< 1 Chronicles 3 >

1 These were the sons of David born to him in Hebron: The firstborn was Amnon, whose mother was Ahinoam of Jezreel. The second was Daniel, whose mother was Abigail of Carmel.
হিব্ৰোণত জন্ম হোৱা দায়ূদৰ সন্তান সকলৰ নাম: তেওঁৰ প্ৰথম পুত্র অম্নোন, তেওঁ যিজ্ৰিয়েলীয়া অহীনোৱমৰ পুত্র; দ্বিতীয় দানিয়েল, তেওঁ কৰ্মিলীয়া অবীগলৰ পুত্র;
2 The third was Absalom, whose mother was Maacah, the daughter of Talmai, king of Geshur. The fourth was Adonijah, whose mother was Haggith.
তৃতীয় অবচালোম, তেওঁ গচুৰৰ তল্ময় ৰজাৰ জীয়েক মাখাৰ পুত্র; চতুৰ্থ অদোনীয়া, তেওঁ হগ্গীতৰ পুত্র;
3 The fifth was Shephatiah, whose mother was Abital. The sixth was Ithream, whose mother was his wife Eglah.
পঞ্চম চফটিয়া, তেওঁ অবীটলৰ পুত্র; ষষ্ঠ যিত্ৰিয়ম, তেওঁৰ ভাৰ্যা ইগ্লাৰ পুত্র;
4 These were the six sons born to David in Hebron, where he reigned seven years and six months. David reigned in Jerusalem thirty-three more years,
দায়ূদৰ এই ছয়জন পুত্র হিব্ৰোণত জন্ম হৈছিল; এই ঠাইত তেওঁ সাত বছৰ ছমাহ ৰাজত্ব কৰিছিল। তাৰ পাছত তেওঁ যিৰূচালেমত তেত্ৰিশ বছৰ ৰাজত্ব কৰিছিল।
5 and these were the children born to him there: Shammua, Shobab, Nathan, and Solomon. Their mother was Bathsheba, daughter of Ammiel.
যিৰূচালেমত অম্মীয়েলৰ জীয়েক বৎ-চূৱাৰ পৰা জন্মা তেওঁৰ চাৰি জন পুত্রৰ নাম: চিমিয়া, চোবব, নাথন, আৰু চলোমন।
6 In addition there were also Ibhar, Elishua, Eliphelet,
দায়ূদৰ আন আৰু ন জন পুত্রৰ নাম যিভৰ, ইলীচামা, ইলীফেলট,
7 Nogah, Nepheg, Japhia,
নোগহ, নেফগ, যাফীয়া,
8 Elishama, Eliada, and Eliphelet, a total of nine.
ইলীচামা, ইলিয়াদা, আৰু ইলীফেলট,
9 These were all the sons of David, apart from his sons by his concubines. Their sister was Tamar.
উপপত্নীসকলৰ পৰা হোৱা সন্তান সকলক বাদ দি এইসকলো দায়ূদৰ সন্তান; তামাৰ তেওঁলোকৰ ভনীয়েক আছিল।
10 The male lineage from Solomon was: Rehoboam, Abijah, Asa,
১০চলোমনৰ পুত্র ৰহবিয়াম। ৰহবিয়ামৰ পুত্র অবিয়া। অবিয়াৰ পুত্র আচা। আচাৰ পুত্র যিহোচাফট;
11 Jehoram, Ahaziah, Joash,
১১যিহোচাফটৰ পুত্র যোৰাম; যোৰামৰ পুত্র অহজিয়া; অহজিয়াৰ পুত্র যোৱাচ;
12 Amaziah, Azariah, Jotham,
১২যোৱাচৰ পুত্র অমচিয়া; অমচিয়াৰ পুত্র অজৰিয়া; অজৰিয়াৰ পুত্র যোথম; যোথমৰ পুত্র আহজ;
13 Ahaz, Hezekiah, Manasseh,
১৩আহজৰ পুত্র হিষ্কিয়া; হিষ্কিয়াৰ পুত্র মনচি;
14 Amon, Josiah.
১৪মনচিৰ পুত্র আমোন; আমোনৰ পুত্র যোচিয়া।
15 The sons of Josiah: Johanan (firstborn), Jehoiakim (second), Zedekiah (third), Shallum (fourth).
১৫যোচিয়াৰ প্ৰথম পুত্র যোহানন, দ্বিতীয় যিহোয়াকীম, তৃতীয় চিদিকিয়া, আৰু চতুৰ্থ চল্লুম।
16 The sons of Jehoiakim: Jehoiachin and Zedekiah.
১৬যিহোয়াকীমৰ পুত্র যকনিয়া, শেষৰ জন ৰজা আছিল চিদিকিয়া।
17 The sons of Jehoiachin who was taken into captivity: Shealtiel,
১৭বন্দী কৰি নিয়া যকনিয়াৰ পুত্রসকল, চল্টীয়েল,
18 Malkiram, Pedaiah, Shenazzar, Jekamiah, Hoshama, and Nedabiah.
১৮মল্কিৰাম, পদায়া, চিনচৰ, যকমিয়া, হোচামা, আৰু নদবিয়া।
19 The sons of Pedaiah: Zerubbabel and Shimei. The sons of Zerubbabel: Meshullam and Hananiah. Their sister was Shelomith.
১৯পদায়াৰ পুত্র জৰুব্বাবিল আৰু চিমিয়ী; জৰুব্বাবিলৰ পুত্র মচূল্লম আৰু হননিয়া; আৰু চলোমীৎ তেওঁলোকৰ ভনীয়েক আছিল।
20 Five additional sons were: Hashubah, Ohel, Berekiah, Hasadiah, and Jushab-Hesed.
২০তেওঁৰ আন পাঁচ জন পুত্র হ’ল হচূবা, ওহেল, বেৰেখিয়া, হচদিয়া আৰু যুচবহচেদ।
21 The sons of Hananiah: Pelatiah and Jeshaiah, and the sons of Rephaiah, the sons of Arnan, the sons of Obadiah, and the sons of Shecaniah.
২১হননিয়াৰ বংশধৰ সকল পলটিয়া, যিচয়া আৰু ৰফায়াৰ সন্তান সকল হ’ল অৰ্ণনৰ, ওবদিয়াৰ, আৰু চখনিয়া।
22 The sons of Shecaniah: Shemaiah and his sons: Hattush, Igal, Bariah, Neariah, and Shaphat—a total of six.
২২চখনিয়াৰ পুত্র চমৰিয়া। আৰু চমৰিয়াৰ ছয় জন পুত্র হ’ল হটূচ, যিগাল, বাৰীহ, নিয়ৰিয়া, আৰু চাফট।
23 The sons of Neariah: Elioenai, Hizkiah and Azrikam—a total of three.
২৩নিয়ৰিয়াৰ তিনি জন পুত্র হ’ল ইলীয়োঐনয়, হিষ্কিয়া, আৰু অজ্ৰীকাম।
24 The sons of Elioenai: Hodaviah, Eliashib, Pelaiah, Akkub, Johanan, Delaiah, and Anani—a total of seven.
২৪ইলীয়োঐনয়ৰ সাত জন পুত্র হ’ল হোদবিয়া, ইলিয়াচীব, পলায়া, অক্কুব, যোহানন, দলায়া, আৰু অনানী।

< 1 Chronicles 3 >