< Ngeche 8 >
1 Donge rieko luongo? Donge ngʼeyo tiend wach tingʼo dwonde ka goyo koko?
১প্রজ্ঞাই জানো নকয়? সুবুদ্ধিয়ে জানো উচ্চস্বৰে নকয়?
2 Ochungʼ e kuonde motingʼore e bath yo, e akerkeke mag yore.
২বাটৰ কাষৰ ওখ ঠাইত, চাৰিআলিত প্রজ্ঞা থিয় হয়।
3 Oywak matek e bath dhorangeye midonjogo e dala maduongʼ,
৩তাৰ উপৰিও নগৰৰ প্ৰবেশস্থানত, আৰু নগৰৰ দুৱাৰৰ ওচৰত থাকি ৰিঙিয়াই কয়,
4 kowacho niya, “Aluongou, yaye un ji, aluongou un ji duto manie piny.
৪“হে লোকসকল, মই তোমালোকক মাতিছোঁ; আৰু মানৱজাতিৰ সন্তান সকলৰ বাবে মই উচ্ছস্বৰে কওঁ।
5 Un joma ngʼeyogi tin, nwangʼuru rieko; to un joma ofuwo, nwangʼuru ngʼeyo.
৫যিসকল শিক্ষিত নহয়, তেওঁলোকে সুবুদ্ধিক বুজা উচিত, আৰু যিসকলে জ্ঞানক ঘিণ কৰে, তেওঁলোকৰ সুবিবেচনাৰ হৃদয় থকা উচিত।
6 Winjuru, nikech an gi gik mabeyo mangʼeny madwaro nyisou; ayawo dhoga mondo awach gima kare.
৬শুনা, মই উত্তম বিষয়ৰ কথা কওঁ, আৰু যেতিয়া মোৰ মুখ মেলোঁ, তেতিয়া মই সত্য কথা কওঁ।
7 Dhoga wacho gima adiera nikech dhoga kwedo gik maricho.
৭কিয়নো মোৰ মুখে বিশ্বাসযোগ্য কথা কয়, আৰু মোৰ ওঁঠে দুষ্টতা ঘিণ কৰে।
8 Weche duto mawuok e dhoga gin kare, onge moro kuomgi mobam kata modwanyore.
৮মোৰ মুখৰ সকলো কথা ন্যায়পৰায়ণ; সেইবোৰৰ মাজত বিকৃত, বা বিভ্রান্তিজনক বিষয়ৰ কথা নাথাকে।
9 Ne jogo mongʼeyo pogo tiend wach, gigi duto nikare, giber ni jogo man-gi ngʼeyo.
৯যি সকলে বুজি পাই, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ স্পষ্ট; যি সকলে জ্ঞান লাভ কৰে, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ সত্য।
10 Yier puonjna kar fedha kendo ngʼeyo kar dhahabu mowal,
১০ৰূপতকৈ মোৰ শিক্ষা, আৰু শুদ্ধ সোণতকৈয়ো জ্ঞান গ্ৰহণ কৰা।
11 nikech rieko ber moloyo kite ma nengogi tek, kendo gimoro amora madiher ok nyal romo kode.
১১কিয়নো প্রজ্ঞা পদ্মৰাগতকৈয়ো উত্তম, তুমি ইচ্ছা কৰা কোনো বস্তুকে তাৰ লগত তুলনা কৰিব নোৱাৰি।
12 “An, rieko, wadak kaachiel gi ngʼado bura makare; an-gi ngʼeyo kod pogo tiend wach.
১২মই প্ৰজ্ঞাই সুবুদ্ধিয়ে সৈতে বাস কৰোঁ, আৰু মই জ্ঞান আৰু বিবেচনা লাভ কৰোঁ।
13 Luoro Jehova Nyasaye en sin gi richo; amon gi sunga kod ngʼayi, timbe maricho kod wuoyo mochido.
১৩যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়; মই অহংকাৰ, গর্ব, কুপথ, আৰু বিপথগামী কথা ঘিণ কৰোঁ।
14 Ngʼado rieko kod ngʼado bura malongʼo gin maga; an-gi winjo tiend wach kod nyalo.
১৪মোৰ ভাল পৰামৰ্শ আৰু গভীৰ প্রজ্ঞা আছে; সুক্ষ্মদৃষ্টি আৰু পৰাক্ৰম মোৰেই।
15 An ema amiyo ruodhi locho kendo joloch loso chike makare.
১৫মোৰ দ্বাৰাই ৰজাসকলে ৰাজত্ব কৰে, অভিজাত লোকসকল আৰু ন্যায়েৰে যিসকল লোকে শাসন কৰে, সেইসকলো মোৰেই।
16 Nikech an, amiyo yawuot ruodhi loch kod joka ruodhi duto marito pinje.
১৬অধিপতি, অভিজাত, আৰু যিসকলে ন্যায়েৰে শাসন কৰে, সেই সকলে মোৰ দ্বাৰাই কৰে।
17 Ahero jogo mohera, to jogo ma manya yuda.
১৭যিসকলে মোক প্ৰেম কৰে, ময়ো তেওঁলোকক প্ৰেম কৰোঁ, আৰু যিসকলে মোক আগ্রহেৰে বিচাৰে, তেওঁলোকে মোক বিচাৰি পায়।
18 Mwandu gi luor ni kuoma, mwandu mochwere kod mewo.
১৮ঐশ্চৰ্য্য আৰু মান মৰ্য্যদা মোৰ লগতে আছে, এনে কি অক্ষয় সম্পত্তি আৰু ধাৰ্মিকতা আছে।
19 Olemba ber moloyo dhahabu maber, gino machiwo oloyo fedha moyier.
১৯সোণতকৈ আৰু শুদ্ধ সোণতকৈয়ো মোৰ ফল উত্তম; শুদ্ধ ৰূপতকৈয়ো মই যি উৎপন্ন কৰোঁ সেয়া উত্তম।
20 Awuotho e yo mobidhore makare, e yore mag bura makare,
২০মই যি পথেৰে যাওঁ, সেই পথ শুদ্ধ; সেই পথে ন্যায়লৈ লৈ যায়।
21 kachiwo mwandu ni jogo mohera kendo amiyo kuondegi mag keno bedo mopongʼ chutho.
২১সেয়ে যিসকলে মোক ভাল পায় তেওঁলোকক মই উত্তৰাধিকাৰ দিওঁ, আৰু তেওঁলোকৰ ভঁৰাল পৰিপূৰ্ণ কৰিম।
22 “Jehova Nyasaye nokwongo chweya kaka tichne mokwongo motelo ni tijene machon.
২২যিহোৱাই আৰম্ভণীৰে পৰা মোক সৃষ্টি কৰিলে- পূৰ্বৰ দৰেই তেওঁৰ প্রথম কাৰ্য।
23 Noyiera aa chakruok manyaka chiengʼ, kapok piny kobetie.
২৩অনাদি কালৰ পৰা, পৃথিবীৰ আৰম্ভণীৰে পৰা মই স্থাপিত হৈ আছোঁ।
24 Kapok nembe kobetie, nonywola kata ka sokni mopongʼ gi pi ne onge.
২৪মহাসাগৰৰ আগতে, আৰু পানীৰ ভুমুকবোৰ হোৱাৰ আগতে, মোক জন্ম দিয়া হৈছিল।
25 Nonywola ka gode madongo ne pok obedo kuonde ma gintie, bende ka gode matindo ne pod onge,
২৫পৰ্ব্বতবোৰ স্থাপন হোৱাৰ আগতে, আৰু পাহাৰবোৰৰ পূর্বেই, মোৰ জন্ম হৈছিল।
26 kapok ne ochweyo piny kaachiel gi pewene kata mana lowo mar piny.
২৬যিহোৱাই পৃথিৱী বা পথাৰবোৰ সৃষ্টিৰ কৰাৰ আগতে, এনেকি পৃথিৱীত উৎপন্ন হোৱা প্রথম ধূলিৰ আগতে মোৰ জন্ম হৈছিল।
27 Ne antie kane oketo polo kama entie, kata kane oketo giko mar nembe,
২৭তেওঁ স্বৰ্গ স্থাপন কৰা সময়ত, আৰু তেওঁ অগাধ জলত দিগন্তৰ সীমা নিৰূপণ কৰোঁতে, মই সেই ঠাইত আছিলোঁ।
28 kane oketo boche polo malo, kendo kane oketo sokni mag nembe mogurore motegno,
২৮তেওঁ যেতিয়া আকাশ-মণ্ডল স্থাপন কৰিছিল, আৰু যেতিয়া গভীৰ ভুমুকবোৰ সৃষ্টি কৰিছিল, তেতিয়া মই সেই ঠাইত আছিলোঁ।
29 kane ochiwo kuonde giko mag nam matin mondo pi kik okadh kama oketee, kendo kane oloso mise mar piny.
২৯সাগৰ সীমা নিৰূপণ কৰাৰ আগেয়ে মই সেই ঠাইত আছিলোঁ, সেয়ে সাগৰৰ পানী তেওঁ আজ্ঞা কৰা ঠাইৰ বাহিৰে আন ঠাইত যেন প্লাৱিত নহয়। আৰু যেতিয়া তেওঁ পৃথিবীৰ মূল ক’ত স্থাপন হব আদেশ দিছিল।
30 Ne an jatich molony mobedo bute. Napongʼ gi mor mogundho odiechiengʼ ka odiechiengʼ kamor e nyime kinde duto,
৩০তেতিয়া মই তেওঁৰ লগত প্ৰধান শিল্পকাৰ ৰূপে আছিলোঁ, আৰু মই দিনৰ পাচত দিন তেওঁত আনন্দ কৰিছিলোঁ, সদায় তেওঁৰ আগত প্রশংসা কৰিছিলোঁ।
31 ka amor e pinye mangima kendo ail gi ji duto.
৩১মই তেওঁৰ সমগ্র পৃথিৱীত প্রশংসা কৰিছিলোঁ, আৰু মানৱজাতিৰ মাজত মোৰ আনন্দ হৈছিল।
32 “Omiyo koro yawuota, winjauru; gin johawi jogo morito yorena.
৩২এতিয়া হে মোৰ পুত্রসকল, মোৰ কথা শুনা; কাৰণ যিসকলে মোৰ পথত চলে, তেওঁলোক আনন্দিত হ’ব।
33 Winjuru puonjna mondo ubed mariek, kik uchagi.
৩৩মোৰ নিৰ্দেশ শুনা আৰু জ্ঞানী হোৱা; ইয়াক অৱজ্ঞা নকৰিবা।
34 En jahawi ngʼat mawinja, marito pile e dhoutena korito e dhorangaya.
৩৪যিজনে মোৰ কথা শুনে, তেওঁ আনন্দিত হ’ব- মোৰ দুৱাৰত প্রতি দিনে পৰ দি থাকিব, মোৰ ঘৰৰ দুৱাৰৰ কাষত মোৰ বাবে অপেক্ষা কৰি থাকিব।
35 Nimar ngʼat monwangʼa oyudo ngima kendo oyudo ngʼwono kuom Jehova Nyasaye.
৩৫কাৰণ যি জনে মোক বিচাৰি পায়, তেওঁ জীৱন পায়, আৰু তেওঁ যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে।
36 To ngʼatno ma odaga hinyore kende owuon; jogo duto mamon koda ohero tho.”
৩৬কিন্তু যি জনে মোক বিচাৰি নাপায়, তেওঁ নিজৰ অনিষ্ট কৰে। যিসকলোৱে মোক ঘিণ কৰে, তেওঁলোকে মৃত্যুক ভাল পায়।”