< 1 Chronicles 25 >

1 Additionally, David and the commanders of the army set apart some of the sons of Asaph, Heman, and Jeduthun to prophesy with the accompaniment of lyres, harps, and cymbals. The following is the list of the men who performed this service:
দায়ুদ আৰু আবাসৰ পৰিচৰ্যাৰ প্রধান লোকসকলে আচফ, হেমন, আৰু যিদূথূনৰ পুত্র সকলক কিছুমান কামৰ বাবে নিৰ্বাচন কৰিলে। এওঁলোকে বীণা, বেহেলা, আৰু তালেৰে ভাবিষ্যত বাণী কৰিলে। যিসকল লোকে এই কাম কৰিছিল তেওঁলোকৰ তালিকা তলত দিয়া হ’ল:
2 From the sons of Asaph: Zaccur, Joseph, Nethaniah, and Asarelah. These sons of Asaph were under the direction of Asaph, who prophesied under the direction of the king.
আচফৰ পুত্র সকলৰ পৰা: জক্কুৰ, যোচেফ, নথনিয়া, আৰু অচৰেলা; আচফৰ পুত্রসকল আচফৰ নিৰ্দেশ অনুযায়ী ৰজাৰ নিৰীক্ষণৰ অধীনত ভাববাণী কৰে।
3 From the sons of Jeduthun: Gedaliah, Zeri, Jeshaiah, Shimei, Hashabiah, and Mattithiah—six in all—under the direction of their father Jeduthun, who prophesied with the harp, giving thanks and praise to the LORD.
যিদূথূনৰ পুত্র সকলৰ পৰা: গদলিয়া, চৰী, যিচয়া, হচবিয়া, চিমিয়া, আৰু মত্তিথিয়া, এই ছয় জনে, তেওঁলোকৰ পিতৃ যিদুথূনৰ নিৰ্দেশ অনুযায়ী যিহোৱাৰ ধন্যবাদ আৰু প্ৰশংসাৰ বাবে বীণা বজায়।
4 From the sons of Heman: Bukkiah, Mattaniah, Uzziel, Shebuel, Jerimoth, Hananiah, Hanani, Eliathah, Giddalti, Romamti-ezer, Joshbekashah, Mallothi, Hothir, and Mahazioth.
হেমনৰ পুত্র সকলৰ পৰা: বুক্কিয়া, মত্তনিয়া, উজ্জীয়েল, চবূৱেল, যিৰীমোৎ, হননিয়া, হনানী, ইলীয়াথা, গিদ্দলতী, ৰোমমতী-এজৰ, যচবিকাচা, মল্লোথী, হোথীৰ আৰু মহজীয়োৎ।
5 All these sons of Heman the king’s seer were given him through the promises of God to exalt him, for God had given Heman fourteen sons and three daughters.
ৰজাৰ ভাববাদী হেমনৰ এওঁলোক পুত্র। ঈশ্বৰক শ্রদ্ধা কৰিবলৈ তেওঁক চৌদ্ধ জন পুত্র আৰু তিনি জনী ছোৱালী দান কৰিলে।
6 All these were under the direction of their fathers for the music of the house of the LORD with cymbals, harps, and lyres, for the service of the house of God. Asaph, Jeduthun, and Heman were under the direction of the king.
তেওঁলোকৰ পিতৃৰ নিৰ্দেশ অনুযায়ী এই সকলো কৰিছিল। তেওঁলোক ঈশ্ৱৰৰ গৃহৰ বাদ্যকৰ আছিল, তেওঁলোকে ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে তাল, বেহেলা, আৰু বীণা বজাইছিল। আচফ, যিদূথূন, আৰু হেমন ৰজাৰ নিৰ্দেশৰ অধীনত আছিল।
7 Together with their relatives, who were all trained and skillful in the songs of the LORD, they numbered 288.
তেওঁলোক আৰু তেওঁলোকৰ ভাইসকল যিহোৱাৰ উদ্দেশ্যে বাদ্য বজোৱাত প্রশিক্ষণ প্রাপ্ত আৰু নিপুণ আছিল তেওঁলোক সংখ্যাত দুশ আঠাশী জন আছিল।
8 They cast lots for their duties, young and old alike, teacher as well as pupil.
তেওঁলোকৰ সৰু কি বৰ, গুৰু কি শিষ্য সকলোৱে সমানে চিঠি খেলাই নিজৰ কৰিব লগীয়া কাৰ্য কৰিবলৈ থিৰ কৰিছিল।
9 The first lot, which was for Asaph, fell to Joseph, his sons, and his brothers—12 in all; the second to Gedaliah, his sons, and his brothers—12 in all;
এতিয়া আচফৰ পুত্র সকলৰ বিষয়ে: প্ৰথম চিঠি খেলত যোচেফৰ পৰিয়ালৰ নাম উঠিল; দ্বিতীয় গদলিয়াৰ পৰিয়ালৰ নামত উঠিল, তেওঁলোক সংখ্যাত বাৰ জন;
10 the third to Zaccur, his sons, and his brothers—12 in all;
১০তৃতীয় জক্কুৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় লোক সকল সংখ্যাত বাৰ জন;
11 the fourth to Izri, his sons, and his brothers—12 in all;
১১চতুৰ্থ যিখ্ৰীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন।
12 the fifth to Nethaniah, his sons, and his brothers—12 in all;
১২পঞ্চম নথনিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
13 the sixth to Bukkiah, his sons, and his brothers—12 in all;
১৩ষষ্ঠ বুক্কিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
14 the seventh to Jesarelah, his sons, and his brothers—12 in all;
১৪সপ্তম যিচৰেলাৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন।
15 the eighth to Jeshaiah, his sons, and his brothers—12 in all;
১৫অষ্টম যিচয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয়সকল সংখ্যাত বাৰ জন;
16 the ninth to Mattaniah, his sons, and his brothers—12 in all;
১৬নৱম মত্তনিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
17 the tenth to Shimei, his sons, and his brothers—12 in all;
১৭দশম চিমিয়ীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
18 the eleventh to Azarel, his sons, and his brothers—12 in all;
১৮একাদশ অজৰেলৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
19 the twelfth to Hashabiah, his sons, and his brothers—12 in all;
১৯দ্বাদশ হচবিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
20 the thirteenth to Shubael, his sons, and his brothers—12 in all;
২০ত্ৰয়োদশ চূবায়েলৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্বন্ধীয় সকল সংখ্যাত বাৰ জন;
21 the fourteenth to Mattithiah, his sons, and his brothers—12 in all;
২১চতুৰ্দ্দশ মত্তিথিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
22 the fifteenth to Jeremoth, his sons, and his brothers—12 in all;
২২পঞ্চদশ যিৰোমোতৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
23 the sixteenth to Hananiah, his sons, and his brothers—12 in all;
২৩ষোড়শ হননিয়াৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
24 the seventeenth to Joshbekashah, his sons, and his brothers—12 in all;
২৪সপ্তদশ যচবিকাচাৰ নামত উঠিল; তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
25 the eighteenth to Hanani, his sons, and his brothers—12 in all;
২৫অষ্টাদশ হনানীৰ নামত উঠিল; তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
26 the nineteenth to Mallothi, his sons, and his brothers—12 in all;
২৬ঊনবিংশ মল্লোথীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
27 the twentieth to Eliathah, his sons, and his brothers—12 in all;
২৭বিংশ ইলিয়াথাৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
28 the twenty-first to Hothir, his sons, and his brothers—12 in all;
২৮একবিংশ হোথীৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
29 the twenty-second to Giddalti, his sons, and his brothers—12 in all;
২৯দ্বাবিংশ গিদ্দলতীৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
30 the twenty-third to Mahazioth, his sons, and his brothers—12 in all;
৩০ত্ৰয়োদশ মহজীয়াতৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;
31 and the twenty-fourth to Romamti-ezer, his sons, and his brothers—12 in all.
৩১চতুৰ্ব্বিংশ ৰোমমতী-এজৰৰ নামত উঠিল, তেওঁৰ পুত্র আৰু সম্পৰ্কীয় সকল সংখ্যাত বাৰ জন;

< 1 Chronicles 25 >