< Psalms 129 >
1 A Song of degrees. Many a time have they afflicted me from my youth — oh let Israel say —
১ইস্ৰায়েলে কওঁক, “যৌৱন কালৰ পৰাই তেওঁলোকে মোক অনেক আক্রমণ কৰিলে।”
2 Many a time have they afflicted me from my youth; yet they have not prevailed against me.
২“যৌৱন কালৰে পৰা তেওঁলোকে মোক অনেক দুখ দিলে; তথাপি মোক জিনিব পৰা নাই।
3 The ploughers ploughed upon my back; they made long their furrows.
৩হালোৱাই মোৰ পিঠিত হাল বালে; তেওঁলোকে দীঘলকৈ সীৰলু কাটিলে।”
4 Jehovah is righteous: he hath cut asunder the cords of the wicked.
৪যিহোৱা ধাৰ্মিক; তেওঁ মোক দুষ্টলোকৰ দাসত্বৰ পৰা মুক্ত কৰিলে।
5 Let them be ashamed and turned backward, all that hate Zion;
৫যিসকলে চিয়োনক ঘিণ কৰে, তেওঁলোক লজ্জিত হওঁক, বিমুখ হওঁক।
6 Let them be as the grass upon the house-tops, which withereth before it is plucked up,
৬তেওঁলোক ঘৰৰ চালৰ ওপৰত গজা ঘাঁহৰ দৰে হওঁক, যি নৌ বাঢ়োতেই শুকাই যায়;
7 Wherewith the mower filleth not his hand, nor he that bindeth sheaves his bosom;
৭যেয়ে তাক দাব বিচাৰে, তাৰে তেওঁৰ হাতৰ মুঠি পূৰ নহয়, যেয়ে তাক ডাঙৰি বান্ধিব বিচাৰে, তাৰে তেওঁৰ ভড়াল পূর্ণ নহয়।
8 Neither do the passers-by say, The blessing of Jehovah be upon you; we bless you in the name of Jehovah!
৮বাটৰুৱাবোৰে সেই ফালেদি গ’লে তেওঁলোকক এনেদৰে নকয়, “তোমালোকৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ থাকক! যিহোৱাৰ নামেৰে আমি তোমালোকক আশীৰ্ব্বাদ দিছোঁ।”