< Psalms 76 >
1 For the choirmaster. With stringed instruments. A Psalm of Asaph. A song. God is known in Judah; His name is great in Israel.
১যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে; ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান।
2 His tent is in Salem, His dwelling place in Zion.
২চালেমত তেওঁৰ তম্বু আছে; চিয়োনত তেওঁৰ বসতি স্থান আছে।
3 There He shattered the flaming arrows, the shield and sword and weapons of war.
৩তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে; ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। (চেলা)
4 You are resplendent with light, more majestic than mountains filled with game.
৪তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ; যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, য’ত তুমি তোমাৰ চিকাৰ আহত কৰিছিলা।
5 The valiant lie plundered; they sleep their last sleep. No men of might could lift a hand.
৫এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ’ল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল। পৰাক্ৰমীসকল অসহায় হ’ল।
6 At Your rebuke, O God of Jacob, both horse and rider lie stunned.
৬হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত, ৰথ চালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল।
7 You alone are to be feared. When You are angry, who can stand before You?
৭তুমি, হয় তুমিয়েই আতঙ্কজনক; তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হ’ব পাৰে?
8 From heaven You pronounced judgment, and the earth feared and was still
৮তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হয়; পৃথিৱী আতঙ্কিত হৈ নীৰৱে আছিল।
9 when God rose up to judge, to save all the lowly of the earth.
৯হে ঈশ্বৰ, তুমি উঠা, বিচাৰ নিস্পতি কৰা; পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা। (চেলা)
10 Even the wrath of man shall praise You; with the survivors of wrath You will clothe Yourself.
১০অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব; তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা।
11 Make and fulfill your vows to the LORD your God; let all the neighboring lands bring tribute to Him who is to be feared.
১১তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা; তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব।
12 He breaks the spirits of princes; He is feared by the kings of the earth.
১২তেওঁ ৰাজকোঁৱৰ সকলৰ সাহস খর্ব কৰিব; তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।