< Jesaja 64 >
1 Ach, scheur toch de hemel vaneen, en daal neer, Zodat de bergen voor uw aangezicht rillen;
১অহ, তুমি আকাশ-মণ্ডল বিদাৰি নামি আহিলে, পৰ্ব্বতবোৰ তোমাৰ সাক্ষাতে দ্ৰৱ হৈ গ’লে, কেনে ভাল আছিল।
2 Als een vuur, dat brandhout doet vlammen, Een vuur, dat het water doet stomen: Om uw vijanden uw Naam te doen kennen, En volken voor U te doen beven,
২দেশবাসীসকলে তোমাৰ সাক্ষাতে কঁপিবলৈ তোমাৰ শত্ৰুবোৰৰ আগত তোমাৰ নাম জনাবলৈ, অগ্নিয়ে জেং খৰি পোৰাৰ দৰে, আৰু জুয়ে পানী উতলোৱাৰ দৰে তুমি নামি আহিলে, কেনে ভাল আছিল।
3 Als Gij de grootse dingen doet, waarop we niet durfden hopen,
৩আমি আশা নকৰা ভয়ানক কাৰ্যবোৰ তুমি কৰি নামি আহিলে, আৰু তোমাৰ সাক্ষাতে পৰ্ব্বতবোৰ দ্ৰৱ হৈ গলে, কেনে ভাল আছিল।
4 En waarvan men nog nooit had gehoord! Neen, geen oor heeft gehoord, Geen oog ooit gezien: Een God, buiten U, Die helpt, die op U hopen;
৪তোমালৈ অপেক্ষা কৰা জনলৈ কাৰ্য সিদ্ধ কৰোঁতা যি তুমি, তোমাৰ বাহিৰে আন ঈশ্বৰ আছে বুলি আগৰ কালৰ পৰা মানুহে শুনা নাই বা চকুৰে দেখা নাই।
5 Die vreugde bereidt voor wie gerechtigheid doet, En uw wegen gedenkt! Maar nu zijt Gij toornig: wij hebben gezondigd; Zo lang al vergramd: wij waren afvallig.
৫সৎকাৰ্য্য কৰি আনন্দ কৰা জনক, আৰু তোমাৰ পথ সোঁৱৰণ কৰি চলা জনক সহায় কৰিবলৈ তুমি আহিলা। আমি যেতিয়া পাপ কৰিছিলোঁ, তুমি ক্ৰোধিত হৈছিলা, তোমাৰ পথত আমি সকলো সময়তে উদ্ধাৰ হ’ব পাৰিম।
6 Allen zijn wij als onreinen geworden, Heel onze deugd als een doek, door stonden bezoedeld; Als bladeren vallen wij allemaal af, Onze zonden jagen ons voort als de wind.
৬কিয়নো আমি সকলোৱেই অশুচি লোকৰ সদৃশ হলোঁ, আৰু আমাৰ সকলো ধাৰ্মিকতা চুৱা কাপোৰৰ দৰে হল; আমি সকলোৱে পাতৰ দৰে জয় পৰিছোঁ, আৰু আমাৰ অপৰাধবোৰে বতাহৰ দৰে আমাক উড়ুৱাই লৈ গৈছে।
7 Er is niemand, die uw Naam nog aanroept, Of die op U nog durft steunen; Want Gij hebt voor ons uw aanschijn verborgen, Ons prijs gegeven aan onze schuld.
৭তোমাৰ নামেৰে প্ৰাৰ্থনা কৰা কোনো এজন নাই; কোনেও তোমাত আশ্ৰয় ল’বলৈ ইচ্ছা কৰা নাই; কিয়নো তুমি আমাৰ পৰা মুখ লুকুৱাই ৰাখিছা, আৰু আমাৰ অপৰাধৰ প্ৰতাপত আমাক গলি যাবলৈ দিছা।
8 Toch blijft Gij, Jahweh, onze Vader! Wij zijn het leem, Gij onze boetseerder; Wij allen het werk uwer handen!
৮কিন্তু এতিয়াও, হে যিহোৱা, তুমি আমাৰ পিতৃ; আমি মাটি, তুমি আমাৰ কুমাৰ; আৰু আমি সকলোৱেই তোমাৰ হাতৰ কাৰ্য।
9 Ach, Jahweh, wees toch niet al te vergramd, Niet altijd onze misdaad indachtig. Ach, zie op ons neer: Wij blijven toch allen uw volk!
৯হে যিহোৱা, তুমি অত্যন্ত ক্ৰোধিত নহ’বা, বা আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে সদায় সোঁৱৰণ কৰি নাথাকিবা; অনুগ্রহ কৰি তোমাৰ লোক, আমাক সকলোলৈ দৃষ্টি কৰ।
10 Uw heilige steden zijn een steppe geworden, Sion een wildernis, Jerusalem een woestijn.
১০তোমাৰ পবিত্ৰ নগৰবোৰ অৰণ্য হৈ পৰিছে; চিয়োন অৰণ্য হৈ গ’ল; যিৰূচালেম ধ্বংসস্থান হ’ল।
11 Onze heilige en heerlijke tempel, Waarin onze vaderen U hebben geloofd, Is een prooi der vlammen geworden; Al wat ons dierbaar was, ligt in puin!
১১আমাৰ পূৰ্বপুৰুষসকলে তোমাৰ প্ৰশংসা কৰা, আমাৰ সেই পবিত্ৰ সুন্দৰ মন্দিৰ অগ্নিৰে দগ্ধ হ’ল; আৰু আমাৰ মনমোহা সকলো ঠাই উচ্ছন্ন হ’ল।
12 Kunt Gij dit alles maar toezien, o Jahweh; Maar zwijgen, ten einde toe ons vernederen?
১২হে যিহোৱা; এতিয়াও তুমি কেনেকৈ আঁতৰি থাকিবা? কেনেকৈ তুমি মনে মনে থাকি, আমাক অত্যন্ত দুখ দিবা?