< Joshua 19 >
1 The second lot came out for the clans of the tribe of Simeon: Their inheritance lay within the territory of Judah
১দ্ধিতীয়বাৰ চিঠি খেলাতে চিমিয়োনৰ নামত নির্ধাৰিত হ’ল আৰু তেওঁলোকৰ প্ৰত্যেক বংশক নিজ নিজ অংশৰ ভাগ দিয়া হ’ল৷ তেওঁলোকৰ উত্তৰাধিকাৰ যিহূদাৰ ফৈদৰ উত্তৰাধিকাৰৰ মাজত আছিল।
2 and included Beersheba (or Sheba), Moladah,
২তেওঁলোকৰ উত্তৰাধিকাৰৰ মাজত আছিল বেৰ-চেবা, চেবা, মোলাদা,
3 Hazar-shual, Balah, Ezem,
৩হচৰ-চূৱাল, বালা এচম,
4 Eltolad, Bethul, Hormah,
৪ইল্টুলদ, বথূল আৰু হৰ্মা৷
5 Ziklag, Beth-marcaboth, Hazar-susah,
৫তাৰ ওপৰিও চিমিয়োনৰ আছিল, চিক্লগ, বৈৎ-মৰ্কাবোৎ, হচৰ-চুচা,
6 Beth-lebaoth, and Sharuhen—thirteen cities, along with their villages.
৬বৈৎ-লবায়োৎ আৰু চাৰূহন৷ এই তেৰখন নগৰ আছিল তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
7 Ain, Rimmon, Ether, and Ashan—four cities, along with their villages,
৭চিমিয়োনৰ পুনৰ ঐন, ৰিম্মোন, এথৰ আৰু আচন; এই চাৰিখন নগৰ আছিল, গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
8 and all the villages surrounding these cities as far as Baalath-beer (Ramah of the Negev). This was the inheritance of the clans of the tribe of Simeon.
৮এই গাওঁবোৰ নগৰৰ চাৰিওফালে নগৰবোৰৰ সৈতে একেলগে বলাৎ-বেৰ অৰ্থাৎ দক্ষিণ অঞ্চলৰ ৰামালৈকে আছিল৷ এয়েই আছিল চিমিয়োনৰ ফৈদৰ নিজ নিজ বংশ অনুসাৰে দিয়া উত্তৰাধিকাৰ।
9 The inheritance of the Simeonites was taken from the territory of Judah, because the share for Judah’s descendants was too large for them. So the Simeonites received an inheritance within Judah’s portion.
৯এয়ে আছিল চিমিয়োনৰ ফৈদক দিয়া উত্তৰাধিকাৰ৷ ই যিহূদা বংশৰ অঞ্চলৰ পৰা আৰম্ভ হৈছিল, কিয়নো যিহূদা ফৈদক দিয়া অংশ তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক আছিল৷ চিমিয়োনৰ ফৈদে তেওঁলোকৰ উত্তৰাধিকাৰ যিহূদাৰ উত্তৰাধিকাৰৰ মাজৰ পৰা ভাগ পাইছিল।
10 The third lot came up for the clans of the tribe of Zebulun: The border of their inheritance stretched as far as Sarid.
১০তৃতীয়বাৰ চিঠি খেলাওঁতে নিজ নিজ বংশ অনুসাৰে জবূলূনৰ ফৈদৰ নামত উঠিল। তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা চাৰীদৰ পৰা আৰম্ভণ হ’ল৷
11 It went up westward to Maralah, reached Dabbesheth, and met the brook east of Jokneam.
১১তেওঁলোকৰ সীমা পশ্চিমফালে উঠি মৰলালৈকে গৈ, দাব্বেচতত লাগিল; তাৰ পাছত ই বাঢ়ি গৈ যক্নীয়ামৰ সন্মুখত থকা জুৰিত লাগিলগৈ।
12 From Sarid it turned eastward along the border of Chisloth-tabor and went on to Daberath and up to Japhia.
১২আৰু সেই সীমা চাৰীদৰ পৰা পুব ফাললৈ ঘূৰি, কিশ্লোৎ-তাবোৰৰ সীমালৈকে গ’ল৷ তাৰ পৰা দাবৰতত ওলাই যাফীয়ালৈকো উঠি গ’ল৷
13 From there it crossed eastward to Gath-hepher and to Eth-kazin; it extended to Rimmon and curved around toward Neah.
১৩সেই ঠাইৰ পৰা পূব ফাল হৈ গৎ-হেফৰ আৰু এৎ-কাচিনেদি গৈ, নয়ালৈকে বিস্তৃত হোৱা ৰিম্মোনলৈ গ’ল৷
14 Then the border circled around the north side of Neah to Hannathon and ended at the Valley of Iphtah-el.
১৪আৰু সেই সীমাই উত্তৰ ফালে ঘূৰি হন্নাথোনলৈকে গ’ল আৰু যিপ্তহ-এল উপত্যকাত তাৰ অন্ত হ’ল৷
15 It also included Kattath, Nahalal, Shimron, Idalah, and Bethlehem. There were twelve cities, along with their villages.
১৫কটৎ, নহলাল, চিম্ৰোণ, যিদালা, আৰু বৈৎলেহেম, গাৱেঁৰে সৈতে বাৰখন নগৰ এই অঞ্চলটোত অন্তর্ভুক্ত আছিল৷ তাত বাৰখন নগৰ আছিল৷ তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
16 This was the inheritance of the clans of the tribe of Zebulun, including these cities and their villages.
১৬এইটোৱেই আছিল জবূলূন ফৈদৰ উত্তৰাধিকাৰ; এই নগৰবোৰ তেওঁলোকৰ গাৱেঁৰে সৈতে অন্তর্ভুক্ত আছিল।
17 The fourth lot came out for the clans of the tribe of Issachar:
১৭পাছত আকৌ চতুর্থবাৰ চিঠি খেলাওঁতে, ইচাখৰৰ নামত উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে ইয়াক দিয়া হ’ল।
18 Their territory included Jezreel, Chesulloth, Shunem,
১৮তেওঁলোকৰ সীমা যিজ্ৰিয়েল, মচুল্লোৎ, চুনেম,
19 Hapharaim, Shion, Anaharath,
১৯হফাৰয়িম, চিয়োন, অনহৰৎ,
20 Rabbith, Kishion, Ebez,
২০ৰব্বীৎ কিচিয়োন, এবচ,
21 Remeth, En-gannim, En-haddah, and Beth-pazzez.
২১ৰেমৎ, অয়ীন-গন্নীম, এয়িন-হদ্দা আৰু বৈৎ-পচেচলৈ হ’ল৷
22 The border reached Tabor, Shahazumah, and Beth-shemesh, and ended at the Jordan. There were sixteen cities, along with their villages.
২২তেওঁলোকৰ সীমাবোৰ, চহচিমা আৰু বৈৎ-চেমচ’তটো লাগিল আৰু তেওঁলোকৰ সীমাৰ অন্ত যৰ্দ্দনত পৰিল৷ তাত ষোল্লখন নগৰ আছিল, তেওঁলোকৰ গাওঁসমূহ গণনা কৰা হোৱা নাছিল।
23 This was the inheritance of the clans of the tribe of Issachar, including these cities and their villages.
২৩এইবোৰেই আছিল ইচাখৰৰ বংশক দিয়া উত্তৰাধিকাৰ; তেওঁলোকৰ এই অঞ্চল নগৰবোৰৰ সৈতে তেওঁলোকৰ গাৱঁৰ লগত অন্তর্ভুক্ত আছিল৷
24 The fifth lot came out for the clans of the tribe of Asher:
২৪পঞ্চমবাৰ চিঠি খেলাওঁতে, আচেৰৰ ফৈদৰ নামত উঠিল আৰু নিজ নিজ বংশ অনুসাৰে তেওঁলোকক দিয়া হ’ল।
25 Their territory included Helkath, Hali, Beten, Achshaph,
২৫তেওঁলোকৰ সীমা হিল্কৎ, হলি, বেটন, অক্চফ,
26 Allammelech, Amad, and Mishal. On the west the border touched Carmel and Shihor-libnath,
২৬অল্লম্মেক, অমাদ আৰু মিচাল আছিল৷ সেই সীমা পশ্চিম ফালে কৰ্মিল আৰু চিহোৰ লিব্নাতলৈ বিস্তৃত্ব হ’ল।
27 then turned eastward toward Beth-dagon, touched Zebulun and the Valley of Iphtah-el, and went north to Beth-emek and Neiel, passing Cabul on the left.
২৭পাছত সেই সীমা পূব দিশে ঘূৰি বৈৎ-দাগোনলৈ গ’ল আৰু বৈৎ-এমকৰ ও নিয়েলৰ উত্তৰ ফালে জবূলূন আৰু যিপ্তহ-এল উপত্যকাত লাগি উত্তৰত থকা কাবূলৰ দিশে গ’ল।
28 It went on to Ebron, Rehob, Hammon, and Kanah, as far as Greater Sidon.
২৮পাছত এই সীমা এব্ৰোণ, ৰহোব, হম্মোণ, কান্না আৰু মহাচীদোনলৈকে ওলাই গ’ল৷
29 The border then turned back toward Ramah as far as the fortified city of Tyre, turned toward Hosah, and came out at the Sea in the region of Achzib,
২৯পাছত সেই সীমা ঘূৰি ৰামালৈ গ’ল আৰু গড়েৰে আবৃত থকা তূৰ নগৰলৈ গ’ল৷ পাছত আকৌ ঘূৰি হোচালৈ গৈ তাৰ অন্ত অকজীব অঞ্চলৰ সমুদ্ৰত পৰিল;
30 Ummah, Aphek, and Rehob. There were twenty-two cities, along with their villages.
৩০উম্মা, অফেক আৰু ৰহোব৷ তাত বাইশখন নগৰ আছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
31 This was the inheritance of the clans of the tribe of Asher, including these cities and their villages.
৩১এইটোৱেই আছিল আচেৰৰ ফৈদৰ উত্তৰাধিকাৰ, যি নগৰবোৰ গাৱেঁৰে সৈতে তেওঁলোকৰ বংশক দিয়া হৈছিল৷
32 The sixth lot came out for the clans of the tribe of Naphtali:
৩২ষষ্ঠবাৰ চিঠি খেলাওঁতে, নপ্তালীৰ ফৈদৰ নামত উঠিল আৰু এইবোৰ তেওঁলোকৰ বংশক দিয়া হৈছিল৷
33 Their border started at Heleph and the great tree of Zaanannim, passing Adami-nekeb and Jabneel as far as Lakkum and ending at the Jordan.
৩৩তেওঁলোকৰ সীমা হেলফৰ পৰা, চনন্নীমৰ ওচৰত থকা এলোন গছৰ পৰা, অদামি-ৰেকব আৰু যবনীয়েলৰ পৰা লক্কুমলৈ, এইদৰে যৰ্দ্দনত তাৰ অন্ত পৰিল৷
34 Then the border turned westward to Aznoth-tabor and ran from there to Hukkok, touching Zebulun on the south side, Asher on the west, and Judah at the Jordan on the east.
৩৪আৰু সেই সীমা পশ্চিমফাললৈ ঘূৰি অজোনৎতাবোৰলৈকে গ’ল আৰু তাৰ পৰা হুক্কোকলৈ গৈ দক্ষিণফালে জবূলূনৰ লগ লাগিল আৰু পশ্চিম ফালে থকা আচেৰত উপনীত হৈ পূৱফালে যিহূদাত যৰ্দ্দনৰ ওচৰত লাগিল।
35 The fortified cities were Ziddim, Zer, Hammath, Rakkath, Chinnereth,
৩৫গড়েৰে আবৃত নগৰবোৰ চিদ্দীম, চেৰ, হম্মৎ, ৰক্কৎ, কিন্নেৰৎ,
37 Kedesh, Edrei, En-hazor,
৩৭কেদচ, ইদ্ৰেয়ী আৰু অয়িন-হাচোৰ আছিল৷
38 Iron, Migdal-el, Horem, Beth-anath, and Beth-shemesh. There were nineteen cities, along with their villages.
৩৮আৰু তাত যিৰোণ, মিগ্দল-এল, হৰেম, বৈৎ-অনাৎ আৰু বৈৎ-চেমচ৷ তাত ঊনৈশখন নগৰ অাছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
39 This was the inheritance of the clans of the tribe of Naphtali, including these cities and their villages.
৩৯এয়ে আছিল নপ্তালীৰ ফৈদৰ উত্তৰাধিকাৰ। এই নগৰবোৰ তেওঁলোকৰ বংশক গাওঁবোৰৰ সৈতে দিয়া হৈছিল।
40 The seventh lot came out for the clans of the tribe of Dan:
৪০সপ্তমবাৰ চিঠি খেলাতে দান ফৈদৰ নাম উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে তাক দিয়া হ’ল৷
41 The territory of their inheritance included Zorah, Eshtaol, Ir-shemesh,
৪১তেওঁলোকৰ উত্তৰাধিকাৰৰ অঞ্চলত চৰা, ইষ্টায়োল, ঈৰ-চেমচ,
42 Shaalabbin, Aijalon, Ithlah,
৪২চাল্বিন, অয়ালোন আৰু যিৎলা অন্তর্ভুক্ত আছিল৷
৪৩আকৌ ইয়াত এলোন, তিম্না, ইক্ৰোণ,
44 Eltekeh, Gibbethon, Baalath,
৪৪ইল্টকি, গিব্বথোন, বালাৎ,
45 Jehud, Bene-berak, Gath-rimmon,
৪৫যীহূদ, বনে-বৰক, গৎ-ৰিম্মোণ,
46 Me-jarkon, and Rakkon, including the territory across from Joppa.
৪৬মে-যৰ্কোণ, ৰক্কোন আৰু যাফোৰ সন্মূখত থকা অঞ্চলসমূহ অন্তর্ভুক্ত আছিল।
47 (Later, when the territory of the Danites was lost to them, they went up and fought against Leshem, captured it, and put it to the sword. So they took possession of Leshem, settled there, and renamed it after their father Dan.)
৪৭কিন্তু দানৰ উত্তৰাধিকাৰৰ সেই অঞ্চল যেতিয়া হেৰুৱালে, তেতিয়া দানে লেচমৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি, তাক হাত কৰি ল’লে৷ তেওঁলোকে সেই ঠাইৰ সকলোকে তৰোৱালেৰে বধ কৰি, সেই ঠাই অধিকাৰ কৰি তাত বাস কৰিলে৷ তেওঁলোকে নিজৰ পূৰ্বপুৰুষ দানৰ নামেৰে লেচমৰ নামো দান ৰাখিলে।
48 This was the inheritance of the clans of the tribe of Dan, including these cities and their villages.
৪৮এইটোৱেই আছিল দানৰ ফৈদৰ উত্তৰাধিকাৰ আৰু গাৱঁৰে সৈতে নগৰবোৰ তেওঁলোকক বংশ অনুসাৰে দিয়া হৈছিল৷
49 When they had finished distributing the land into its territories, the Israelites gave Joshua son of Nun an inheritance among them,
৪৯যেতিয়া তেওঁলোকৰ উত্তৰাধিকাৰত থকা নিজ নিজ সীমা অনুসাৰে দেশ ভগাই দিয়া হ’ল, তেতিয়া ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ মাজত নুনৰ পুত্ৰ যিহোচূৱাক এক উত্তৰাধিকাৰ দিলে৷
50 as the LORD had commanded. They gave him the city of Timnath-serah in the hill country of Ephraim, as he requested. He rebuilt the city and settled in it.
৫০ইফ্ৰয়িম পৰ্বতত থকা তেওঁ খোজা তিম্নৎ-চেৰহ নগৰ যিহোৱাৰ বাক্য অনুসাৰে তেওঁলোকে তেওঁক দিলে৷ তেওঁ সেই নগৰ পুনৰায় সাজি তাত বাস কৰিলে।
51 These are the inheritances that Eleazar the priest, Joshua son of Nun, and the heads of the families distributed by lot to the tribes of Israel at Shiloh before the LORD at the entrance to the Tent of Meeting. So they finished dividing up the land.
৫১ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েল লোকসকলৰ মাজত পূর্ব-পুৰুষ সন্তান সকলৰ ফৈদৰ মুখীয়ালসকলৰ উত্তৰাধিকাৰবোৰ এই, যিবোৰ চীলোত যিহোৱাৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত চিঠি খেলাই অধিকাৰৰ অৰ্থে ভাগ বাঁটি দিয়া হৈছিল। এইদৰে তেওঁলোকে দেশ ভাগ কৰি ল’লে।