< Galatians 5 >
1 Christ has set us free in freedom; stand fast therefore, and be not held again in a yoke of bondage.
১খ্ৰীষ্টে আমাক স্বাধীন কৰিছে যাতে আমি স্বাধীন ভাবে থাকিব পাৰোঁ; এতেকে সুস্থিৰ হওক, পুনৰ দাসত্বৰ ফান্দত নপৰিব।
2 Behold, I, Paul, say to you, that if ye are circumcised, Christ shall profit you nothing.
২চাওক, মই পৌলে আপোনালোকক কৈ আছোঁ, যদি আপোনালোকে চুন্নৎ কৰা যোগেদি পুনৰ বিধিবোৰলৈ ঘুৰি যায়, তেনেহলে খ্ৰীষ্টত আপোনালোকৰ একো লাভ নহ’ব।
3 And I witness again to every man [who is] circumcised, that he is debtor to do the whole law.
৩পুনৰ মই সকলো মানুহক সাক্ষ্য দি কওঁ যে, আপোনালোকে যদি চুন্নৎ হবলৈ বিচাৰি আছে, তেতিয়াহলে প্ৰতিজনে বিধান পালন কৰিব লাগিব।
4 Ye are deprived of all profit from the Christ as separated [from him], as many as are justified by law; ye have fallen from grace.
৪পূৰ্বতে অাপোনালোক খ্ৰীষ্টৰ পৰা বিচ্ছিন্ন হৈ আছিল, আপোনালোক সকলোৱে বিধানৰ দ্বাৰাই বিচাৰত গ্ৰহণীয় হোৱাটো বিচাৰিছিল; এইদৰে আপোনালোক অনুগ্ৰহৰ পৰা খহি পৰিছিল৷
5 For we, by [the] Spirit, on the principle of faith, await the hope of righteousness.
৫কিয়নো আমি আত্মাৰ যোগেদি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিকতাৰ আশা লৈ বাট চাই আছোঁ।
6 For in Christ Jesus neither circumcision has any force, nor uncircumcision; but faith working through love.
৬কিয়নো খ্ৰীষ্ট যীচুত চুন্নৎ আৰু অচুন্নতৰ একো সাৰ্থকতা নাই, কিন্তু ইয়াৰ পৰিৱৰ্তে প্ৰেমৰ যোগেদি একমাত্ৰ বিশ্বাসে কাৰ্য সাধন কৰে।
7 Ye ran well; who has stopped you that ye should not obey the truth?
৭আপোনালোকে ভালদৰে দৌৰিছিল; পাছত কোনে আপোনালোকক সত্যক নামানিবলৈ বাধা জন্মালে?
8 The persuasibleness [is] not of him that calls you.
৮যি জনে আপোনালোকক প্ৰৰোচনা কৰিছে, সেই জন আপোনালোকক আহ্বান কৰা জনৰ পৰা অহা নহয়।
9 A little leaven leavens the whole lump.
৯অলপ খমিৰে সনা পিঠাগুড়িৰ আটাইখিনিকে ফুলায়।
10 I have confidence as to you in [the] Lord, that ye will have no other mind; and he that is troubling you shall bear the guilt [of it], whosoever he may be.
১০আপোনালোকে যে আন কোনো বিষয় নাভাবে, এই বিষয়ে প্ৰভুত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে; কিন্তু যি জনে আপোনালোকক অস্থিৰ কৰে, সেই জনে নিজ দণ্ড ভোগ কৰিব, তেওঁ যি কোনোৱে নহওক।
11 But I, brethren, if I yet preach circumcision, why am I yet persecuted? Then the scandal of the cross has been done away.
১১হে ভাই সকল, মই যদি চুন্নৎ হোৱা বিধান ৰাজহুৱা ভাবে প্রচাৰ কৰোঁ, তেনেহলে মই কিয় এতিয়াও নির্যাতন ভোগ কৰি আছোঁ? কিন্তু চুন্নতৰ প্ৰয়োজন সমন্ধে যদি এতিয়াও কওঁ তেতিয়া হ’লে, ক্ৰুচৰ বিঘিনি লুপ্ত হ’লহেঁতেন।
12 I would that they would even cut themselves off who throw you into confusion.
১২যি সকলে আপোনালোকক ভুল ধাৰণা দি আছে, তেওঁলোকে নিজে আগুৱাই যাওঁক আৰু নিজে নিজৰ অণ্ডকোষো ছেদন কৰক।
13 For ye have been called to liberty, brethren; only [do] not [turn] liberty into an opportunity to the flesh, but by love serve one another.
১৩হে ভাই সকল, আপোনালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হ’ল৷ আপোনালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পুৰ কৰিবৰ কাৰণে নহওক; কিন্তু প্ৰেমৰ যোগেদি এজনে আন জনৰ সেৱাকৰ্ম কৰক।
14 For the whole law is fulfilled in one word, in Thou shalt love thy neighbour as thyself;
১৪কিয়নো সকলো বিধান সিদ্ধ হৈ এটা আজ্ঞাতে স্থিৰ আছে, সেইটো হ’ল, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷’
15 but if ye bite and devour one another, see that ye are not consumed one of another.
১৫কিন্তু আপোনালোকে যদি পৰস্পৰৰ মাজত খোৱা-কামোৰা কৰি থাকে, তেনেহলে সাৱধান হ’ব, যাতে আপোনালোকে এইদৰে ইজনে সিজনৰ অনিষ্ট সাধন নকৰে৷
16 But I say, Walk in [the] Spirit, and ye shall no way fulfil flesh's lust.
১৬কিন্তু মই কওঁ, আপোনালোকে আত্মাৰে চলক; তাতে কোনোমতে আপোনালোকে মাংসৰ অভিলাষ পুৰ নকৰিব।
17 For the flesh lusts against the Spirit, and the Spirit against the flesh: and these things are opposed one to the other, that ye should not do those things which ye desire;
১৭কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে; কাৰণ আপোনালোকে যি কৰিবলৈ ইচ্ছা কৰে, তাক যেন আপোনালোকে নকৰে, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী।
18 but if ye are led by the Spirit, ye are not under law.
১৮কিন্তু আপোনালোকে যদি আত্মাৰ দ্বাৰাই চালিত হয়, তেনেহলে আপোনালোক বিধানৰ অধীন নহয়।
19 Now the works of the flesh are manifest, which are fornication, uncleanness, licentiousness,
১৯এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ,
20 idolatry, sorcery, hatred, strifes, jealousies, angers, contentions, disputes, schools of opinion,
২০মূৰ্তিপূজা, মায়াকৰ্ম্ম, নানা বিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ বিভেদ, নানামত অসূয়া, মত্ততা,
21 envyings, murders, drunkennesses, revels, and things like these; as to which I tell you beforehand, even as I also have said before, that they who do such things shall not inherit God's kingdom.
২১হিংসুক, মতলীয়া, মতলীয়া হৈ হাই-কাজিয়া কৰা, আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম; এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ, তেনেকৈ এতিয়াও কৈছোঁ, যি সকলে এনে আচৰণ কৰে, তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব।
22 But the fruit of the Spirit is love, joy, peace, long-suffering, kindness, goodness, fidelity,
২২কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,
23 meekness, self-control: against such things there is no law.
২৩মৃদুভাব, ইন্দ্ৰিয়-দমন৷ এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই।
24 But they that [are] of the Christ have crucified the flesh with the passions and the lusts.
২৪আৰু যি সকল খ্ৰীষ্ট যীচুৰ, তেওঁলোকে মাংসিক অভিলাষেৰে সৈতে কু-ভাৱনা আৰু আসক্তিক ক্রুচত দিলে৷
25 If we live by the Spirit, let us walk also by the Spirit.
২৫আমি যদি আত্মাৰে জীয়াই থাকো, তেনেহলে আত্মাৰে চলোহঁক।
26 Let us not become vain-glorious, provoking one another, envying one another.
২৬সেয়েহে আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনক হিংসা কৰি, অনৰ্থক অহংকাৰ নকৰোঁহক।