< Jeremiah 45 >
1 The words which Jeremiah the prophet said to Baruch, the son of Neriah, when he put these words down in a book from the mouth of Jeremiah, in the fourth year of Jehoiakim, the son of Josiah, king of Judah; he said,
১যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ চতুৰ্থ বছৰত, নেৰিয়াৰ পুত্ৰ বাৰুকে এইবোৰ কথা যিৰিমিয়াৰ মুখৰ পৰা পুথি এখনত লিখা সময়ত, যিৰিমিয়া ভাববাদীয়ে তেওঁক এই কথা ক’লে,
2 This is what the Lord, the God of Israel, has said of you, O Baruch:
২“হে বাৰুক, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই তোমাক এইদৰে কৈছে:
3 You said, Sorrow is mine! for the Lord has given me sorrow in addition to my pain; I am tired with the sound of my sorrow, and I get no rest.
৩তুমি ক’লা, যে, ‘হায় হায়, মই সন্তাপৰ পাত্ৰ। কিয়নো যিহোৱাই মোৰ বেদনাতে শোক লগ লগাই দিছে; মই কেঁকাই কেঁকাই ক্লান্ত হৈছোঁ, অলপ জিৰণী নাপাওঁ।’
4 This is what you are to say to him: The Lord has said, Truly, the building which I put up will be broken down, and that which was planted by me will be uprooted, and this through all the land;
৪তুমি তেওঁক কোৱা: যিহোৱাই এই কথা কৈছে: চোৱা, মই যি সাজিলোঁ, তাক ভাঙিম, আৰু মই যি ক’লোঁ, তাক উঘালিম, আৰু গোটেই দেশত এনেকৈয়ে কৰিম।
5 And as for you, are you looking for great things for yourself? Have no desire for them: for truly I will send evil on all flesh, says the Lord: but your life I will keep safe from attack wherever you go.
৫তেন্তে তুমি নিজৰ বাবে মহত্ব বিচাৰিছা নে? সেইবোৰ নিবিচাৰিবা; কিয়নো, যিহোৱাই কৈছে, মই সকলো মৰ্ত্ত্যলৈ অমঙ্গল ঘটাম; কিন্তু তুমি যি যি ঠাইলৈ যাবা, সেই সেই ঠাইত মই তোমাক লুটদ্ৰব্যস্বৰূপে তোমাৰ প্ৰাণ দান কৰিম’।”