< Zechariah 4 >

1 Then the angel who was speaking with me returned and woke me, as a man is awakened from his sleep.
পাছত মোৰে সৈতে কথা হোৱা দূতজন পুনৰ উভতি আহিল, আৰু টোপনিত থকা মানুহক জগোৱাৰ দৰে মোক জগালে।
2 “What do you see?” he asked. “I see a solid gold lampstand,” I replied, “with a bowl at the top and seven lamps on it, with seven spouts to the lamps.
তেওঁ মোক ক’লে, “তুমি কি দেখিছা?” তেতিয়া মই ক’লোঁ, “মই সম্পূৰ্ণ সোণেৰে নিৰ্মান কৰা এক দীপাধাৰ দেখিছোঁ; তাৰে ওপৰত এটা পাত্ৰ আছে। তাতে সেই পাত্ৰৰ ওপৰত সাতোটা প্ৰদীপ আছে, আৰু তাৰ ওপৰত থকা প্ৰত্যেক দীপাধাৰাৰ সৈতে সাতডালকৈ শলিতা আছে;
3 There are also two olive trees beside it, one on the right side of the bowl and the other on its left.”
আৰু তাৰ ওচৰত দুজোপা জিতগছ আছে, এজোপা তেলধাৰৰ সোঁফাল আৰু আনজোপা তাৰ বাওঁফালে।”
4 “What are these, my lord?” I asked the angel who was speaking with me.
পাছত মোৰে সৈতে কথা হোৱা দূতজনক আকৌ মই সুধিলোঁ, “হে মোৰ প্ৰভু এইবোৰৰ অর্থ কি?”
5 “Do you not know what they are?” replied the angel. “No, my lord,” I answered.
তেতিয়া মোৰে সৈতে কথা হৈ থকা দূতজনে উত্তৰ দি মোক ক’লে, “ইয়াকো তুমি নাজানা নে?” মই ক’লো, “হে মোৰ প্ৰভু, মই নাজানো।”
6 So he said to me, “This is the word of the LORD to Zerubbabel: Not by might nor by power, but by My Spirit, says the LORD of Hosts.
তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক’লে, “জৰুব্বাবিললৈ অহা যিহোৱাৰ বাক্য এই, ‘শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।”
7 What are you, O great mountain? Before Zerubbabel you will become a plain. Then he will bring forth the capstone accompanied by shouts of ‘Grace, grace to it!’”
“হে বৃহৎ পৰ্ব্বত, তুমি কোন? জৰুব্বাবিলৰ আগত তুমি সমথল হৈ যাবা, আৰু ‘অনুগ্ৰহ, ইয়ালৈ অনুগ্ৰহ হওক!’ এই জয়ধ্বনিৰ সৈতে তেওঁ প্ৰধান শিলটো উলিয়াই আনিব।”
8 Then the word of the LORD came to me, saying,
পাছত যিহোৱাৰ বাক্য মোলৈ আহিল আৰু ক’লে,
9 “The hands of Zerubbabel have laid the foundation of this house, and his hands will complete it. Then you will know that the LORD of Hosts has sent me to you.
“বোলে, জৰুব্বাবিলৰ হাতে এই গৃহটিৰ ভিত্তিমূল স্থাপন কৰিলে আৰু তেওঁৰ হাতে ইয়াক সমাপ্তও কৰিব; ইয়াতে তুমি জানিবা যে, বাহিনীসকলৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠালে
10 For who has despised the day of small things? But these seven eyes of the LORD, which scan the whole earth, will rejoice when they see the plumb line in the hand of Zerubbabel.”
১০কিয়নো সৰু সৰু বিষয়ৰ দিন কোনে হেয়জ্ঞান কৰিব? তেতিয়া লোকসকলে আনন্দ কৰিব আৰু জৰুব্বাবিলৰ হাতত ওলোম-ৰচীডাল দেখিব। এইবোৰেই গোটেই পৃথিৱীত ইফালৰ পৰা সিফালে ভ্ৰমি ফুৰে।
11 Then I asked the angel, “What are the two olive trees on the right and left of the lampstand?”
১১পাছত মই তেওঁক উত্তৰ দিলোঁ আৰু আকৌ সুধিলোঁ, “দীপাধাৰৰ সোঁ আৰু বাওঁফালে থকা এই দুজোপা জিতগছ কি?”
12 And I questioned him further, “What are the two olive branches beside the two gold pipes from which the golden oil pours?”
১২পাছত দ্বিতীয়বাৰ মই তেওঁক সুধিলো আৰু ক’লো, “যি দুডাল সোণোৱালী নলীয়ে নিজৰ নিজৰ পৰা সোণোৱালী তেল ঢালি দিয়ে, সেই নলী দুডালৰ ওচৰত থকা জিতগছৰ সেই ডালদুটা বা কি?”
13 “Do you not know what these are?” he inquired. “No, my lord,” I replied.
১৩তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, “সেই কেইডাল কি, ইয়াকো তুমি নাজানা নে?” মই ক’লো, “হে মোৰ প্ৰভু, মই নাজানো।”
14 So he said, “These are the two anointed ones who are standing beside the Lord of all the earth.”
১৪তেতিয়া তেওঁ মোক ক’লে, “গোটেই পৃথিৱীৰ যিহোৱাৰ ওচৰত থিয় হৈ থকা এই দুডাল তেল যোগাওঁতা পুৰুষ।”

< Zechariah 4 >