< Jeremia 7 >
1 Ma e wach mane obirone Jeremia koa kuom Jehova Nyasaye:
১যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল আৰু ক’লে:
2 “Chungi e dhorangach mar od Jehova Nyasaye kendo kanyo land wachni: “‘Winjuru wach Jehova Nyasaye, un jo-Juda duto madonjo gie dhorangeyegi mondo olam Jehova Nyasaye.
২বোলে, তুমি যিহোৱাৰ গৃহৰ বাহিৰৰ দুৱাৰ মুখত থিয় হৈ, তাত এই বাক্য প্ৰচাৰ কৰা আৰু কোৱা, ‘যিহোৱাক প্ৰণিপাত কৰিবলৈ এই দুৱাৰবোৰত সোমোৱা হে যিহূদাৰ লোকসকল, যিহোৱাৰ বাক্য শুনা।
3 Ma e gima Jehova Nyasaye Maratego, Nyasach jo-Israel, wacho: Lok yoreu kod timbeu, to anami udagi kaye.
৩ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য শুধৰোৱা; তেতিয়া মই তোমালোকক এই ঠাইত বাস কৰোৱাম।
4 Kik ugen kuom weche mag miriambo ka uwacho niya, “Ma en hekalu mar Jehova Nyasaye, hekalu mar Jehova Nyasaye, hekalu mar Jehova Nyasaye!”
৪এইবোৰ “যিহোৱাৰ মন্দিৰ! যিহোৱাৰ মন্দিৰ! যিহোৱাৰ মন্দিৰ!” এই বুলি কোৱা কথাত তোমালোকে বিশ্বাস নকৰিবা।
5 Ka uloko yoreu gi timbeu adier kendo ungʼadone ngʼato ka ngʼato bura makare,
৫কিয়নো যদি তোমালোকে নিজ নিজ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য সম্পূৰ্ণকৈ শুধৰোৱা, যদি কোনো মানুহ আৰু তাৰ ওচৰ-চুবুৰীয়াৰ মাজত তোমালোকে ন্যায় বিচাৰ সম্পূৰ্ণকৈ সিদ্ধ কৰা,
6 kendo ka ok umayo jadak, kiye kata mon ma chwogi otho kendo ok uchwero remb joma onge ketho, kendo ka ok uluwo bangʼ nyiseche manono ma dihinyu un uwegi,
৬বিদেশী, মাউৰা আৰু বিধৱাক উপদ্ৰৱ নকৰা, আৰু এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰা, নাইবা তোমালোকৰ অপৰাধৰ কাৰণে ইতৰ দেৱতাবোৰৰ পাছত নচলা,
7 to anami udag kae, e piny mane amiyo kwereu mondo odagie manyaka chiengʼ.
৭তেন্তে মই এই ঠাইত তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া এই দেশত তোমালোকক অনন্ত কাললৈকে বাস কৰোৱাম।
8 To neuru, ugeno kuom weche mag miriambo maonge tich.
৮চোৱা! উপকাৰ কৰিব নোৱাৰা মিছা কথাত তোমালোকে বিশ্বাস কৰিছা।
9 “‘Jehova Nyasaye wacho niya, Bende unukwal kendo uneki, uterru kendo ukwongʼru gi miriambo, uwangʼ ubani ni Baal kendo ulu bangʼ nyiseche manono ma pod ok ungʼeyo,
৯তোমালোকে চুৰ, নৰ-বধ, পৰস্ত্ৰীগমন আৰু মিছা শপত খোৱা, বাল দেৱতাৰ উদ্দেশ্যে ধূপ জ্বলাই, তোমালোকে নজনা ইতৰ দেৱতাবোৰৰ পাছত চলি, সেই সকলো ঘিণলগীয়া কাৰ্য কৰা?
10 to bangʼe ubiro kendo uchungʼ e nyima e odni, ma Nyinga nitie, kendo uwacho ni, “Wasetony” utony mondo utim gik mamonogi?
১০মোৰ নামেৰে প্ৰখ্যাত এই গৃহত সোমাই মোৰ আগত থিয় হৈ, ‘আমি মুক্তি পালোঁ’ এইবুলি কবা নে?
11 Dibedi ni odni, ma iluongogo Nyinga, osebedonu kar pondo mar jomecho? To neuru arange! An Jehova Nyasaye ema asewacho kamano.
১১মোৰ নামেৰে প্ৰখ্যাত এই গৃহ তোমালোকৰ দৃষ্টিত ডকাইতৰ গুহা হল নে? যিহোৱাই ইয়াকেই ঘোষণা কৰিছে, চোৱা! মই, মইয়ো ইয়াকেই দেখিলোঁ।
12 “‘Koro dhi sani kama iluongo ni Shilo kama ne akwongo alosoe kar dak mar Nyinga, kendo mondo ine gima ne atimone nikech timbe mamono mag joga Israel.
১২কিন্তু, পূৰ্বতে মই য’ত মোৰ নাম স্থাপন কৰিছিলোঁ, চীলোত থকা মোৰ সেই ঠাইলৈ তোমালোক যোৱা, আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ দুষ্টতাৰ কাৰণে মই তাক যি কৰিছিলোঁ, তাক চোৱা।
13 E sa ma ne utimo gigi duto, Jehova Nyasaye wacho, ne awuoyo kodu anwoya, to ne ok uchiko itu; ne aluongou, to ne ok udwoka.
১৩আৰু যিহোৱাই কৈছে, তোমালোকে এইবোৰ কাৰ্য কৰিলা, আৰু মই অতি ৰাতিপুৱাতে উঠি তোমালোকক এই কথা কওঁতেও তোমালোকে নুশুনিলা আৰু মই মাতোতে তোমালোকে উত্তৰ নিদিলা।
14 Emomiyo, gima ne atimone Shilo koro abiro timo ne ot miluongogo Nyinga, hekalu ma ugeno kuomeno, kama ne amiyou kod wuoneu.
১৪এই হেতুকে, মোৰ নামেৰে প্ৰখ্যাত, তোমালোকে বিশ্বাস কৰা এই গৃহক, তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক মই দিয়া এই ঠাইক, মই চীলোক কৰাৰ দৰে কৰিম।
15 Anadaru e nyima, mana kaka ne atimone oweteu duto, ma jo-Efraim.’
১৫আৰু তোমালোকৰ ভাইসকলক, এনে কি, ইফ্ৰয়িমৰ গোটেই বংশক যেনেকৈ দূৰ কৰি পেলালোঁ, তেনেকৈ তোমালোককো মোৰ সম্মুখৰ পৰা দূৰ কৰি পেলাম।
16 “Omiyo kik ilamne jogi kata chiwo kwayo moro amora kata kwayonegi lamo; kik isaya, nimar ok anawinji.
১৬এই হেতুকে, তুমি এই জাতিৰ কাৰণে প্ৰাৰ্থনা নকৰিবা, বা তেওঁলোকৰ কাৰণে নিবেদন কি, প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা, বা অনুৰোধ নকৰিবা; কিয়নো মই তোমাৰ কথা নুশুনিম।
17 Bende ineno gima gitimo e mier mag Juda kod yore mag Jerusalem?
১৭তেওঁলোকে যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিবোৰত যি কৰিছে, তাক জানো তুমি দেখা নাই?
18 Nyithindo choko yien, wuone moko mach, to mon dwalo mogo mondo gilos godo makati ne Ruoth ma Dhako mar Polo. Gichiwo misango miolo piny ne nyiseche manono mondo ochwanya ma mi iya wangʼ.
১৮মোক বেজাৰ দি আকাশৰ ৰাণীৰ উদ্দেশ্যে পিঠা বনাবলৈ আৰু ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে পেয়-নৈবেদ্য উৎসৰ্গ কৰিবলৈ লৰা-ছোৱালীসকলে খৰি বোটলে, বাপেকহঁতে জুই জ্বলাই, আৰু মহিলাসকলে মৈদা খচে।
19 To uparo ni An ema gichwanyo? Jehova Nyasaye penjo. Donge gihinyore kendgi, kendo gikelo wichkuot ne gin giwegi?
১৯যিহোৱাই কৈছে, তেওঁলোকে জানো মোকহে দুখ দিব? কিন্তু নিজৰ মুখ বিবৰ্ণ কৰিবলৈ জানো নিজৰ মনকেই বেজাৰ নিদিব?
20 “‘Emomiyo ma e gima Jehova Nyasaye Manyalo Gik Moko Duto wacho: Ich wangʼ mara kod mirimba nool kaeni, kuom dhano kod le, kuom yiende manie puothe kod kuom olembe mag lowo, kendo nowangʼ ma ok nyal neg majno.
২০এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা, এই ঠাইৰ ওপৰত মানুহ, পশু, বাৰীৰ গছ, আৰু ভুমিৰ ফল, এই সকলোৰে মোৰ ক্ৰোধ আৰু ক্রোধাগ্নি ঢলা যাব আৰু সেয়ে দগ্ধ কৰিব, নুমাই নাযাব।
21 “‘Ma e gima Jehova Nyasaye Maratego, ma Nyasach Israel wacho: Dhiuru nyime, meduru chiwo magu mag misengini miwangʼo pep e misengini magu mamoko kendo ucham ringʼogo un uwegi!
২১ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ মঙ্গলাৰ্থক বলিৰ লগত হোম-বলি যোগ কৰা, আৰু মাংস খোৱা।
22 Nimar kane agolo kwereu Misri kendo awuoyo kodgi, ne ok amiyogi mana chike kuom misango miwangʼo pep kod misengini mamoko,
২২কিয়নো যি দিনা মই তোমালোকৰ পূৰ্বপুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলোঁ, সেই দিনা মই হোম-বলি কি মঙ্গলাৰ্থক বলিৰ বিষয়ে কোৱা বা আজ্ঞা দিয়া নাছিলোঁ।
23 to ne achiwo chikni: Luorauru, to anabed Nyasachu kendo unubed joga. Wuothuru e yore duto machikou, mondo duto odhi kodu maber.
২৩কিন্তু তেওঁলোকক এই আজ্ঞাহে দিছিলোঁ! যে, তোমালোকে মোৰ বাক্য শুনা, তেতিয়া মই তোমালোকৰ ঈশ্বৰ হ’ম, আৰু তোমালোক মোৰ প্ৰজা হ’বা; আৰু যি পথত চলিবলৈ মই তোমালোকক আজ্ঞা কৰোঁ, তোমালোকৰ ভালৰ অৰ্থে তোমালোকে সেই পথত চলা।
24 To ne ok gichiko itgi kata winja; makmana, negiluwo timbegi mag tok teko mag chunjegi maricho. Negidok chien ma ok gidhi nyime.
২৪কিন্তু তেওঁলোকে নুশুনি কাণ নাপাতি নিজৰ মন্ত্ৰণা আৰু দুষ্ট মনৰ কঠিনতা অনুসাৰে চলিলে আৰু আগ নাবাঢ়ি পাছ হুহঁকিল।
25 Kochakore e kinde mane kwereu oa Misri nyaka sani, odiechiengʼ ka odiechiengʼ, ne asiko aoronegi jotich ma jonabi.
২৫তোমালোকৰ পূৰ্বপুৰুষসকল মিচৰ দেশৰ পৰা ওলাই অহা দিনৰে পৰা আজিলৈকে, মই প্ৰতি প্ৰভাতে উঠি, সদায় মোৰ সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠাই আছোঁ।
26 To ne ok gichiko itgi kata winja. Tokgi ne tek ta kendo negitimo gik maricho moloyo mag kweregi.’
২৬তথাপি তেওঁলোকে মোৰ বাক্যলৈ মন নিদিলে, আনকি কাণো নাপাতিলে; কিন্তু নিজ নিজ ডিঙি ঠৰ কৰিলে, নিজৰ পূৰ্বপুৰুষসকলতকৈয়ো অধিক কু-আচৰণ কৰিলে।
27 “Ka inyisogi magi duto, ok giniwinji; ka iluongogi, ok gini miyi dwoko.
২৭তুমি তেওঁলোকক এই আটাইবোৰ কথা ক’বা, কিন্তু তেওঁলোকে তোমাৰ কথা নুশুনিব; আৰু তুমি তেওঁলোকক মাতিব, কিন্তু তেওঁলোকে তোমাক উত্তৰ নিদিব।
28 Emomiyo wachnegi ni, ‘Ma en oganda mapok omiyo Jehova Nyasaye ma Nyasache luor kata ok giwinj puonj. Adiera oselalnigi; kendo osea e dhogi.
২৮তেতিয়া তুমি তেওঁলোকক ক’বা, ‘এয়ে নিজ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনা বা শাস্তি গ্ৰহণ নকৰা জাতি; বিশ্বস্ততা নষ্ট হ’ল, আৰু এওঁলোকৰ মুখৰ পৰা তাক দূৰ কৰা হ’ল!
29 “‘Lieluru yie wiyeu oko kendo uwitgi; ywaguru e kuonde motingʼore malo motwo, nimar Jehova Nyasaye osekwedo kendo osejwangʼo tiengʼni mantiere e bwo mirimbe.
২৯হে যিৰূচালেম তোমাৰ চুলি কাটি পেলাই দিয়া; আৰু গছ-শূন্য পৰ্ব্বতবোৰত উঠি বিলাপ কৰা। কিয়নো যিহোৱাই নিজ ক্ৰোধৰ পাত্ৰ এই বংশক অগ্ৰাহ্য কৰিলে, পৰিত্যাগ কৰিলে।
30 “‘Jehova Nyasaye wacho ni jo-Juda osetimo timbe maricho e nyima. Giseketo nyisechegi manono e ot ma Nyinga nitiere kendo gisenjawe.
৩০কিয়নো, যিহোৱাই কৈছে, মোৰ সাক্ষাতে যি কুচ্ছিত, যিহূদাৰ সন্তান সকলে তাকেই কৰিলে। মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত নিজৰ ঘিণলগীয়া বস্তুবোৰ ৰাখিলে।
31 Gisegero kuonde motingʼore malo mar Tofeth e Holo mar Ben Hinom mondo gi wangʼ yawuotgi kod nyigi e mach ma en gima ne ok achiko, kata ne ok odonjo e pacha.
৩১আৰু তেওঁলোকৰ পো-জীসকলক জুইত পুৰিবলৈ হিন্নোমৰ পুতেকৰ উপত্যকাত থকা তোফতৰ ওখ ঠাইবোৰ সাজিলে, ইয়াক মই আজ্ঞা কৰা নাছিলোঁ। আৰু এই বিষয় মোৰ মনত উদয়ো হোৱা নাছিল।
32 Omiyo bed motangʼ, ndalo biro, Jehova Nyasaye owacho, ma ji ok nochak oluonge ni Tofeth kata Holo mar Ben Hinom, to ni Holo mar Yengʼo, nimar giniyik joma otho ei Tofeth maonge thuolo modongʼ.
৩২যিহোৱাই কৈছে, এই হেতুকে চোৱা, যি দিনা সেই ঠাই তোফত বা হিন্নোমৰ পুতেকৰ উপত্যকা বুলি প্ৰখ্যাত নহব, কিন্তু হত্যাৰ উপত্যকা বুলি প্ৰখ্যাত হব, এনে দিন আহিছে; কাৰণ সেইদিনা তোমালোকে তোফতত পুতিবলৈ ঠাই নোহোৱালৈকে তাত মৰা শৱ পুতি থাকিব।
33 Eka ringre jogi nobed chiemo mar winy mafuyo e kor polo kod le mag bungu manie piny, kendo onge ngʼama nobwog-gi mondo gia.
৩৩তেতিয়া এই জাতিৰ শৱ আকাশৰ চৰাইৰ আৰু পৃথিৱীৰ জন্তুবোৰৰ আহাৰ হ’ব, সেইবোৰক কোনেও ভয় দেখুৱাই বাধা দিব নোৱাৰিব।
34 Anatieki koko mar ilo gi mor kendo gi dwond miaha kod wuon kisera e dala Juda kod yore mag Jerusalem, nimar piny nodongʼ gunda.
৩৪তেতিয়া মই যিহূদাৰ নগৰবোৰৰ পৰা আৰু যিৰূচালেমৰ আলিবোৰৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি আৰু দৰা-কন্যাৰ ধ্বনি লুপ্ত কৰিম; কিয়নো এই দেশ উচ্ছন্ন ঠাই হ’ব।’