< Revelation 9 >
1 Then the fifth angel sounded his trumpet, and I saw a star that had fallen from heaven to earth, and it was given the key to the pit of the Abyss. (Abyssos )
১তেতিয়া পঞ্চম দূতে তেওঁৰ তূৰী বজালে৷ আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিবলৈ পালোঁ৷ অগাধ ঠাইৰ কুণ্ডৰ চাবি তেওঁক দিয়া হ’ল। (Abyssos )
2 The star opened the pit of the Abyss, and smoke rose out of it like the smoke of a great furnace, and the sun and the air were darkened by the smoke from the pit. (Abyssos )
২তাতে তেওঁ সেই অগাধ ঠাইৰ কুণ্ড মেলোতে, কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ডৰ ধুঁৱাৰ নিচিনাকৈ ধুঁৱা উঠিল; তাতে সেই কুণ্ডৰ ধুঁৱাৰে সূৰ্য্য আৰু আকাশ অন্ধকাৰময় হ’ল। (Abyssos )
3 And out of the smoke, locusts descended on the earth, and they were given power like that of the scorpions of the earth.
৩সেই ধুঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱীত ওলাল; আৰু সেইবোৰক, পৃথিৱীৰ কেঁকোৰা-বিছাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হ’ল।
4 They were told not to harm the grass of the earth or any plant or tree, but only those who did not have the seal of God on their foreheads.
৪আৰু পৃথিৱীৰ কোনো তৃণ, বা কোনো কেচা শাক বা কোনো গছ অনিষ্ট নকৰি, যি সকলৰ কপালত ঈশ্বৰৰ ছাব নাই, অকল তেনে লোক সকলক অনিষ্ট কৰিবলৈ সেইবোৰক কোৱা হ’ল।
5 The locusts were not given power to kill them, but only to torment them for five months, and their torment was like the stinging of a scorpion.
৫সেই লোক সকলক বধ কৰিবলৈ তেওঁলোকক অনুমতি দিয়া হোৱা নাই, কিন্তু লোক সকলক পাঁচ মাহলৈকে যাতনা দিবৰ বাবে, সেইবোৰক ক্ষমতা দিয়া হ’ল। কেঁকোৰা-বিছাই মানুহক বিন্ধাত যেনে যাতনা, সেইবোৰে দিয়া যাতনাও তেনে।
6 In those days men will seek death and will not find it; they will long to die, but death will escape them.
৬সেই কালত লোক সকলে মৃত্যুক বিচাৰিব, কিন্তু কোনোমতে তাক নাপাব; তেওঁলোকে মৰিবলৈ আকাংক্ষা কৰিব, কিন্তু মৃত্যু তেওঁলোকৰ পৰা পলাব।
7 And the locusts looked like horses prepared for battle, with something like crowns of gold on their heads, and faces like the faces of men.
৭সেই ফৰিংবোৰৰ আকৃতি, যুদ্ধৰ অৰ্থে সুসজ্জিত কৰা ঘোঁৰাৰ নিচিনা৷ তেওঁলোকৰ মুৰত সোণৰ কিৰীটি থকা যেন দেখা যায় আৰু সিহঁতৰ মুখ মানুহৰ মুখৰ নিচিনা।
8 They had hair like that of women, and teeth like those of lions.
৮মহিলাৰ চুলিৰ নিচিনা সিহঁতৰ চুলি আছিল; সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা।
9 They also had thoraxes like breastplates of iron, and the sound of their wings was like the roar of many horses and chariots rushing into battle.
৯লোহাৰ বুকুবৰিৰ নিচিনা সিহঁতৰ বুকুবৰি আছিল; সিহঁতৰ ডেউকাৰ শব্দ, ৰণলৈ ল’ৰি যোৱা ঘোঁৰা লগোৱা ৰথৰ শব্দৰ নিচিনা।
10 They had tails with stingers like scorpions, which had the power to injure people for five months.
১০কেঁকোৰা-বিছাৰ নিচিনা সিহঁতৰ নেজ হুলেৰে সৈতে আছিল; আৰু পাঁচ মাহলৈকে মানুহক অনিষ্ট কৰিবলৈ সিহঁতৰ ক্ষমতা সিহঁতৰ নেজত আছিল।
11 They were ruled by a king, the angel of the Abyss. His name in Hebrew is Abaddon, and in Greek it is Apollyon. (Abyssos )
১১অগাধ ঠাইৰ দূত সিহঁতৰ ওপৰত ৰজা আছিল৷ তাৰ নাম ইব্ৰী ভাষাত আবদ্দোন আৰু গ্ৰীক ভাষাত আপল্লুয়োন। (Abyssos )
12 The first woe has passed. Behold, two woes are still to follow.
১২এই প্ৰথম সন্তাপ গ’ল; চোৱা! ইয়াৰ পাছত এতিয়াও দুটা দুৰ্যোগ আহি আছে৷
13 Then the sixth angel sounded his trumpet, and I heard a voice from the four horns of the golden altar before God
১৩পাছত ষষ্ঠ দূতে তেওঁৰ তুৰী বজাওঁতে, ঈশ্বৰৰ আগত থকা সোণৰ বেদিৰ শিং কেইটাৰ পৰা এটা মাত শুনিলোঁ।
14 saying to the sixth angel with the trumpet, “Release the four angels who are bound at the great river Euphrates.”
১৪তাৰ পৰা কোনোবাই তূৰী লোৱা সেই ষষ্ঠ দূতক ক’লে, “ফৰাৎ মহা-নদীৰ ওপৰত যি চাৰি দূত বন্ধ আছে, তেওঁলোকক মেলি দিয়া”।
15 So the four angels who had been prepared for this hour and day and month and year were released to kill a third of mankind.
১৫তেতিয়া লোক সকলৰ তিনি ভাগৰ এভাগক বধ কৰিবলৈ, যি চাৰি দূতক সেই ঘণ্টা, দিন, মাহ আৰু বছৰৰ কাৰণে যুগুত কৰা হৈছিল, তেওঁলোকক মেলি দিয়া হ’ল।
16 And the number of mounted troops was two hundred million; I heard their number.
১৬আৰু ঘোঁৰাত উঠা সৈন্যৰ সংখ্যা দুই হাজাৰ লাখ আছিল৷ তেওঁলোকৰ সংখ্যা মই শুনিলোঁ;
17 Now the horses and riders in my vision looked like this: The riders had breastplates the colors of fire, sapphire, and sulfur. The heads of the horses were like the heads of lions, and out of their mouths proceeded fire, smoke, and sulfur.
১৭আৰু দৰ্শনত মই সেই ঘোঁৰাবোৰ আৰু তাত উঠি থকা সকল, যি সকলে চলাইছিল, এইৰূপে দৰ্শন পালোঁ: তেওঁলোকৰ বুকুবৰি অগ্নিময়, নীলবৰ্ণ আৰু গন্ধকময়৷ আৰু ঘোঁৰাবোৰৰ মুৰ, সিংহৰ মুৰৰ নিচিনা; সেইবোৰৰ মুখৰ পৰা জুই, ধুঁৱা আৰু গন্ধক ওলায়।
18 A third of mankind was killed by the three plagues of fire, smoke, and sulfur that proceeded from their mouths.
১৮সেইবোৰৰ মুখৰ পৰা ওলোৱা জুই, ধুঁৱা আৰু গন্ধক, এই তিনি উৎপাতৰ দ্বাৰাই মানুহৰ তিনি ভাগৰ এভাগ বধ কৰা হ’ল।
19 For the power of the horses was in their mouths and in their tails; indeed, their tails were like snakes, having heads with which to inflict harm.
১৯কিয়নো সেই ঘোঁৰাবোৰৰ ক্ষমতা, সিহঁতৰ মুখত আৰু নেজত আছে; কাৰণ সিহঁতৰ নেজ সাপৰ নিচিনা আৰু মুৰ থকা; তাৰে সিহঁতে আঘাত কৰি যাতনা দিয়ে।
20 Now the rest of mankind who were not killed by these plagues still did not repent of the works of their hands. They did not stop worshiping demons and idols of gold, silver, bronze, stone, and wood, which cannot see or hear or walk.
২০এই উৎপাতবোৰৰ দ্বাৰাই যি অৱশিষ্ট লোক সকলক বধ কৰা নহ’ল, তেওঁলোকে দেখিব, শুনিব, আৰু ফুৰিব নোৱাৰা এনে সোণ, ৰূপ, পিতল, শিল আৰু কাঠেৰে সজা মূৰ্তি আৰু দেৱতাবোৰৰ পূজা কৰিবলৈ নেৰিবৰ অভিপ্ৰায়েৰে নিজ নিজ হাতে কৰা কৰ্মৰ পৰা মন-পালটন নকৰিলে।
21 Furthermore, they did not repent of their murder, sorcery, sexual immorality, and theft.
২১তেওঁলোকে নৰ-বধ, মায়া কৰ্ম, ব্যভিচাৰ, চুৰ, সেইবোৰৰ পৰাও মন-পালটন নকৰিলে।