< Joshua 3 >

1 Gokinyi mangʼich Joshua kod jo-Israel duto nowuok koa Shitim, mi gidhi nyaka e aora Jordan, negibiro kanyo kapok giidho loka.
পাছদিনা অতি ৰাতিপুৱাতে যিহোচূৱা উঠিল, আৰু তেওঁলোক আটায়ে চিটীমৰ পৰা যাত্ৰা আৰম্ভ কৰিলে৷ তেওঁ আৰু আটাই ইস্ৰায়েলী লোক যৰ্দ্দন নদীৰ পাৰলৈ আহিল আৰু নদী পাৰ হোৱাৰ আগতে, তেওঁলোকে তাতে শিৱিৰ পাতি থাকিল৷
2 Bangʼ ndalo adek jotelo nowuotho e kuonde kambi duto,
তিন দিনৰ পাছত বিষয়াসকলে শিবিৰৰ মাজেদি গ’ল;
3 ka gimiyogi chike niya, “Ka uneno ka Sandug Muma mar singruok mar Jehova Nyasaye ma Nyasachu, otingʼ gi jodolo, ma jo-Lawi, to nyaka uwuog oko e kuonde muchungʼie mondo uluwe.
আৰু লোকসকলক এই আজ্ঞা দিলে যে, “যেতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুক দেখিবা আৰু লেবীয়া পুৰোহিতসকলক সেই চন্দুক বৈ নিয়া দেখিবা, তেতিয়া তোমালোকে এই ঠাই এৰি সেই চন্দুকৰ পাছে পাছে যাবা।
4 Bangʼe ubiro ngʼeyo yo mudhiyoe, nikech ne pok uluwo yorni nyaka nene. Makmana, beduru mochwalore gi sandugno, madirom fut alufu ariyo mia ochiko gi piero abich gadek; kendo kik usud machiegni kode.”
তথাপি তোমালোকৰ মাজত ব্যৱধান থাকিব লাগিব আৰু এই ব্যৱধান তোমালোকৰ মাজত প্ৰায় দুই হাজাৰ হাত পৰিমাণৰ ঠাই হ’ব লাগিব। তোমালোকে যাব লগা পথ দেখা পাবলৈ তাৰ ওচৰে ওচৰে নাযাবা, কিয়নো তোমালোকে আগতে কেতিয়াও সেই বাটেদি যোৱা নাই।”
5 Joshua nokone oganda Israel niya, “Pwodhreuru, nikech kiny Jehova Nyasaye biro timo gigo miwuoro e kindu.”
তাৰ পাছত যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে নিজকে পবিত্ৰ কৰা; কিয়নো কাইলৈ যিহোৱাই তোমালোকৰ মাজত আচৰিত কৰ্ম কৰিব।”
6 Joshua nowachone jodolo niya, “Kawuru Sandug Muma mar singruok kendo utel kode e nyim ji.” Omiyo ne gikawe mi gidhi nyimgi.
পাছত যিহোচূৱাই পুৰোহিতসকলক ক’লে, “তোমালোকে নিয়ম-চন্দুক তুলি লোৱা আৰু লোকসকলৰ আগে আগে যোৱা।” তেতিয়া তেওঁলোকে নিয়ম-চন্দুক তুলি ল’লে আৰু লোকসকলৰ আগে আগে যাবলৈ ধৰিলে।
7 Kendo Jehova Nyasaye nowachone Joshua niya, “Kawuono abiro tingʼi malo e wangʼ jo-Israel duto, eka ginyalo ngʼeyo ni An kodi mana kaka ne an gi Musa.
যিহোৱাই যিহোচূৱাক ক’লে, “মই মোচিৰ লগত থকাৰ দৰে তোমাৰ লগতো যে আছোঁ, ইয়াক গোটেই ইস্ৰায়েলে জানিবৰ বাবে, মই আজি তেওঁলোকৰ দৃষ্টিত তোমাক গৌৰৱান্বিত কৰিম।
8 Nyis jodolo matingʼo Sandug Muma mar singruok ni, ‘Ka uchopo e geng pige mag aora Jordan, to dhiuru kendo uchungʼ ei aora.’”
তুমি নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলক এই আজ্ঞা কৰা যে, ‘যেতিয়া তোমালোকে গৈ যৰ্দ্দনৰ পানীৰ দাঁতি পাবা, তেতিয়া যৰ্দ্দন নদীত তোমালোকে ৰৈ থাকিবা’।”
9 Joshua nowachone jo-Israel niya, “Biuru kae kendo uchik itu ne weche Jehova Nyasaye ma Nyasachu.
তেতিয়া যিহোচূৱাই ইস্ৰায়েলৰ সন্তান সকলক ক’লে, “তোমোলোকে ইয়ালৈ আহি তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য শুনা।
10 Kawuononi ubiro neno ranyisi ni Nyasaye mangima nikodu kendo enoriemb e nyimu jo-Kanaan, jo-Hiti, jo-Hivi, jo-Perizi, jo-Girgash, jo-Amor kod jo-Jebus.
১০জীৱন্ত ঈশ্বৰ যে তোমালোকৰ মাজত আছে আৰু তেওঁ যে কনানীয়া, হিত্তীয়া, হিব্বীয়া, পৰিজ্জীয়া, গিৰ্গাচীয়া, ইমোৰীয়া আৰু যিবুচীয়া লোকসকলক তোমালোকৰ সন্মুখৰ পৰা নিশ্চয়ে যে দূৰ কৰিব, সেই বিষয়ে তোমালোকে ইয়াৰ দ্বাৰাই জানিবা।
11 Ne, Sandug Muma mar singruok mar Jehova Nyasaye Manyalo Gik Moko Duto biro dhi nyimu nyaka aora Jordan.
১১চোৱা! সমুদায় পৃথিবীৰ প্ৰভুৰ নিয়ম-চন্দুক তোমোলোকৰ সন্মুখেৰে যৰ্দ্দন পাৰ হৈ যাব।
12 Koro omiyo, yier ji apar gariyo koa e dhout Israel, ngʼato achiel koa e dhoot ka dhoot.
১২এই হেতুকে তোমালোকে এতিয়া ইস্ৰায়েলৰ এক এক ফৈদৰ পৰা এজনকৈ লোকক ল’বা; এইদৰে বাৰ ফৈদৰ পৰা বাৰ জনক নির্বাচন কৰি লোৱা।
13 E sa ma jodolo motingʼo Sandug Muma mar singruok mar Jehova Nyasaye ma en Ruoth Nyasaye mar piny duto, nonyon aora Jordan, pige-ge mamol koluwo aora tir nochungʼ kogingore ka pith.”
১৩সমুদায় পৃথিবীৰ প্ৰভু যিহোৱাৰ নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলে নিজ ভৰিৰ পতা যৰ্দ্দন নদীৰ পানীত দিয়াৰ পাছতে যর্দ্দনৰ যি পানী ওপৰৰ পৰা বৈ আহিছে, সেই পানীবোৰ দ’ম খাই ৰ’ব।”
14 Omiyo ka ji noke oa e kambi mag-gi mondo gingʼad aora Jordan, jodolo motingʼo Sandug Muma mar singruok notelo nyimgi.
১৪পাছত নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকল লোকসকলৰ আগে আগে গ’ল আৰু লোকসকল যৰ্দ্দন পাৰ হ’বৰ কাৰণে নিজ নিজ তম্বুৰ পৰা ওলাই আহিল;
15 Aora Jordan koro notimo ataro kuonde duto nyaka ndalo mag keyo. Omiyo ka jodolo mane otingʼo Sandug Muma mar singruok nochopo e aora Jordan mi tiendegi omulo geng aora,
১৫পাছত নিয়ম-চন্দুক কঢ়িয়াই নিয়া লোকসকলে যেতিয়া যৰ্দ্দন পালে, তেতিয়া নিয়ম-চন্দুক কঢ়িওৱা পুৰোহিতসকলৰ ভৰি নদীৰ দাঁতিৰ পানীত ডুবাই দিয়া মাত্ৰকে (শষ্য চপোৱা সময়ত যৰ্দ্দনৰ পানী পাৰ ওফন্দি উঠি বাগৰি যায়),
16 pige mane mol koa malo nochungʼ. Nogingore malo kaka pith, e dala miluongo ni Adam man but Zarethan. Pi mane mol kadhi e nam mar Araba (ma tiende ni Nam Chumbi) nochungʼ chuth, omiyo ji nongʼado modhi loka komachielo, momanyore gi Jeriko.
১৬ওপৰৰ পৰা বৈ অহা পানী ছিগি বহু দূৰৈত থকা চৰ্তনৰ ওচৰৰ আদম নগৰৰ কাষত দ’ম বান্ধি ৰ’ল আৰু আৰাবা সমুদ্ৰ অৰ্থাৎ লৱণ-সমুদ্ৰলৈ বৈ যোৱা জল সমূহ বৈ গৈ সম্পূর্ণৰূপে নাইকিয়া হ’ল; তেতিয়া লোকসকলে যিৰীহোৰ সন্মুখেৰে পাৰ হৈ গ’ল।
17 Jodolo mane otingʼo Sandug Muma mar singruok mar Jehova Nyasaye nochungʼ motegno e lowo motwo e dier aora Jordan, nyaka ogendini mag jo-Israel notieko kadho ka giwuotho e lowo motwo.
১৭আৰু গোটেই ইস্ৰায়েল জাতিয়ে পাৰ হৈ নোযোৱালৈকে, যিহোৱাৰ নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকল যৰ্দ্দনৰ মাজত শুকান ভুমিত থিৰে থিয় হৈ থাকিল আৰু গোটেই ইস্ৰায়েলে শুকান ভুমিয়েদি পাৰ হৈ গ’ল।

< Joshua 3 >