< Prediker 8 >
1 Wie is er aan den wijze gelijk; Wie kent de verklaring der dingen? ‘s Mensen wijsheid doet zijn aangezicht stralen, En verandert de stuursheid van zijn gelaat.
১জ্ঞানৱানৰ তুল্য কোন আছে? যি ঘটে, কোনে তাৰ অৰ্থ বুজাব পাৰে? প্রজ্ঞাই মানুহৰ মুখ উজ্জ্বল কৰে, আৰু তেওঁৰ মুখৰ কঠিনতা পৰিৱৰ্ত্তন কৰিব পাৰে।
2 Neem het bevel van den koning in acht, Om de aan God gezworen eed;
২মই তোমাক উপদেশ দিওঁ যে ৰজাক প্রতিৰক্ষা দিয়া ঈশ্বৰৰ শপতৰ কাৰণে তুমি ৰজাৰ আজ্ঞা পালন কৰা।
3 Val niet roekeloos van hem af, En laat u niet in met gevaarlijke zaken. Want de koning doet, wat hij wil; Zijn woord is oppermachtig;
৩তেওঁৰ আগৰ পৰা লৰালৰিকৈ গুছি নাযাবা; মন্দ একোৰে লগত যুক্ত নহ’বা; কাৰণ ৰজাই তেওঁৰ ইচ্ছা অনুসাৰে কার্য কৰে।
4 Wie kan hem zeggen: wat doet gij?
৪ৰজাৰ কথাতে যেতিয়া সামর্থ্য আছে, তেতিয়া কোনে তেওঁক ক’ব পাৰে, “আপুনি কি কৰিছে?”
5 Wie de wet onderhoudt, zal geen kwaad ondervinden. Een verstandig mens denkt aan de tijd van het oordeel;
৫যি মানুহে ৰজাৰ আজ্ঞা পালন কৰে, তেওঁৰ কোনো ক্ষতি নহব; জ্ঞানৱান লোকসকলৰ হৃদয়ে কার্যৰ উপযুক্ত সময় আৰু পদ্ধতি জানে।
6 Want de tijd van het oordeel breekt voor iedereen aan. Maar de boosheid legt een benauwende druk op den mens;
৬প্ৰত্যেক বিষয়ৰে উপযুক্ত সময় আৰু পদ্ধতি আছে; যদিও মানুহে অধিক দুখকষ্ট ভোগ কৰে।
7 Want hij weet niet, wat hem nog wacht, En niemand kan hem zeggen, wanneer het zal komen.
৭কিয়নো কোনো মানুহেই যেতিয়া পাছত কি ঘটিব তাক নাজানে, তেতিয়া সেয়ে কিদৰে ঘটিব বুলি তেওঁক কোনে জনাব পাৰে?
8 Geen mens is meester van zijn leven, Niemand heeft de levensgeest in zijn macht; Hij is geen heer over de dag van zijn dood. Niemand wordt vrijgesteld van die strijd, En zeker wordt niemand gered door zijn slechtheid.
৮নিজৰ আত্মাক কোনে নিয়ন্ত্ৰণ কৰিব পাৰে! তেনেকৈ মৃত্যুৰ দিনৰ ওপৰতো কাৰো হাত নাই। যুদ্ধৰ সময়ত যেনেকৈ কোনো সৈনিক মুক্ত নহয়, তেনেকৈ দুষ্টতাৰ বশত থকা ব্যক্তিৰ দুষ্ট কার্যৰ অভ্যাসৰ পৰা সেই দুষ্টতাই তেওঁক মুক্ত কৰিব নোৱাৰে।
9 Dit alles heb ik gezien, Toen ik aandacht schonk aan alles, Wat er onder de zon gebeurt. Soms gebruikt de mens zijn macht tot nadeel van anderen.
৯সূৰ্যৰ তলত কৰা সকলো কার্যলৈ মনোযোগ কৰি মই এই পর্যবেক্ষণ কৰিলোঁ যে, এজন লোকে আন জনৰ ওপৰত কর্তৃত্ব চলাবলৈ অভ্যাস কৰি আন জনক ভীষণ আঘাত দিয়ে।
10 Zo zag ik, dat goddelozen een begrafenis kregen, Terwijl zij, die goed hadden gehandeld, Ver van de heilige plaats moesten wegtrekken, En in de stad werden vergeten. Ook dat is ijdelheid!
১০তাৰ পাছত মই দেখিলোঁ যে, কেনেকৈ দুষ্ট লোকক সন্মানেৰে মৈদাম দিয়া হৈছিল। এই দুষ্ট লোকসকলে পবিত্ৰ স্থানত অহা-যোৱা কৰিছিল; যি নগৰত তেওঁলোকে দুষ্টতাৰ কার্য কৰিছিল, সেই নগৰৰ লোকসকলে তেওঁলোকক প্রশংসা কৰিলে। ইও অসাৰ।
11 Omdat de straf niet onmiddellijk op de zonde volgt, Daarom zint het hart van den mens op kwaad.
১১অন্যায় কার্যৰ শাস্তি যদি বেগাই কার্যকৰী নহয়, তেন্তে মানুহৰ মনলৈ অন্যায় কার্য কৰাৰ প্রৱণতা আহে।
12 Maar al blijft soms de zondaar lange tijd leven, Ofschoon hij honderdmaal kwaad doet: Toch weet ik zeker, dat het hùn goed gaat, Die Gods aanschijn vrezen.
১২পাপী লোকে যদিও এশটা কুকৰ্ম কৰি দীৰ্ঘকাল জীয়াই থাকে, তথাপিও মই হ’লে নিশ্চয়কৈ জানো যে, ঈশ্বৰক যিসকলে ভয় কৰে, তেওঁলোকৰ মঙ্গল হ’ব; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় হয়।
13 Maar den zondaar gaat het niet goed; Zijn dagen worden vluchtig als een schaduw, Omdat hij Gods aanschijn niet vreest.
১৩কিন্তু দুষ্ট লোকৰ হ’লে মঙ্গল নহব; তেওঁলোকৰ আয়ুস বৃদ্ধি নাপাব; তেওঁলোকৰ জীৱনকাল দ্রুতগামী ছাঁ স্বৰূপ; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় নহয়।
14 Toch doet zich op aarde deze ijdelheid voor: Soms gaat het de braven naar de werken der bozen, En de zondaars soms naar de werken der braven. En ik dacht: ook dat is ijdelheid.
১৪পৃথিবীত ঘটা আন এটা অসাৰ বিষয় হৈছে দুষ্ট লোকে তেওঁলোকৰ কার্য অনুসাৰে পাবলগীয়া দুষ্টতাৰ ফল ধাৰ্মিক লোকে ভোগ কৰে আৰু ধার্মিক লোকে পাবলগীয়া ফল দুষ্ট লোকে ভোগ কৰে। মই ক’লো, ইও অসাৰ।
15 Daarom prees ik de vreugde; Want er is voor den mens geen ander geluk onder de zon, Dan te eten en te drinken en zich te verheugen. Moge dit bij zijn zwoegen hem steeds vergezellen Alle levensdagen, die God hem geeft onder de zon.
১৫সেয়ে মই জীৱনত আমোদ-প্রমোদৰে প্ৰশংসা কৰিছোঁ; কিয়নো সূর্যৰ তলত ভোজন-পান আৰু আনন্দ কৰাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই ভাল নাই। তেন্তে সূর্যৰ তলত ঈশ্বৰে দিয়া মানুহৰ জীৱনৰ সকলো দিনবোৰত আনন্দই হ’ব তেওঁৰ পৰিশ্রমত সংগী।
16 Toen ik mij beijverde, wijsheid te verwerven, En de moeite bezag, die de mens zich op aarde getroost, En hoe dag en nacht zijn ogen geen slaap zien:
১৬প্রজ্ঞা পাবলৈ আৰু পৃথিৱীত যি কৰা হয়, তাক জানিবলৈ, দিনে-ৰাতিয়ে কাম কৰি চকুৱে নুশোৱাকৈ থাকে তাক বুজিবৰ কাৰণে যেতিয়া মই মনোযোগ দিলোঁ,
17 Toen begreep ik, dat het enkel Gods werk is, En dat de mens geen verklaring kan vinden Van wat er plaats grijpt onder de zon. Daarom tobt de mens zich af met zoeken, Maar hij zal het niet vinden; En al meent de wijze het ook te verstaan, Hij kan het niet vatten.
১৭তেতিয়া মই ঈশ্বৰৰ সকলো কাৰ্য বিবেচনা কৰি বুজিলো যে, সূৰ্যৰ তলত যি কাৰ্য কৰা হয়, মানুহে তাক সম্পূর্ণকৈ বুজিব নোৱাৰে। সেয়ে মানুহে তাৰ উত্তৰ বিচাৰি পাবলৈ সকলো ধৰণৰ পৰিশ্রম কৰিলেও তাক বিচাৰি পাব নোৱাৰে। এনেকি, জ্ঞানৱান লোকেও যদি তাক জানো বুলি বিশ্বাস কৰে, তেওঁ প্রকৃততে সম্পূর্ণকৈ নাজানে।