< 1 Johannes 3 >
1 Ziet, hoe grote liefde de Vader ons heeft bewezen, dat wij kinderen Gods worden genoemd, en het ook zijn. Daarom juist kent de wereld òns niet, omdat ze Hèm niet kent.
১ভাবি চাওক, পিতৃ ঈশ্বৰে আমাক কেনে প্ৰেম প্ৰদান কৰিলে, আমি যেন ঈশ্বৰৰ সন্তান বুলি অভিহিত হওঁ আৰু আমি হৈছোও! এই বাবে জগতৰ মানুহে আমাক নাজানে, কাৰণ জগতে তেওঁক নাজানিলে৷
2 Geliefden, thans reeds zijn wij kinderen Gods; maar nog is het niet openbaar geworden, wat wij zùllen zijn. Toch weten we, dat wanneer de openbaring gekomen is, wij aan Hem gelijk zullen zijn; want wij zullen Hem zien, zoals Hij is.
২হে প্ৰিয়সকল, এতিয়া আমি ঈশ্বৰৰ সন্তান; কিন্তু পাছত কি হ’ম, সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। কিন্তু আমি জানো যে, খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হব, তেতিয়া আমি তেওঁৰ নিচিনাই হ’ম৷ তেওঁ যেনেকুৱা আছে, তেনেকুৱাই তেওঁক দেখিম৷
3 Wie deze hoop op Hem stelt, houdt zich rein, zoals Hij rein is.
৩আৰু তেওঁৰ ওপৰত যি ব্যক্তিৰ এনে আশা বা আত্মবিশ্বাস আছে, তেওঁ যেনে শুচি, তেৱোঁ তেনেকৈ নিজকে শুচি কৰে।
4 Wie zonde bedrijft, overtreedt ook de wet; want de zonde is schennis der wet.
৪যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ বিধান লঙ্ঘন কৰে; আৰু বিধান-লঙ্ঘন কৰাই পাপ।
5 Welnu, gij weet, dat Hij is verschenen, om de zonden weg te nemen; en in Hem is geen zonde.
৫আপোনালোকে জানে যে, পাপ দূৰ কৰিবলৈ তেওঁ প্ৰকাশিত হ’ল আৰু তেওঁত কোনো পাপ নাই।
6 Wie in Hem blijft, zondigt niet; wie zondigt, heeft Hem gezien, noch gekend.
৬যি কোনোৱে তেওঁত থাকে, তেওঁ পাপ নকৰে; যি কোনোৱে পাপ কৰে, তেওঁ তেওঁক দেখা নাই আৰু জনাও নাই।
7 Kinderkens, laat u door niemand misleiden! Wie de gerechtigheid beoefent, is een gerechtige, zoals Hij Gerechtig is.
৭হে প্রিয় সন্তানসকল, আপোনালোকক ভুলাবলৈ কাকো নিদিব; যি কোনোৱে ধাৰ্মিকতা আচৰণ কৰে, খ্ৰীষ্ট যেনে ধাৰ্মিক, তেৱোঁ তেনে ধাৰ্মিক হয়।
8 Maar wie zonde bedrijft, is uit den duivel, want de duivel zondigt van de aanvang af; en daartoe juist is Gods Zoon verschenen, om de werken van den duivel te vernietigen.
৮যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ চয়তানৰ; কিয়নো চয়তানে আদিৰে পৰা পাপ কৰি আছে। চয়তানৰ কৰ্ম ধ্বংস কৰিবৰ কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ’ল।
9 Wie uit God is geboren, bedrijft geen zonde, want zijn Zaad is in hem; hij kan zelfs niet zondigen, omdat hij uit God is geboren.
৯যিজন ঈশ্বৰৰ পৰা জন্ম পোৱা হয়, তেওঁ পাপ-আচৰণ নকৰে; কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে৷ তেওঁ পাপ কৰিব নোৱাৰে; কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হ’ল।
10 Hieraan zijn de kinderen Gods en de kinderen des duivels te kennen: wie de gerechtigheid niet beoefent, is niet uit God. Evenmin hij, die zijn broeder niet liefheeft.
১০ইয়াতে প্রকাশ পায় কোন ঈশ্বৰৰ সন্তান আৰু কোন চয়তানৰ সন্তান! যি কোনোৱে ধাৰ্মিকতাৰ আচৰণ নকৰে, তেওঁ ঈশ্বৰৰ সন্তান নহয়। যিজনে নিজ ভায়েকক প্ৰেম নকৰে, তেৱোঁ ঈশ্বৰৰ সন্তান নহয়।
11 Want dit is de boodschap, die gij van de aanvang af hebt gehoord, dat we elkander moeten beminnen.
১১কিয়নো আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, এই বার্তা আপোনালোকে আদিৰে পৰা শুনি আছে।
12 We moeten niet zijn als Kaïn, die uit den Boze was en zijn broeder vermoordde. En waarom vermoordde hij hem? Omdat zijn werken boos waren, maar die van zijn broeder gerecht.
১২আপোনালোক কয়িনৰ নিচিনা নহব। কয়িন চয়তানৰ লোক আছিল আৰু তেওঁ চয়তানৰ পৰা হ’ল আৰু নিজ ভায়েকক বধ কৰিলে। তেওঁ কি কাৰণে নিজ ভাইক বধ কৰিলে? কাৰণ তেওঁৰ কৰ্ম মন্দ আছিল, কিন্তু তেওঁৰ ভায়েক ধাৰ্মিক আছিল।
13 Broeders, verwondert u dus niet, zo de wereld u haat.
১৩হে মোৰ ভাইসকল, জগতে যদি আপোনালোকক ঘৃণা কৰে, তেনেহলে তাত বিস্ময় নামানিব।
14 We weten, dat we uit de dood tot het leven zijn overgegaan, omdat we de broeders beminnen; die niet bemint, blijft in de dood.
১৪আমি ভাই সকলক প্ৰেম কৰাৰ কাৰণে বুজি পাওঁ যে, আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’লোঁ, ইয়াকে জানো। যি কোনোৱে প্ৰেম নকৰে, তেওঁ মৃত্যুতেই থাকে।
15 Wie zijn broeder haat, is een moordenaar; en gij weet, dat geen moordenaar het eeuwig leven behoudt. (aiōnios )
১৫যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ এজন নৰবধী৷ কোনো নৰবধীৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক আপোনালোকে জানে। (aiōnios )
16 Hieraan erkennen we de liefde: Hij heeft zijn leven gegeven voor ons; ook wij moeten ons leven geven voor onze broeders.
১৬যীচু খ্ৰীষ্টে আমাৰ কাৰণে নিজৰ প্ৰাণ দিলে, ইয়াতেই আমি প্ৰেমৰ তত্ব জানিবলৈ পালোঁ৷ আমিও ভাই সকলৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত।
17 Wie dan de goederen der wereld bezit, en zijn broeder in nood ziet, maar zijn hart voor hem sluit, hoe blijft dan in hem de liefde tot God?
১৭কিন্তু যিজনৰ সাংসাৰিক জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখিও যদি স্নেহ নকৰি হৃদয় বন্ধ কৰি থয় আৰু তেওঁৰ পৰা নিজ স্নেহ আটক কৰে, তেনেহলে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকিব?
18 Kinderkens, laat ons niet liefhebben met woord of met tong, maar met daad en in waarheid.
১৮হে প্রিয় সন্তানসকল, আহক; আমি কেৱল বাক্যৰ দ্বাৰাই বা জিভাৰে নহয়, কৰ্ম আৰু সত্যেৰে প্ৰেম কৰোঁহক।
19 Hieraan zullen we erkennen, dat we uit de waarheid zijn: We zullen ons hart geruststellen voor Hem,
১৯ইয়াৰ দ্বাৰাই আমি জানো যে, সত্যৰ পৰা হওঁ;
20 ook als het hart ons aanklaagt; want God is groter dan ons hart, en Hij weet alles.
২০আৰু আমাৰ অন্তৰে আমাক দোষী কৰিলেও তেওঁৰ উপস্থিতিত আমাৰ অন্তৰ আশ্বাসত থাকিব৷ কাৰণ ঈশ্বৰ আমাৰ হৃদয়তকৈ মহান আৰু তেওঁ সকলো জানে।
21 Geliefden, als ons hart ons niet aanklaagt, dan hebben we vertrouwen op God,
২১হে প্ৰিয় সন্তানসকল, আমাৰ হৃদয়ে যদি আমাক দোষী নকৰে, তেনেহলে ঈশ্বৰত আমাৰ নিশ্চয়তা বা আত্মবিশ্বাস আছে;
22 en verkrijgen van Hem al wat we vragen. -Want we onderhouden zijn geboden en doen wat Hem behaagt.
২২আৰু আমি যিহকে যাচনা কৰোঁ, সেয়ে আমি তেওঁৰ পৰা পাওঁ৷ কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক, সেই কৰ্ম আমি কৰোঁ।
23 Dit immers is zijn gebod: dat we geloven in de naam van zijn Zoon Jesus Christus, en dat we elkander beminnen, zoals Hij het ons bevolen heeft.
২৩তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ নামত আমি যেন বিশ্বাস কৰোঁ আৰু তেওঁ আমাক দিয়া আজ্ঞাৰ দৰে আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, এয়ে তেওঁৰ আজ্ঞা।
24 Wie zijn geboden onderhoudt, blijft in Hem en Hij in hem; en hieraan erkennen we, dat Hij in ons blijft: aan de geest, die Hij ons schonk.
২৪আৰু যিজনে ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰে, তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে৷ তেওঁ যে আমাৰ লগত থাকে, ইয়াকে তেওঁ আমাক দিয়া আত্মাৰ দ্বাৰাই আমি জানোঁ।