< 2 Corinthiërs 2 >
1 Ik had me daarom voorgenomen, niet meer bij u terug te komen in droefheid.
১সেয়েহে কিছুমান দুখজনক পৰিস্থিতিৰ বাবে পুনৰাই আপোনালোকৰ ওচৰলৈ নাযাওঁ বুলি মই নিজৰ বিষয়ত বিবেচনা কৰিলোঁ৷
2 Want indien ik ú bedroef, wie moet mij dan verblijden? Tenslotte hij alleen, die zelf door mij zou zijn bedroefd.
২কিয়নো মই যদি আপোনালোকক বেজাৰ দিওঁ তেনেহলে মোক আনন্দিত কৰোঁতা কোন থাকিব? কেৱল মোৰ দ্বাৰাই বেজাৰ পোৱা সেই লোকেই থাকিব?
3 En om dezelfde reden heb ik u ook geschreven, opdat ik bij mijn komst niet bedroefd zou worden door hen, over wie ik mij verheugen moest; ik vertrouwde daarbij van u allen, dat mijn blijdschap ook uw aller blijdschap zou zijn.
৩আৰু এই সকলোবোৰ কথা লিখিলোঁ, যাতে যেতিয়া মই আহিম, তেতিয়া যি জনৰ ওচৰৰ পৰা আমি আনন্দ পোৱা উচিত, সেই জনৰ পৰা যেন দুখ পাবলগীয়া নহয়। কিয়নো আপোনালোকৰ বিষয়ে মোৰ দৃঢ় বিশ্বাস এই যে, আমাৰ আনন্দত আপোনালোক সকলোৱে আনন্দিত হব।।
4 Waarlijk in grote bekommernis en beklemming van hart heb ik u onder veel tranen geschreven, niet opdat gij bedroefd zoudt worden, maar opdat gij de liefde zoudt leren kennen, die ik u zo vurig toedraag.
৪বহু কষ্ট, মনো-বেদনা, আৰু চকুৰপানীৰে আপোনালোকলৈ লিখিলোঁ। মই আপোনালোকক দুখ দিবলৈ বিচৰা নাই, কিন্তু বুজাবলৈ বিচাৰিছোঁ যে, মই আপোনালোকক কিমান প্ৰেম কৰোঁ।
5 Wanneer zeker iemand droefheid heeft veroorzaakt, dan heeft hij niet mij bedroefd, maar enigszins althans, om niet te overdrijven, u allen.
৫কিন্তু কোনোৱে যদি দুখ দি থাকে, তেনেহলে তেওঁ অকল মোক দুখ দিলে এনে নহয়; বেছি বঢ়াই নকলেও মই এটা কথা কওঁ যে, তেওঁ আপোনালোক সকলোকে দুখ দিলে।
6 Voor die persoon is de bestraffing, door de meerderheid opgelegd, voldoende geweest,
৬এনে মানুহলৈ অধিক ভাগ লোকে দিয়া শাস্তিয়েই যথেষ্ট।
7 zodat gij hem nu maar vergiffenis moest schenken en bemoedigen, opdat hij niet door overdreven droefheid te gronde gaat.
৭এতেকে তাতকৈ এনে মানুহক আপোনালোকে ক্ষমা কৰক আৰু সান্ত্বনা দিয়া উচিত। নহলে তেওঁ হয়তো অতিৰিক্ত মনৰ দুখত হতাশ হৈ পৰিব।
8 Ik dring er dus op aan, hem door een openlijk besluit weer in liefde aan te nemen.
৮মই আপোনালোকক উৎসাহিত কৰিছোঁ, এনে ব্যক্তিক যে আপোনালোকে এতিয়াও প্ৰেম কৰে, ইয়াকে মুকলিভাবে বুজিব দিয়ক৷
9 Want ook hierom heb ik u geschreven, om proefondervindelijk van u te weten, of gij in alles gehoorzaam zijt.
৯কিয়নো সকলো বিষয়ত আপোনালোক আজ্ঞাধীন হয় নে নহয়, তাৰ প্ৰমাণ পোৱাৰ আশয়েৰে লিখিলোঁ।
10 En wien gij iets vergeeft, dien schenk ook ik vergiffenis. En wat ik vergeven heb, —zo ik tenminste iets te vergeven heb, —dat heb ik voor Christus’ aanschijn vergeven om uwentwil,
১০যদি আপোনালোকে কোনো এজনৰ দোষ ক্ষমা কৰে, তেনেহলে ময়ো সেইদৰে ক্ষমা কৰোঁ৷ এই কাৰণে মই যদি কিবা ক্ষমা কৰিলোঁ, তেনেহলে যি ক্ষমা কৰিলোঁ, খ্ৰীষ্টৰ সাক্ষাতে আপোনালোকৰ কাৰণেই ইয়াক কৰিলোঁ;
11 opdat de satan geen voorsprong op ons krijgt; want over zijn bedoelingen tasten we niet in het duister.
১১কিয়নো চয়তানে যেন আমাৰ ওপৰত ছল নাপায়৷ কাৰণ তাৰ পৰিকল্পনা আমি নজনা নহওঁ।
12 Toen ik nu in Troas was aangekomen, om er Christus te preken, en mij door den Heer de deur daartoe was opengezet,
১২খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে মই ত্রোৱা নগৰলৈ আহোতে, যদিও প্ৰভুৰ দ্বাৰাই মোলৈ এখন দুৱাৰ মুকলি কৰা হৈছিল,
13 had ik toch geen rust voor mijn geest, omdat ik er mijn broeder Titus niet aantrof; maar ik nam afscheid van hen, en vertrok naar Macedónië.
১৩মোৰ ভাই তীতক তাতে লগ নোপোৱাত, মোৰ আত্মাত একো শান্তি নাপালোঁ; সেয়েহে তেওঁলোকক এৰি বিদায় লৈ মাকিদনিয়ালৈ আহিলোঁ।
14 God zij dank! Overal toch leidt Hij ons rond tot Christus’ triomf; allerwege verspreidt Hij door ons de geur van diens kennis.
১৪কিন্তু সেই ঈশ্বৰ ধন্য, যি জনাই আমাক সদায় খ্ৰীষ্টত জয়যুক্ত হ’বলৈ পথ দেখুৱাই আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতেই প্ৰকাশ কৰে।
15 Want Christus’ geur zijn wij voor God, zowel bij hen die worden gered, als bij hen die ten verderve gaan:
১৫কিয়নো পৰিত্ৰাণৰ পাত্ৰ আৰু বিনাশৰ পাত্ৰ সকলৰ মাজত আমি ঈশ্বৰলৈ খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ।
16 voor den één een doodslucht ten dode, voor den ander een levensgeur ten leven. Wie is tot zulk een taak bekwaam?
১৬যি সকল হেৰাই গৈছে, তেওঁলোকৰ ওচৰত আমি মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ; কিন্তু যি সকলে পৰিত্রাণ পালে, তেওঁলোকৰ ওচৰত আমি জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। এনে কৰ্মৰ যোগ্য কোন আছে?
17 Wij; daar we niet als veel anderen handel drijven met Gods woord, maar met zuivere bedoelingen spreken, op gezag van God, ten overstaan van God, en in Christus.
১৭কিয়নো অধিক ভাগ মানুহৰ দৰে আমি ঈশ্বৰৰ বাক্যত ভাঁজ দিওঁতা নহওঁ; কিন্তু অকপটতাৰে কোৱাৰ দৰে, আৰু ঈশ্বৰৰ পৰা শিক্ষা পাই কোৱাৰ দৰে, আমি ঈশ্বৰৰ সাক্ষাতে, খ্ৰীষ্টত কথা কওঁ।