< Joshua 18 >
1 And the whole assembly of the children of Israel gathered together at Shiloh, and set up the tent of meeting there; and the land was subdued before them.
১পাছত ইস্ৰায়েলৰ সন্তান সকলৰ সমাজে চীলোত গোট খালে আৰু সেই ঠাইতে সাক্ষাৎ কৰা তম্বু স্থাপন কৰিলে৷ আৰু সন্মুখত থকা দেশ তেওঁলোকে বশীভুত কৰিলে৷
2 And there remained among the children of Israel seven tribes whose inheritance had not been distributed to them.
২ইস্ৰায়েলৰ লোকসকলৰ মাজত সেই সাতোটা ফৈদৰ উত্তৰাধিকাৰ তেতিয়ালৈকে নিৰূপিত হোৱা নাছিল৷
3 And Joshua said to the children of Israel, How long will ye shew yourselves slack to go to take possession of the land which Jehovah the God of your fathers hath given you?
৩যিহোচূৱাই ইস্ৰায়েলৰ লোকসকলক ক’লে, “তোমালোকৰ পুৰ্ব্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া দেশত যাবলৈ কিমান কাল অৱহেলা কৰি থাকিবা?”
4 Provide you three men for a tribe; that I may send them, and they shall rise and go through the land, and describe it according to the proportion of their inheritance, and they shall come to me.
৪প্ৰত্যেক ফৈদৰ পৰা তিনি জনকৈ ব্যক্তি তোমালোকৰ নিজৰ কাৰণে নিযুক্ত কৰা৷ মই তেওঁলোকক পঠিয়াম৷ তেওঁলোকে গৈ দেশৰ সকলো ঠাইৰ বিষয়ে নিৰীক্ষণ কৰিব৷ তেওঁলোকে নিজ নিজ উত্তৰাধিকাৰৰ বিষয়ে বর্ণনা কৰি লিখিব আৰু তাৰ পাছত মোৰ ওচৰলৈ উভতি আহিব।
5 And they shall divide it into seven portions. Judah shall remain in their border on the south, and the house of Joseph shall remain in their border on the north;
৫তেওঁলোকে সেই ঠাই সাতোটা ভাগ কৰিব৷ যিহূদা দক্ষিণফালে থকা তেওঁলোকৰ সীমাৰ ভিতৰত থাকিব আৰু উত্তৰ ফালে আগতে থকাৰ দৰে যোচেফৰ বংশই নিজৰ সীমাত থাকিব।
6 and ye shall describe the land into seven portions, and bring [the description] hither to me, and I will cast lots for you here before Jehovah our God.
৬এইদৰে তোমালোকে দেশখন সাত অংশ কৰি, সেই বিষয়ে বৰ্ণনা লিখি মোৰ ওচৰলৈ আনিবা৷ মই ইয়াত, আমাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে তোমালোকৰ বাবে চিঠি খেলাম।
7 But the Levites have no portion among you, for the priesthood of Jehovah is their inheritance. And Gad, and Reuben, and half the tribe of Manasseh have received their inheritance beyond the Jordan on the east, which Moses the servant of Jehovah gave them.
৭তোমালোকৰ মাজত লেবীয়াসকলৰ কোনো ভাগ নাই কিয়নো যিহোৱাৰ পুৰোহিতৰ পদেই তেওঁলোকৰ উত্তৰাধিকাৰ৷ গাদ, ৰূবেণ আৰু মনচিৰ আধা ফৈদে যৰ্দ্দনৰ সিপাৰে নিজ নিজ উত্তৰাধিকাৰ গ্ৰহণ কৰিলে।
8 And the men arose and went away. And Joshua charged them that went to describe the land, saying, Go and walk through the land, and describe it, and come again to me, and I will cast lots for you here before Jehovah in Shiloh.
৮তেতিয়া সেই লোকসকল উঠি তালৈ গ’ল; যিসকল দেশৰ বৰ্ণনা লিখি আনিবলৈ যোৱা লোক আছিল, সেই লোকসকলক যিহোচূৱাই এই আজ্ঞা দি ক’লে, “তোমালোকে গৈ দেশৰ উচ্চ আৰু নিম্ন ভূমি অঞ্চলৰ সকলো ফালে ফুৰি, দেশৰ বৰ্ণনা লিখি মোৰ ওচৰলৈ উভতি আহিবা৷ মই এই চীলোত, যিহোৱাৰ সাক্ষাতে, তোমালোকৰ বাবে চিঠি খেলাম।”
9 And the men went and passed through the land, and described it by cities into seven portions, in a book, and they came to Joshua, to the camp at Shiloh.
৯তেতিয়া সেই লোক কেইজন গৈ দেশখনৰ সকলো ঠাই ফুৰি, প্ৰত্যেক নগৰ অনুসাৰে সাতোটা ভাগৰ আৰু প্ৰত্যেক ভাগৰ নগৰসমূহৰ তালিকা কৰি, নুৰিয়াই ৰখা কাকতত বৰ্ণনা লিখিলে৷ তাৰ পাছত তেওঁলোকে চীলোৰ ছাউনিত থকা যিহোচূৱাৰ ওচৰলৈ উভতি আহিল।
10 And Joshua cast lots for them in Shiloh before Jehovah. And there Joshua divided the land to the children of Israel according to their divisions.
১০তেতিয়া যিহোচূৱাই চীলোত যিহোৱাৰ সাক্ষাতে তেওঁলোকৰ অৰ্থে চিঠি খেলালে৷ এইদৰে যিহোচূৱাই সেই ঠাইতে ইস্ৰায়েলৰ লোকসকলৰ ভাগ অনুসাৰে দেশখন ভাগ কৰি তেওঁলোকক দিলে।
11 And the lot of the tribe of the children of Benjamin came up according to their families. And the territory of their lot came forth between the children of Judah and the children of Joseph.
১১নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদক মাটিৰ ভাগ দিয়া হ’ল৷ তেওঁলোকক ভাগ দিয়া অংশৰ অঞ্চল যিহূদাৰ বংশধৰ আৰু যোচেফৰ বংশধৰৰ মাজত অৱস্থিত আছিল৷
12 And their border on the north side was from the Jordan; and the border went up to the side of Jericho on the north, and went up to the mountain westward; and ended at the wilderness of Beth-Aven;
১২তেওঁলোকৰ উত্তৰ ফালৰ সীমা যৰ্দ্দনত আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা উঠি গৈ যিৰীহোৰ উত্তৰ ফালে থকা পর্বতমালা হৈ পশ্চিম দিশে থকা পর্বতৰ দেশলৈকে হ’ল৷ তাৰ পাছত সেই সীমা বৈৎ-আবনৰ মৰুপ্ৰান্তত উপনীত হ’ল৷
13 and the border passed on from thence toward Luz, to the south side of Luz, which is Bethel: and the border went down to Ataroth-Addar, near the hill that is on the south of the lower Beth-horon.
১৩তাৰ পৰা সেই সীমা লুজ অৰ্থাৎ বৈৎএলৰ দক্ষিণ দাঁতিলৈ গ’ল৷ তাৰ পাছত বৈৎ-হোৰোণৰ দক্ষিণে থকা পৰ্ব্বতেদি অটৰোৎ-অদ্দৰৰ তললৈ নামি গ’ল।
14 — And the border reached along and turned on the west side, southward from the hill that is before Beth-horon southward; and ended at Kirjath-Baal, which is Kirjath-jearim, a city of the children of Judah: this is the west side.
১৪বৈৎ-হোৰোণৰ সন্মূখত থকা পর্বতৰ পৰা সেই সীমা পশ্চিম দিশে ঘূৰি যিহূদাৰ গোষ্ঠীৰ নগৰ কিৰিয়ৎ-বাল অর্থাৎ কিৰিয়ৎ-যিয়াৰীমত ইয়াৰ সীমাৰ অন্ত পৰিল; এইদৰে পশ্চিম সীমা গঠন কৰিলে।
15 — And the south side was from the extreme end of Kirjath-jearim, and the border went out on the west, and went out to the spring of the waters of Nephtoah.
১৫দক্ষিণ ফালৰ সীমা থিক কিৰিয়ৎ-যিয়াৰীমৰ অন্তৰ পৰা আৰম্ভ হৈছিল৷ তাৰ পৰা সেই সীমা ইফ্ৰোণ হৈ নেপ্তোহ নামৰ জলৰ ভুমুকলৈ হ’ল।
16 And the border went down to the end of the mountain that is before the valley of the son of Hinnom, which is in the valley of Rephaim on the north, and went down the valley of Hinnom, to the side of the Jebusite on the south, and went down to En-rogel;
১৬পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাৰ সন্মুখে আৰু ৰফায়ীম পৰ্ব্বতৰ উত্তৰ ফালে থকা পৰ্বতৰ তললৈকে নামি গৈ, হিন্নোমৰ উপত্যকেদি যিবুচিৰ দক্ষিণ কাষলৈ নামি অয়িন-ৰোগেললৈ গ’ল।
17 and it reached along on the north, and went forth to En-shemesh, and went forth towards Geliloth, which is opposite to the ascent of Adummim, and went down to the stone of Bohan, the son of Reuben,
১৭পাছত উত্তৰ ফালে ঘূৰি, সেই সীমা অয়িন-চেমচৰ দিশে গলীলোতত ওলাল, যি অদুম্মীমলৈ উঠি যোৱা পথৰ বিপৰীতে অৱস্থিত আছিল৷ পাছত সেই সীমা বোহনৰ শিলটোলৈকে নামি গ’ল৷
18 and passed along towards the side opposite to Arabah northwards, and went down to Arabah;
১৮পাছত এই সীমাটো বৈৎ-অৰাবৰ উত্তৰে গৈ অৰাবালৈ নামি গ’ল;
19 and the border passed on to the side of Beth-hoglah on the north, and the border ended at the tongue of the salt sea northward, at the south end of the Jordan: this is the southern border.
১৯সেই সীমা বৈৎ-হগ্লাৰ উত্তৰ দিশে গৈ যৰ্দ্দনৰ দক্ষিণ মুৰত থকা লৱণ-সমুদ্ৰৰ উত্তৰ উপসাগৰত শেষ হ’ল৷ এয়ে দক্ষিণ ফালে থকা সীমা আছিল৷
20 — And the Jordan borders it on the east side. — This was the inheritance of the children of Benjamin, according to its borders round about, according to their families.
২০যৰ্দ্দনেই পূবফালে তাৰ সীমা গঠন কৰিলে। এয়ে আছিল বিন্যামীনৰ ফৈদৰ উত্তৰাধিকাৰ, এই সীমাৰ চাৰিওফালে থকা ঠাই তেওঁলোকক বংশ অনুসাৰে দিয়া হ’ল।
21 And the cities of the tribe of the children of Benjamin according to their families were: Jericho, and Beth-hoglah, and Emek-Keziz,
২১নিজ নিজ বংশ অনুসাৰে বিন্যামীনৰ ফৈদৰ নগৰবোৰ আছিল যিৰীহো, বৈৎ-হগ্লা, এমক-কচিচ,
22 and Beth-Arabah, and Zemaraim, and Bethel,
২২বৈৎ-অৰাবা, চমাৰয়িম, বৈৎএল।
23 and Avvim, and Parah, and Ophrah,
২৩অব্বীম, পাৰা, অফ্ৰা,
24 and Chephar-haammonai, and Ophni, and Geba: twelve cities and their hamlets;
২৪কফৰ-অন্মোনী, অফনী আৰু গেবা৷ এই বাৰখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল।
25 Gibeon, and Ramah, and Beeroth,
২৫তাৰ ওপৰিও আন নগৰবোৰ হ’ল, যেনে - গিবিয়োন, ৰামা, বেৰোৎ,
26 and Mizpeh, and Chephirah, and Mozah,
২৬মিস্পী, কফীৰা, মোচা,
27 and Rekem, and Jirpeel, and Tharalah,
২৭ৰেকম, যিৰ্পেল, তৰলা,
28 and Zelah, Eleph, and Jebusi, that is, Jerusalem, Gibeah, Kirjath: fourteen cities and their hamlets. This was the inheritance of the children of Benjamin according to their families.
২৮চেলা, এলফ আৰু যিবুচী অৰ্থাৎ যিৰূচালেম, গিবিয়ৎ আৰু কিৰিয়ৎ৷ এই চৌধ্যখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল। এই অঞ্চলবোৰত বিন্যামীনৰ নিজ নিজ বংশ অনুসাৰে উত্তৰাধিকাৰ আছিল৷