< Song of Songs 5 >
1 Let my kinsman come down into his garden, and eat the fruit of his choice berries. I am come into my garden, my sister, [my] spouse: I have gathered my myrrh with my spices; I have eaten my bread with my honey; I have drunk my wine with my milk. Eat, O friends, and drink; yes, brethren, drink abundantly.
১প্রিয়ৰ কথা: মোৰ প্রিয়া, মোৰ কইনাজনী, মই মোৰ উদ্যানত প্রৱেশ কৰিলোঁ; মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালোঁ; মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ; মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ। ভোজন কৰা, বন্ধু। হে বন্ধু, খোৱা; হৃদয় তৃপ্ত কৰি মোৰ ভালপোৱা পান কৰা।
2 I sleep, but my heart is awake: the voice of my kinsman knocks at the door, [saying], Open, open to me, my companion, my sister, my dove, my perfect one: for my head is filled with dew, and my locks with the drops of the night.
২প্রিয়াৰ কথা: মই টোপনিত আছিলোঁ, কিন্তু মোৰ হৃদয় সাৰে আছিল, তেনেতে মোৰ প্ৰিয়ই দুৱাৰত টুকুৰিয়াই ক’লে, “হে মোৰ প্রিয়তমা, মোৰ কইনাজনী, মোৰ কপৌ, অকলুষিতজনী, দুৱাৰখন খুলি দিয়া। মোৰ মূৰ নিয়ৰেৰে সিক্ত হৈ পৰিছে, ৰাতিৰ কুঁৱলীত মোৰ চুলিকোছা সেমেকি গৈছে।”
3 I have put off my coat; how shall I put it on? I have washed my feet, how shall I defile them?
৩“মোৰ বস্ত্র মই খুলি থলোঁ, তাক মই পুনৰ পিন্ধিম নে? মোৰ ভৰি দুখন মই ধুলোঁ, তাক মই পুনৰ মলিন কৰিম নে?”
4 My kinsman put forth his hand by the hole [of the door], and my belly moved for him.
৪মোৰ প্ৰিয়ই দুৱাৰৰ বিন্ধাইদি হাত ভৰালে, মোৰ মন তেওঁৰ বাবে ব্যাকুল হ’ল।
5 I rose up to open to my kinsman; my hands dropped myrrh, my fingers choice myrrh, on the handles of the lock.
৫মোৰ প্ৰিয়ক দুৱাৰ খুলি দিবলৈ মই উঠিলোঁ; মোৰ হাত দুখন গন্ধৰসেৰে ভিজি আছিল, তৰল গন্ধৰসেৰে ভিজা মোৰ আঙুলিয়েদি দুৱাৰৰ শলখাডালো ভিজি গ’ল।
6 I opened to my kinsman; my kinsman was gone: my soul failed at his speech: I sought him, but found him not; I called him, but he answered me not.
৬মোৰ প্ৰিয়ৰ কাৰণে মই দুৱাৰখন খুলি দিলোঁ; কিন্তু মোৰ প্ৰিয় নাছিল, উলটি গুচি গল; মোৰ হৃদয় ভাঙি পৰিল, মই হতাশাত ভাগি পৰিলো। মই তেওঁক বিচাৰি ফুৰিলোঁ, কিন্তু নাপালোঁ; মই তেওঁক মাতিলো, কিন্তু তেওঁ মোক উত্তৰ নিদিলে।
7 The watchman that go their rounds in the city found me, they struck me, they wounded me; the keepers of the walls took away my veil from me.
৭প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, মোক দেখা পালে; তেওঁলোকে মোক কোবালে, মোক ক্ষতবিক্ষত কৰিলে; নগৰৰ দেৱালৰ প্ৰহৰীবোৰে মোৰ গাৰ পৰা মোৰ চোলা কাঢ়ি নিলে।
8 I have charged you, O daughters of Jerusalem, by the powers and the virtues of the field: if you should find my kinsman, what are you to say to him? That I am wounded with love.
৮হে যিৰূচালেমৰ ৰমণীসকল, মই তোমালোকৰ ওচৰত নিবেদন কৰিছোঁ, তোমালোকে যদি মোৰ প্ৰিয়তমক লগ পোৱা, তেন্তে তেওঁক কবা যে, মই তেওঁৰ প্রতি প্ৰেমত দুর্বল হৈছোঁ।
9 What is your kinsman [more] than [another] kinsman, O you beautiful amongst women? what is your kinsman [more] than [another] kinsman, that you have so charged us?
৯যিৰূচালেমৰ ৰমণীসকলৰ কথা: নাৰীসকলৰ মাজত তুমি পৰম সুন্দৰী, তোমাৰ প্রিয়তম অন্যান্য প্রেমিকতকৈ কিহত উত্তম? তোমাৰ প্রিয় আন প্রেমিকতকৈ কিয় উত্তম, যে তুমি আমাৰ পৰা এনে প্রতিশ্রুতি বিচাৰিছা?
10 My kinsman is white and ruddy, chosen out from myriads.
১০প্রিয়াৰ কথা: মোৰ প্ৰিয়ৰ চেহেৰা সুন্দৰ আৰু শক্তিশালী; তেওঁৰ লগত কাৰো তুলনা নহয়।
11 His head is [as] very fine gold, his locks are flowing, black as a raven.
১১তেওঁৰ মূৰ অতি উত্তম নিৰ্ম্মল সোণৰ নিচিনা; তেওঁৰ চুলি কোচা কেঁকোৰা আৰু ঢোঁৰা কাউৰীৰ নিচিনা ক’লা।
12 His eyes are as doves, by the pools of waters, washed with milk, sitting by the pools.
১২তেওঁৰ চকুযুৰি জুৰিৰ দাঁতিত থকা এযোৰ কপৌৰ নিচিনা; তাক গাখীৰেৰে ধোৱা মুকুতাৰ দৰে খোদিত কৰা।
13 His cheeks are as bowls of spices pouring forth perfumes: his lips are lilies, dropping choice myrrh.
১৩তেওঁৰ গাল দুখন যেন সুগন্ধি মছলাৰ দলিচা, য’ৰ পৰা সুগন্ধি সুঘ্রাণ ওলায়। তেওঁৰ ওঁঠযুৰি যেন তৰল গন্ধৰস বাগৰি অহা লিলি ফুল।
14 His hands are as turned gold set with beryl: his belly is an ivory tablet on a sapphire stone.
১৪তেওঁৰ বাহু দুখন যেন ৰত্নখচিত সোণৰ দণ্ড; তেওঁৰ শৰীৰতো হাতী দাঁতেৰে তৈয়াৰ কৰা; নীলকান্ত মণিৰে ঢকা।
15 His legs are marble pillars set on golden sockets: his form is as Libanus, choice as the cedars.
১৫তেওঁৰ ভৰি দুখন নিখুঁত সোণৰ আধাৰত বহুৱা মার্বলৰ স্তম্ভৰ নিচিনা। তেওঁ দেখিবলৈ লিবানোনৰ ওখ এৰচ গছৰ নিচিনা উত্তম।
16 His throat is most sweet, and altogether desirable. This is my kinsman, and this is my companion, O daughters of Jerusalem.
১৬তেওঁৰ মুখখন অতি মধুৰ; সম্পূর্ণৰূপে সুন্দৰ ব্যক্তি তেওঁ। হে যিৰূচালেমৰ ৰমণীসকল, তেৱেঁই মোৰ প্রিয়তম, মোৰ বন্ধু।