< 2 John 1 >
1 The elder to the elect lady, and to her children, whom I love in the truth: and not I only, but also all who know the truth;
১ঈশ্বৰৰ মনোনীত সেই ভদ্ৰ মহিলা পৰিচাৰিকা আৰু তেখেতৰ সন্তান সকলক মই সত্য প্ৰেম কৰোঁ; একমাত্ৰ ময়েই নহয়, কিন্তু যি সকলে সত্যক জানে তেওঁলোকেও প্ৰেম কৰে৷
2 we all love you, on account of the truth that dwells in us, and which will be with us forever: (aiōn )
২কাৰণ সেই সত্য আমাৰ অন্তৰত আছে আৰু আমাৰ সৈতে চিৰকাল থাকিব৷ (aiōn )
3 grace be with you, mercy and peace from God the Father, and from the Lord Jesus Christ, the Son of the Father, in truth and love.
৩পিতৃ ঈশ্বৰৰ পৰা আৰু পিতৃৰ পুত্ৰ যীচু খ্ৰীষ্টৰ পৰাও অনুগ্ৰহ, দয়া আৰু শান্তি, সত্যত আৰু প্ৰেমত আমাৰে সৈতে আছে।
4 I rejoiced greatly because I found some of your children walking in the truth, as we received commandment from the Father.
৪আমি পিতৃৰ পৰা পোৱা আজ্ঞা গ্ৰহণ কৰাৰ দৰে আপোনাৰ কিছুমান সন্তানে সত্যত চলি থকা দেখি, মই অতি আনন্দিত হৈছোঁ৷
5 And now I beseech you, lady, not as though I wrote a new commandment to you, but that which we had from the beginning, that we love one another.
৫হে ভদ্ৰ মহিলা, এতিয়া মই আপোনাক মিনতি কৰোঁ যে, আপোনালৈ মই কোনো এটা নতুন আজ্ঞা লিখা নাই, কিন্তু আমি আৰম্ভণিৰে পৰা পোৱাৰ দৰে পৰস্পৰে প্ৰেম কৰা উচিত।
6 And this is love, that we walk according to his commandments. This is the commandment, as you have heard from the beginning, that you should walk in it.
৬আৰু প্ৰেম এইটোৱে হয়, য’ত আমি তেওঁৰ আজ্ঞা অনুসাৰে চলোঁ৷ এই আজ্ঞা আপোনালোকে আৰম্ভণিৰে পৰা শুনি আহিছে, সেয়েহে ইয়াতে আপোনালোকে চলক।
7 For many deceivers have entered into the world, who confess not that Jesus Christ came in the flesh: this is the deceiver and the antichrist.
৭কিয়নো অনেক প্রৱঞ্চক জগতত ওলাল; তেওঁলোকে যীচু খ্ৰীষ্টক মাংসত অহা বুলি স্বীকাৰ নকৰে৷ এওঁলোকেই প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰি।
8 Look to yourselves, that we lose not the things that we have gained, but that we receive a full reward.
৮আপুনি নিজকে চাওক, যি বিষয়ৰ বাবে আমাৰ কৰ্ম কৰিবলগীয়া আছে, সেয়া নেহেৰুৱাব, কিন্তু সম্পূৰ্ণ পুৰস্কাৰ গ্ৰহণ কৰক৷ এই কাৰণতে নিজলৈ সাৱধান হ’ব।
9 Whoever transgresses, and abides not in the teaching of the Christ, has not God: he that abides in the teaching of the Christ, has both the Father and the Son.
৯যি কোনোৱে খ্রীষ্টৰ উপদেশত নাথাকি সীমা পাৰ হৈ যায়, তেওঁত ঈশ্বৰ নাই; যি জনে সেই উপদেশত থাকে, তেওঁত পিতৃ আৰু পুত্ৰ, এই উভয়েই আছে।
10 If any one comes to you, and brings not this teaching, receive him not into your house, and do not wish him well:
১০যদি কোনো এজন আপোনাৰ ওচৰলৈ আহে আৰু এনে উপদেশ আপোনালোকৰ ওচৰলৈ লৈ নাহে, তেনেলোকক ঘৰত গ্ৰহণ নকৰিব আৰু শুভেচ্ছাও নজনাব।
11 for he that wishes him well, is partaker of his evil deeds.
১১যি জনে তেনেলোকক শুভেচ্ছা জনায়, তেৱোঁ তেনেলোকৰ দুষ্কৰ্মৰ অংশীদাৰ হয়।
12 Though I have many things to write to you, I determined not to communicate them by means of paper and ink: for I hope to come to you, and to speak mouth to mouth, that our joy may be full.
১২আপোনালোকলৈ লিখিবৰ বাবে মোৰ অনেক কথা আছে আৰু সেইবোৰ চিঠি আকাৰে কাগজৰ পাতত লিখিবলৈ মই ইচ্ছা নকৰোঁ৷ কিন্তু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয়, সেয়েহে আপোনালোকৰ ওচৰলৈ গৈ মুখা-মুখি হৈ কথা পাতিবৰ বাবে মই আশা কৰি আছোঁ।
13 The children of your elect sister greet you.
১৩আপোনাৰ মনোনীত ভনীয়েৰাৰ সন্তান সকলে আপোনাক শুভেচ্ছা জনাইছে।