< Job 26 >
১তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে,
2 “How you have helped the powerless and saved the arm that is feeble!
২“তুমি দুৰ্ব্বলক বৰ সহায় কৰিলা! আৰু বল নথকা বাহুক বৰ নিস্তাৰ কৰিলা!
3 How you have counseled the unwise and provided fully sound insight!
৩আৰু জ্ঞানহীনক বৰ পৰামৰ্শ দিলা! আৰু মূল কথা বৰ ভালকৈ বুজালা!
4 To whom have you uttered these words? And whose spirit spoke through you?
৪তুমি নো কাৰ আগত কথা কলা? কাৰ নিশ্বাস নো তোমাৰ মুখৰ পৰা ওলাল?”
5 The dead tremble— those beneath the waters and those who dwell in them.
৫বিল্দদে উত্তৰ কৰি ক’লে, “যি সকল সম্প্রতি মৃত, অবহেলিত, উদ্বিগ্ন, যিসকলে জল সমূহৰ তলত নিবাস কৰে ---
6 Sheol is naked before God, and Abaddon has no covering. (Sheol )
৬তেওঁৰ আগত চিয়োল অনাবৃত, আৰু বিনাশৰ ঠাইৰ ঢাকনি নাই। (Sheol )
7 He stretches out the north over empty space; He hangs the earth upon nothing.
৭তেওঁ শূন্যৰ ওপৰত উত্তৰৰ আকাশ বিস্তৰ কৰে, আৰু পৃথিবীক শূন্যত ওলোমাই থয়।
8 He wraps up the waters in His clouds, yet the clouds do not burst under their own weight.
৮তেওঁ নিজৰ ঘন মেঘত জল বন্ধ কৰে; তথাপি জলৰ ভৰত মেঘ নাফাটে।
9 He covers the face of the full moon, spreading over it His cloud.
৯তেওঁ পূৰ্ণিমাৰ চন্দ্রৰ মূখ ঢাকি দিয়ে, আৰু তাৰ ওপৰত তেওঁৰ মেঘ বিস্তাৰ কৰে।
10 He has inscribed a horizon on the face of the waters at the boundary between light and darkness.
১০যি ঠাইত আন্ধাৰ আৰু পোহৰ লগ লাগিছে, সেই ঠাইকে তেওঁ সীমা কৰি সমুদ্ৰৰ ওপৰত চক্ৰাকাৰ ৰেখা আঁকে,
11 The foundations of heaven quake, astounded at His rebuke.
১১তেওঁৰ ধমকিত আকাশ-মণ্ডলৰ স্তম্ভবোৰ কঁপে, আৰু বিচুৰ্ত্তি হয়,
12 By His power He stirred the sea; by His understanding He shattered Rahab.
১২তেওঁ নিজৰ পৰাক্ৰমেৰে সাগৰকো আস্ফালন কৰায়, আৰু নিজ বুদ্ধিৰে ৰাহবক ডোখৰ ডোখৰ কৰে।
13 By His breath the skies were cleared; His hand pierced the fleeing serpent.
১৩তেওঁৰ আত্মাৰ দ্ধাৰাই আকাশ-মণ্ডল বিভুষিত হয়; আৰু তেওঁৰ হাতে পলাই যোৱা নাগটোক খুচি মাৰিলে।
14 Indeed, these are but the fringes of His ways; how faint is the whisper we hear of Him! Who then can understand the thunder of His power?”
১৪চোৱা, এইবোৰ তেওঁৰ কাৰ্যবোৰৰ কণিকা মাথোন, আৰু আমি তেওঁৰ বিষয়ে কেনে সৰু ফুচফুচনি শুনিছো! কিন্তু তেওঁৰ পৰাক্ৰমৰ গৰ্জ্জন কোনে বুজিব পাৰে?