< Zaburi 31 >
1 Kuom jatend wer. Zaburi mar Daudi. Kuomi ema aseponde, yaye Jehova Nyasaye, kik iwe ayud wichkuot; gola e chandruok nikech timni makare.
১হে যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ; মোক কেতিয়াও লাজত পৰিবলৈ নিদিবা; তোমাৰ ধাৰ্মিকতাৰ গুণেৰে মোক ৰক্ষা কৰা।
2 Winj ywakna, kendo bi piyo mondo iresa; bed lwandana mar pondo, kendo ohinga motegno manyalo resa.
২মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা; মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয়-শিলা হোৱা, মোৰ দৃঢ় কোঁঠ হোৱা।
3 Kaka in lwandana kendo ohingana, telna kendo itaya nikech nyingi.
৩তুমি মোৰ শিলা, আৰু মোৰ দুৰ্গ; এই হেতুকে তোমাৰ নামৰ কাৰণে তুমি মোৰ পথ-দৰ্শক হৈ মোক চলাই নিবা।
4 Gola oko e obadho mopondo mochikna nikech in e kar pondona.
৪মোৰ কাৰণে গোপনে পতা জালৰ পৰা তুমি মোক উদ্ধাৰ কৰা; কাৰণ তুমিয়েইতো মোৰ আশ্ৰয়।
5 Aketo chunya e lweti; resa, yaye Jehova Nyasaye, ma Nyasaye mar adiera.
৫হে যিহোৱা, হে মোৰ বিশ্ৱস্ত ঈশ্বৰ, তুমিয়েই মোক মুক্ত কৰিলা; মই তোমাৰ হাতত মোৰ আত্মা শোধাই দিছোঁ;
6 Asin gi joma lamo nyiseche manono ma dhano oloso; an to aketo genona kuom Jehova Nyasaye.
৬যিসকলে অসাৰ মূর্তিবোৰৰ সেৱা-পূজা কৰে, মই তেওঁলোকক ঘিণ কৰোঁ; কিন্তু মই যিহোৱাত ভাৰসা কৰোঁ।
7 Abiro bedo mamor kendo moil kuom herani, nikech ne ineno chandruokna, kendo ne ingʼeyo lit mar chunya.
৭তোমাৰ গভীৰ প্রেমত মই আনন্দ কৰিম, উল্লাসিত হ’ম; কিয়নো তুমি মোৰ দুখলৈ দৃষ্টি কৰিলা; মোৰ দুর্দশাত তুমি চিন্তিত থ’লো
8 Ok iseketa e lwet jawasigu to iseguro tiendena kama lach.
৮তুমি মোক শত্রুৰ হাতত শোধাই নিদিলা; বহল ঠাইত তুমি মোৰ ভৰি ৰাখিলা।
9 Kecha, yaye Jehova Nyasaye, nikech an e chandruok; wengena ojony nikech ywak, kendo chunya gi ringra bende nigi lit.
৯হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই অতি কষ্টৰ মাজত আছোঁ; দুখত মোৰ চকু সোমাই গৈছে; মোৰ দেহ আৰু প্ৰাণ দুর্বল হৈ গৈছে।
10 Ngimana rem chamo kendo higni maga opongʼ gi chur; tekona rumo nikech lit ma an-go kendo chokena doko mayom yom.
১০মই শোকতে মোৰ জীৱন পাৰ কৰিলোঁ, হুমুনিয়াহ কাঢ়ি কাঢ়ি মোৰ বছৰ কেইটাৰ অন্ত হৈছে; মোৰ দূখৰ কাৰণে মোৰ শক্তি লোপ পাইছে, আৰু মোৰ অস্থিবোৰ শুকাই গৈছে।
11 Nikech wasigu olwora mangʼeny, joma odak koda koro ochaya gi chunygi; alich kata mana ni osiepena kendo joma onena e wangʼ yo ringa.
১১মোৰ সকলো শত্রুৰ ওচৰত মই ঘৃণাৰ পাত্র, চুবুৰীয়াৰ ওচৰত মই অত্যন্ত নিন্দনীয়, মোৰ পৰিচিতসকলৰ ওচৰত মই শঙ্কাৰ বিষয় হৈছোঁ; বাটত মোক দেখিলে মানুহবোৰ পলাই যায়।
12 Wigi owil koda mana ka gima ne asetho chon bende koro achalo mana gi agulu motore.
১২মৃত ব্যক্তিক পাহৰি যোৱাৰ দৰে, মানুহবোৰে মোক পাহৰি গৈছে; মই যেন এটা ভগা পাত্ৰৰ দৰে হ’লো।
13 Nikech awinjo ayany mangʼeny ma ji yanyago, kihondko olwora koni gi koni; gikuodho kaka digitimna marach kendo gichano mar kawo ngimana.
১৩মোৰ সম্বন্ধে দিয়া অনেকৰ অপবাদ মোৰ কাণত পৰিছে, মোৰ চাৰিওফালে ভীষণ ভয় আছে। তেওঁলোকে মোৰ বিৰুদ্ধে একেলগে পৰামর্শ কৰিছে, মোৰ প্ৰাণ ল’বলৈ ষড়যন্ত্র কৰিছে।
14 To an aketo mana genona kuomi, yaye Jehova Nyasaye; kendo awacho niya, “In e Nyasacha.”
১৪কিন্তু, হে যিহোৱা, মই তোমাতেই ভাৰসা কৰিছোঁ; মই কওঁ, “তুমিয়েই মোৰ ঈশ্বৰ।”
15 Ndalona ni e lweti; resa e lwet wasika, kendo kuom joma lawa.
১৫তোমাৰ হাততেই মোৰ সকলো সময় আছে, মোৰ শত্রু আৰু তাড়নাকাৰীবোৰৰ হাতৰ পৰা তুমি মোক উদ্ধাৰ কৰা।
16 Mad ibed mamor gi jatichni; resa gi herani ma ok rum.
১৬তোমাৰ দাসৰ প্রতি তোমাৰ মুখ উজ্জ্বল কৰা; তোমাৰ অসীম প্রেমত মোক ৰক্ষা কৰা।
17 Kik iwe wiya kuodi, yaye Jehova Nyasaye, nikech aseywakni ka alemo; to we joma timbegi richo oyud wichkuot kendo ginindi ka gilingʼ thi ei liel. (Sheol )
১৭হে যিহোৱা, মই তোমাক মাতিছো, তুমি মোক লাজত পৰিবলৈ নিদিবা; দুষ্ট লোক বৰং লাজত পৰক, চিয়োলত নীৰৱে থাকক। (Sheol )
18 Mi dhogi mawacho miriambo mondo olingʼ; nikech sungagi kod chuny marach ma gin-go, omiyo giwuoyo gi wich teko kuom joma kare.
১৮অহংকাৰ আৰু তুচ্ছ ভাব লৈ যিসকলে ধাৰ্মিকসকলৰ বিৰুদ্ধে দর্প কথা কয়, সেই মিছলীয়া ওঁঠবোৰ বোবা হওঁক।
19 Mano kaka berni duongʼ, ber mikano ne joma oluori, mimiyo joma opondo kuomi ka ji duto neno.
১৯অহ! তোমাৰ মঙ্গল কিমান যে মহান! যি মঙ্গল তুমি তোমাক ভয় কৰোঁতা লোকসকলৰ বাবে সঞ্চয় কৰি থৈছা; তোমাত আশ্ৰয় লোৱা সকলোৰে সন্মুখতে তুমি সেই মঙ্গল সিদ্ধ কৰি থাকা।
20 Ipandogi e bwombi iwuon mondo joma richo kik hinygi; iritogi maber e kar dak mari kuom lew joma hangonigi wach.
২০তুমি তেওঁলোকক তোমাৰ উপস্থিতিৰ আশ্রয় স্থানত ৰাখি, মানুহৰ কুমন্ত্ৰণাৰ পৰা লুকুৱাই ৰাখা; বিতর্কমূলক জিভাবোৰৰ পৰা তোমাৰ নিৰাপদ আশ্রয় স্থানত তুমি তেওঁলোকক আঁতৰাই ৰাখা।
21 Pak obed ni Jehova Nyasaye, nikech ne onyisa herane maduongʼ, kane an e dala ma wasigu ogoyona agengʼa.
২১যিহোৱা ধন্য হওঁক; যেতিয়া মই ঘেৰি থকা এখন নগৰৰ মাজত আছিলোঁ, তেওঁ মোলৈ আশ্চর্যজনক ভাৱে তেওঁৰ গভীৰ প্রেম দেখুৱালে।
22 Kane chandruok omaka to ne awacho ni, “Opoga kodi!” Kata kamano ne iwinja ka aywakni mondo ikecha kane aluongi mondo ikonya.
২২মই আতঙ্কিত হৈ যদিও কৈছিলোঁ, “তোমাৰ দৃষ্টিৰ পৰা মই বিছিন্ন হৈ পৰিলো”; তথাপিও মই তোমাৰ আগত সহায়ৰ বাবে কাতৰোক্তি কৰাত, তুমি মোৰ কাকুতি শুনিলা।
23 Heruru Jehova Nyasaye un joge maler duto! Jehova Nyasaye rito ngima joma jo-adiera, to josunga to ochulo moromo chuth.
২৩হে যিহোৱাৰ ভক্ত লোকসকল, তোমালোকে তেওঁক প্ৰেম কৰা; যিহোৱাই বিশ্বাসীসকলক ৰক্ষা কৰে, কিন্তু অহংকাৰীবোৰক তেওঁ অধিক প্ৰতিফল দিয়ে।
24 Beduru motegno kendo jiwuru chunyu, un duto mugeno kuom Jehova Nyasaye.
২৪তোমালোক যিসকলে যিহোৱালৈ অপেক্ষা কৰা, তোমালোক বলৱন্ত হোৱা, তোমালোকৰ হৃদয় সাহিয়াল হওঁক।