< 1 Timothy 6 >
1 Let as many servants as are under the yoke count their own masters worthy of all honor, that the name of God, and his teaching, be not reviled.
১ঈশ্বৰৰ নাম আৰু শিক্ষা যেন নিন্দিত নহয়, সেই বাবে যুৱলিৰ অধীন হোৱা দাস সকলে নিজ নিজ প্ৰভুক সম্পূৰ্ণ সমাদৰেৰে যোগ্য জ্ঞান কৰক।
2 And those who have believing masters, let them not despise them, because they are brethren: but rather let them serve them, because they who partake of the benefit of their service, are believers and beloved brethren. These things enforce in your teaching and exhortation.
২আৰু যি সকল দাস প্রভুৰ বিশ্বাসী, তেওঁলোক পৰস্পৰ ভাই। সেই বাবে দাস সকলে তেখেত সকলক অসন্মান কৰা উচিত নহয়। বৰং তেওঁলোকে আৰু ভালদৰে সেৱা কার্য কৰা উচিত, যিহেতু যি সকলে সেৱা লাভ কৰিছে, তেওঁলোকো বিশ্বাসী আৰু প্রিয়। এইবোৰ কথা শিকোৱা আৰু ঘোষণা কৰা।
3 If any one teaches other things, and does not assent to the sound words of our Lord Jesus Christ, and to the teaching which is according to godliness,
৩কোনোৱে যদি ভিন্ন শিক্ষা দিয়ে আৰু নিৰাময় সত্য বাক্য, যি বাক্য আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ; সেই বাক্য গ্ৰহন নকৰে, তেওঁ আচলতে ঐশ্বৰীক শিক্ষা গ্ৰহণ নকৰে আৰু ভক্তিৰ অনুৰূপ শিক্ষাত মান্তি নহয়৷
4 he is mad with conceit, knowing nothing, but has a morbid fondness for questions and contentions about words, out of which come envy, strife, railing, evil suspicions,
৪তেওঁ অহংকাৰী আৰু একোকে নাজানে, কিন্তু বাদ-বিচাৰ আৰু বাগযুদ্ধৰূপ ৰোগত ৰোগাগ্ৰস্ত হয়৷ সেইবোৰৰ পৰাই হিংসা, বিবাদ, নিন্দা, দুষ্ট-ধাৰণাৰ উৎপন্ন হয়৷
5 and wranglings, on the part of men who are corrupt in mind, and destitute of the truth, who suppose that godliness is a source of gain. From such withdraw yourself.
৫মন-ভ্রষ্ট আৰু সত্যহীন মানুহবোৰৰ পৰাই দ্বন্দ্ব-কাজিয়া উৎপন্ন হয়। তেওঁলোকে সত্যৰ পৰা আতৰি যায় আৰু ভক্তিক জাগতিক লাভৰ উপায় বুলি ভাৱে।
6 But godliness, with a contented disposition, is great gain.
৬কিন্তু যি কৰিবা, আচলতে সন্তুষ্ট মনেৰে কৰিবা; কিয়নো ঈশ্বৰভক্তিতে সকলো লাভ বিলীন হৈ থাকে।
7 For we brought nothing into this world, and it is certain that we can carry nothing out.
৭আমি এই জগতলৈ একোকে অনা নাই আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ৷
8 And having food and raiment, with these let us be content.
৮সেই বাবে আমি অন্ন-বস্ত্ৰতে সন্তুষ্ট হব লাগে৷
9 But those who will be rich fail into temptation and a snare, and many foolish and hurtful desires, which drown men in destruction and perdition.
৯কিন্তু যি সকলে ধনৱন্ত হবলৈ ইচ্ছা কৰে, তেওঁলোকে পৰীক্ষা আৰু ফান্দত পৰে আৰু নানা ধৰণৰ আৰু হানিজনক অভিলাষত পৰি যি যি কৰে সেইবোৰে তেওঁলোকক ধ্বংস আৰু বিনাশলৈ লৈ যায়।
10 For the love of money is the root of all evil; through the desire of which, some have erred from the faith, and pierced themselves through with many sorrows.
১০ধনক প্ৰেম কৰাই সকলো মন্দ পথৰ মূল৷ তালৈ আকাংক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনা ৰূপ শলাৰে নিজকেই খোচ মাৰে।
11 But do you, O man of God, shun these things, and pursue righteousness, godliness, faithfulness, love, patience, meekness.
১১কিন্তু, হে ঈশ্বৰৰ লোক, তুমি এই সকলোৰে পৰা পলোৱা৷ ধাৰ্মিকতা, ভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য, মৃদুভাৱ, এইবোৰক অনুসৰণ কৰা।
12 Fight the good fight of the faith; lay hold on eternal life, to which you have been called, and for which you confessed the good confession before many witnesses. (aiōnios )
১২বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা৷ যি অনন্ত জীৱনৰ বাবে তুমি আমন্ত্ৰিত হ’লা আৰু অনেক সাক্ষীৰ আগত যি উত্তম বিশ্বাস স্বীকাৰ কৰিলা, তাক তুমি ধাৰণ কৰি থাকা৷ (aiōnios )
13 I charge you, in the sight of God, who makes all things alive, and before Christ Jesus, who, before Pontius Pilate, confessed a good confession,
১৩সকলোৰে জীৱন দিওঁতা ঈশ্বৰৰ সাক্ষাতে আৰু যি জনে পন্তীয় পীলাতৰ আগত সেই উত্তম স্বীকাৰৰূপে সাক্ষ্য দিছিল, সেই খ্ৰীষ্ট যীচুৰ সাক্ষাতেও, মই তোমাক এই আজ্ঞা দিছোঁ যে,
14 that you keep this commandment, so that you may be spotless and blameless till the appearing of our Lord Jesus Christ,
১৪আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আবিৰ্ভাৱ নোহোৱালৈকে, এই আদেশ নিষ্কলঙ্ক আৰু নিৰ্দোষীকৈ ৰাখিবা৷
15 which, in his own times, he will show, who is the blessed and only Potentate, the King of kings, and Lord of lords;
১৫সেই পৰমধন্য ঈশ্বৰ, যি জন একমাত্র পৰাক্রমী, ৰাজত্ব কৰা ৰজা আৰু শাসন কৰা প্রভু, তেৱেঁই সঠিক সময়ত তেওঁক আবির্ভাৱ কৰাব।
16 who alone has immortality, dwelling in light unapproachable, whom no man has seen, nor can see, to whom be honor and power eternal. Amen. (aiōnios )
১৬যি জন একমাত্ৰ অধিকাৰী আৰু অগম্য দীপ্তি-নিবাসী৷ কোনো মানুহে কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে৷ তেওঁৰেই সমাদৰ আৰু অনন্ত পৰাক্ৰম হওক। আমেন। (aiōnios )
17 Charge those who are rich in this age, that they be not proud, nor trust in uncertain riches, but in the living God, who gives us all things richly for our enjoyment, (aiōn )
১৭যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰত ভাৰসা কৰক৷ (aiōn )
18 that they do good, that they be rich in good works, that they be ready to distribute, liberal,
১৮তেওঁলোকক ভাল কর্ম কৰিবলৈ; ভাল কর্মবোৰত ধনী হৈ উদাৰ আৰু ভগাই লবলৈকো ইচ্ছুক হবলৈ কোৱা উচিত।
19 treasuring up for themselves a good foundation for the time to come, that they may lay hold on eternal life.
১৯আৰু সেইৰূপে প্ৰকৃত জীৱন-ধাৰণ কৰি পৰকালৰ বাবে নিজৰ অৰ্থে তেওঁলোকে উত্তম ভিত্তিমূল স্বৰূপ ধন সাঁচক।
20 O Timothy, keep that which is committed to your charge, avoiding those profane and empty babblings, and disputations about knowledge falsely so called;
২০হে তীমথিয়, তোমাক যি গতাই দিয়া হ’ল, তাক পহৰা দি সুৰক্ষিত কৰি ৰাখিবা৷ তথাকথিত মিথ্যা জ্ঞানৰ অসাৰ কথা-বতৰা আৰু তর্ক-বিতর্কৰ মাজলৈ নাযাবা
21 by making a profession of this knowledge, some have erred as it respects the faith. Grace be with you. Amen.
২১কোনো কোনোৱে সেই ধৰণৰ জ্ঞান প্রকট কৰি স্বীকাৰ কৰা বিশ্বাসৰ পথৰ পৰা এফলীয়া হৈ গ’ল৷ ঈশ্বৰৰ অনুগ্রহ তোমালোক সকলোৰে লগত থাকক।