< Ecclesiastes 4 >
1 Again I looked, and I considered all the oppression taking place under the sun. I saw the tears of the oppressed, and they had no comforter; the power lay in the hands of their oppressors, and there was no comforter.
১পুনৰ মই সূৰ্যৰ তলত যি সকলো উপদ্রৱ হয়, সেইবোৰলৈ এবাৰ চালোঁ। চোৱা, উপদ্রৱ পোৱা লোকসকলে কান্দিছে, কিন্তু তেওঁলোকক শান্তনা দিওঁতা কোনো নাই; যিসকলে উপদ্রৱ কৰে, তেওঁলোকৰ হাতত ক্ষমতা আছে; কিন্তু উপদ্রৱ পোৱাসকলক শান্তনা দিওঁতা কোনো নাই।
2 So I admired the dead, who had already died, above the living, who are still alive.
২সেয়ে মই ভাবিলোঁ, যিসকল বৰ্ত্তমান জীয়াই আছে, সেই জীৱিতসকলতকৈ যিসকলৰ আগেয়ে মৃত্যু হ’ল, তেওঁলোক অধিক সৌভাগ্যশালী।
3 But better than both is he who has not yet existed, who has not seen the evil that is done under the sun.
৩কিন্তু এই দুজনতকৈ সেইজন বেছি সৌভাগ্যশালী যিজনৰ এতিয়াও জন্ম হোৱা নাই আৰু সূৰ্যৰ তলত যি দুষ্ট কাৰ্য কৰা হয়, তাক দেখা নাই।
4 I saw that all labor and success spring from a man’s envy of his neighbor. This too is futile and a pursuit of the wind.
৪তাৰ পাছত মই দেখিলোঁ, সকলো পৰিশ্রমৰ কার্য আৰু সকলো দক্ষ কার্যক্ষম এজন লোকৰ প্রতি আন জনৰ হিংসাভাৱ থকাৰ পৰাই হয়। ইয়ো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়।
5 The fool folds his hands and consumes his own flesh.
৫অজ্ঞান লোকে হাত সাৱটি একো নকৰাকৈ থাকে, তেওঁলোকে নিজকে ধ্বংস কৰে।
6 Better one handful with tranquility than two handfuls with toil and pursuit of the wind.
৬বতাহক ধৰাৰ চেষ্টা কৰি পৰিশ্রমেৰে দুই মুঠি লাভ কৰাতকৈ শান্তিৰে সৈতে এমুঠি পোৱাই অনেক ভাল।
7 Again, I saw futility under the sun.
৭পাছত মই পুনৰ সূৰ্যৰ তলত অসাৰতা দেখিলোঁ।
8 There is a man all alone, without even a son or brother. And though there is no end to his labor, his eyes are still not content with his wealth: “For whom do I toil and bereave my soul of enjoyment?” This too is futile—a miserable task.
৮কোনো এজন মানুহ একেবাৰে অকলশৰীয়াকৈ থাকে, তেওঁৰ দ্বিতীয়জন বুলিবলৈ কোনো নাই; এনেকি তেওঁৰ পুত্রও নাই, ভাই-ককাই কোনো নাই; তথাপিও তেওঁৰ পৰিশ্ৰমৰ শেষ নাই আৰু ধন-সম্পত্তি লাভৰ বিষয়ত তেওঁৰ চকু তৃপ্ত নহয়। তেওঁ সুধে, “তেন্তে মই কাৰ নিমিত্তে পৰিশ্ৰম কৰিছোঁ? কিয় আমোদ-প্রমোদৰ পৰা নিজক বঞ্চিত কৰিছোঁ?” ইও অসাৰ, অতি দুখজনক অৱস্থা।
9 Two are better than one, because they have a good return for their labor.
৯এজনতকৈ দুজন ভাল, কিয়নো তেওঁলোকৰ পৰিশ্ৰমৰ দ্বাৰাই অনেক সুফল হয়।
10 For if one falls down, his companion can lift him up; but pity the one who falls without another to help him up!
১০কাৰণ তেওঁলোকৰ এজন যদি পৰে, তেন্তে তেওঁৰ সঙ্গীয়ে তেওঁক তুলিব পাৰে। কিন্তু হায় সেই অকলে থকা লোক! কিয়নো তেওঁ পৰিলে তেওঁক তুলিবলৈ দ্বিতীয়জন কোনো নাই।
11 Again, if two lie down together, they will keep warm; but how can one keep warm alone?
১১তাৰ উপৰি দুজনে একেলগে শুলে উম পায়; কিন্তু এজনে অকলে কেনেকৈ উম পাব?
12 And though one may be overpowered, two can resist. Moreover, a cord of three strands is not quickly broken.
১২যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে, কিন্তু দুজনে আক্রমণক প্ৰতিৰোধ কৰিব পাৰে। তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে।
13 Better is a poor but wise youth than an old but foolish king who no longer knows how to take a warning.
১৩এজন অজ্ঞান বৃদ্ধ ৰজা, যিজনে কোনো সতর্কবাণীলৈ কাণ নিদিয়ে আৰু নুবুজেও, তেনে ৰজাতকৈ বৰং দৰিদ্র অথচ জ্ঞানী যুবকেই শ্রেয়।
14 For the youth has come from the prison to the kingship, though he was born poor in his own kingdom.
১৪সেই যুবক দেশৰ ৰজা হ’বলৈ কাৰাগাৰৰ পৰাও ওলাই আহিব পাৰে নাইবা তেওঁ নিজৰ ৰাজ্যৰ এক দৰিদ্র পৰিয়ালতো জন্ম গ্রহণ কৰিব পাৰে।
15 I saw that all who lived and walked under the sun followed this second one, the youth who succeeded the king.
১৫মই দেখিলোঁ যে, যি সকলো জীয়াই আছিল অর্থাৎ সূর্যৰ তলত চলা-ফুৰা কৰি আছিল, তেওঁলোকে সেই বৃদ্ধ ৰজাজনৰ পদত অধিষ্ঠিত হোৱা যুবক ৰজাজনক অনুসৰণ কৰি চলিল।
16 There is no limit to all the people who were before them. Yet the successor will not be celebrated by those who come even later. This too is futile and a pursuit of the wind.
১৬এই নতুন ৰজাই নেতৃত্ব দিয়া লোকসকলৰ সীমা নাছিল; কিন্তু পাছত তেওঁলোকৰ অনেকেই তেওঁৰ ওপৰত সন্তুষ্ট নাছিল। ইও অসাৰ, আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ নিচিনা হয়।