< Job 26 >

1 And Job answered and said,
তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে,
2 How hast thou helped the powerless; how saved the arm that is without strength!
“তুমি দুৰ্ব্বলক বৰ সহায় কৰিলা! আৰু বল নথকা বাহুক বৰ নিস্তাৰ কৰিলা!
3 How hast thou counselled him that hath no wisdom, and abundantly declared the thing as it is!
আৰু জ্ঞানহীনক বৰ পৰামৰ্শ দিলা! আৰু মূল কথা বৰ ভালকৈ বুজালা!
4 For whom hast thou uttered words? and whose spirit came from thee?
তুমি নো কাৰ আগত কথা কলা? কাৰ নিশ্বাস নো তোমাৰ মুখৰ পৰা ওলাল?”
5 The shades tremble beneath the waters and the inhabitants thereof;
বিল্দদে উত্তৰ কৰি ক’লে, “যি সকল সম্প্রতি মৃত, অবহেলিত, উদ্বিগ্ন, যিসকলে জল সমূহৰ তলত নিবাস কৰে ---
6 Sheol is naked before him, and destruction hath no covering. (Sheol h7585)
তেওঁৰ আগত চিয়োল অনাবৃত, আৰু বিনাশৰ ঠাইৰ ঢাকনি নাই। (Sheol h7585)
7 He stretcheth out the north over empty space, he hangeth the earth upon nothing;
তেওঁ শূন্যৰ ওপৰত উত্তৰৰ আকাশ বিস্তৰ কৰে, আৰু পৃথিবীক শূন্যত ওলোমাই থয়।
8 He bindeth up the waters in his thick clouds, and the cloud is not rent under them.
তেওঁ নিজৰ ঘন মেঘত জল বন্ধ কৰে; তথাপি জলৰ ভৰত মেঘ নাফাটে।
9 He covereth the face of his throne, he spreadeth his cloud upon it.
তেওঁ পূৰ্ণিমাৰ চন্দ্রৰ মূখ ঢাকি দিয়ে, আৰু তাৰ ওপৰত তেওঁৰ মেঘ বিস্তাৰ কৰে।
10 He hath traced a fixed circle over the waters, unto the confines of light and darkness.
১০যি ঠাইত আন্ধাৰ আৰু পোহৰ লগ লাগিছে, সেই ঠাইকে তেওঁ সীমা কৰি সমুদ্ৰৰ ওপৰত চক্ৰাকাৰ ৰেখা আঁকে,
11 The pillars of the heavens tremble and are astonished at his rebuke.
১১তেওঁৰ ধমকিত আকাশ-মণ্ডলৰ স্তম্ভবোৰ কঁপে, আৰু বিচুৰ্ত্তি হয়,
12 He stirreth up the sea by his power, and by his understanding he smiteth through Rahab.
১২তেওঁ নিজৰ পৰাক্ৰমেৰে সাগৰকো আস্ফালন কৰায়, আৰু নিজ বুদ্ধিৰে ৰাহবক ডোখৰ ডোখৰ কৰে।
13 By his Spirit the heavens are adorned; his hand hath formed the fleeing serpent.
১৩তেওঁৰ আত্মাৰ দ্ধাৰাই আকাশ-মণ্ডল বিভুষিত হয়; আৰু তেওঁৰ হাতে পলাই যোৱা নাগটোক খুচি মাৰিলে।
14 Lo, these are the borders of his ways; but what a whisper of a word do we hear of him! And the thunder of his power, who can understand?
১৪চোৱা, এইবোৰ তেওঁৰ কাৰ্যবোৰৰ কণিকা মাথোন, আৰু আমি তেওঁৰ বিষয়ে কেনে সৰু ফুচফুচনি শুনিছো! কিন্তু তেওঁৰ পৰাক্ৰমৰ গৰ্জ্জন কোনে বুজিব পাৰে?

< Job 26 >