< 1 Chronicles 7 >
1 Now the sons of Issachar were Thola, and Phua, Jasub and Simeron, four.
১ইচাখৰৰ চাৰি জন পুত্র আছিল; তেওঁলোক হ’ল, তোলা, পূৱা, যাচূব, আৰু চিম্ৰোণ।
2 The sons of Thola: Ozi and Raphaia, and Jeriel, and Jemai, and Jebsem, and Samuel, chiefs of the houses of their kindreds. Of the posterity of Thola were numbered in the days of David, two and twenty thousand six hundred most valiant men.
২তোলাৰ পুত্র সকল হ’ল, উজ্জী, ৰফায়া, যিৰিয়েল, যহময়, যিবচম, আৰু চমূৱেল। এওঁলোক পূৰ্বপূৰুষৰ পৰা অহা বংশৰ মূল মানুহ। এয়াই হ’ল, তোলাৰ বংশ। তেওঁলোক শক্তিশালী আৰু সাহিয়াল আছিল, দায়ূদৰ সময়ত তেওঁলোকৰ সংখ্যা বাইশ হাজাৰ ছশ জন আছিল।
3 The sons of Ozi: Izrahia, of whom were born Michael, and Obadia, and Joel, and Jesia, five all great men.
৩উজ্জীৰ পুত্র যিজ্ৰহিয়া, যিজ্ৰহিয়াৰ পুত্র মীখায়েল, ওবদিয়া, যোৱেল, আৰু যিচিয়া, এই পাঁচ জনৰ সকলোৱেই নিজ গোষ্ঠীৰ নেতা আছিল।
4 And there were with them by their families and peoples, six and thirty thousand most valiant men ready for war: for they had many wives and children.
৪তেওঁলোকৰ সৈতে পিতৃ-বংশৰ জাতি অনুসাৰে যুদ্ধৰ বাবে ছয়ত্ৰিশ হাজাৰ সৈন্য আছিল। তেওঁলোকৰ বহুতো ভাৰ্যা আৰু সন্তান আছিল।
5 Their brethren also throughout all the house of Issachar, were numbered fourscore and seven thousand most valiant men for war.
৫পূৰ্বপূৰুষৰ জাতিৰ তালিকা অনুযায়ী ইচাখৰৰ জাতিৰ ভিতৰত তেওঁলোকৰ সাতাশী হাজাৰ যুদ্ধাৰু আছিল।
6 The sons of Benjamin were Bela, and Bechor, and Jadihel, three.
৬বেলা, বেখৰ, আৰু যিদীয়েল; এই তিনি জন আছিল বিন্যামীনৰ পুত্র।
7 The sons of Bela: Esbon, and Ozi, and Ozial, and Jerimoth and Urai, five chiefs of their families, and most valiant warriors, and their number was twenty-two thousand and thirty-four.
৭বেলাৰ পাঁচ জন পুত্র হ’ল, ইচবোন, উজ্জী, উজ্জীয়েল, যিৰীমোৎ, আৰু ঈৰী। তেওঁলোক নিজৰ গোষ্ঠীৰ মূল ব্যক্তি আৰু সৈনিক আছিল। পূৰ্বপূৰুষৰ তালিকা অনুযায়ী তেওঁলোকৰ যুদ্ধাৰুৰ সংখ্যা বাইশ হাজাৰ চৌত্ৰিশ জন আছিল।
8 And the sons of Bechor were Zamira, and Joas, and Eliezer, and Elioenai, and Amai, and Jerimoth, and Abia, and Anathoth, and Almath: all these were the sons of Bechor.
৮জমীৰা, যোৱাচ, ইলীয়েজৰ, ইলিয়োঐনয়, অম্ৰী, যিৰোমোৎ, অবিয়া, অনাথোৎ, আৰু আলেমৎ; এই সকলো বেখৰৰ সন্তান।
9 And they were numbered by the families, heads of their kindreds, most valiant men for war, twenty thousand and two hundred.
৯তালিকাত দিয়া গোষ্ঠীৰ সংখ্যা অনুযায়ী বিশ হাজাৰ দুশ পৰিয়ালৰ নেতা আৰু যুদ্ধাৰু লোক আছিল।
10 And the son of Jadihel: Balan. And the sons of Balan: Jehus and Benjamin and Aod, and Chanana, and Zethan and Tharsis, and Ahisahar.
১০যিদীয়েলৰ পুত্র বিলহন। বিলহনৰ পুত্র যিয়ূচ, বিন্যামীন, অহূদ, কনানা, জেথন, তৰ্চীচ, আৰু অহীচহৰ।
11 All these were sons of Jadihel, heads of their kindreds, most valiant men, seventeen thousand and two hundred fit to go out to war.
১১এই সকলো যিদীয়েলৰ সন্তান। তেওঁলোকৰ গোষ্ঠীৰ তালিকা অনুযায়ী সোঁতৰ হাজাৰ দুশ নেতা আৰু সৈনিকৰ কাৰ্যৰ বাবে উপযুক্ত যুদ্ধাৰু লোক আছিল।
12 Sepham also and Hapham the sons of Hir: and Hasim the sons of Aher.
১২চুপ্পীম আৰু হুপ্পীম ঈৰৰ বংশৰ আছিল আৰু অহেৰৰ বংশৰ আছিল হূচীম
13 And the sons of Nephtali were Jasiel, and Guni, and Jezer, and Sellum, sons of Bala.
১৩নপ্তালীৰ পুত্র যহচীয়েল, গূনী, যেচৰ, আৰু চল্লুম। এই লোকসকল আছিল বিলহাৰ নাতি ল’ৰা।
14 And the son of Manasses, Ezriel: and his concubine the Syrian bore Machir the father of Galaad.
১৪অস্ৰীয়েলৰ পুত্র আছিল মনচি। অস্রীয়েলৰ অৰামীয়া উপপত্নীয়ে তেওঁক জন্ম দিছিল। তেওঁ গিলিয়দৰ পিতৃ মাখীৰকো জন্ম দিছিল।
15 And Machir took wives for his sons Happhim, and Saphan: and he had a sister named Maacha: the name of the second was Salphaad, and Salphaad had daughters.
১৫মাখীৰে হুপ্পীম আৰু চুপ্পীমৰ বংশৰ পৰা এগৰাকী যুৱতীক ভাৰ্যা ৰূপে গ্রহণ কৰিছিল। তেওঁৰ এগৰাকী ভনীয়েকৰ নাম আছিল মাখা। মনচিৰ আন বংশধৰ আছিল চলফাদ, চলফাদৰ কেৱল জীয়েকহে আছিল।
16 And Maacha the wife of Machir bore a son, and she called his name Phares: and the name of his brother was Sares: and his sons were Ulam and Recen.
১৬মাখীৰৰ ভাৰ্যা মাখাই এটি পুত্ৰ প্ৰসৱ কৰি তেওঁৰ নাম পেৰচ ৰাখিলে, পেৰচৰ ভায়েকৰ নাম চেৰচ, আৰু চেৰচৰ পুত্র সকলৰ নাম উলম আৰু ৰেকম।
17 And the son of Ulam, Baden. These are the sons of Galaad, the son of Machir the son of Manasses.
১৭উলমৰ পুত্র বদান। এওঁলোক মনচিৰ নাতি মাখীৰৰ পুত্র গিলিয়দৰ সন্তান আছিল।
18 And his sister named Queen bore Goodlyman, and Abiezer, and Mohola.
১৮গিলিয়দৰ ভনীয়েক হম্মোলেকতে ইচহোদ, অবীয়াচৰ, আৰু মহলাক প্ৰসৱ কৰিলে।
19 And the sons of Semida were Ahiu, and Sechem, and Leci and Aniam.
১৯আৰু চমীদাৰ পুত্র অহিয়ন, চেখম, লিকহী, আৰু অনীয়াম।
20 And the sons of Ephraim were Suthala, Bared his son, Thahath his son, Elada his son, Thahath his son, and his son Zabad,
২০তলত উল্লেখিত সকল ইফ্ৰয়িমৰ বংশৰ লোকসকল: ইফ্ৰয়িমৰ পুত্র চুথেলহ, চুথেলহৰ পুত্র বেৰদ, বেৰদৰ পুত্র তহৎ, তহতৰ পুত্র ইলিয়াদা, ইলিয়াদৰ পুত্র তহৎ,
21 And his son Suthala, and his son Ezer, and Elad: and the men of Geth born in the land slew them, because they came down to invade their possessions.
২১তহতৰ পুত্র যাবদ, যাবদৰ পুত্র চূথেলহ। যেতিয়া এজৰ আৰু ইলিয়দে গাতৰ লোকসকলৰ পশু চুৰ কৰিবলৈ আহিছিল, তেতিয়া তেওঁলোকক গাতৰ লোকসকলে নগৰত বধ কৰিছিল।
22 And Ephraim their father mourned many days, and his brethren came to comfort him.
২২তেওঁলোকৰ পিতৃ ইফ্ৰয়িমে বহুত দিনলৈকে তেওঁলোকৰ বাবে শোক কৰিছিল, আৰু তেওঁৰ ভাই সকলে তেওঁক শান্ত্বনা দিবলৈ আহিছিল।
23 And he went in to his wife: and she conceived and bore a son, and he called his name Beria, because he was born when it went evil with his house:
২৩তেওঁ নিজৰ ভাৰ্য্যাৰ লগত শয়ন কৰিলে। তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁলোকৰ ঘৰত সেই সময়ত অমঙ্গল ঘটিছিল কাৰণে ইফ্ৰয়িমে তাৰ নাম ৰবীয়া ৰাখিলে।
24 And his daughter was Sara, who built Bethoron, the nether and the upper, and Ozensara.
২৪তেওঁৰ জীয়েকৰ নাম আছিল চেৰা। চেৰাই ওপৰ আৰু তল বৈৎ-হোৰোণ আৰু উজ্জেন চেৰা নিৰ্ম্মাণ কৰিছিল।
25 And Rapha was his son, and Reseph, and Thale, of whom was born Thaan,
২৫ৰবীয়াৰ পুত্র আছিল ৰেফহ। ৰেফহৰ পুত্র আছিল ৰেচফ। ৰেচফৰ পুত্র আছিল তেলহ। তেলহৰ পুত্র আছিল তহন।
26 Who begot Laadan: and his son was Ammiud, who beget Elisama,
২৬তহনৰ পুত্র আছিল লদ্দন। লদ্দনৰ পুত্র আছিল অম্মীহূদ। অম্মীহূদৰ পুত্র আছিল ইলীচামা।
27 Of whom was born Nun, who had Josue for his son.
২৭ইলীচামাৰ পুত্ৰ আছিল নূন। নুনৰ পুত্ৰ আছিল যিহোচূৱা।
28 And their possessions and habitations were Bethel with her daughters, and eastward Noran, and westward Gazer and her daughters, Sichem also with her daughters, as far as Ass with her daughters.
২৮তেওঁলোকে বৈৎএল আৰু তাৰ চাৰিওফালৰ গাওঁ অধিকাৰ কৰি তাতে বসবাস কৰিছিল। তেওঁলোকে পূবদিশে নাৰণ, পশ্চিমদিশে গেজৰ আৰু তাৰ গাওঁসমূহ, চিখিম আৰু তাৰ গাওঁসমূহ, অহিয়া আৰু তাৰ গাওঁসমূহলৈকে বিস্তাৰিত হৈছিল।
29 And by the borders of the sons of Manasses Bethsan and her daughters, Thanach and her daughters, Mageddo and her daughters: Dor and her daughters: in these dwelt the children of Joseph, the son of Israel.
২৯মনচিৰ সীমাত বৈৎ-চান আৰু তাৰ গাওঁসমূহ, তানক আৰু তাৰ গাওঁসমূহ, মগিদ্দো আৰু তাৰ গাওঁসমূহৰ লগতে দোৰ আৰু তাৰ গাওঁসমূহ। এইবোৰ ঠাইত ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ বংশৰ লোকসকলে বাস কৰিছিল।
30 The children of Aser were Jemna, and Jesua, and Jessui, and Baria, and Sara their sister.
৩০আচেৰৰ পুত্র যিম্না, যিচবা, যিচবি, বৰীয়া আৰু তেওঁলোকৰ ভনীয়েক চেৰহ আছিল।
31 And the sons of Baria: Haber, and Melchiel: he is the father of Barsaith.
৩১বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল। এওঁ বিৰ্জয়িতৰ পিতৃ আছিল।
32 And Heber beget Jephlat, and Somer, and Hotham, and Suaa their sister.
৩২হেবৰৰ পুত্র যফলেট, চোমেৰ, আৰু হোথম। এওঁলোকৰ চূৱা নামেৰে ভনী আছিল।
33 The sons of Jephlat: Phosech, and Chamaal, and Asoth: these are the sons of Jephlat.
৩৩যফলেটৰ পুত্র পাচক, বিমহল, আৰু অশ্বৎ। এওঁলোক যফলেটৰ সন্তান।
34 And the sons of Somer: Ahi, and Roaga, and Haba, and Aram.
৩৪যফলেটৰ ভায়েক চেমৰৰ পুত্রসকল: ৰহগা, যিহুব্বা, আৰু আৰাম।
35 And the sons of Helem his brother: Supha, and Jemna, and Selles, and Amal.
৩৫চেমৰৰ ভায়েক হেলমৰ পুত্রসকল: চোফহ, যিম্না চেলচ, আৰু আমল।
36 The sons of Supha: Sue, Hernapher, and Sual, and Beri, and Jamra.
৩৬চোফহৰ পুত্র চূহ, হৰ্ণেফৰ, চূৱাল, বেৰী, আৰু যিম্ৰা,
37 Bosor and Hod, and Samma, and Salusa, and Jethran, and Bera.
৩৭বেৰচ, হোদ, চম্মা, চিলচা, ষিত্ৰণ, আৰু বেৰা।
38 The sons of Jether: Jephone, and Phaspha, and Ara.
৩৮যেথৰৰ পুতেক যিফুন্নি, পিস্পা, আৰু অৰা।
39 And the sons of Olla: Aree, and Haniel, and Resia.
৩৯উল্লাৰ বংশধৰসকল হ’ল আৰহ, হন্নীয়েল, আৰু ৰিচিয়া।
40 All these were sons of Aser, heads of their families, choice and most valiant captains of captains: and the number of them that were of the age that was fit for war, was six and twenty thousand.
৪০এই সকলো আচেৰৰ বংশধৰ আছিল। এওঁলোক গোষ্ঠীৰ মূল ব্যক্তি, পৰিয়ালৰ নেতা, বিশিষ্ট লোক, যুদ্ধাৰু, আৰু নেতাসকলৰ মাজত প্ৰধান আছিল। তেওঁলোকৰ গণনাৰ তালিকা অনুসৰি যুদ্ধৰ বাবে ছাবিশ হাজাৰ উপযুক্ত সৈনিক আছিল।