< Ayub 18 >
1 Eka Bildad ja-Shua nodwoko niya:
১তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে,
2 “Ibiro weyo weche miwachogi karangʼo? Bed ngʼama odimbore eka wawuo.
২তোমালোকেনো কিমান কাল কথা বিচাৰি থাকিবা? তোমালোকে বুজি চাব লাগে; তাৰ পাছত আমি কথা ক’ব পাৰোঁ।
3 Angʼo momiyo ikawowa ka dhok kendo wachalo joma ofuwo e nyimi?
৩আমি নো কেলেই পশুতুল্য গণিত হৈছোঁ? আৰু তোমালোকৰ দৃ্ষ্টিত আমি নো কেলেই অশুচি হৈছোঁ?
4 Mirima ma in-gono biro hinyi mana in iwuon, iparo ni piny biro rumo nikech in? Koso nyaka gol lwendni kuonde magintie?
৪ক্ৰোধত নিজকে বিদৰোৱা যি তুমি, তোমাৰ নিমিত্তে জানো পৃথিৱী ত্যাগ কৰা হ’ব, বা তোমাৰ নিমিত্তে বৃহৎ শিলক নিজ ঠাইৰ পৰা আঁতৰোৱা যাব?
5 “Tach joma timbegi richo osenegi; kendo mae oseweyo liel.
৫নিশ্চয় দুষ্টৰ দীপ্তি নুমাই যাব, আৰু তাৰ অগ্নিশিখাই পোহৰ নিদিব।
6 Ler manie hembe oselokore mudho; kendo taya manie bathe osetho.
৬তাৰ তম্বুত পোহৰেই আন্ধাৰ হ’ব, আৰু তাৰ ওপৰত ওলোমাই থোৱা চাকি নুমাই যাব।
7 Chon nowuotho motegno, to tinde oywayo wuoth, riekone owuon ema omiyo opodho.
৭তাৰ খোজৰ শক্তি কম হৈ যাব, আৰু সি নিজৰ পৰামৰ্শতে নিজে পৰিব।
8 Tiendene osetere ei gogo kendo koro orundore e iye.
৮কিয়নো নিজৰ ভৰিয়েই তাক জালৰ মাজত পেলাই দিয়ে, আৰু সি পাশৰ ওপৰেদি ফুৰে।
9 Obadho osemako ombongʼne; kendo oride matek ma ok onyal bwodho.
৯কুন্দাই তাৰ ভৰিৰ গোৰোহাত ধৰিব, আৰু সি ফান্দত ধৰা পৰিব।
10 Ochike gi otegu mopandi ei lowo kendo oket ne obadho e yo moluwo.
১০তাৰ নিমিত্তে মাটিত খোৰোচা লুকুৱাই পতা আছে, আৰু তাৰ নিমিত্তে বাটত ফাচ পতা আছে।
11 Masiche onure koni gi koni kendo okete ka gi ka.
১১কেইওফালৰ পৰা নানা ত্ৰাসে তাক ভয় লগাব, আৰু খোজে খোজে তাক খেদি যাব।
12 Midhiero oikore mar chame kendo chandruok okichore mar muonye sa ma opodho.
১২ভোকত তাৰ বল কমি যাব, আৰু বিপদে তাৰ পতনলৈ বাট চাই থাকিব।
13 Tuo marach omako dende duto, kendo miyo bedene kod tiendene kethore.
১৩মৃত্যুৰ জেষ্ঠ পুত্ৰই তাৰ সৰ্ব্বাঙ্গ গ্ৰাস কৰিব, আৰু তাৰ শৰীৰৰ অঙ্গ-প্ৰতঙ্গবোৰ খাই পেলাব,
14 Oseywae oko mogole e hembe kama ne odakie gi kwe, motere nyaka e nyim ruodh chandruok.
১৪যি তম্বুতেই সি আশ্ৰয় লব, সেই তম্বুৰেই পৰা তাক তুলি নিয়া হ’ব; ত্ৰাসবোৰৰ ৰজাৰ ওচৰলৈ তাক নিয়া হ’ব।
15 Gimoro amora mane entierego koro onge e hembe; nikech mach mager osewangʼo kar dakne.
১৫তাৰ অসম্পৰ্কীয়বোৰে তাৰ তম্বুত বাস কৰিব; তাৰ বসতিৰ ঠাইত গন্ধক সিঁচা হ’ব।
16 Jarichono chalo gi yath ma tiendene otwo ei lowo, kendo bedene oner.
১৬তলত তাৰ শিপাবোৰ শুকাব, আৰু ওপৰত তাৰ ডাল কটা যাব।
17 Humbe rumo e piny; kendo onge ngʼama nochak opare.
১৭পৃথিবীৰ পৰা তাৰ সোঁৱৰণ লুপ্ত হ’ব, আৰু গাৱেঁ-ভূঁয়ে কোনেও তাৰ নাম নলব।
18 Oriembe ogole e ler mi otere e mudho, kendo humbe orumo e piny.
১৮তাক পোহৰৰ পৰা আন্ধাৰলৈ দূৰ কৰি দিয়া হ’ব, আৰু সংসাৰৰ পৰা খেদাই দিয়া যাব।
19 Oonge gi nyithinde kata nyikwaye e dier ogandane, kata ngʼama nodongʼ kama yande odakie.
১৯স্বজাতীয়বোৰৰ মাজত তাৰ পো নাতি নাথাকিব, তাৰ বসতিৰ কোনো ঠাইত কোনো অৱশিষ্ট নাথাকিব।
20 Ka joma nodak yo podho chiengʼ nowinjo gima notimoreno luoro nomakogi, to joma odak yo wuok chiengʼ, kihondko nogoyo.
২০তাৰ দুৰ্দ্দিন দেখি পশ্চিমত থকা লোক সকলে বিস্ময় মানিব, আৰু পূবত থকাবোৰে চিঞৰি উঠিব।
21 Chutho mago e gik matimore ne joma timbegi richo mokia Nyasaye.”
২১নিশ্চয়ে অধৰ্মিৰ বাসস্থান এনেকুৱা হ’ব, আৰু ঈশ্বৰক নজনা লোকৰ ঠাই এনেকুৱা।”