< Ezekiel 42 >

1 Then the man led me out northward into the outer court, and he brought me to the group of chambers opposite the temple courtyard and the outer wall on the north side.
তাৰ পাছত সেই মানুহে মোক উত্তৰ ফালৰ বাটেদি বাহিৰ চোতালখনলৈ নি আৰু পৃথক কৰা ঠাইৰ সন্মূখত আৰু উত্তৰ ফালৰ ঘৰটোৰ সন্মুখত থকা কোঁঠালিবোৰলৈ নিলে।
2 The building with the door facing north was a hundred cubits long and fifty cubits wide.
আৰু এশ হাত দীঘল ঠাইৰ আগত উপস্থিত কৰোৱালে; দুৱাৰ উত্তৰ ফালে আছিল; প্ৰস্থ পঞ্চাশ হাত।
3 Gallery faced gallery in three levels opposite the twenty cubits that belonged to the inner court and opposite the pavement that belonged to the outer court.
সেই কোঁঠালিবোৰ ভিতৰ চোতালখনৰ বিশ হাতৰ আগত আৰু বাহিৰ চোতালখনৰ শিলত পাৰি দিয়া ঠাইৰ সন্মুখত আছিল; তৃতীয় খাপৰ ঠেক বাৰাণ্ডাবোৰ সন্মূখা-সন্মূখিকৈ আছিল।
4 In front of the chambers was an inner walkway ten cubits wide and a hundred cubits long. Their doors were on the north.
আৰু ভিতৰ ফালে কোঁঠালিবোৰৰ আগত দহ হাত বহল আৰু এশ হাত দীঘল এটা অহা-যোৱা কৰা বাট আছিল; আৰু সেইবোৰৰ দুৱাৰ উত্তৰফালে আছিল।
5 Now the upper chambers were smaller because the galleries took more space from the chambers on the lower and middle floors of the building.
ওপৰৰ কোঁঠালিবোৰ ঠেক; কিয়নো ঘৰটোত ঠেক বাৰাণ্ডা কেইটাই তলৰ আৰু মাজৰ কোঁঠালিতকৈ অধিক ঠাই লৈছিল।
6 For they were arranged in three stories, and unlike the courts, they had no pillars. So the upper chambers were set back further than the lower and middle floors.
কাৰণ সেইবোৰ তিনিও খাপত আছিল, আৰু বাহিৰ চোতালখনৰ কোঁঠালিবোৰৰ স্তম্ভৰ দৰে সেইবোৰৰ স্তম্ভ নাছিল; এই হেতুকে ওপৰৰ কোঁঠালিবোৰ মাটিত থকা তলৰ কোঁঠালিতকৈ আৰু মাজৰ কোঁঠালিতকৈ অধিক ঠেক আছিল।
7 An outer wall in front of the chambers was fifty cubits long and ran parallel to the chambers and the outer court.
আৰু বাহিৰত, বাহিৰ চোতাললখনৰ ফালে কোঁঠালিবোৰৰ কাষত আৰু কোঁঠালিবোৰৰ সন্মুখত যি গড় আছিল, সেয়ে পঞ্চাশ হাত দীঘল।
8 For the chambers on the outer court were fifty cubits long, while those facing the temple were a hundred cubits long.
কিয়নো বাহিৰ চোতালখনৰ ফালে থকা কোঁঠালিবোৰৰ দৈৰ্ঘ্য পঞ্চাশ হাত; কিন্তু মন্দিৰৰ ফালে থকা কোঁঠালিবোৰৰ দৈৰ্ঘ্য এশ হাত।
9 And below these chambers was the entrance on the east side as one enters them from the outer court.
বাহিৰ চোতালখনৰ পৰা সেইবোৰ কোঁঠালিত সোমাবলৈ গ’লে, সেইবোৰৰ ঠাইতকৈ চাপৰত, পূৱফালে সোমোৱা বাট পোৱা যায়।
10 On the south side along the length of the wall of the outer court were chambers adjoining the courtyard and opposite the building,
১০চোতালখনৰ গড়ৰ বহলফালে পূৱদিশে পৃথক কৰা ঠাইৰ আৰু ঘৰটোৰ আগত কোঁঠালিবোৰ আছিল।
11 with a passageway in front of them, just like the chambers that were on the north. They had the same length and width, with similar exits and dimensions.
১১এইবোৰৰ আগত যি এটা বাট আছিল, সেই বাট উত্তৰফালে থকা কোঁঠালিবোৰৰ সন্মুখৰ বাটৰ নিচিনা যেন দেখা যায়; এইবোৰ সেইবোৰৰ সমানে দীঘল আৰু বহল আৰু এইবোৰৰ আটাইবোৰ বাহিৰলৈ ওলোৱা বাট সেইবোৰৰ দৰে আৰু সেই ধৰণেই।
12 And corresponding to the doors of the chambers that were facing south, there was a door in front of the walkway that was parallel to the wall extending eastward.
১২বাটৰ মুৰত, দক্ষিণফালে থকা কোঁঠালিবোৰৰ দুৱাৰবোৰৰ নিচিনা এখন দুৱাৰ আছিল; সেই কোঁঠালিবোৰত সোমাবলৈ গ’লে, পূৱফালে ঠিক গড়ৰ সন্মুখত সেই দুৱাৰ পোৱা যায়।
13 Then the man said to me, “The north and south chambers facing the temple courtyard are the holy chambers where the priests who approach the LORD will eat the most holy offerings. There they will place the most holy offerings—the grain offerings, the sin offerings, and the guilt offerings—for the place is holy.
১৩তেতিয়া তেওঁ মোক ক’লে, “পৃথক কৰা ঠাইৰ সন্মুখত থকা উত্তৰ আৰু দক্ষিণৰ কোঁঠালিবোৰ পবিত্ৰ কোঁঠালি; যিহোৱাৰ ওচৰত থকা পুৰোহিতসকলে তাত অতি পবিত্ৰ বস্তু ভোজন কৰে; তাত তেওঁলোকে অতি পবিত্ৰ বস্তুবোৰ, ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি আৰু দোষাৰ্থক বলি থয়; কিয়নো সেই ঠাই পবিত্ৰ।
14 Once the priests have entered the holy area, they must not go out into the outer court until they have left behind the garments in which they minister, for these are holy. They are to put on other clothes before they approach the places that are for the people.”
১৪যেতিয়া পুৰোহিতসকল পবিত্ৰ স্থানত সোমায়, তেতিয়া তেওঁলোকে তেওঁলোকৰ পৰিচৰ্যা বস্ত্ৰ তাত নৰখাকৈ তাৰ পৰা বাহিৰ চোতালখনলৈ নাযায়; কিয়নো সেইবোৰ পবিত্ৰ; তেওঁলোকে আন বস্ত্ৰ পিন্ধি লোকসকলৰ ঠাইলৈ যায়।”
15 Now when the man had finished measuring the interior of the temple area, he led me out by the gate that faced east, and he measured the area all around:
১৫পাছত তেওঁ ভিতৰ গৃহ জুখি এঁটালত, পূৱফালেমুখ কৰা বাট-চৰাইদি মোক উলিয়াই নিলে আৰু চাৰিওফালে গোটেই গৃহ জুখিলে।
16 With a measuring rod he measured the east side to be five hundred cubits long.
১৬তেওঁ পূৱফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।
17 He measured the north side to be five hundred cubits long.
১৭তেওঁ ঘূৰি উত্তৰফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।
18 He measured the south side to be five hundred cubits long.
১৮তেওঁ দক্ষিণফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।
19 And he came around and measured the west side to be five hundred cubits long.
১৯আৰু তেওঁ পশ্চিফাললৈ ঘূৰি সেই ফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।
20 So he measured the area on all four sides. It had a wall all around, five hundred cubits long and five hundred cubits wide, to separate the holy from the common.
২০তেওঁ চাৰিওফালে তাক জুখিলে; পবিত্ৰ আৰু সাধাৰণ ঠাইৰ মাজত প্ৰভেদ কৰিবলৈ, তাৰ চাৰিওফালে পাঁচশ হাত দীঘল আৰু পাঁচশ হাত বহল এনে এটা গড় আছিল।

< Ezekiel 42 >