< Job 32 >
1 And these three men ceased to answer Job, because he was righteous in his own eyes.
১ইয়োবে নিজৰ দৃষ্টিত নিজকে ধাৰ্মিক বুলি মনাত, সেই তিনিজনে তেওঁক উত্তৰ দিবলৈ এৰিলে।
2 Then was kindled the anger of Elihu the son of Barachel, the Buzite, of the family of Ram: against Job was his anger kindled, because he justified himself rather than God;
২এতিয়া ৰামৰ গোষ্ঠীৰ বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৰ ক্ৰোধ জ্বলি উঠিল; ইয়োবে ঈশ্বৰক ধাৰ্মিক নাপাতি নিজকে পতাত্হে তেওঁৰ ওপৰত ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।
3 and against his three friends was his anger kindled, because they found no answer, and [yet] condemned Job.
৩আৰু বন্ধু তিনি জনে ইয়োবক উত্তৰ দিব নোৱাৰিও তেওঁক দোষী কৰাত, তেওঁলাকলৈকো ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।
4 But Elihu had waited till Job had finished speaking, because they were older than he.
৪তেওঁবিলাক ইলীহুত্কৈ বয়সত ডাঙৰ দেখি, ইলীহুৱে ইয়োবক কথা কবলৈ বাট চাইছিল।
5 And Elihu saw that there was no answer in the mouth of the three men, and his anger was kindled.
৫পাছে সেই তিনিজন লোকৰ মুখত উত্তৰ নোহোৱা দেখি, ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।
6 And Elihu the son of Barachel the Buzite answered and said, I am young, and ye are aged; wherefore I was timid, and feared to shew you what I know.
৬তাতে বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৱে উত্তৰ কৰি কলে, মই ডেকা, তোমালোক বুঢ়া; এই নিমিত্তে, মই তোমালোকৰ আগত মোৰ মত জনাবলৈ, ভয় কৰি কোঁচ খাই আছিলোঁ।
7 I said, Let days speak, and multitude of years teach wisdom.
৭মই মনতে কৈছিলোঁ, বহুদিনিয়া লোকেই কওক, আৰু অধিক বয়সীয়া লোকেই জ্ঞান শিক্ষা দিয়ক।
8 But there is a spirit which is in man; and the breath of the Almighty giveth them understanding.
৮কিন্তু মনুষ্যৰ অন্তৰত আত্মা আছে, সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসে সিহঁতক বিবেচনা কৰে।
9 It is not the great that are wise; neither do the aged understand judgment.
৯বৰ বৰ লোক যে জ্ঞানী, এনে নহয়; আৰু বৃদ্ধবিলাকেই যে বিচাৰ বুজে, সিও নহয়।
10 Therefore I say, Hearken to me; I also will shew what I know.
১০এই হেতুকে মই কওঁ, মোলৈ কাণ পাতা; মইও মোৰ মত প্ৰকাশ কৰোঁ।
11 Lo, I waited for your words; I gave ear to your reasonings, until ye searched out what to say.
১১চোৱা, যেতিয়ালৈকে তোমালোকে কথা বিচাৰিছিলা, তেতিয়ালৈকে মই তোমালোকৰ বাক্যলৈ বাট চাইছিলোঁ, তোমালোকৰ হেতুবাদলৈ কাণ পাতিছিলোঁ।
12 Yea, I gave you mine attention, and behold, there was none of you that confuted Job, that answered his words;
১২মই তোমালোকলৈ মন দি আছিলোঁ, কিন্তু চোৱা, ইয়োবক ঘটুৱাব পৰা, বা তেওঁৰ উত্তৰ কাটিব পৰা, তোমালোকৰ মাজত কোনো নাছিল।
13 That ye may not say, We have found out wisdom; God will make him yield, not man.
১৩সাৱধান, তোমালোকে নকবা যে, “তেওঁত আমি জ্ঞান পালোঁ; তেওঁক পৰাজয় কৰা ঈশ্বৰৰহে সাধ্য, মানুহৰ অসাধ্য;”
14 Now he hath not directed [his] words against me; and I will not answer him with your speeches. ...
১৪কিয়নো তেওঁ মোৰ অহিতে কথা কোৱা নাই; আৰু মইও তোমালোকৰ কথাৰে তেওঁক উত্তৰ নিদিম।
15 They were amazed, they answered no more; words failed them.
১৫তোমালোকে তধা লাগিল, উত্তৰ নিদিয়ে আৰু; তেওঁবিলাকৰ কবলৈকে কথা নাইকিয়া হল।
16 And I waited, for they spoke not, but stood still, and answered no more; —
১৬মই আৰু কিয় বাট চাম? তেওঁবিলাকে কথা নকয়; তেওঁবিলাকে ঠৰ লাগি ৰল, উত্তৰ নিদিয়ে আৰু।
17 I will answer, I also in my turn, I also will shew what I know:
১৭মইও নিজৰ পক্ষে উত্তৰ দিম; মইও নিজৰ মন জনাম।
18 For I am full of matter, the spirit within me constraineth me.
১৮কিয়নো মই কথাৰে পৰিপূৰ্ণ, মোৰ অন্তৰত থকা আত্মাই মোক বল কৰিছে।
19 Behold, my belly is as wine which hath no vent; like new flasks, it is ready to burst.
১৯চোৱা, মোৰ পেট বন্ধ কৰি থোৱা দ্ৰাক্ষা ৰসৰ নিচিনা। সেয়ে নতুন ৰসৰ মোটৰ দৰে ফাটি যাওঁ যাওঁ হৈছে।
20 I will speak, that I may find relief; I will open my lips and answer.
২০মই উপশম পাবৰ নিমিত্তে কথা কম; মই মুখ মেলি উত্তৰ কৰিম।
21 Let me not, I pray you, accept any man's person; neither will I give flattery to man.
২১মই কাৰো মুখলৈ নাচাম, আৰু মই কাকো খুচামোদ নকৰিম।
22 For I know not how to flatter; my Maker would soon take me away.
২২কিয়নো মই খুচামোদ কৰিব নাজানো; কৰিলে, মোৰ সৃষ্টিকৰ্ত্তাই শীঘ্ৰে মোক ইহলোকৰ পৰা লৈ যাব।