< 2 Chronicles 7 >

1 Now when Solomon had finished praying, fire came down from heaven and consumed the burnt offering and the sacrifices; and the LORD’s glory filled the house.
যেতিয়া চলোমনৰ প্ৰাৰ্থনা শেষ হ’ল, তেতিয়া আকাশৰ পৰা অগ্নি নামি আহি হোম-বলি আৰু আন বলিসমূহ গ্ৰাস কৰিলে আৰু যিহোৱাৰ প্ৰতাপেৰে সেই গৃহ পৰিপূৰ্ণ হ’ল।
2 The priests could not enter into the LORD’s house, because the LORD’s glory filled the LORD’s house.
তেতিয়া পুৰোহিতসকলে যিহোৱাৰ গৃহত প্ৰৱেশ কৰিব নোৱাৰিলে; কিয়নো যিহোৱাৰ প্ৰতাপেৰে তেওঁৰ গৃহ পৰিপূৰ্ণ হৈ আছিল।
3 All the children of Israel looked on, when the fire came down, and the LORD’s glory was on the house. They bowed themselves with their faces to the ground on the pavement, worshiped, and gave thanks to the LORD, saying, “For he is good, for his loving kindness endures forever!”
অগ্নি নামি আহি থকাত আৰু গৃহৰ ওপৰত যিহোৱাৰ প্ৰতাপ পৰিপূর্ণ হৈ থকা সময়ত ইস্ৰায়েলৰ সন্তান সকলে চাই আছিল৷ তেওঁলোকে মূৰ দোঁৱাই, শিলেৰে বন্ধা মাটিত মুখ লগাই প্ৰণিপাত কৰি যিহোৱাক ধন্যবাদ জনালে৷ তেওঁলোকে ক’লে “কিয়নো তেওঁ মঙ্গলময়, সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷”
4 Then the king and all the people offered sacrifices before the LORD.
তাৰ পাছত ৰজা আৰু সকলো প্ৰজাই যিহোৱাৰ আগত বলিদান কৰিলে।
5 King Solomon offered a sacrifice of twenty-two thousand head of cattle and a hundred twenty thousand sheep. So the king and all the people dedicated God’s house.
ৰজা চলোমন বাইশ হাজাৰ গৰু আৰু এক লাখ বিশ হাজাৰ ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিলে। এইদৰে ৰজা আৰু সকলোৱে মিলি ঈশ্বৰৰ গৃহ প্ৰতিষ্ঠা কৰিলে।
6 The priests stood, according to their positions; the Levites also with instruments of music of the LORD, which David the king had made to give thanks to the LORD, when David praised by their ministry, saying “For his loving kindness endures forever.” The priests sounded trumpets before them; and all Israel stood.
পুৰোহিতসকলে নিজ নিজ সেৱা কৰা ঠাইত থিয় হৈ আছিল; আৰু যিহোৱাৰ ধন্যবাদ কৰি দায়ুদ ৰজাই যিহোৱাৰ গীত গাবৰ কাৰণে যি বাদ্য-যন্ত্ৰ নিৰ্ম্মাণ কৰিছিল, সেই বাদ্যযন্ত্ৰ লেবীয়াসকলে হাতত লৈ থিয় হ’ল আৰু বাদ্য বজাই দায়ূদৰ ৰচিত গীত গাই ক’লে, বোলে, “কিয়নো যিহোৱাৰ দয়া চিৰকাললৈকে থাকে৷” পুৰোহিতসকলেও তেওঁলোকৰ আগত তূৰী বজালে; আৰু গোটেই ইস্ৰায়েল থিয় হ’ল।
7 Moreover Solomon made the middle of the court that was before the LORD’s house holy; for there he offered the burnt offerings and the fat of the peace offerings, because the bronze altar which Solomon had made was not able to receive the burnt offering, the meal offering, and the fat.
চলোমনে যিহোৱাৰ গৃহৰ সম্মুখত থকা চোতালৰ মাজ-মজিয়াটো পবিত্ৰ কৰিছিল৷ সেই ঠাইতেই তেওঁ হোম-বলি আৰু মঙ্গলাৰ্থক বলিৰ তেল উৎসৰ্গ কৰিছিল, কাৰণ তেওঁ সজা পিতলৰ যজ্ঞবেদীয়ে সেই হোমবলি, ভক্ষ্য নৈবেদ্য আৰু মঙ্গলাৰ্থক বলিৰ তেল ধৰিব নোৱাৰিছিল।
8 So Solomon held the feast at that time for seven days, and all Israel with him, a very great assembly, from the entrance of Hamath to the brook of Egypt.
এইদৰে সেই সময়ত চলোমন আৰু তেওঁৰ লগত গোটেই ইস্ৰায়েলে হমাতৰ প্ৰৱেশ স্থানৰ পৰা মিচৰ জুৰিলৈকে সেই উৎসৱ মহা-সমাজে সাত দিন ধৰি পালন কৰিলে।
9 On the eighth day, they held a solemn assembly; for they kept the dedication of the altar seven days, and the feast seven days.
পাছত অষ্টম দিনা তেওঁলোকে ধৰ্মসভা পাতিলে; কিয়নো তেওঁলোকে সাত দিন যজ্ঞবেদী প্ৰতিষ্ঠা কৰিছিল আৰু সাত দিন উৎসৱ কৰিছিল।
10 On the twenty-third day of the seventh month, he sent the people away to their tents, joyful and glad of heart for the goodness that the LORD had shown to David, to Solomon, and to Israel his people.
১০চলোমনে সপ্তম মাহৰ তেইশ দিনৰ দিনা নিজ নিজ তম্বুলৈ লোকসকলক আনন্দিত আৰু সন্তুষ্ট মনেৰে বিদায় দিলে; কিয়নো যিহোৱাই দায়ুদ, চলোমন আৰু তেওঁৰ প্ৰজা ইস্ৰায়েললৈ মঙ্গল কৰিলে৷
11 Thus Solomon finished the LORD’s house and the king’s house; and he successfully completed all that came into Solomon’s heart to make in the LORD’s house and in his own house.
১১এইদৰে চলোমনে যিহোৱাৰ গৃহ আৰু ৰাজগৃহ সাজি সমাপ্ত কৰিলে৷ যিহোৱাৰ গৃহত ও নিজৰ গৃহত যি যি কৰ্ম কৰিবলৈ চলোমনে স্থিৰ কৰিছিল, তেওঁ সেই সকলোকেই সিদ্ধ কৰিলে।
12 Then the LORD appeared to Solomon by night, and said to him, “I have heard your prayer, and have chosen this place for myself for a house of sacrifice.
১২পাছত যিহোৱাই ৰাতি চলোমনক দৰ্শন দি ক’লে, “মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু মোৰ যজ্ঞগৃহ বুলি এই ঠাই মনোনীত কৰিলোঁ।
13 “If I shut up the sky so that there is no rain, or if I command the locust to devour the land, or if I send pestilence among my people,
১৩মই যদি আকাশ এনেকৈ বন্ধ কৰোঁ, যে, বৰষুণ নহ’ব বা দেশ গ্ৰাস কৰিবলৈ কাকতি ফৰিঙক আজ্ঞা কৰোঁ বা নিজ প্ৰজাসকলৰ মাজলৈ মহামাৰী পঠাওঁ,
14 if my people who are called by my name will humble themselves, pray, seek my face, and turn from their wicked ways, then I will hear from heaven, will forgive their sin, and will heal their land.
১৪তেনেহ’লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ’লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম।
15 Now my eyes will be open and my ears attentive to prayer that is made in this place.
১৫আজিৰ পৰা এই ঠাইত কৰা প্ৰাৰ্থনালৈ মোৰ চকু মেলা আৰু মোৰ কাণ পতা হ’ব।
16 For now I have chosen and made this house holy, that my name may be there forever; and my eyes and my heart will be there perpetually.
১৬কিয়নো মোৰ নাম চিৰকাললৈকে থাকিবৰ কাৰণে মই এই গৃহ মনোনীত কৰি পবিত্ৰ কৰিলোঁ; আৰু সকলো সময়ত এই ঠাইলৈ মোৰ চকু আৰু ইয়াত মোৰ মন থাকিব।
17 “As for you, if you will walk before me as David your father walked, and do according to all that I have commanded you, and will keep my statutes and my ordinances,
১৭আৰু তুমিও যদি তোমাৰ পিতৃ দায়ূদৰ দৰে মোৰ সাক্ষাতে চলা আৰু মই তোমাক দিয়া সকলো আজ্ঞা অনুসাৰে কাৰ্য কৰা আৰু মোৰ বিধি ও শাসন প্ৰণালীবোৰ পালন কৰা,
18 then I will establish the throne of your kingdom, according as I covenanted with David your father, saying, ‘There shall not fail you a man to be ruler in Israel.’
১৮তেনেহলে মই তোমাৰ ৰাজ সিংহাসন স্থাপন কৰিম, যিদৰে তোমাৰ পিতৃ দায়ূদে সৈতে নিয়ম স্থাপন কৰোঁতে কৈছিলোঁ যে, বোলে, ‘তোমালোকৰ বংশধৰৰ সন্তান সকলে ইস্ৰায়েলৰ ওপৰত শাসন কৰোঁতে তেওঁলোক কেতিয়াও বিফল নহ’ব৷’
19 But if you turn away and forsake my statutes and my commandments which I have set before you, and go and serve other gods and worship them,
১৯কিন্তু যদি তোমালোকে মোৰ পৰা বিমুখ হৈ, মই তোমালোকৰ সন্মুখত স্থাপন কৰা মোৰ বিধি আৰু আজ্ঞাবোৰ ত্যাগ কৰা আৰু ইতৰ দেবতাবোৰক সেৱা পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা,
20 then I will pluck them up by the roots out of my land which I have given them; and this house, which I have made holy for my name, I will cast out of my sight, and I will make it a proverb and a byword among all peoples.
২০তেনেহ’লে, মই তেওঁলোকক দিয়া দেশৰ পৰা উচ্ছন্ন কৰিম; আৰু নিজ নামৰ কাৰণে মই পবিত্ৰ কৰা এই গৃহকো মোৰ দৃষ্টিৰ পৰা দূৰ কৰিম আৰু সকলো জাতিৰ মাজত তাক দৃষ্টান্ত আৰু বিদ্ৰূপৰ বিষয় কৰিম।
21 This house, which is so high, everyone who passes by it will be astonished and say, ‘Why has the LORD done this to this land and to this house?’
২১আৰু এই যি গৃহ ইমান ওখ হৈছে, ইয়াৰ ওচৰেদি যোৱা প্ৰতিজন লোকে আচৰিত হৈ সুধিব যে, ‘এই দেশলৈ আৰু এই গৃহলৈ যিহোৱাই কিয় এইদৰে কাৰ্য কৰিলে?’
22 They shall answer, ‘Because they abandoned the LORD, the God of their fathers, who brought them out of the land of Egypt, and took other gods, worshiped them, and served them. Therefore he has brought all this evil on them.’”
২২তেতিয়া আন আন লোকসকলে উত্তৰ দি ক’ব, ‘এওঁলোকৰ পূৰ্বপুৰুষসকলে মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা নিজৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাক এওঁলোকে ত্যাগ কৰিলে আৰু ইতৰ দেবতাবোৰত আসক্ত হৈ সেইবোৰৰ আগত প্ৰণিপাত কৰিলে আৰু সেইবোৰক সেৱাপূজাও কৰিলে৷ এই কাৰণে যিহোৱাই এওঁলোকৰ ওপৰত এই আটাই অমঙ্গল ঘটালে’৷”

< 2 Chronicles 7 >