< Jeremia 23 >
1 Jehova Nyasaye wacho niya, “Mano kaka unune malit un jokwath maketho kendo keyo romba kar kwadhgi!”
১“যি ৰখীয়াবোৰে চৰণীয়া ঠাইৰ জাকৰ মেৰ-ছাগবোৰক নষ্ট আৰু ছিন্ন-ভিন্ন কৰে, সিহঁতৰ সন্তাপ হব” এয়ে যিহোৱাৰ বচন।
2 Emomiyo ma e gima Jehova Nyasaye, Nyasach Israel, wachone jokwath makwayo joga: “Nikech usekeyo romba kendo uriembogi kendo ok useritogi, anakumu kuom timbe mamono musetimo,” Jehova Nyasaye owacho.
২এই হেতুকে মোৰ প্ৰজাসকলক চৰাওঁতা মেৰ-ছাগ ৰখীয়াবোৰৰ বিৰুদ্ধে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “তোমালোকে মোৰ মেৰ-ছাগৰ জাকক গোট গোট কৰিলা, সেইবোৰক খেদাই দিলা, আৰু সেইবোৰৰ বিচাৰ নললা; যিহোৱাই কৈছে, চোৱা! মই তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ ফল তোমালোকক দিম।
3 Jehova Nyasaye wacho niya, “An awuon anachok romba modongʼ e pinje duto kuonde maseriembogie anadwog-gi legegi kama gibiro nyaa kendo kwan-gi nomedre.
৩আৰু যি যি দেশলৈ মই মোৰ জাকক খেদিলোঁ, তাৰ পৰা তেওঁলোকৰ অৱশিষ্ট ভাগ গোটাম, আৰু পুনৰায় তেওঁলোকৰ গঁৰাললৈ তেওঁলোকক আনিম; তাতে তেওঁলোক প্ৰজাৱন্ত হৈ বহুবংশ হব।
4 Anamigi jokwath manoritgi, kendo ok ginibed maluor kata ok ginibwogi, bende onge manolal,” Jehova Nyasaye owacho.
৪যি মেৰ-ছাগৰ ৰখিয়াসকলে তেওঁলোকক চৰাব, মই তেওঁলোকৰ ওপৰত এনে ৰখীয়াসকলক নিযুক্তি কৰিম; তেতিয়া তেওঁলোকে আৰু ভয় নকৰিব আৰু বিহবল নহব; আৰু তেওঁলোকৰ মাজৰ কোনো নাইকিয়া নহব”, ইয়াকে যিহোৱাই কৈছে।
5 Jehova Nyasaye wacho niya, “Kinde biro ma anami Daudi Bad Yath makare, Ruoth manobed gi loch mar rieko kendo tim gima kare kendo ratiro e piny.
৫যিহোৱাই কৈছে, “চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্মিক গজালি উৎপন্ন কৰিম এনে কাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য কৰিব, আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব।
6 E ndalone Juda noresi kendo Israel nodag gi kwe. Ma e nying ma ibiro luongego: Jehova Nyasaye mamiyo wabedo jo-ratiro.”
৬তেওঁৰ কালত যিহূদাই পৰিত্ৰাণ পাব, ইস্ৰায়েলে নিৰাপদে বাস কৰিব। আৰু “যিহোৱাই আমাৰ ধাৰ্মিকতা,” এই নামেৰে তেওঁ প্ৰখ্যাত হব।
7 Jehova Nyasaye wacho niya, “Ndalo biro ma ji ok nowach kendo ni, ‘Akwongʼora gi nying Jehova Nyasaye mangima, manogolo jo-Israel Misri,’
৭এই হেতুকে যিহোৱাই কৈছে, “চোৱা, এনে কোনো দিন আহিছে,” যে, ‘সেই দিনা তেওঁলোকে আৰু নকব, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই ‘যিহোৱাৰ জীৱনৰ শপত’;
8 to giniwachi, ‘Akwongʼora gi nying Jehova Nyasaye mangima, mane ogolo nyithind Israel e piny ma yo nyandwat kendo e pinje duto mane oseriembogie.’ Bangʼe gibiro dak e pinygi giwegi.”
৮কিন্তু এনেকৈ কব, যে, “যি জনাই ইস্ৰায়েল বংশত জন্মা সন্তান সকলক উত্তৰ দেশৰ পৰা; আৰু যি যি দেশলৈ মই তেওঁলোকক খেদিছিলোঁ, সেই সকল দেশৰ পৰা উলিয়াই চলাই লৈ আহিলে সেই যিহোৱাৰ জীৱনৰ শপত।’ তথাপি তেওঁলোকে নিজৰ দেশত নিবাস কৰিব।
9 Kuom jonabi: Chunya maiye ool; chokega duto tetni. Achalo ngʼama omer, mana ka ngʼama divai osemero, nikech Jehova Nyasaye kod wechene maler.
৯ভাববাদীবোৰৰ বিষয়। মোৰ অন্তৰত মোৰ হৃদয় ভগ্ন হ’ল, আৰু মোৰ আটাই হাড়বোৰ কঁপিছে; যিহোৱাৰ কাৰণে আৰু তেওঁৰ পবিত্ৰ বাক্যৰ কাৰণে মই মতলীয়া লোকৰ দৰে, এনে কি, দ্ৰাক্ষাৰসে পৰাজয় কৰা মানুহৰ দৰে হলোঁ।
10 Piny opongʼ gi joma terore; nikech kwongʼ, piny obaro okak kendo kuonde kwath otimo ongoro. Jonabi luwo bangʼ timbe mamono kendo gitiyo gi teko mag-gi e yo ma ok nikare.
১০কিয়নো দেশ ব্যভিচাৰী লোকেৰে পৰিপূৰ্ণ; কাৰণ শাওৰ প্ৰভাৱত দেশে শোক কৰিছে। অৰণ্যত থকা চৰণীয়া ঠাইবোৰ শুকাইছে; তেওঁলোকৰ গতি মন্দ, আৰু তেওঁলোকৰ পৰাক্ৰম ন্যায়সঙ্গত নহয়।
11 Jehova Nyasaye wacho niya, “Jonabi kod jodolo ok oluoro Nyasaye; kata mana ei hekalu mara ayudoe timbegi maricho.”
১১কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো অপৱিত্ৰ; যিহোৱাই কৈছে, মোৰ গৃহতেই মই সিহঁতৰ দুষ্টতা পালোঁ।
12 Jehova Nyasaye wacho niya, “Emomiyo yoregi nobed mapoth poth; notergi e mudho kendo kanyo ginipodhie piny. Anakel masira kuomgi e higa mokumgie.
১২এই কাৰণে তেওঁলোকৰ পথ তেওঁলোকৰ কাৰণে অন্ধকাৰত থকা পিছল ঠাইৰ নিচিনা হব; তেওঁলোকে খেদা খাই তাৰ পৰা পতিত হব; কিয়নো যিহোৱাই কৈছে, মই তেওঁলোকৰ ওপৰতে অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰোৱাম।
13 “Kuom jonabi mag Samaria ne aneno gino mawangʼo ich: Ne gikoro e nying Baal kendo ma gimiyo joga Israel obayo yo.
১৩মই চমৰিয়াৰ মাজৰ ভাববাদীসকলৰ মাজত অজ্ঞানতাৰ কাৰ্য দেখিলোঁ; তেওঁলোকে বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰি মোৰ প্ৰজা ইস্রায়েল লোকক ভুলালে।
14 Kendo e kind jonabi mag Jerusalem aseneno gimoro malich mokadho: Giterore kendo gidak e ngima mar miriambo. Gijiwo joma timbegi mono, mondo omi kik ngʼato olokre owe timbene maricho. Giduto gichalo Sodom ne an; jo-Jerusalem chalo gi Gomora.”
১৪মই যিৰূচালেমৰ ভাববাদীসকলৰ মাজতো নোম শিয়ৰি যোৱা এটা কাৰ্য দেখিলোঁ; তেওঁলোকে পৰস্ত্ৰীগমন কৰে, মিছাত চলে, আৰু তেওঁলোকে কুকৰ্ম কৰাসকলৰ হাত এনেকৈ সবল কৰে, যে, তেওঁলোকৰ কোনেও নিজ দুষ্টতাৰ পৰা উলটি নাহে; তেওঁলোক সকলোৱেই মোৰ আগত চদোমৰ দৰে আৰু তাৰ নিবাসীসকল ঘমোৰাৰ সদৃশ।”
15 Emomiyo, ma e gima Jehova Nyasaye Maratego wacho kuom jonabi: “Anami gicham chiemo makech kendo modh pi motimo sum, nikech koa kuom jonabi mag Jerusalem kia Nyasaye oselandore e piny ngima.”
১৫এই হেতুকে বাহিনীসকলৰ যিহোৱাই সেই ভাববাদীসকলৰ বিষয়ে এই কথা কৈছে, “চোৱা, মই তেওঁলোকক নাগদানা ভোজন কৰাম, আৰু বিহ গছৰ ৰস পান কৰাম, কিয়নো যিৰূচালেমৰ ভাববাদীসকলৰ পৰা অপৱিত্ৰতা ওলাই গোটেই দেশত ব্যাপিল।”
16 Ma e gima Jehova Nyasaye Maratego wacho: “Kik uchik itu ne gigo ma jonabi koronu; gipongʼo itu gi geno mag miriambo. Giwachonu fweny moa e pachgi giwegi, ok moa e dho Jehova Nyasaye.
১৬বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীবোৰৰ বাক্য নুশুনিবা। তেওঁলোকে তোমালোকক অসাৰতা শিকায়! আৰু যিহোৱাৰ মুখৰ পৰা নোহোৱা নিজ নিজ মনৰ দৰ্শনৰ কথা কয়।’
17 Gisiko giwachone jogo ma jara ni, ‘Jehova Nyasaye wacho: Unubed gi kwe.’ Kendo ne jogo maluwo timbe achach mag chunjegi wacho ni, ‘Onge gima biro hinyowa.’
১৭মোক হেয়জ্ঞান কৰোঁতাসকলৰ আগত তেওঁলোকে সদায় কৈ থাকে, যে, ‘যিহোৱাই কৈছে, তোমালোকে শান্তি পাবা।’ আৰু তেওঁলোকে নিজ নিজ মনৰ কঠিনতা অনুসাৰে চলোঁতা সকলোৰে আগত কয়, ‘তোমালোকলৈ অমঙ্গল নঘটিব।’
18 To en ngʼa kuomgi mosechungoe kar ngʼado bura mar Jehova Nyasaye, mondo one kata owinji wachne?
১৮কাৰণ কোনে যিহোৱাৰ সভাত থিয় হৈছে, যে, তেওঁ নিজ চকুৰে চাই তেওঁৰ বাক্য শুনিব? কোনে তেওঁৰ বাক্যত কাণ পাতি তাক শুনিবলৈ পালে?
19 Neuru, apaka mar Jehova Nyasaye nomwomre gi mirima, ka kalausi mafuyo e wiye joma timbegi richo.
১৯সৌৱা, চোৱা, যিহোৱাৰ প্ৰচণ্ড ক্ৰোধৰূপ ধুমুহা! এনে কি, প্ৰবল বা’মাৰলি বতাহ আহিছে। সেয়ে দুষ্টবোৰৰ মূৰত কোবেৰে লাগিব।
20 Mirimb Jehova Nyasaye ok nodog chien nyaka one ni ochopo thoro mar chunye. E ndalo mabiro iniwinj tiende malongʼo.
২০যিহোৱাই কাৰ্য সমাপ্ত নকৰালৈকে, আৰু তেওঁৰ মনৰ অভিপ্ৰায় সিদ্ধ নকৰালৈকে তেওঁৰ ক্ৰোধ নাথামিব। তোমালোকে শেষকালত তাক সম্পুৰ্ণকৈ বুজিবা।
21 Ne ok aoro jonabigi, kata kamano giseringo gi wechegi; ne ok awuoyo kodgi, to kata kamano gisekoro wach.
২১মই এই ভাববাদীসকলক পঠোৱা নাই, তথাপি তেওঁলোকে নিজে নিজেই লৰিলে; মই তেওঁলোকক কোৱা নাই, তথপি তেওঁলোকে নিজে নিজেই ভাববাণী প্ৰচাৰ কৰিলে।
22 To kane ginyalo chungoe kara mar ngʼado bura, dine gilando wechena ne joga kendo gilokore gia e yoregi mamono, kod timbegi mamono.”
২২কিন্তু তেওঁলোকে মোৰ সভাত থিয় হোৱা হ’লে, মোৰ প্ৰজাসকলক মোৰ বাক্য শুনোৱালেহেঁতেন, আৰু তেওঁলোকৰ কু-পথ ও কুকৰ্মৰ পৰা তেওঁলোকক ওভটাই আনিলেহেঁতেন।
23 Jehova Nyasaye wacho niya, “Ok an Nyasaye mantie machiegni kende, to an Nyasaye man mabor bende.”
২৩যিহোৱাই কৈছে, মই জানো ওচৰত থকাহে ঈশ্বৰ? দূৰত থকাও ঈশ্বৰ নহওঁ জানো?
24 Jehova Nyasaye wacho niya, “Bende ngʼato nyalo pondo kuonde mopandore mondo omi kik anene? Donge apongʼo polo gi piny?”
২৪যিহোৱাই কৈছে, মই দেখা নোপোৱাকৈ কোনো মানুহ জানো গুপুতে লুকাই থাকিব পাৰে? যিহোৱাই কৈছে, মই জানো স্বৰ্গ আৰু পৃথিৱী ব্যাপি নাথাকোঁ?
25 Jehova Nyasaye wacho niya, “Asewinjo gima jonabi makoro e nyinga gi miriambo wacho. Giwacho ni, ‘Ne aleko! Ne aleko!’
২৫‘মই সপোন দেখিলোঁ! মই সপোন দেখিলোঁ!’ এই বুলি কৈ মোৰ নামেৰে মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলে কোৱা কথা মই শুনিলোঁ।
26 Nyaka karangʼo ma gigi nosik e chunje jonabi mariambogi, makoro gigo moa e pachgi giwegi?
২৬মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলৰ, এনে কি, নিজ নিজ মনৰ কপটতা প্ৰকাশ কৰোঁতা ভাববাদীসকলৰ অন্তৰত এয়ে কিমান কাল থাকিব?
27 Giparo ni lek ma ginyisore giwegi nomi ji wigi nowil gi nyinga, mana kaka wuonegi wigi nowil koda kaluwore gilamo mane gilamogo Baal.”
২৭তেওঁলোকৰ পূৰ্বপুৰুষসকলে বালত আসক্ত হৈ মোৰ নাম পাহৰা দৰে তেওঁলোকে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত কোৱা সপোনৰ দ্বাৰাই মোৰ প্ৰজাসকলক মোৰ নাম পাহৰাবলৈ খুজিছে।
28 Jehova Nyasaye wacho niya, “We janabi man-gi lek owach lekne, to we ngʼat man giwachna owache gadiera. Nimar en angʼo ma miudhwe nyalo timo gi cham?”
২৮সপোন দেখা ভাববাদীয়ে সপোনৰ কথা কওঁক, আৰু মোৰ বাক্য পোৱা জনে মোৰ বাক্য বিশ্বাসেৰে কওঁক; যিহোৱাই কৈছে, ধানৰ মাজত খেৰ কি?
29 Jehova Nyasaye wacho niya, “Donge wachna chalo gi mach kendo ka nyundo matoyo kidi matindo tindo?”
২৯যিহোৱাই কৈছে, “মোৰ বাক্য অগ্নিস্বৰূপ নহয় নে?” “আৰু শিল টুকুৰা-টুকুৰী কৰা হাতুৰীৰ নিচিনা নহয় নে?
30 Jehova Nyasaye wacho niya, “Emomiyo amon gi jonabi makwalo weche ma giwacho ni oa kuoma e kindgi giwegi.”
৩০এই হেতুকে, যিহোৱাই কৈছে, চোৱা, নিজ নিজ ওচৰ-চুবুৰীয়াৰ পৰা মোৰ বাক্য চুৰ কৰা ভাববাদীসকলৰ প্রতি মই বিপক্ষ।”
31 Jehova Nyasaye wacho niya, “Ee, ok ahero jonabi ma milo lewgi giwegi kagiwacho ni, ‘Jehova Nyasaye owacho.’”
৩১যিহোৱাই কৈছে, “চোৱা, যি ভাববাদীবোৰে নিজ নিজ জিভা ব্যৱহাৰ কৰি, তেওঁ কৈছে বুলি কয়, মই সেই ভাববাদীবোৰৰ বিপক্ষ।
32 Jehova Nyasaye wacho niya, “Adiera, ok ahero jogo makoro lek mag miriambo. Ginyisogi kendo giwito joga gi miriambo mag-gi maonge korgi gi atachgi, to ne ok aorogi kata yierogi. Ok gimi jogi ohala kata matin,” Jehova Nyasaye owacho.
৩২যিহোৱাই কৈছে, চোৱা, যি ভাববাদীবোৰে নানা মিছা সপোন প্ৰচাৰ কৰে, আৰু সেইবোৰ কৈ তেওঁলোকৰ মিছা কথা আৰু অনৰ্থক অহঙ্কাৰৰ দ্বাৰাই মোৰ প্ৰজাসকলক ভ্ৰান্ত কৰে, সেই ভাববাদীসকলৰ মই বিপক্ষ।” কিয়নো মই তেওঁলোকক পঠোৱা কি আজ্ঞা দিয়া নাছিলোঁ; এই হেতুকে তেওঁলোকে এই প্ৰজাসকলক সমুলি উপকাৰ নকৰিব, ইয়াক যিহোৱাই কৈছে।
33 “Ka jogi, kata janabi kata jadolo, openji ni, ‘Wach mar Jehova Nyasaye en mane?’ To penjgi ni, ‘Wach mane? Anajwangʼu, Jehova Nyasaye owacho.’
৩৩“আৰু যেতিয়া এই জাতিবোৰে, বা ভাববাদীয়ে বা পুৰোহিতে তোমাক সুধিব, ‘যিহোৱাৰ ভাৰ-বাক্য কি?’ তেতিয়া তুমি তেওঁলোকক কবা, ভাৰ-বাক্য কি? যিহোৱাই কৈছে মই তোমালোকক দূৰ কৰি দিম।
34 Ka janabi kata jadolo kata ngʼato angʼata owacho ni, ‘Ma en wach mar Jehova Nyasaye,’ to anakum ngʼatno kod joode duto.
৩৪যি ভাববাদী, পুৰোহিত, কি প্ৰজাই “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি ক’ব, মই সেই মানুহক আৰু তাৰ বংশক দণ্ড দিম।
35 Ma e gima ngʼato ka ngʼato kuomu siko wachone osiepne kata watne: ‘Dwoko Jehova Nyasaye en angʼo?’ kata, ‘En angʼo ma Jehova Nyasaye wacho?’
৩৫তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক আৰু নিজ নিজ ভাইক এই কথা ক’বা, ‘যিহোৱাই কি উত্তৰ দিলে?’ বা ‘যিহোৱাই কি ক’লে?’
36 To kik ichak iwach kendo ni, ‘wach mar Jehova Nyasaye,’ nikech wach ngʼato ka ngʼato owuon ema bedone wach maber bangʼe ijaro weche Nyasaye mangima, Jehova Nyasaye Maratego ma Nyasachwa.
৩৬“যিহোৱাৰ ভাৰ-বাক্য” এই বুলি তোমালোকে আৰু উল্লেখ নকৰিবা; কাৰণ প্ৰতিজনৰ বাক্যেই তালৈ ভাৰস্বৰূপ হ’ব, কিয়নো তোমালোকে জীৱন্ত ঈশ্বৰৰ, আমাৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাৰ বাক্য বিপৰীত কৰিছা।
37 Ma e gima usebedo ka unyiso janabi: ‘Jehova Nyasaye miyi dwoko mane?’ kata, ‘Jehova Nyasaye osewacho angʼo?’
৩৭তুমি ভাববাদীক এইদৰে ক’বা, ‘যিহোৱাই তোমাক কি উত্তৰ দিলে? বা যিহোৱাই কি কলে?’
38 Kata obedo ni iwacho ni, ‘Ma e wach mar Jehova Nyasaye,’ to ma e gima Jehova Nyasaye wacho: Ne itiyo gi weche ka iwacho ni, ‘Ma e wach mar Jehova Nyasaye,’ kata obedoni ne awachonu ni kik uwach ni, ‘Ma e wach mar Jehova Nyasaye.’
৩৮কিন্তু “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি যদি তোমালোকে কোৱা, তেন্তে অৱশ্যে যিহোৱাই এইদৰে কব, “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি নকবলৈ কৈ পঠোৱাতো “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি কোৱা বাবে, চোৱা, মই তোমালোকক নিচেইকৈ পাহৰিম,’
39 Emomiyo, adiera wiya nowil kodu kendo ma agolu oko e nyim wangʼa kaachiel gi dala maduongʼ mane amiyou kod wuoneu.
৩৯আৰু মই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া এই নগৰখন মোৰ দৃষ্টিৰ পৰা দলিয়াই পেলাম, আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্ণাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।
40 Anakelnu wichkuot manyaka chiengʼ ma en wichkuot ma wich ok nowilgo.”
৪০আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্নাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।”