< Isaiah 27 >

1 In that day the LORD will take His sharp, great, and mighty sword, and bring judgment on Leviathan the fleeing serpent —Leviathan the coiling serpent—and He will slay the dragon of the sea.
সেই দিনা যিহোৱাই তেওঁৰ চোকা, ডাঙৰ, আৰু শকত তৰোৱালৰ সৈতে, দ্ৰুতগামী লিবিয়াথন নাগক, আৰু বেকাঁবেঁকিকৈ যোৱা লিবিয়াথন নাগক দণ্ড দিব, আৰু সমুদ্ৰত থকা বৃহৎ জন্তুটোক বধ কৰিব।
2 In that day: “Sing about a fruitful vineyard.
সেইদিনা- “এখন মনোৰম দ্ৰাক্ষাবাৰীত, সেই বিষয়ে গান কৰিবা।
3 I, the LORD, am its keeper; I water it continually. I guard it night and day so no one can disturb it;
“মই যিহোৱাই তাৰ প্রতিপালক, মই প্ৰতি নিমিষতে তাত পানী দিওঁ; মই দিনে ৰাতিয়ে তাক পহৰা দিওঁ যাতে কোনোৱে তাক হানি নকৰে।
4 I am not angry. If only thorns and briers confronted Me, I would march and trample them, I would burn them to the ground.
মই ক্ৰোধ কৰা নাই; অহ, কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি, যুদ্ধত মই তেওঁলোকৰ বিৰুদ্ধে গলে! মই সেইবোৰক একেলগে দগ্ধ কৰিম।
5 Or let them lay claim to My protection; let them make peace with Me— yes, let them make peace with Me.”
নতুবা সি মোৰ পৰাক্ৰমৰ আশ্ৰয় লওক, আৰু মোৰে সৈতে সন্ধি কৰক, মোৰে সৈতে সন্ধি কৰিবলৈ দিয়া হওক।
6 In the days to come, Jacob will take root. Israel will bud and blossom and fill the whole world with fruit.
ভবিষ্যত দিনত যাকোবে শিপা ধৰিব; ইস্ৰায়েলে কলি ধৰিব আৰু ফুলিব, আৰু তেওঁলোকে ভূ-মণ্ডলক ফলেৰে পৰিপূৰ্ণ কৰিব।”
7 Has the LORD struck Israel as He struck her oppressors? Was she killed like those who slayed her?
তেওঁ ইস্ৰায়েলৰ প্ৰহাৰকক যেনেকৈ প্ৰহাৰ কৰিছিল, তেনেকৈ তেওঁ ইস্ৰায়েলক প্ৰহাৰ কৰিলে নে? তাৰ দ্বাৰাই হ’ত হোৱাসকলৰ হত্যাৰ দৰে জানো তেওঁৰ হত্যা হ’ল নে?
8 By warfare and exile You contended with her and removed her with a fierce wind, as on the day the east wind blows.
তেওঁ যাকোব আৰু ইস্ৰায়েলক যুদ্ধলৈ পঠাই দিয়াৰ দ্বাৰাই দণ্ড দিছা; তেওঁৰ পূব দিশৰ বতাহৰ দিনা নিজৰ প্ৰবল বায়ুৰ দ্বাৰাই তেওঁক স্থানান্তৰিত কৰিলে।
9 Therefore Jacob’s guilt will be atoned for, and the full fruit of the removal of his sin will be this: When he makes all the altar stones like crushed bits of chalk, no Asherah poles or incense altars will remain standing.
এই হেতুকে ইয়াৰ দ্বাৰাই, যাকোবৰ অপৰাধ মোচন কৰা হ’ব, ইয়াৰ বাবে তেওঁৰ পাপ মোচন কৰাৰ এইয়ে সকলো ফল, আচেৰাৰ স্তম্ভবোৰ, প্ৰতিমাবোৰ পুনৰাই তুলিব নোৱাৰাকৈ, আৰু যজ্ঞবেদীবোৰ তেওঁ শিলবোৰৰ দৰে কৰিব।
10 For the fortified city lies deserted— a homestead abandoned, a wilderness forsaken. There the calves graze, and there they lie down; they strip its branches bare.
১০কিয়নো গড়েৰে আবৃত নগৰ পৰিত্যক্ত হ’ব, আৰু মানুহ নথকা বাসস্থান হৈ অৰণ্যৰ দৰে নিৰ্জন হ’ব; তাত দামুৰি চৰিব, তাত শুব আৰু ডালবোৰ খাব।
11 When its limbs are dry, they are broken off. Women come and use them for kindling; for this is a people without understanding. Therefore their Maker has no compassion on them, and their Creator shows them no favor.
১১তাৰ ডাল যেতিয়া শুকাই যায়, তেতিয়া সেইবোৰ ভাঙি যাব; আৰু মহিলাসকলে আহি সেইবোৰ লৈ জুই ধৰিব; কিয়নো এই লোকসকল বিবেচনা শক্তি থকা লোক নহয়; এই হেতুকে তাৰ সৃষ্টিৰ্কতাই তাক দয়া নকৰিব, আৰু তেওঁৰ নিৰ্ম্মাণকৰ্ত্তাই তাক কৃপা নকৰিব।
12 In that day the LORD will thresh from the flowing Euphrates to the Wadi of Egypt, and you, O Israelites, will be gathered one by one.
১২সেই দিনা এই সকলো ঘটিব, যিহোৱাই ফৰাৎ নদীৰ বৈ যোৱা সোঁতৰ পৰা মিচৰৰ জুৰিলৈকে সম্পূৰ্ণ পৰাস্ত কৰিব; আৰু হে ইস্ৰায়েলৰ লোকসকল তোমালোকক এটা এটা কৈ গোট খোৱা হ’ব।
13 And in that day a great ram’s horn will sound, and those who were perishing in Assyria will come forth with those who were exiles in Egypt. And they will worship the LORD on the holy mountain in Jerusalem.
১৩সেই দিনা এটা ডাঙৰ শিঙা বজোৱা হ’ব; আৰু অচূৰ দেশত নষ্ট হ’ব লগাসকল আৰু মিচৰ দেশলৈ বন্দী কৰি নিয়া লোকসকল আহিব; তেওঁলোকে যিৰূচালেমত থকা পবিত্ৰ পৰ্ব্বতত যিহোৱাৰ আৰাধনা কৰিব।

< Isaiah 27 >