< Romeinen 11 >
1 Ik zeg dan: Heeft God Zijn volk verstoten? Dat zij verre; want ik ben ook een Israeliet, uit het zaad Abrahams, van den stam Benjamin.
১তেনেহলে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলে নে? এনে নহওক; কিয়নো ময়ো অব্ৰাহামৰ বংশৰ বিন্যামীন ফৈদৰ এজন ইস্ৰায়েলীয়া।
2 God heeft Zijn volk niet verstoten, hetwelk Hij te voren gekend heeft. Of weet gij niet, wat de Schrift zegt van Elia, hoe hij God aanspreekt tegen Israel, zeggende:
২ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই। নতুবা, এলিয়াৰ বিৱৰণত শাস্ত্ৰই কি কৈছে, সেই বিষয়ে আপোনালোকে নাজানে নে? তেওঁ ইস্ৰায়েলৰ লোকৰ বিৰুদ্ধে ঈশ্বৰৰ আগত কিদৰে নিবেদন কৰিছিল? তেওঁ কৈছিল,
3 Heere! zij hebben Uw profeten gedood, en Uw altaren omgeworpen; en ik ben alleen overgebleven en zij zoeken mijn ziel.
৩“হে প্ৰভু, লোক সকলে তোমাৰ ভাববাদী সকলক বধ কৰিলে, তোমাৰ বেদিবোৰ খান্দি পেলালে; আৰু এতিয়া মইহে অৱশিষ্ট আছোঁ; মোৰো প্ৰাণ তেওঁলোকে বিচাৰি আছে”।
4 Maar wat zegt tot hem het Goddelijk antwoord? Ik heb Mijzelven nog zeven duizend mannen overgelaten, die de knie voor het beeld van Baal niet gebogen hebben.
৪কিন্তু উত্তৰত ঈশ্বৰে তেওঁক কি কয়? “বাল দেৱতাৰ আগত আঁঠু নোলোৱাকৈ থকা এনে সাত হাজাৰ মানুহ মই নিজলৈ অৱশিষ্ট ৰাখিলোঁ।”
5 Alzo is er dan ook in dezen tegenwoordigen tijd een overblijfsel geworden, naar de verkiezing der genade.
৫এইদৰে বৰ্ত্তমান কালতো অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে।
6 En indien het door genade is, zo is het niet meer uit de werken; anderszins is de genade geen genade meer; en indien het is uit de werken, zo is het geen genade meer; anderszins is het werk geen werk meer.
৬কিন্তু সেয়ে যদি অনুগ্ৰহেৰে হয় তেনেহলে কৰ্মেৰে নহয়; অন্যথা সেই অনুগ্ৰহ, অনুগ্ৰহ হৈ নাথাকে।
7 Wat dan? Hetgeen Israel zoekt, dat heeft het niet verkregen; maar de uitverkorenen hebben het verkregen, en de anderen zijn verhard geworden.
৭তেনেহলে কি? ইস্ৰায়েলে যি বিচাৰিছে, সেই পোৱা নাই, কিন্তু মনোনীত লোকেহে তাক পালে; অৱশিষ্ট সকলক কঠিন কৰা হ’ল।
8 (Gelijk geschreven is: God heeft hun gegeven een geest des diepen slaaps; ogen om niet te zien, en oren om niet te horen) tot op den huidigen dag.
৮এই বিষয়ে এইদৰে লিখাও আছে, “ঈশ্বৰে সিঁহতক মূৰ্চ্ছাজনক আত্মা, আৰু যাতে নেদেখিব, এনে চকু আৰু যাতে নুশুনিব, এনে কাণ দিলে; আজিলৈকে তেওঁলোক সেইদৰেই আছে।”
9 En David zegt: Hun tafel worde tot een strik, en tot een val, en tot een aanstoot, en tot een vergelding voor hen.
৯আৰু দায়ুদেও কৈছে, “সিঁহতৰ ভোজনৰ মেজ, সিহঁতলৈ ফান্দ আৰু কুন্দা, বিঘিনি আৰু প্ৰতিফল স্বৰূপ হওক;
10 Dat hun ogen verduisterd worden, om niet te zien; en verkrom hun rug allen tijd.
১০সিহঁতে নেদেখিবলৈ, সিহঁতৰ চকু অন্ধকাৰময় হওক৷” আৰু আপুনি সিহঁতৰ পিঠি সদায় কুঁজী কৰক।
11 Zo zeg ik dan: Hebben zij gestruikeld, opdat zij vallen zouden? Dat zij verre; maar door hun val is de zaligheid den heidenen geworden, om hen tot jaloersheid te verwekken.
১১তেনেহলে মই কওঁ, তেওঁলোকে পৰিবলৈ উজুটি খালে নে? এনে নহওক। কিন্তু তেওঁলোকৰ অন্তৰ্জ্বালা জন্মাবলৈ তেওঁলোকৰ অপৰাধৰ দ্বাৰাই অনা-ইহুদী সকলৰ পৰিত্রাণ হ’ল।
12 En indien hun val de rijkdom is der wereld, en hun vermindering de rijkdom der heidenen, hoeveel te meer hun volheid!
১২পাছত তেওঁলোকৰ অপৰাধেই যদি জগতৰ ধন আৰু তেওঁলোকৰ হানিয়েই যদি অনা-ইহুদী সকলৰ ধন হয়, তেনেহলে তেওঁলোকৰ পৰিপূৰ্ণতা তাতকৈ কিমান অধিক হ’ব?
13 Want ik spreek tot u, heidenen, voor zoveel ik der heidenen apostel ben; ik maak mijn bediening heerlijk;
১৩এতিয়া অনা-ইহুদী লোক যি আপোনালোক, আপোনালোকক মই কৈছোঁ। যেতিয়ালৈকে মই অনা-ইহুদী সকলৰ নিযুক্ত পাঁচনি হৈ আছোঁ, মোৰ সেই পৰিচৰ্যা পদৰ গৌৰৱ কৰিছোঁ;
14 Of ik enigszins mijn vlees tot jaloersheid verwekken, en enigen uit hen behouden mocht.
১৪কিজানি কোনোমতে মোৰ স্বজাতীয় সকলৰ অন্তৰ্জ্বালা জন্মাই, তেওঁলোকৰ কিছুমানৰ পৰিত্ৰাণ কৰাব পাৰোঁ।
15 Want indien hun verwerping de verzoening is der wereld, wat zal de aanneming wezen, anders dan het leven uit de doden?
১৫কিয়নো তেওঁলোকক ত্যাগ কৰাই যদি জগতৰ মিলন হয়, তেনেহলে তেওঁলোকক গ্ৰহন কৰাই মৃত সকলৰ জীৱন লাভৰ বাহিৰে আনকি হ’ব পাৰে?
16 En indien de eerstelingen heilig zijn, zo is ook het deeg heilig, en indien de wortel heilig is, zo zijn ook de takken heilig.
১৬যদি সনা পিঠাগুড়িৰ প্ৰথম ভাগ পবিত্ৰ, তেনেহলে গোটেই লদাই পবিত্ৰ; আৰু যদি শিপা পবিত্ৰ, তেনেহলে ডালবোৰো পবিত্ৰ।
17 En zo enige der takken afgebroken zijn, en gij, een wilde olijfboom zijnde, in derzelver plaats zijt ingeent, en des wortels en der vettigheid des olijfbooms mede deelachtig zijt geworden,
১৭কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হ’ল আৰু আপুনি বনৰীয়া জলফাই গছ হৈয়ো, যদি সেইবোৰৰ মাজত কলম স্বৰূপে লগোৱা হ’ল আৰু আপুনি জলফাইৰ শিপাৰ ৰসৰ সহভাগী হ’ল,
18 Zo roem niet tegen de takken; en indien gij daartegen roemt, gij draagt den wortel niet, maar de wortel u.
১৮তেনেহলে ডালবোৰৰ বিৰুদ্ধে দৰ্প নকৰিব। যদিও দৰ্প কৰে, তথাপি আপুনি যে শিপাক ভৰণ-পোষণ দি আছে, এনে নহয়, কিন্তু শিপাইহে আপোনাক ভৰণ-পোষণ দি আছে৷
19 Gij zult dan zeggen: De takken zijn afgebroken, opdat ik zou ingeent worden.
১৯ইয়াতে আপুনি ক’ব, “মোক কলম স্বৰূপে লগাবলৈহে ডালবোৰ ভাঙি পেলোৱা হ’ল।”
20 Het is wel; zij zijn door ongeloof afgebroken, en gij staat door het geloof. Zijt niet hooggevoelende, maar vrees.
২০সঁচা, তেওঁলোকৰ অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হ’ল, আপুনি হ’লে বিশ্বাসৰ দ্বাৰাই স্থিৰ হৈ আছে। উচ্চমনা নহ’ব, বৰং ভয় কৰক৷
21 Want is het, dat God de natuurlijke takken niet gespaard heeft, zie toe, dat Hij ook mogelijk u niet spare.
২১কাৰণ যদি ঈশ্বৰে স্বাভাৱিক ডালবোৰক মৰম নকৰিলে, তেনেহলে আপোনাকো মৰম নকৰিব।
22 Zie dan de goedertierenheid en de strengheid van God; de strengheid wel over degenen, die gevallen zijn, maar de goedertierenheid over u, indien gij in de goedertierenheid blijft; anderszins zult ook gij afgehouwen worden.
২২এতেকে ঈশ্বৰৰ স্নেহ আৰু তীক্ষ্ণ ভাব চাওক৷ এফালে যি সকল ইহুদী পৰিল, তেওঁলোকৰ বাবে হৈছে তীক্ষ্ণ ভাব; আনফালে আপোনালোকৰ বাবে তেওঁৰ ভাব হৈছে স্নেহশীল৷ যদি আপুনি সেই স্নেহ ভাবত থাকে, তেতিয়াহে; নহ’লে, আপুনিও কটা যাব।
23 Maar ook zij, indien zij in het ongeloof niet blijven, zullen ingeent worden; want God is machtig om dezelve weder in te enten.
২৩যদি সেইবোৰ অবিশ্বাসত নাথাকে, তেনেহলে সেইবোৰকো কলম স্বৰূপে লগোৱা হ’ব; কিয়নো সেইবোৰক পুনৰ কলম স্বৰূপে লগাবলৈ ঈশ্বৰ সক্ষম।
24 Want indien gij afgehouwen zijt uit den olijfboom, die van nature wild was, en tegen nature in den goeden olijfboom ingeent; hoeveel te meer zullen deze, die natuurlijke takken zijn, in hun eigen olijfboom geent worden?
২৪কাৰণ স্বাভাৱিক বনৰীয়া জলফাই গছৰ পৰা কটা যোৱা যি আপুনি, আপুনি যদি স্বভাৱৰ বিপৰীতে উত্তম জলফাই গছত কলম স্বৰূপে লগোৱা হ’ল, তেনেহলে স্বাভাৱিক ডাল যি সেইবোৰ, সেই ইহুদী সকল কিমান অধিক নিঃসন্দেহে নিজৰ জলফাই গছত কলম স্বৰূপে লগোৱা হ’ব।
25 Want ik wil niet, broeders, dat u deze verborgenheid onbekend zij (opdat gij niet wijs zijt, bij uzelven), dat de verharding voor een deel over Israel gekomen is, totdat de volheid der heidenen zal ingegaan zijn.
২৫কিয়নো, হে ভাই সকল, আপোনালোকে যেন নিজকে জ্ঞানৱন্ত বুলি নামানে, এই কাৰণে, যেতিয়ালৈকে অনা-ইহুদী লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইস্ৰায়েলী লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ়-তত্ত্ব আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
26 En alzo zal geheel Israel zalig worden; gelijk geschreven is: De Verlosser zal uit Sion komen en zal de goddeloosheden afwenden van Jakob.
২৬এইদৰে সকলো ইস্ৰায়েলী লোকে পৰিত্ৰাণ পাব; এই বিষয়ে লিখাও আছে: চিয়োনৰ পৰা উদ্ধাৰকৰ্ত্তা আহিব; তেওঁ যাকোবৰ বংশৰ পৰা ভক্তি লঙ্ঘন দূৰ কৰিব;
27 En dit is hun een verbond van Mij, als Ik hun zonden zal wegnemen.
২৭আৰু এয়েই তেওঁলোকে সৈতে মোৰ নিয়ম হ’ব, তেতিয়া মই তেওঁলোকৰ পাপ গুচাম৷”
28 Zo zijn zij wel vijanden aangaande het Evangelie, om uwentwil, maar aangaande de verkiezing zijn zij beminden, om der vaderen wil;
২৮এফালে তেওঁলোক শুভবাৰ্তাৰ সম্বন্ধে আপোনালোকৰ কাৰণে শত্ৰু; কিন্তু আনফালে ঈশ্বৰৰ মনোনীতৰ সম্বন্ধে তেওঁলোক ওপৰ-পুৰুষ সকলৰ কাৰণে প্ৰিয়পাত্ৰ।
29 Want de genadegiften en de roeping Gods zijn onberouwelijk.
২৯কিয়নো ঈশ্বৰৰ অনুগ্ৰহৰ বৰ আৰু আমন্ত্ৰণ অপৰিৱৰ্তনীয়।
30 Want gelijkerwijs ook gijlieden eertijds Gode ongehoorzaam geweest zijt, maar nu barmhartigheid verkregen hebt door dezer ongehoorzaamheid;
৩০কাৰণ যেনেকৈ আপোনালোকে আগেয়ে ঈশ্বৰৰ অবাধ্য আছিল, কিন্তু এতিয়া তেওঁলোকৰ অবাধ্যতাৰ কাৰণে দয়া পালে,
31 Alzo zijn ook dezen nu ongehoorzaam geweest, opdat ook zij door uw barmhartigheid zouden barmhartigheid verkrijgen.
৩১তেনেকৈ এতিয়া এই ইহুদী সকলেও যেন আপোনালোকৰ দয়া প্ৰাপ্তিৰ কাৰণে দয়া পায়, তাৰ বাবে তেওঁলোক এতিয়া অবাধ্য হ’ল;
32 Want God heeft hen allen onder de ongehoorzaamheid besloten, opdat Hij hun allen zou barmhartig zijn. (eleēsē )
৩২কিয়নো ঈশ্বৰে সকলোকে দয়া কৰিবৰ বাবে, সকলোকে অবাধ্যতাত বন্ধ কৰিলে। (eleēsē )
33 O diepte des rijkdoms, beide der wijsheid en der kennis Gods, hoe ondoorzoekelijk zijn Zijn oordelen, en onnaspeurlijk Zijn wegen!
৩৩ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!
34 Want wie heeft den zin des Heeren gekend? Of wie is Zijn raadsman geweest?
৩৪“কিয়নো প্ৰভুৰ মন কোনে জানিলে? আৰু তেওঁৰ মন্ত্ৰণাকাৰীয়ে বা কোন হ’ল?
35 Of wie heeft Hem eerst gegeven, en het zal hem wedervergolden worden?
৩৫নতুবা কোনে ঈশ্বৰলৈ আগেয়ে দিলে যে, তাৰ বাবে তেওঁক প্ৰতিদান কৰিব লাগে?”
36 Want uit Hem, en door Hem, en tot Hem zijn alle dingen. Hem zij de heerlijkheid in der eeuwigheid. Amen. (aiōn )
৩৬কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয়; তেওঁৰেই মহিমা চিৰকাল হওক। আমেন। (aiōn )