< Esther 2 >
1 After these things, when the fury of king Ahasuerus was appeased, he remembered Vashti, and what she had done, and what was decreed against her.
১এই সকলো ঘটনাৰ পাছত, ৰজা অহচবেৰোচৰ ক্ৰোধ শান্ত হ’ল, তাৰ পাছত তেওঁ ৰাণী ৱষ্টী, আৰু তেওঁ কৰা কাৰ্যৰ বষয়ে চিন্তা কৰিলে। তেওঁ ৰাণীৰ বিৰুদ্ধে দিয়া আজ্ঞাৰ বিষয়েও চিন্তা কৰিলে।
2 Then said the king's servants that attended upon him, Let there be maidens, virgins of beautiful countenance, sought for the king;
২তেতিয়া ৰজাৰ পৰিচৰ্যা কৰা যুৱক জনে তেওঁক ক’লে, “মহাৰাজৰ বাবে সুন্দৰী যুৱতী কুমাৰী বিচাৰ কৰা হওক।
3 and let the king appoint officers in all the provinces of his kingdom, that they may gather together all the young virgins of beautiful countenance to Shushan the fortress, to the house of the women, unto the custody of Hegai the king's chamberlain, keeper of the women; and let their things for purification be given.
৩মহাৰাজে নিজৰ ৰাজ্যৰ সকলো প্ৰদেশত বিষয়া সকলক নিযুক্ত কৰক। যাতে তেওঁলোকে সকলো ফালৰ পৰা সুন্দৰী যুৱতী কুমাৰী চুচন ৰাজ-প্রসাদৰ অন্তঃপুৰলৈ আনি গোটাব পাৰে। ৰজাৰ কৰ্মচাৰী নপুংসক হেগয় মহিলা সকলৰ দায়িত্বত আছিল। তেওঁৰ তত্বাৱধানত সুন্দৰী কুমাৰী সকলক ৰখা হওক; আৰু হেগয়ে তেওঁলোকক তেওঁলোকৰ প্রসাধনবোৰ দিয়ক।
4 And let the maiden that pleaseth the king be queen instead of Vashti. And the thing pleased the king; and he did so.
৪যি গৰাকী যুৱতীয়ে মহাৰাজক সন্তুষ্ট কৰিব, সেই গৰাকীয়েই ৱষ্টীৰ স্থানত ৰাণী হওক।” এই পৰামৰ্শত ৰজাই সন্তুষ্ট হৈ সেই দৰেই কৰিলে।
5 There was in Shushan the fortress a certain Jew, whose name was Mordecai, the son of Jair, the son of Shimei, the son of Kish, a Benjaminite,
৫সেই সময়ত মৰ্দখয় নামেৰে চুচন ৰাজপ্রসাদত এজন যিহুদী লোক আছিল। তেওঁৰ পিতৃ যায়ীৰ, যায়ীৰৰ পিতৃ চিমিয়ী, আৰু চিমিয়ীৰ পিতৃ কীচ আছিল। কীচ এজন বিন্যামীনীয়া লোক আছিল।
6 who had been carried away from Jerusalem with the captives who had been carried away with Jeconiah king of Judah, whom Nebuchadnezzar the king of Babylon had carried away.
৬বাবিলৰ ৰজা নবূখদনেচৰে বন্দী কৰি নিয়া যিহূদাৰ ৰজা যকনিয়াৰ লগত যি লোকসকলক বন্দী কৰি লৈ গৈছিল, তেওঁলোকৰ লগত যিৰূচালেমৰ পৰা মৰ্দখয়কো বন্দী কৰি লৈ গৈছিল।
7 And he brought up Hadassah, that is, Esther, his uncle's daughter; for she had neither father nor mother — and the maiden was fair and beautiful — and when her father and mother were dead, Mordecai took her for his own daughter.
৭মৰ্দখয়ে নিজৰ দদায়েকৰ জীয়েক হদচ্ছাক অৰ্থাৎ ইষ্টেৰক প্ৰতিপালন কৰিছিল; কাৰণ তেওঁৰ পিতৃ-মাতৃ নাছিল। সেই যুৱতীৰ দেহৰ গঠন সুন্দৰ আৰু বাহ্যিক ৰূপ আকৰ্ষণীয় আছিল। মৰ্দখয়ে তেওঁক নিজৰ ছোৱালীৰ দৰে প্ৰতিপালন কৰিছিল।
8 And it came to pass when the king's commandment and his decree was heard, and when many maidens were gathered together unto Shushan the fortress, unto the custody of Hegai, that Esther also was brought into the king's house, unto the custody of Hegai, keeper of the women.
৮ৰজাৰ আদেশ আৰু নিৰ্দেশ ঘোষণা কৰাৰ পাছত, চুচন ৰাজপ্ৰাসাদলৈ অনেক যুৱতীক অনা হৈছিল। তেওঁলোকক নপুংসক হেগয়ৰ তত্ত্বাৱধানত ৰখা হৈছিল। তেওঁলোকে ইষ্টেৰকো ৰাজপ্ৰাসাদলৈ আনি, মহিলাক তত্বৱাধান লোৱা হেগয়ৰ অধীনত ৰাখিছিল।
9 And the maiden pleased him, and obtained favour before him; and he speedily gave her her things for purification, and her portions, and the seven maidens selected to be given her, out of the king's house; and he removed her and her maids to the best [place] of the house of the women.
৯ইষ্টেৰে হেগয়ক সন্তুষ্ট কৰি তেওঁৰ অনুগ্রহ লাভ কৰিলে। লগে লগে তেওঁ ইষ্টেৰক প্রসাধন আৰু তেওঁৰ ভাগৰ খাদ্য দিলে। ৰাজপ্রসাদৰ পৰা সাত গৰাকী দাসী তেওঁৰ বাবে নিযুক্ত কৰিলে, আৰু দাসী সকলৰ সৈতে তেওঁক মহিলা গৃহৰ উত্তম ঠাইলৈ স্থানান্তৰ কৰিলে।
10 Esther had not made known her people nor her birth; for Mordecai had charged her that she should not make it known.
১০ইষ্টেৰে নিজৰ লোকসকলৰ বা সম্পৰ্কীয় সকলৰ বিষয়ে কাকো একো কোৱা নাছিল, কাৰণ মৰ্দখয়ে তেওঁক সেই কথা ক’বলৈ নিষেধ কৰিছিল।
11 And Mordecai walked every day before the court of the women's house, to know how Esther did, and what should become of her.
১১ইষ্টেৰ কেনে দৰে আছে, আৰু তেওঁলৈ কি কৰা হ’ব, সেই কথা জানিবলৈ মৰ্দখয়ে প্ৰতিদিনে মহিলা গৃহৰ বাহিৰত থকা চোতালেদি অহা যোৱা কৰিছিল।
12 And when every maiden's turn came to go in to king Ahasuerus after that she had been treated for twelve months, according to the manner of the women (for so were the days of their purification accomplished — six months with oil of myrrh, and six months with spices, and with things for the purifying of the women,
১২ৰজা অহচবেৰোচৰ ওচৰলৈ যাবৰ বাবে যেতিয়া কোনো এগৰাকী যুৱতীৰ পাল পৰে, তেতিয়া যুৱতী সকললৈ কৰা নিয়ম অনুসাৰে, প্রতি গৰাকী যুৱতীয়ে বাৰমাহ সৌন্দৰ্য চৰ্চা কৰিব লাগে। তাৰে ছমাহ গন্ধৰস তেল, আৰু ছমাহ সুগন্ধি-দ্ৰব্য আৰু প্রসাধনেৰে নিজকে প্রস্তুত কৰিব লাগে।
13 and thus came the maiden in unto the king), whatever she desired was given her to go with her out of the house of the women to the king's house.
১৩এগৰাকী যুৱতীক যেতিয়া ৰাজপ্রসাদত ৰজাৰ ওচৰলৈ লৈ যোৱা হয়, তেতিয়া সেই যুৱতীয়ে যি ইচ্ছা কৰে, সেয়াই সকলো মহিলা গৃহৰ পৰা তেওঁক দিয়া হয়।
14 In the evening she went, and on the morrow she returned into the second house of the women, unto the custody of Shaashgaz, the king's chamberlain, keeper of the concubines. She came in to the king no more, unless the king delighted in her, and she were called by name.
১৪তেওঁ সন্ধিয়া-বেলা ভিতৰলৈ যাব লাগে, আৰু ৰাতিপুৱা মহিলাৰ দ্বিতীয় গৃহলৈ উভটি আহিব লাগে। উপপত্নী সকলৰ দায়িত্বত থকা ৰজাৰ কৰ্মচাৰী নপুংসক চাচগজৰ তত্ত্ৱাৱধানত তেওঁক ৰখা হয়। ৰজাই তেওঁত সন্তুষ্ট হৈ পুনৰ তেওঁক নমতালৈকে তেওঁ ৰজাৰ ওচৰলৈ পুনৰ নাযায়।
15 And when the turn of Esther, the daughter of Abihail the uncle of Mordecai, who had taken her for his daughter, came to go in to the king, she required nothing but what Hegai the king's chamberlain, keeper of the women, appointed. And Esther obtained grace in the sight of all them that saw her.
১৫ৰজাৰ ওচৰলৈ যাবৰ বাবে যেতিয়া ইষ্টেৰৰ (অবীহয়িলৰ ছোৱালী ইষ্টেৰৰ দদায়েক মৰ্দখয়ে তেওঁক নিজৰ ছোৱালী দৰে প্রতিপালন কৰিছিল) সময় হ’ল, তেতিয়া তেওঁ মহিলা সকলৰ তদাৰক ৰাজ-নপুংসক হেগয়ে পৰামৰ্শ কৰা বস্তুৰ বাহিৰে তেওঁ আন একো নুখুজিলে। ইষ্টেৰক দেখা সকলোৰে পৰা তেওঁ দয়া লাভ কৰিলে।
16 So Esther was taken to king Ahasuerus, into his royal house, in the tenth month, that is, the month Tebeth, in the seventh year of his reign.
১৬ৰজা অহচবেৰোচৰ ৰাজপ্রসাদলৈ তেওঁৰ ৰাজত্বৰ সপ্তম বছৰৰ দশম মাহ টেবেৎত ইষ্টেৰক তেওঁৰ ওচৰলৈ লৈ যোৱা হৈছিল।
17 And the king loved Esther above all the women, and she obtained grace and favour in his sight more than all the virgins, and he set the royal crown upon her head, and made her queen instead of Vashti.
১৭ৰজাই আন সকলো মহিলাতকৈ ইষ্টেৰক বহুত ভাল পালে, আৰু আনসকলো কুমাৰীতকৈ তেওঁ ৰজাৰ দৃষ্টিত অধিক মৰম আৰু অনুগ্ৰহ পালে। সেয়ে ৰজাই তেওঁৰ মুৰত ৰাজমুকুট দি ৱষ্টীৰ পদত তেওঁক ৰাণী পাতিলে।
18 And the king made a great feast to all his princes and his servants, Esther's feast; and he made a release to the provinces, and gave presents according to the king's bounty.
১৮তাৰ পাছত ৰজাই তেওঁৰ সকলো কৰ্মচাৰী আৰু দাস সকলৰ বাবে “ইষ্টেৰৰ ভোজ” বুলি এটা ডাঙৰ ভোজ দিলে; আৰু সকলো প্ৰদেশৰ কৰ ৰেহাই দিবলৈ অনুমতি দিলে। তেওঁ ৰাজকীয় দানশীলতা অনুসাৰে উপহাৰো দিলে।
19 And when the virgins were gathered together the second time, Mordecai sat in the king's gate.
১৯দ্বিতীয়বাৰ কুমাৰী সকল গোট খোৱাৰ সময়ত মৰ্দখয়ে ৰাজ-দুৱাৰত বহি আছিল।
20 (Esther, as Mordecai had charged her, had not yet made known her birth nor her people; for Esther did what Mordecai told her, like as when she was brought up with him.)
২০মৰ্দখয়ৰ নিৰ্দেশ অনুসাৰে সেই সময়লৈকে ইষ্টেৰে নিজৰ সম্পৰ্কীয় বা লোকসকলৰ বিষয়ে কাকো কোৱা নাছিল। ইষ্টেৰে মৰ্দখয়ৰ ওচৰত প্ৰতিপালিত হোৱা সময়ত যি দৰে তেওঁৰ পৰামৰ্শ মানি চলিছিল সেই দৰে এতিয়াও চলি আছে।
21 In those days, while Mordecai sat in the king's gate, two of the king's chamberlains, Bigthan and Teresh, of those which kept the threshold, were wroth, and sought to lay hand on the king Ahasuerus.
২১মৰ্দখয় ৰাজ-দুৱাৰত বহি থকা দিন বোৰত ৰজাৰ কৰ্মচাৰী বিগথন আৰু তেৰচ নামেৰে দুজন দুৱৰীয়ে খং কৰি আৰু চিঞৰি ৰজা অহচবেৰোচৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিলে।
22 And the thing became known to Mordecai, and he related it to Esther the queen, and Esther told it to the king in Mordecai's name.
২২সেই কথা মৰ্দখয়ে যেতিয়া গম পালে, তেতিয়া তেওঁ ৰাণী ইষ্টেৰক জনালে। ইষ্টেৰে মৰ্দখয়ৰ হৈ ৰজাক সেই কথা ক’লে।
23 And the matter was investigated and found out; and they were both hanged on a tree. And it was written in the book of the chronicles before the king.
২৩সেই কথা বিচাৰ কৰি সত্য বুলি প্ৰমাণিত হোৱাৰ পাছত, তেওঁলোক দুয়োকো ফাঁচিকাঠত ফাঁচি দিয়া হ’ল। সেই কথা ৰজাৰ সাক্ষাতে বংশাৱলীত লিপিৱদ্ধ কৰা হ’ল।