< Psalmen 121 >
1 Een bedevaartslied. Ik hef mijn ogen omhoog naar de bergen: "Vanwaar komt mijn hulp?"
১মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব?
2 Mijn hulp komt van Jahweh, Die hemel en aarde heeft gemaakt!
২যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।
3 Neen, Hij laat uw voeten niet struikelen, Hij slaapt niet, uw Wachter;
৩তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব; তোমাৰ ৰখীয়াজনা টোপনি নাযাব।
4 Neen, Hij sluimert noch dommelt, Israëls Beschermer!
৪চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে, তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব।
5 Jahweh is uw Behoeder, Uw schaduw aan uw rechterhand:
৫যিহোৱা তোমাৰ ৰক্ষক; যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ।
6 Overdag zal de zon u niet hinderen, En de maan niet des nachts.
৬দিনত সূৰ্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব।
7 Jahweh behoedt u voor iedere ramp, Hij is bezorgd voor uw leven;
৭যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব; তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব।
8 Jahweh waakt over uw komen en gaan Van nu af tot in eeuwigheid.
৮যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।