< Psalms 93 >
1 The LORD reigns! He is robed in majesty; the LORD has clothed and armed Himself with strength. The world indeed is firmly established; it cannot be moved.
১যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত; যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে; জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।
2 Your throne was established long ago; You are from all eternity.
২তোমাৰ সিংহাসন পূৰ্বৰে পৰা স্থাপন কৰা হ’ল; তুমি অনাদি কালৰে পৰা বিদ্যমান।
3 The floodwaters have risen, O LORD; the rivers have raised their voice; the seas lift up their pounding waves.
৩হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে, নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে; নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।
4 Above the roar of many waters— the mighty breakers of the sea— the LORD on high is majestic.
৪মহা জল সমূহৰ কল্লোল ধ্বনিতকৈয়ো, সমুদ্ৰৰ প্ৰচণ্ড তৰঙ্গবোৰতকৈয়ো সৰ্ব্বোপৰি যিহোৱা বলৱান।
5 Your testimonies are fully confirmed; holiness adorns Your house, O LORD, for all the days to come.
৫তোমাৰ আজ্ঞাবোৰ অতি বিশ্বাসযোগ্য; হে যিহোৱা চিৰদিনৰ কাৰণে পবিত্ৰতা তোমাৰ গৃহৰ শোভা।