা নাছিলোঁ৷ চাওঁক, আপোনাৰ জ্ঞান আৰু ধনৰ মহত্ত্বৰ আধাও মোক কোৱা নাছিল; মই যি কথা শুনিছিলোঁ, তাতকৈ আপোনাৰ গুণ আধিক আছে।
7 How happy your people must be! How happy those who work for you, who stand here every day listening to your wisdom!
৭আপোনাৰ লোকসকল কেনে ধন্য আৰু আপোনাৰ যি দাসবোৰে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, তেওঁলোক ধন্য।
8 Praise the Lord your God who is so pleased with you, who placed you on his throne as king to rule on his behalf. Because of the love of your God for Israel he has made them secure forever, and he has made you king over them to do what is fair and right.”
৮আপোনাৰ ঈশ্বৰ যিহোৱা ধন্য, আপোনাৰ ঈশ্বৰ যিহোৱাৰ বাবে ৰজা পাতিবলৈ, তেওঁ আপোনাৰ দৰে এজনক তেওঁৰ সিংহাসনত বহুৱাই নিশ্চয়ে সন্তুষ্ট। কিয়নো আপোনাৰ ঈশ্বৰে ইস্ৰায়েলক প্ৰেম কৰে, তেওঁলোকক নিৰ্দেশত সদাকালৰ বাবে ন্যায় আৰু ধাৰ্মিকতাৰে প্ৰতিস্থিত কৰিবলৈ তেওঁ আপোনাক তেওঁলোকৰ ওপৰত ৰজা পাতিলে।”
9 She presented the king with one hundred and twenty talents of gold, huge amounts of spices and precious stones. Never before had there been spices like those the queen of Sheba gave to King Solomon.
৯তেখেতে ৰজাক এশ বিশ কিক্কৰ সোণ, অতি অধিক সুগন্ধি দ্ৰব্য, আৰু বহুমূল্য বাখৰ দিলে। চিবাৰ ৰাণীয়ে চলোমন ৰজাক দিয়া সুগন্ধি দ্ৰব্যৰ দৰে সুগন্ধি দ্ৰব্য তেওঁক আন কোনেও দিয়া নাছিল।
10 (Hiram and of Solomon's men, who brought gold from Ophir, also brought algum wood and precious stones.
১০হীৰম আৰু চলোমনৰ যি দাসবোৰে ওফীৰৰ পৰা সোণ আনিছিল, তেওঁলোকে অলগূম কাঠ আৰু বহুমূল্য বাখৰো আনিছিল।
11 The king used the algum wood to make steps for the Temple and for the royal palace, and into lyres and harps for the musicians. Nothing like them had ever been seen before in the land of Judah.)
১১ৰজাই সেই অলগূম কাঠেৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ বাবে জখলাবোৰ আৰু গায়কসকলৰ বাবে বীণা আৰু নেবল সজালে৷ তেনেকুৱা কাঠ আগেয়ে যিহূদা দেশত কোনেও কেতিয়াও দেখা নাছিল।
12 King Solomon gave the queen of Sheba all wanted, whatever she asked for. This was far more than she had brought the king. Then she and her attendants returned home to her own country.
১২পাছত চিবাৰ ৰাণীয়ে ৰজালৈ অনা বস্তুৰ সলনি ৰজাই যি বস্তু দিলে, তাৰ বাহিৰে চিবাৰ ৰাণীয়ে বিচৰা দৰে, তেওঁৰ সকলো মনৰ বাঞ্ছা তেওঁ পূৰ কৰিলে। পাছত ৰাণী আৰু তেওঁৰ দাসবোৰ নিজ দেশলৈ উলটি গ’ল।
13 The weight of gold that Solomon received each year was 666 talents,
১৩এবছৰৰ ভিতৰত ছশ ছয়ষষ্ঠি কিক্কৰ সোণ চলোমনলৈ আহিল,
14 not including that received from traders and merchants. All the kings of Arabia and governors of the land also brought gold and silver to Solomon.
১৪সেয়াও বেপাৰী আৰু বণিসকলে অনা সোণৰ বাহিৰে৷ আৰবৰ সকলো ৰজা আৰু দেশাধ্যক্ষসকলেও চলোমন ৰজালৈ সোণ আৰু ৰূপ আনিলে।
15 King Solomon made two hundred shields of hammered gold. Each shield required six hundred shekels of hammered gold.
১৫আৰু চলোমন ৰজাই সোণ পিটাই দুশ ঢাল কৰিলে৷ সোণ পিটাই কৰা প্ৰত্যেক ঢালত ছশ চেকল সোণ খৰচ হৈছিল৷
16 He also made three hundred small shields of hammered gold. Each of these shields required three hundred gold coins. The king placed them in the Palace of the Forest of Lebanon.
১৬আৰু সোণ পিটাই তিনিশ ঢাল যুগুত কৰিলে৷ তাৰ প্ৰত্যেক ঢালত তিনিশ চেকল সোণ খৰচ হৈছিল; ৰজাই সেইবোৰ লিবানোনৰ কাঠনিৰ গৃহত ৰাখিলে।
17 The king also made a great throne of ivory, and covered it with pure gold.
১৭ইয়াৰ বাহিৰে ৰজাই হাতী-দাঁতৰ এখন ডাঙৰ সিংহাসন সজাই তাৰ ওপৰত শুদ্ধ সোণৰ পতা মাৰিলে।
18 The throne had six steps, with a golden footstool attached. There were armrests on both sides of the seat, with lions standing beside the armrests.
১৮সেই সিংহাসনৰ ছখপিয়া খটখটি আছিল আৰু সিংহাসনত লগোৱা সোণৰ এখন ভৰি-পীৰা আছিল আৰু বহা ঠাইৰ দুয়োফালে দুখন হাত আছিল৷ সেই হাতৰ ওচৰত দুটা সিংহৰ মুৰ্ত্তি থিয় হৈ আছিল।
19 Twelve lions stood on the six steps, one on opposite ends of each step. Nothing like this had ever been made for any kingdom.
১৯আৰু সেই ছয় খাপৰ ওপৰত দুই মুৰে বাৰটা সিংহৰ মুৰ্ত্তি থিয় হৈ আছিল। এনেকুৱা সিংহাসন আন কোনো ৰাজ্যত সজা নাছিল।
20 All of King Solomon's drinking cups were gold, and all the utensils of the Palace of the Forest of Lebanon were pure gold. No silver was used, because it was not valued in the days of Solomon.
২০চলোমন ৰজাৰ সকলো পান-পাত্ৰ সোণৰ আছিল আৰু লিবানোনৰ কাঠনিৰ গৃহৰ সকলো পাত্ৰ শুদ্ধ সোণৰ আছিল; চলোমনৰ ৰাজত্বৰ কালত ৰূপ একোৰো মাজত গণ্য নাছিল।
21 The king had a fleet of ships from Tarshish crewed by Hiram's sailors. Once every three years the ships of Tarshish would arrive with a cargo of gold, silver, ivory, apes, and peacocks.
২১কিয়নো হীৰমৰ দাসবোৰে সৈতে তৰ্চীচলৈ যোৱা ৰজাৰ কেইখন মান জাহাজ আছিল৷ সেই তৰ্চীচৰ জাহাজবোৰে সোণ, ৰূপ, হাতী-দাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনি বছৰৰ মুৰত এবাৰ এবাৰ আহি আছিল।
22 King Solomon was greater than any other king on earth in wealth and wisdom.
২২এইদৰে ঐশ্বৰ্য্য আৰু জ্ঞানত চলোমন ৰজা পৃথিৱীত থকা সকলো ৰজাতকৈ প্ৰধান হ’ল।
23 All the kings of the earth wanted to meet Solomon to hear the wisdom that God had placed in his mind.
২৩ঈশ্বৰে চলোমনৰ মনত যি জ্ঞান দিছিল, তেওঁৰ সেই জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সকলো ৰজাই তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিছিল।
24 Year after year, every visitor would bring gifts—articles of silver and gold, clothes, weapons, spices, horses, and mules.
২৪আৰু প্ৰতিজনে নিজ নিজ উপহাৰ, ৰূপৰ আৰু সোণৰ পাত্ৰ, বস্ত্ৰ, অস্ত্ৰ, সুগন্ধি দ্ৰব্য, ঘোঁৰা আৰু খছৰ এইবোৰ লৈ প্ৰতি বছৰে বছৰে আহিছিল।
25 Solomon had four thousand stalls for horses and chariots, and twelve thousand horsemen. He kept them in the chariot towns, and also with him in Jerusalem.
২৫ঘোঁৰা আৰু ৰথৰ বাবে চলোমনৰ চাৰিহাজাৰ ঘোঁৰাশাল আছিল আৰু তেওঁৰ বাৰ হাজাৰ অশ্বাৰোহী আছিল, আৰু এওঁলোকক তেওঁ নানা ৰথ-নগৰত আৰু ৰজাৰ লগত যিৰূচালেমতো ৰাখিলে।
26 He ruled over all the kings from the Euphrates River to the land of the Philistines, and to the border with Egypt.
২৬আৰু ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰৰ সীমালৈকে সকলো ৰজাসকলৰ ওপৰত তেওঁ শাসন কৰিছিল।
27 The king made silver as plentiful in Jerusalem as stones, and cedar wood as plentiful as sycamore-figs in the foothills.
২৭ৰজাই যিৰূচালেমত ৰূপক মাটিত থকা শিলৰ নিচিনা আৰু এৰচ কাঠক নিম্ন ভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে।
28 Solomon's horses were imported from Egypt and from many other lands.
২৮মিচৰৰ পৰা আৰু আন সকলো দেশৰ পৰা চলোমনৰ বাবে ঘোঁৰা অনা হৈছিল।
29 The rest of the acts of Solomon, from start to finish, are written in the Records of Nathan the Prophet, in the Prophecy of Ahijah the Shilonite, and in the Visions of Iddo the Seer about Jeroboam, son of Nebat.
২৯চলোমনৰ অৱশিষ্ট কাৰ্যৰ আদ্যোপান্ত বিৱৰণ নাথন ভাববাদীৰ পুস্তকখনত, চীলোনীয়া অহীয়াৰ ভাববাণীত, আৰু নবাটৰ পুত্ৰ যাৰবিয়াম-বিষয়ক ইদ্দো দৰ্শক-পুস্তকখনত জানো লিখা নাই?
30 Solomon ruled in Jerusalem over all of Israel for forty years.
৩০এইদৰে চলোমনে যিৰূচালেমত থাকি সমুদায় ইস্ৰায়েলৰ ওপৰত চল্লিশ বছৰ ৰাজত্ব কৰিলে।
31 Then Solomon died and was buried in the city of his father David. His son Rehoboam took over as king.
৩১পাছত চলোমন তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাত তেওঁৰ পিতৃ দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; আৰু তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হ’ল।