< Ecclesiastes 7 >
1 A good name is better than precious oil, and the day of death, than the day of birth.
১সুগন্ধি মূল্যৱান তেলতকৈ সুনাম উত্তম, জন্মৰ দিনতকৈ মৰণৰ দিন ভাল।
2 It is better to go to the house of mourning than to go to the house of feasting. For that is the end of all men, and the living will lay it to his heart.
২ভোজনৰ ঘৰলৈ যোৱাতকৈ শোকৰ ঘৰলৈ যোৱা ভাল; কিয়নো জীৱনৰ শেষত সকলো মানুহৰে মৃত্যু আহিব, জীৱিত লোকে এই কথা তাক মনত ৰখা উচিত।
3 Sorrow is better than laughter, for by the sadness of the countenance the heart is made glad.
৩হাঁহিতকৈ দুখ ভোগ ভাল। কাৰণ মুখৰ বিষন্নতাৰ দ্বাৰাই হৃদয়ক আনন্দিত কৰা হয়।
4 The heart of the wise is in the house of mourning, but the heart of fools is in the house of mirth.
৪জ্ঞানৱানৰ হৃদয় শোকৰ ঘৰত থাকে; কিন্তু অজ্ঞানী লোকৰ হৃদয় কেৱল আমোদ-প্রমোদৰ ঘৰত থাকে।
5 It is better to hear the rebuke of a wise man, than for a man to hear the song of fools.
৫অজ্ঞানীৰ প্রশংসাৰ গান শুনাতকৈ জ্ঞানৱানৰ তিৰস্কাৰ শুনাই ভাল।
6 For as the crackling of thorns under a pot, so is the laughter of the fool. This also is vanity.
৬কেৰাহীৰ তলত জ্বলন্ত কাঁইট খৰিৰ ফুটফুটনি যেনেকুৱা, মূৰ্খৰ হাঁহিও ঠিক তেনেকুৱা; ইও অসাৰ।
7 Surely oppression makes the wise man foolish, and a bribe destroys the understanding.
৭অন্যায়ভাৱে দাবী কৰা জ্ঞানী লোক স্বৰূপেই মূর্খ হৈ যায়; ভেঁটিয়ে বিবেচনা-শক্তি নষ্ট কৰে।
8 Better is the end of a thing than the beginning of it. The patient in spirit is better than the proud in spirit.
৮কোনো কাৰ্যৰ আৰম্ভণতকৈ তাৰ শেষ ভাল, আৰু অহংকাৰী আত্মাতকৈ ধৈর্যশীল আত্মা ভাল।
9 Be not hasty in thy spirit to be angry, for anger rests in the bosom of fools.
৯তোমাৰ আত্মাক হঠাৎ খং উঠিবলৈ নিদিবা; কিয়নো খং অজ্ঞানীবোৰৰ হৃদয়ত বাস কৰে।
10 Say thou not, What is the cause that the former days were better than these? For thou do not inquire wisely concerning this.
১০বৰ্ত্তমান কালতকৈ আগৰ কাল কিয় ভাল আছিল? এনে কথা নুসুধিবা; কিয়নো এই প্ৰশ্ন কৰা প্রজ্ঞাৰ কাম নহয়।
11 Wisdom is as good as an inheritance, yea, it is more excellent for those who see the sun.
১১পৈত্ৰিক ধন-সম্পত্তি পোৱাৰ দৰে প্রজ্ঞা বহুমূল্য উত্তম বস্তু। পৃথিৱীত ভালদৰে জীৱিত থকা লোকসকল।
12 For wisdom is a defense, even as money is a defense. But the excellency of knowledge is, that wisdom preserves the life of him who has it.
১২কিয়নো ধনৰ দৰে প্ৰজ্ঞায়েও নিৰাপত্তা দান কৰে। কিন্তু জ্ঞানৰ সুবিধা হৈছে এয়ে যে, জ্ঞানৱানৰ জ্ঞানেই তেওঁৰ জীৱন ৰক্ষা কৰে।
13 Consider the work of God. For who can make that straight, which he has made crooked?
১৩ঈশ্বৰৰ কাৰ্যবোৰ ভাৱি চোৱা; কিয়নো তেওঁ যিহক বেঁকা কৰিছে, তাক কোনে পোনাব পাৰে?
14 In the day of prosperity be joyful, and in the day of adversity consider. Yea, God has made the one side by side with the other, to the end that man should not find out anything after him.
১৪সুখৰ দিনত সুখী হোৱা; কিন্তু দুখৰ দিনত এই কথা বিবেচনা কৰি চাবা: ঈশ্বৰে যেনেকৈ সুখ ৰাখিছে, তেনেকৈ দুখকো ওচৰা-ওচৰিকৈ ৰাখিছে। সেয়ে মানুহে নিজৰ ভৱিষ্যতৰ একো কথাকে নাজানে।
15 All this I have seen in my days of vanity. There is a righteous man who perishes in his righteousness, and there is a wicked man who prolongs his life in his evil-doing.
১৫মোৰ এই অসাৰ জীৱনকালত মই অনেক বিষয় দেখিলোঁ। কোনো কোনো ধাৰ্মিক লোক নিজৰ ধাৰ্মিকতাৰ মাজত বিনষ্ট হৈ যায়, আৰু কোনো কোনো দুষ্ট লোক নিজৰ দুষ্টতাৰ মাজত অনেক দিন জীয়াই থাকে।
16 Be not over-righteous, nor show thyself too wise. Why should thou destroy thyself?
১৬নিজৰ চকুত নিজে অতিৰিক্ত ধাৰ্মিক নহবা বা নিজকে অতিৰিক্ত জ্ঞানী নেদেখুৱাবা; কিয় তুমি নিজকে ধ্বংস কৰিবা?
17 Do not much wrong, nor be thou a fool. Why should thou die before thy time?
১৭অতিশয় দুষ্ট নহবা, আৰু অজ্ঞানীও নহবা; কিয় তুমি সময়ৰ আগেয়ে মৰিবা?
18 It is good that thou should take hold of this, yea, also from that withdraw not thy hand. For he who fears God shall come forth from them all.
১৮এই জ্ঞানৰ কথা তুমি ধৰি ৰখা ভাল; এটাকো হাতৰ পৰা যাবলৈ নিদিবা; যি লোকে ঈশ্বৰক ভয় কৰে, তেওঁ সকলো কঠিনতাত কৃতকার্য হ’ব।
19 Wisdom is a strength to the wise man more than ten rulers that are in a city.
১৯দহজন শাসনকর্তাই এখন নগৰক যিমান শক্তিশালী কৰে, প্রজ্ঞাই এজন জ্ঞানৱানক তাতোকৈ অধিক পৰিমাণে শক্তিশালী কৰে।
20 Surely there is not a righteous man upon earth that does good, and sins not.
২০পৃথিৱীত বাস্তৱিক এনে কোনো সৎলোক নাই, যি জনে ভাল কাম কৰে আৰু কেতিয়াও পাপ নকৰে।
21 Also do not take heed to all words that are spoken, lest thou hear thy servant curse thee.
২১মানুহে কোৱা সকলো কথালৈ কাণসাৰ নিদিবা, হয়তো তোমাৰ দাসে তোমাক শাও দিয়াহে শুনিবা।
22 For many times also thine own heart knows that thou thyself likewise have cursed others.
২২কাৰণ তুমিও তোমাৰ হৃদয়ত জানা যে, তুমি নিজেও আনক অনেকবাৰ সেইদৰে শাও দিছা।
23 All this I have proved in wisdom. I said, I will be wise, but it was far from me.
২৩এই সকলো মই প্ৰজ্ঞাৰ দ্বাৰাই পৰীক্ষা কৰি চাই ক’লোঁ, “মই জ্ঞানৱান হ’ম,” কিন্তু জ্ঞান মোৰ পৰা দূৰৈত আছিল।
24 That which is, is far off and exceedingly deep. Who can find it out?
২৪প্রজ্ঞালাভ মোৰ পৰা অতি দূৰৈত আৰু ই অতি গভীৰ। কোনে তাক পাব পাৰে?
25 I turned about, and my heart was set to know and to search out, and to seek wisdom and the reason of things, and to know that wickedness is folly, and that foolishness is madness.
২৫সেইবাবে মই মন স্থিৰ কৰিলোঁ যাতে জ্ঞানৰ লগতে যি সকলো বাস্তৱ ব্যাখ্যাবোৰ আছে, তাক জানিব পাৰোঁ আৰু পৰীক্ষা তথা অনুসন্ধান কৰি চাব পাৰোঁ, লগতে বুজিব পাৰোঁ যে দুষ্টতা হৈছে মূর্খতা আৰু মূর্খতাই হৈছে বিচাৰবুদ্ধিহীনতা।
26 And I find more bitter than death the woman whose heart is snares and nets, and whose hands are chains. He who pleases God shall escape from her, but the sinner shall be taken by her.
২৬মই দেখিলোঁ, মৃত্যুতকৈয়ো তিতা হৈছে স্ত্রী, যাৰ হৃদয় ফান্দ আৰু জালেৰে পৰিপূর্ণ আৰু হাত দুখন শিকলিস্বৰূপ। যি মানুহ ঈশ্বৰক সন্তুষ্ট কৰে, তেওঁ তাইৰ হাতৰ পৰা সাৰিব, কিন্তু পাপী তাইৰ দ্বাৰা ফান্দত পৰিব।
27 Behold, I have found this, says the Preacher, laying one thing to another, to find out the account,
২৭উপদেশকে কৈছে, “চোৱা, মই যি দৃষ্টিগোচৰ কৰিলোঁ, তাক বিবেচনা কৰা।” সকলো কথাৰ অন্তৰালত যি সাৰ আছে, তাক উলিয়াবলৈ মই এটাৰ পাছত এটাকৈ বিচাৰ কৰি কিছুমান বিষয় জানিব পাতিলোঁ।
28 which my soul still seeks, but I have not found: among a thousand I have found one man, but among all those I have not found a woman.
২৮মোৰ প্ৰাণে যি বিচাৰিছে, তাক মই এতিয়াও পোৱা নাই; হাজাৰজনৰ মাজত এজনহে সৎ পুৰুষ পালোঁ, কিন্তু তেওঁলোকৰ মাজত এগৰাকী স্ত্রীকো সৎ দেখা নাপালোঁ।
29 Behold, this only I have found: That God made man upright, but they have sought out many contrivances.
২৯কেৱল ইয়াকেহে মই জানিব পাতিলোঁ যে, ঈশ্বৰে মানুহক সৰল কৰি স্ৰজন কৰিছিল, কিন্তু মানুহ নানা যুক্তিৰ আলম লৈ অবাটে গ’ল।