< 1 Thessalonians 2 >
1 For you yourselves know, brethren, our entrance among you, that it was not in vain.
১প্ৰিয় ভাইসকল, আপোনালোকে নিজেই জানে যে, আপোনালোকৰ ওচৰলৈ আমাৰ যোৱা অৰ্থহীন নহ’ল;
2 But having suffered before, and having been outraged, as you know, in Philippi, we were bold in our God to speak to you the gospel of God in the midst of great peril.
২আপোনালোকে এই কথাও জানে যে, আমি আগেয়ে ফিলিপী নগৰত অনেক দুখভোগ কৰিছিলোঁ আৰু আমাক অপমানিত কৰা হৈছিল। তেতিয়া নানা বিৰোধিতাৰ মাজতো আমি আপোনালোকৰ আগত শুভবাৰ্তা কবলৈ আমাৰ ঈশ্বৰত সাহস পালোঁ।
3 For our exhortation arose not from deception, nor from uncleanness, nor was it with guile;
৩কিয়নো আমাৰ উপদেশ ভুল শিক্ষাৰ পৰা নহয়, অশুচিতামূলক উদ্দেশ্যৰ পৰাওঁ নহয় বা ছলনাযুক্ত নহয়;
4 but as God had judged us worthy to be intrusted with the gospel, so we speak, not as pleasing men, but God, who tries our hearts.
৪কিন্তু যেনেকৈ ঈশ্বৰে আমাক বিচাৰ কৰি বিশ্বাসী গণ্য কৰিলে আৰু শুভবার্তা জনোৱাৰ ভাৰ দিলে; তেনেকৈ আমি মানুহক সন্তুষ্ট নকৰি আমাৰ হৃদয়ৰ পৰীক্ষা কৰোঁতা ঈশ্বৰকহে সন্তুষ্ট কৰি কওঁ।
5 For neither nattering words did we at any time use, as you know, nor a pretext for covetousness; God is witness:
৫আপোনালোকে জানে যে, আমি কোনো কালে তোষামোদ কৰা বাক্য কোৱা নাই বা লোভ ঢাকিবলৈ ছলনা কৰি কোনো কথা কোৱা নাই; ঈশ্বৰ ইয়াৰ সাক্ষী।
6 nor did we seek glory from men, neither from you nor from others; though we could have been burdensome as the apostles of Christ.
৬আমি আপোনালোকৰে হওক বা আনৰে হওক, কোনো মানুহৰ পৰা পাঁচনি হিচাপে মান মৰ্যদা বিচৰা নাই; অৱশ্যে খ্ৰীষ্টৰ পাঁচনি হোৱা বাবে আমি কোনো বিষয় দাবী কৰিব পাৰিলোহেঁতেন৷
7 But we were gentle among you. As a nurse nourishes her children,
৭মাকে নিজৰ সন্তানক লালন-পালন কৰাৰ নিচিনাকৈ আমিও আপোনালোকৰ ওচৰত অতি মৃদুশীলতাৰে আছিলোঁ।
8 so, having a strong affection for you, we were well pleased to impart to you not only the gospel of God, but our own lives also, because you had become dear to us.
৮এইদৰে আপোনালোকৰ প্ৰতি আমি অধিক স্নেহশীল আছিলোঁ। আপোনালোকক কেৱল ঈশ্বৰৰ শুভবাৰ্তা দিয়াতে সন্তুষ্ট নাছিলো, কিন্তু আপোনালোকৰ কাৰণে নিজৰ প্ৰাণ দিবলৈও আমি সন্মত আছিলোঁ; কাৰণ আমাৰ বাবে আপোনালোক অতি প্ৰিয়।
9 For you remember, brethren, our labor and toil; for, laboring night and day, that we might not be burdensome to any one of you, we preached to you the gospel of God.
৯ভাই, আপোনালোকে সোঁৱৰণ কৰক; আমাৰ পৰিশ্ৰম আৰু কষ্ট নিশ্চয় মনত আছে৷ আপোনালোকৰ কাৰো ওপৰত বোজা নহবলৈ, আমি দিনে-ৰাতিয়ে কাম কৰি আপোনালোকৰ আগত ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিছিলোঁ।
10 You are witnesses, and God also, in how holy and just and blameless a manner we conducted ourselves among you that believe,
১০আপোনালোকৰ দৰে বিশ্বাসী সকলৰ মাজত আমি কেনে পবিত্ৰ, ধাৰ্মিক, আৰু নিৰ্দোষ আচৰণকাৰী আছিলোঁ, তাৰ সাক্ষী আপোনালোক আছিল আৰু ঈশ্বৰো আছে।
11 as indeed you know how we exhorted and comforted and charged every one of you, as a father his children,
১১আপোনালোকে জানে, পিতৃয়ে নিজৰ সন্তান সকলক ব্যৱহাৰ কৰাৰ দৰে আমিও আপোনালোকৰ প্ৰতিজনক উপদেশ, উৎসাহ আৰু সান্ত্বনা দৃঢ়ভাবে দিছিলোঁ যাতে,
12 that you should walk in a manner worthy of God, who has called you to his own kingdom and glory.
১২যিজন ঈশ্বৰে আপোনালোকক তেওঁৰ ৰাজ্য আৰু মহিমালৈ আমন্ত্ৰণ কৰিলে, সেই জন ঈশ্বৰৰ দৃষ্টিত আপোনালোকে যেন যোগ্য জীৱন-যাপন কৰে।
13 For this reason, also, we thank God without ceasing; because, when you received the word of God, as preached by us, you embraced it, not as the word of men, but, as it is in truth, the word of God, which effectually works in you that believe.
১৩এই কাৰণতে আমি সকলো সময়তে ঈশ্বৰক ধন্যবাদ জনাওঁ; ঈশ্বৰৰ বাক্য যেতিয়া আপোনালোকে আমাৰ পৰা পাইছিল, তেতিয়া মানুহৰ বাক্য বুলি নহয়, কিন্তু ঈশ্বৰৰ বাক্য বুলিহে গ্রহণ কৰিছিল, আৰু এই বাক্য স্বৰূপেই ঈশ্বৰৰ বাক্য। এই বাক্যই বিশ্বাস কৰা সকলোৰে মাজত কাৰ্য সাধন কৰি আছে।
14 For you, brethren, became imitators of the churches of God in Judea which are in Christ Jesus; for you, also, have suffered the same things from your own countrymen, that they have suffered from the Jews,
১৪হে ভাইসকল, যিহূদাত খ্ৰীষ্ট যীচুত ঈশ্বৰৰ যি মণ্ডলী সমূহ আছে, আপোনালোকে সেই মণ্ডলী সমূহৰ অনুকাৰী হ’ল; ইহুদী সকলৰ পৰা তেওঁলোকে যিবোৰ দুখ-কষ্ট ভোগ কৰিছে, সেই একে নিৰ্যাতন আপোনালোকেও স্বজাতীয় লোকৰ হাতত ভোগ কৰি আছে।
15 who both killed the Lord Jesus and the prophets, and have persecuted us, and do not please God, and are opposed to all men,
১৫ইহুদী সকলে প্ৰভু যীচুক আৰু ভাববাদী সকলক হত্যা কৰিছিল আৰু এতিয়া আমাকো তাড়না কৰি আছে। তেওঁলোকে ঈশ্বৰক সন্তুষ্ট নকৰে আৰু সকলো মানুহৰ বিপক্ষত থাকে।
16 forbidding us to speak to the Gentiles that they may be saved, in order that they may fill up their sins at all times: but the wrath is coming upon them to the full.
১৬আমি অনা-ইহুদী সকলক পাপৰ পৰা উদ্ধাৰ পাবৰ বাবে শিক্ষা দিওঁ, কিন্তু তেওঁলোকে আমাক পৰিত্ৰাণৰ কথা কবলৈ যাওতে বাধা আৰোপ কৰে; এইদৰে তেওঁলোকে বাৰে বাৰে পাপ কৰি ঈশ্বৰৰ সীমা পাৰ আছে। সেয়েহে ঈশ্বৰৰ ক্ৰোধ চূড়ান্ত ৰূপত তেওঁলোকলৈ নামি আহিছে৷
17 But we, brethren, having been taken from you for a short time, in person, not in heart, did, with great desire, endeavor the more earnestly to see your face.
১৭হে ভাইসকল, মনৰ পৰা নহলেও, আপোনালোকৰ পৰা কিছুদিনৰ কাৰণে আমি শৰীৰিৰিক ভাবে আতৰত আছোঁ; কিন্তু আপোনালোকৰ মুখ পুণৰ দেখা পাবলৈ আমি অতি উৎসুক হৈ আছোঁ; সেয়েহে আপোনালোকৰ ওচৰলৈ আহিবলৈ অধিক চেষ্টা কৰিছিলোঁ।
18 For this reason, we intended to go to you, (I Paul) both once and again, but Satan hindered us.
১৮এই কাৰণে আমি, বিশেষকৈ মই পৌলে দুই এবাৰ আপোনালোকৰ ওচৰলৈ যাব খুজিছিলোঁ; কিন্তু চয়তানে আমাক বাধা জন্মালে।
19 For what is our hope, or joy, or crown of rejoicing? Are not even you, in the presence of our Lord Jesus Christ at his coming?
১৯কিয়নো আমাৰ প্ৰভু যীচুৰ আগমণৰ দিনা তেওঁৰ সাক্ষাতে আপোনালোকেই জানো আমাৰ আশা, আনন্দ আৰু গৌৰৱৰ মুকুট নহ’ব?
20 You indeed are our glory and joy.
২০বাস্তৱিকতে আপোনালোকেই আমাৰ গৌৰৱ আৰু আনন্দ।